অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতৰ সংবিধানৰ বিভিন্ন ধাৰা-উপধাৰা অনুসৰি মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰনীতিৰ

ভাৰতৰ সংবিধানৰ বিভিন্ন ধাৰা-উপধাৰা অনুসৰি মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰনীতিৰ

ভাৰতৰ সংবিধানৰ (২৬ জানুৱাৰী ১৯৫০ চনৰ পৰা বলবৎ হোৱা) বিভিন্ন ধাৰা-উপধাৰা অনুসৰি মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰনীতিৰ

নিৰ্দ্দেশাত্মক সুত্ৰসমুহে নিৰ্দ্দিষ্ট কৰি দিছে যে -

  • যিকোনো কাৰখানা বা খনি বা বিপদজনক কামত ১৪ বছৰ বয়সৰ অনুৰ্দ্ধ কোনো শিশুকে কামত লগাব নোৱাৰি (অনুচ্ছেদ ১৪)৷
  • কোমলমতীয়া শিশু, মতা-তিৰোতা আৰু কৰ্ম্মীৰ স্বাস্থ্য আৰু বলশক্তি অক্ষুন্ন ৰাখিবলৈ, সিহঁতৰ শোষণ ৰুধিবলৈ আৰু আৰ্থিক দুৰ্দ্দশাৰ হাত সাৰিবলৈ বলশক্তি আৰু বয়সৰ সৈতে খাপ নোখোৱা কাম কৰাৰ পৰা ৰক্ষা পৰিবলৈ ৰাষ্ট্ৰই নিজৰ নীতসমূহ প্ৰৱৰ্ত্তন কৰিব (অনুচ্ছেদ ৩৯ই) ৷
  • নৈতিক আৰু ভৌতিক অপপ্ৰয়োগৰ পৰা শৈশৱ আৰু যুৱাৱস্থা ৰক্ষা কৰিবলৈ, মৰ্য্যদা আৰু স্বাধীনতা সহকাৰে স্বাস্থ্যকৰ পদ্ধতিৰে বিকশিত হ’বলৈ শিশুসকলক সুযোগ-সুবিধা প্ৰদান কৰা হ’ব (অনুচ্ছেদ ৩৯ এফ) ৷
  • ১৪ বছৰ বয়স পৰ্য্যন্ত সকলো শিশুৰ বাবে শিক্ষা মুক্ত আৰু বাধ্যতামূলক কৰিবলৈ সংবিধান বলবৎ হোৱাৰ ১০ বছৰৰ ভিতৰত ৰাষ্ট্ৰই প্ৰয়াস কৰিব (অনুচ্ছেদ ৪৫) ৷
  • শিশুৰ শ্ৰমৰ বিষয়ে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে আইন পাছ কৰিব পাৰিব৷ দুয়োবিধ চৰকাৰে এই বিষয়ত ভালেমান আইন পাছ কৰি বৈধানিক প্ৰয়াস কৰিছে ৷ ৰাষ্ট্ৰীয় পৰ্য্যায়ত গৃহীত এই দিশৰ প্ৰধান আইনৰ উল্লেখ তলত কৰা হৈছে ৷
  • শিশু শ্ৰম (নিষিদ্ধকৰণ আৰু নিয়মীয়াকৰণ আইন, ১৯৮৬ :- এই আইনখনে ১৪ বছৰ বয়সৰ অনুৰ্দ্ধ শিশুক ১৩ বিধ বিপদজনক বৃত্তি আৰু ৫৭ বিধ ক্ষয়ংকৰ প্ৰক্ৰিয়াত নিযুক্তি দিয়াতো নিষিদ্ধ কৰিছে৷ আইনখনৰ অনুসুচিত এই বিপদজনক বৃত্তি আৰু ক্ষয়ংকৰ প্ৰক্ৰিয়াৰ নাম লিখি থোৱা আছে৷
  • কাৰখানা আইন ১৯৪৮:- এই আইনখনে ১৪ বছৰ বয়সৰ অনুৰ্দ্ধ শিশুৰ নিযুক্তি নিষিদ্ধ কৰিছে৷ স্বীকৃতিপ্ৰাপ্ত ডাক্তৰৰ পৰা কাম কৰিবলৈ উপযুক্ত বুলি প্ৰমাণপত্ৰ পোৱা ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীয়ে কাৰখানাত চাকৰি কৰিব পাৰিব বুলি এই আইনখনে অনুমতি দিছে ৷ ১৪-১৮ বছৰ বয়সৰ ল’ৰা-ছোৱালীয়ে দৈনিক চাৰে চাৰি ঘন্টা কাম কৰিব পাৰিব আৰু ৰাতি কাম কৰিব নোৱাৰিব বুলি এই আইনখনে কৈছে ৷

ভাৰতত চলি থকা শিশু শ্ৰমিক প্ৰথাৰ বিৰুদ্ধে এটা অত্যন্ত জৰুৰী আদলতৰ ব্যয় হ’ল ১৯৯৬ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দ্দেশ ৷ এই নিৰ্দ্দেশত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক হুকুম দিছে যে শিশুৱে কাম কৰি থকা সকলোবোৰ বিপদজনক বৃত্তি আৰু ক্ষয়ংকাৰী কাম চিনাক্ত কৰিব লাগে; শিশু শ্ৰমিকক কামৰ পৰা অব্যাহতি দি মানবিশিষ্ট শিক্ষা সিহঁতক প্ৰদান কৰিব লাগে ৷ শিশু শ্ৰমিক আইন ভঙ্গ কৰা নিয়োগকৰ্ত্তাৰ পৰা বৰঙনি সংগ্ৰহ কৰি “শিশু শ্ৰমিক পুনৰ্সংস্থাপন আৰু কল্যান নিধি” গঠন কৰিবলৈ চৰকাৰক উচ্চতম ন্যায়ালয়ে আদেশ দিছে ৷

ভাৰতে নিম্নোক্ত চুক্তিবোৰত স্বাক্ষৰ কৰিছে -

  • আন্তজাৰ্তিক শ্ৰম সংগঠন আৰোপিত শ্ৰম চুক্তি (২৯ নং)
  • আন্তজাৰ্তিক শ্ৰম সংগঠনৰ বল প্ৰয়োগ কৰি শ্ৰম কৰিবলৈ বাধ্য কৰা কাৰ্য্য বিলুপ্তিৰ চুক্তি (১০৫ নং)
  • ৰাষ্ট্ৰসংঘৰ শিশু অধিকাৰ সম্বন্ধীয় চুক্তি (চিআৰচি)৷
  • চৰকাৰী নীতি আৰু কাৰ্য্যক্ৰম

    ভাৰতৰ উন্নয়ণমূলক লক্ষ্য আৰু ৰণকৌশলৰ সৈতে সঙ্গতি ৰাখি ১৯৮৭ চনত ৰাষ্ট্ৰীয় শিশু শ্ৰম নীতি গ্ৰহণ কৰা হৈছিল ৷ এই নীতিয়ে ভাৰতৰ সংবিধানত সন্নিৱিষ্ট কৰা ৰাষ্ট্ৰীয় নিৰ্দ্দেশাত্মক নীতিমালাকেই দোহাৰে ৷ মজুৰি আৰু মজুৰি সদৃশ প্ৰতিদানৰ বাবে নিযুক্ত হোৱা শিশু শ্ৰমিকৰ আধিক্য থকা এলেকাবোৰত প্ৰকল্পভিত্তিক যোজনা আৰু অইন ঠাইত শিশুক সহায় কৰিবলৈ সাধাৰণ উন্নয়নমূলক উপক্ৰমত ৰাষ্ট্ৰীয় শিশু শ্ৰম নীতিয়ে কেন্দ্ৰীভূত নজৰ দিয়ে ৷ শিশু শ্ৰম (নিষিদ্ধকৰণ আৰু নিয়মণ) আইন ১৯৮৬ৰ আধাৰত ৰাষ্ট্ৰীয় শিশু শ্ৰম নীতি গ্ৰহণ কৰা হৈছিল৷ ১৯৮৮ চনৰ পৰা শিশু শ্ৰমিকক পুনৰ্সংস্থাপিত কৰিবলৈ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় শিশু শ্ৰম নীতি অনুসৰি ৰাষ্ট্ৰীয় শিশু শ্ৰম প্ৰকল্প প্ৰতিষ্ঠা কৰি আছে ৷ আদিতে এই প্ৰকল্পবোৰ উদ্যোগভিত্তিক আছিল আৰু শিশু শ্ৰমিকৰ আধিক্যযুক্ত পাৰম্পৰিক উদ্যোগত কৰ্ম্মৰত শিশুসকলক পুনৰ্সংস্থাপন কৰিবলে গুৰুত্ব আৰোপ কৰিছিল৷ ১৯৯৪ চনত বিপদজনক ব্যৱসায়বোৰত কৰ্ম্মৰত শিশুক পুনৰ্সংস্থাপিত কৰি সাংবিধানিক বাধ্যবাধকতা বাস্তৱায়িত কৰিবলৈ ৰাষ্ট্ৰীয় শিশু শ্ৰম নীতিৰ কৰ্ম্মপৰিসৰ বৃদ্ধি কৰা হৈছিল ৷ ৰাষ্ট্ৰীয় শিশু শ্ৰম প্ৰকল্পবিলাকৰ ৰণকৌশলৰ ভিতৰত শিশু শ্ৰমৰ মূল্যাংকনাৰ্থে জৰীপ চলোৱা জন-জাগৃতি বৃদ্ধি কৰা অতিৰিক্ত আয় আৰু নিযুক্তি সৃষ্টি কৰিবলৈ সুবিধা কৰি দিয়া, প্ৰাক-বৃত্তিমুখী দক্ষতা প্ৰশিক্ষণ, অনাণুষ্ঠানিক শিক্ষাৰ বাবে বিশেষ স্কুলৰ স্থাপনা আছিল ৷ কেইবা বছৰ ধৰি ৰাষ্ট্ৰীয় শিশু শ্ৰম প্ৰকল্প পৰিচালনা কৰি অভিজ্ঞ হৈ উঠা দেখি চৰকাৰে নৱম পঞ্চবাৰ্ষিক যোজনাত (১৯৯৭-২০০২)ত এই প্ৰকল্পবিলাকৰ প্ৰসাৰণ কৰিছিল ৷ হীৰা, মুকুতা আদি ৰত্ন, বাখৰ, জুইশালা, ফটকা, মাৰ্ব্বল পাথৰৰ টাইল, কাৰ্পেট, তলা, কাঁহৰ বস্তু তৈয়াৰ কৰা, আইনা আৰু খাৰু আদি বিপদজনক প্ৰক্ৰিয়াত কাম কৰা শিশুক পুনৰ্সংস্থাপিত কৰিবলৈ ১০০টা নতুন ৰাষ্ট্ৰীয় শিশু শ্ৰম প্ৰকল্প আৰম্ভ কৰা হৈছিল ৷ নৱম পঞ্চবাৰ্ষিক যোজনাত চৰকাৰে এই প্ৰকল্পবোৰৰ কাৰণে ২৫০ কোটি টকা বাজেটীয় অনুদান হিচাবে মঞ্জুৰ কৰিছিল ৷ দশম পঞ্চবাৰ্ষিক যোজনাত (২০০৩-২০০৭) চৰকাৰে ১৫০ খন জিলাত অতিৰিক্ত ১৫০ ৰাশি প্ৰকল্প প্ৰতিষ্ঠা কৰাৰ আৰু বাজেটীয় অনুদান ৬০০ কোটি টকালৈকে বঢ়োৱাৰ কথা আছে ৷

    ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানবিলাকৰ বৰঙনি

    এন.জি.ও. বিলাকৰ মুৰব্বী, ৰাশিশ্ৰ প্ৰকল্প সঞ্চালক, পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ বিষয়া, কাৰখানা পৰিদৰ্শক, চৰকাৰী বিষয়া আদিৰ কাৰ্য্যদক্ষতা বঢ়াবলৈ নেচনেল ইনষ্টিটিউট অৱ ৰুৰেল ডেভেলপমেন্ট, ভিভি গিৰি নেচনেল লেবাৰ ইনষ্টিটিউট আদি ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু কিছুমান ৰাজ্যিক স্তৰৰ শিক্ষানুষ্ঠানে গুৰুত্বপূৰ্ণ ভূমিকা পূৰন কৰিছিল ৷ গৱেষণা, জৰীপ, জনজাগৃতি আৰু জন-সংবেদনা বৃদ্ধিৰ ক্ষেত্ৰত এই শিক্ষানুষ্ঠানবিলাকে উল্লেখনীয় বৰঙনি দি এই বিষয়টো সকলোৰে চকুত পৰা কৰিছে৷

    উৎস: আইএনডিজি দল।

    শেহতীয়া উন্নীতকৰণ: : 4/26/2020



    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate