আপোনাৰ শিশুটিৰ নতুনকৈ বিদ্যালয়ত নামভৰ্তি কৰিব নেকি? শিশুটিক যি বিদ্যালয়তে নামভৰ্তি নকৰক কিয়, সকলো অভিভাৱক-অভিভাৱিকাৰে উদ্দেশ্য একেটাই- ‘শিশুৰ সৰ্বাংগীন বিকাশ’। প্ৰাক-প্ৰাথমিক স্তৰত শিশুৰ সৰ্বাংগীন বিকাশ কেনেকৈ কৰিব বাৰু? বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীয়ে শিশুৰ সৰ্বাংগীন বিকাশত গুৰুত্ব দিয়েনে? নে শিশুসকলক তথাকথিত ‘চোকা’ বা ‘স্মাৰ্ট’ কৰাতহে বেছি গুৰুত্ব দিয়ে? প্ৰাক-প্ৰাথমিক পৰ্যায়ত শিশুসকলক কি শিকাব? প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ নিৰ্দিষ্ট পাঠ্যক্ৰম আছেনে? অভিভাৱক-অভিভাৱিকাসকলে প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ শিশুৱে(সন্তান) কি কি শিকাটো বিচাৰে বাৰু? এ বি চি ডি, এ ফৰ……, ক, খ, গ, ঘ……….ইত্যাদি আখৰ লেখা, সংখ্যা আদিও শিকোৱাটো বিচাৰেনে?
‘প্ৰাক-প্ৰাথমিক’ মানে প্ৰাথমিক পৰ্যায়ৰ আগৰ সময়খিনি। অৰ্থাৎ প্ৰাক-প্ৰাথমিক স্তৰটো প্ৰকৃতপক্ষে প্ৰাথমিক শ্ৰেণীৰ বাবে প্ৰস্তুতি চলোৱা সময়হে। পূৰ্ব শৈশৱ বা প্ৰাক-প্ৰাথমিক শিক্ষা শিশুকেন্দ্ৰিক কাৰ্যসূচীহে। খেল আৰু খেলাৰ দৰে ক্ৰিয়াকলাপৰ জৰিয়তে শিশুক বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰা প্ৰাক-প্ৰাথমিক শিক্ষাৰ অন্যতম উদ্দেশ্য। শিক্ষক-শিক্ষয়িত্ৰীকেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰে শিশুক প্ৰাক-প্ৰাথমিক শিক্ষা দিয়াটো উচিত নহয়। পূৰ্ব শৈশৱ শিক্ষা বা প্ৰাক-প্ৰাথমিক স্তৰত গীত-মাত, নাচ, ছবি, সাধু কোৱা, শিশুক কথা ক’বলৈ শিকোৱা(দুটা-তিনিটা শব্দৰে) পদ্ধতিও উপযোগী। পঢ়িবলৈ শিকোৱা, লিখিবলৈ শিকোৱা আৰু গণনা কৰিবলৈ শিকোৱা পূৰ্ব শৈশৱ শিক্ষাৰ কাৰ্যসূচীত প্ৰকৃতপক্ষে এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই। পূৰ্ব শৈশৱ শিক্ষাত এইবোৰৰ ধাৰণা দিয়াৰ বাবে শিক্ষক-শিক্ষয়ত্ৰী তথা অভিভাৱকসকলে নিজস্ব কৌশল প্ৰয়োগ কৰিব পাৰে। শিশুক কেনেদৰে উৎসাহজনক পৰিৱেশত শিকাৰ প্ৰতি আগ্ৰহ জন্মাব পাৰি, বন্ধু-বান্ধৱীৰ লগত সহযোগিতা আৰু ব্যৱহাৰ, শিশুৰ আৱেগ-অনুভূতিৰ মাজেৰে বিভিন্ন দিশৰ প্ৰতি আকৰ্ষিত কৰি হাতে-কামে বৌদ্ধিক, মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধনাত গুৰুত্ব প্ৰদান কৰাই পূৰ্ব শৈশৱৰ অন্যতম লক্ষ্য আৰু উদ্দেশ্য।
শিশুৱে আনুষ্ঠানিক শিক্ষাতকৈ সাধাৰণ পৰিৱেশত অনানুষ্ঠিকভাৱে শিকি বেছি ভাল পায়। সেয়েহে বিদ্যালয়বোৰত শিক্ষক-শিক্ষয়িত্ৰীসকলে এনে পৰিৱেশৰ সৃষ্টি কৰিব লাগে যাতে শ্ৰেণী কোঠাৰ বাহিৰতো শিশুৱে শিকাৰ সমল বিচাৰি পায়। শিক্ষক-শিক্ষয়িত্ৰীসকলে বন্ধুত্বপূৰ্ণভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ লগত আনন্দৰে(শিশুৰ মাজৰে এজন বুলি নিজকে ভাবি) অংশগ্ৰহণ কৰি সহজ-সৰলভাৱে, মৰমেৰে শিকাবলৈ চেষ্টা কৰিব লাগে। ডাবি-ধমকি বা ভয় দেখুৱাই কেতিয়াও শিশুক শিকাব নালাগে। ফৰাচী দেশৰ বিখ্যাত চিন্তাবিদ, গৱেষক ৰুছ’ই ডেৰশ বছৰ আগেয়ে শিশুৰ শিক্ষা সম্পৰ্কে চিন্তা-চৰ্চা কৰিছিল। তেওঁ প্ৰকৃতিৰ পৰা স্বভাৱগতভাৱে পোৱা শিক্ষাহে শিশুৰ বাবে উপযোগী বুলি ব্যাখ্যা আগবঢ়াইছে। শিশুৰ সকলো দিশৰ বিকাশ সাধন কৰাটোহে শিক্ষাৰ উদ্দেশ্য হোৱা উচিত। শিশুৰ বাহিৰৰ চাপ, প্ৰভাৱ বা নিয়ন্ত্ৰণ যিমান পাৰি সিমান কমাই শিক্ষা প্ৰদান কৰাত গুৰুত্ব দিবলৈ ৰুছ’ই পৰামৰ্শ দিছিল। প্ৰাক-প্ৰাথমিক পৰ্যায়ত শিশুক নিজৰ চিন্তা, অভিজ্ঞতা আৰু পৰ্যবেক্ষণৰ দ্বাৰা শিকিবলৈ উদগনি দিয়া সম্পৰ্কতো তেওঁ আলোকপাত কৰিছিল।
শিশু এটাক হজম কৰিব নোৱাৰাকৈ বেছিকৈ খুৱালে শিশুটিৰ কি অৱস্থা হয় বাৰু? ঠিক একেদৰে শিশুক জোৰকৈ বা চাপ প্ৰয়োগ কৰি কেতিয়াও কোনো কথা শিকাব নালাগে। জোৰ বা চাপ প্ৰয়োগ কৰি শিকাবলৈ চেষ্টা কৰাৰ প্ৰভাৱৰ বাবে শিশুৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে। সেয়েহে শিক্ষক-শিক্ষয়িত্ৰীও শিশু(ছাত্ৰ-ছাত্ৰী)ৰ মানসিক তথা শাৰীৰিক অৱস্থাৰ দিশটোও বিশেষভাৱে মন কৰিব লাগে।
প্ৰাক-প্ৰাথমিক বা পূৰ্ণ শৈশৱ শিক্ষাৰ অন্যতম লক্ষ্য আৰু উদ্দেশ্য হৈছে বিভিন্ন কৌশলেৰে বোধ শক্তিৰ বিকাশ ঘটাই সুস্থ বাতাবৰণৰ মাজেৰে বিভিন্ন কথা বুজিবলৈ শিশুক সক্ষম কৰি তোলা। যেনে- বিদ্যালয়ত সঠিক সময়ত উপস্থিত হ’বলৈ শিকা, সাধু ক’বলৈ শিকা ইত্যাদি।
পূৰ্ব শৈশৱ শিক্ষা প্ৰকৃতাৰ্থত প্ৰস্তুত পৰ্বহে। এই সময়ছোৱাত শিশুক মানসিকভাৱে বিদ্যালয়ৰ শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবেহে প্ৰস্তুতি কৰা হয়। বহু সময়ত বিভিন্ন শিক্ষানুষ্ঠানে এই উদ্দেশ্যৰ কথা পাহৰি নিজৰ ইচ্ছামতে শিশুসকলক পাঠদান কৰাও দেখা যায়। অভিভাৱক-অভিভাৱিকাসকলেও নিজৰ সন্তানটো(আন শিশুতকৈ বেলেগ হওক) ‘স্মাৰ্ট’ বা ‘চোকা’ হওক বুলি ভাবি শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰীক ‘অমুকটো শিকাব’, ‘তমুকটো একদম নোৱাৰে’ বুলি কৈ জোৰকৈ হ’লেও শিকাবলৈ অনুৰোধ কৰে।
অভিভাৱক-অভিভাৱিকাৰ তেনে মনোভাৱেও শিশুৰ আগ্ৰহত ব্যাঘাত জন্মাব পাৰে। মানুহৰ শিক্ষা জীৱনৰ মূল ভেটি হৈছে পূৰ্ব শৈশৱ শিক্ষা। সেয়েহে পূৰ্ব শৈশৱ শিক্ষা পদ্ধতিগতভাৱে হোৱাটো প্ৰয়োজনীয়।
লেখক: মুনীন কাকতি(অসম বাণী)
শেহতীয়া উন্নীতকৰণ: : 2/13/2023