অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

‘মিছাইল মেন’ ড° এ পি জে আব্দুল কালাম

‘মিছাইল মেন’ ড° এ পি জে আব্দুল কালাম

জীৱনজোৰা ত্যাগেৰে ভাৰতলৈ সুনাম কঢ়িয়াই অনা ভাৰতৰ দ্বাদশগৰাকী ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামে ২০০২ চনৰ ২৫ জুলাইত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল| এজন মিছাইল মানৱ ভাৰতীয় গণতন্ত্ৰৰ সৰ্ব্বোচ্চ আসনত অধিষ্ঠিত হোৱাত ভাৰতৰ কেইবাকোটি জনতাই আনন্দত আপ্লুত হৈছিল| ১৯৩১ চনৰ ১৫ অক্টোবৰত মাদ্ৰাজ(চেন্নাই) ৰ ৰামেশ্বৰমত জন্মগ্ৰহণ কৰা এ পি জে আব্দুল কালামৰ পিতৃৰ নাম জয়নাল আবেদীন আৰু মাতৃৰ নাম আচিয়াম্মা| তেওঁলোকৰ ঘৰখনত পাঁচজন ল’ৰা-ছোৱালী আছিল| কালাম আছিল নুমলীয়া| সেয়ে তেওঁ সকলোৰে আলাসৰ লাডু| তেওঁলোকৰ ঘৰুৱা আৰ্থিক অৱস্থা বহুত ভাল নাছিল| গতিকে তেওঁলোকে বহু কষ্ট কৰি শিক্ষা গ্ৰহণ কৰিব লাগিছিল| কালামৰ মাক আছিল স্কুলীয়া শিক্ষাৰে শিক্ষিত মৰ্যাদা সম্পন্ন এটা পৰিয়ালৰ ছোৱালী| তেওঁ বহল অন্তৰৰ অতিথি পৰায়ণা আদৰ্শ মহিলা আছিল| কালামৰ মাক-দেউতাকক সমাজে আদৰ্শ দম্পতী হিচাপে জ্ঞান কৰিছিল| কালামৰ দেউতাক আছিল ৫ ৱক্ত নামাজী আৰু জৰা-ফুকা পানীৰে বেমাৰী ভাল কৰিব পৰা গুণো আছিল| ১৯৩৯ চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কালামৰ বয়স আছিল মাত্ৰ আঠ বছৰ| সেই সময়ত তেওঁ তেঁতেলীৰ গুটি বেছি দিনে এক অনাকৈ উপাৰ্জন কৰিছিল আৰু জালালুদ্দিনে কোৱা বিশ্বযুদ্ধৰ কাহিনীবোৰে মনত দকৈ প্ৰভাৱ পেলাইছিল| আহমেদ জালালুদ্দিন আছিল তেওঁতকৈ ১৫ বছৰে ডাঙৰ শৈশৱৰ বন্ধু আৰু শৈশৱ গঢ়াত আটাইতকৈ বেছি অৰিহণা যোগোৱা ব্যক্তি| উপযুক্ত বয়স হোৱাত কালামক ৰামেশ্বৰমৰ প্ৰাথমিক বিদ্যালয়ত নাম লগাই দিছিল| প্ৰাথমিক শিক্ষা শেষ কৰি হাইস্কুলীয়া শিক্ষা গ্ৰহণৰ কাৰণে ৰামনাথপুৰমলৈ যায়| তাত শ্বাৰ্টজ হাইস্কুলত নাম লগায়| হাইস্কুলত পঢ়ি থকা সময়ছোৱাত ইয়াদুৰাই চোলেমান নামৰ এজন শিক্ষকে কালামৰ মেধা শক্তিৰ পৰিচয় পাই কৈছিল-‘জীৱনত কৃতকাৰ্য লাভ কৰিবলৈ প্ৰবল ইচ্ছাশক্তি, আত্মবিশ্বাস আৰু উচ্চাকাংক্ষা থাকিব লাগিব’| ১৯৫৪ চনত তেওঁ ছেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থবিজ্ঞানসহ সুখ্যাতিৰে বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে| তাৰ পিছত ইঞ্জিনীয়াৰিং পঢ়িবলৈ অৰ্থৰ অভাৱ আছিল যদিও তেওঁৰ অদম্য হেঁপাহ দেখি ভনীয়েকে হাত আৰু কাণৰ গহণা বন্ধকত থৈ টকা গোটাই পঢ়াৰ বাবে পথ প্ৰশস্ত কৰি দিয়ে| লগতে মনপুতি পঢ়াৰ বাবে ছাত্ৰবৃত্তিও লাভ কৰিছিল| ১৯৫৮ চনত তেওঁ এৰ’নটিকেল ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰম শেষ কৰিছিল| তাৰ পিছত ১৯৬২ চনত বাংগালুৰুত বৈমানিক উন্নয়ন প্ৰতিষ্ঠন (এ ডি ই) ত কাম কৰিছিল| ইয়াৰ কিছুদিন পিছত কালামে ড° বিক্ৰম সাৰাভাইৰ নেতৃত্বত ৰকেট ইঞ্জিনীয়াৰ হিচাপে যোগদান কৰে| তেওঁ আমেৰিকাৰ নাছালৈ ৰকেট বিষয়ৰ অধ্যয়নৰ কাৰণেও গৈছিল| আমেৰিকাত ছমাহ থকাৰ পিছত স্বদেশলৈ ঘুৰি আহি থুম্বাৰ ষ্টেচনত যোগদান কৰিলে| এই ষ্টেচনৰ পৰা ১৯৬৭ চনৰ ২০ নৱেম্বৰত ৰোহিণী ৭৫ উৎক্ষেপণৰ পিছত কালামৰ নেতৃত্বত ‘মেনকা’ নামৰ আন এটা ৰকেট উৎক্ষেপণ কৰা হয়| ইয়াৰ পিছত কালামে আন কেইবাজনো বিজ্ঞানীৰ সহযোগত চল্লিশ কিলোগ্ৰাম ওজনৰ উপগ্ৰহ প্ৰক্ষেপণৰ যান (SLV) নিৰ্মাণৰ সিদ্ধান্ত লয়| নেৰানেপেৰা চেষ্টাৰ অন্তত: ১৯৭৯ চনৰ ১০ আগষ্টৰ পুৱা ৭ বাজি ৫৮ ছে:ত SLV-৩ ৰ পৰীক্ষা মুলক উৰণ সমাপ্ত হয়| কিন্তু উৰণৰ ৩১৭ ছেকেণ্ডৰ পাছত দুৰ্ঘটনাত পতিত হোৱাত তেওঁলোক হতাশাত ভুগিছিল যদিও নতুন উদ্যমেৰে কাম কৰি ১৯৮০ চনৰ ১৮ জুলাইৰ পুৱা ৮.০৩ মিনিটত শ্ৰীহৰিকোট ৰকেট কেন্দ্ৰৰ পৰা ৰোহিণী উপগ্ৰহটোক এছএলভি-৩-এ সঠিক ভাৱে পৃথিৱীৰ নিম্ন কক্ষপথলৈ নিক্ষেপ কৰিছিল| এইদৰে প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহ ‘ৰোহিণী’ পৃথিৱীৰ চাৰিওফালে ঘুৰিব ধৰিলে| এছএলভি-৩ ৰ কামৰ মাজতে কালামে তেওঁৰ ভনীজোঁৱায়েক জালালুদ্দিন, দেউতাক আৰু মাকক হেৰুৱাব লগা হয়| সেয়ে তেওঁ দুখেৰে প্ৰকাশ কৰিছে যে যিসকল ব্যক্তিৰ অনুপ্ৰেৰণাত বিজ্ঞানী হিচাপে সফলতা অৰ্জন কৰিছিল সেই ব্যক্তিসকল দেউতাক, মাক, ভনীজোঁৱায়েক আৰু ড° সাৰাভাই কোনোৱেই তেওঁৰ সফলতা চাবলৈ জীৱিত নাছিল| কালাম প্ৰকৃত অৰ্থত এজন ‘মিছাইল মানৱ’| তেওঁ পাঁচটা মিছাইল নিৰ্মাণৰ প্ৰকল্প হাতত লয়| সেইকেইটা হ’ল-পৃথ্বী, ত্ৰিশূল, আকাশ, নাগ আৰু অগ্নি| ১৯৮৫ চনৰ ১৬ ছেপ্তেম্বৰৰ দিনা ত্ৰিশূল সফলতাৰে উৎক্ষেপণ কৰে| ১৯৮৮ চনৰ ২৫ ফেব্ৰুৱাৰীত দিনৰ ১১ বাজি ২৩ মিনিটত পৃথ্বী উৎক্ষেপণ কৰে| ১৯৮৯ চনৰ ২ মে’ৰ পুৱা ৭ বাজি ১১ মিনিটত ‘অগ্নি’ ক্ষেপণাস্ত্ৰ সফলতাৰে উৎক্ষেপণ কৰে| ১৯৯০ চনৰ ১০ ফেব্ৰুৱাৰীত ‘নাগ’ আৰু ১৯৯১ চনৰ স্বাধীনতা দিৱসৰ দিনা ‘আকাশ’ ক্ষেপণাস্ত্ৰ উৎক্ষেপণ কৰে| প্ৰবল আত্মবিশ্বাস, কঠোৰ পৰিশ্ৰমৰ গুণেৰে কালাম আছিল এজন অতি মানৱ| তেওঁ ১৯৮১ চনৰ গণতন্ত্ৰ দিৱসৰ দিনা ‘পদ্মভূষণ’ সন্মান লাভ কৰে| ১৯৮২ চনত মাদ্ৰাজৰ আন্না বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয়ৰ সৰ্ব্বোচ্চ সন্মান ‘ডক্টৰ অব্‌ ছায়েন্স’ৰে সন্মানিত কৰে| ১৯৯০ চনৰ গণতন্ত্ৰ দিৱসত ‘পদ্মবিভূষণ’ৰে সন্মানিত কৰে| ১৯৯০ চনত যাদৱপুৰ বিশ্ববিদ্যালয়ে ‘ডক্টৰ অব্‌ ছায়েন্স’ উপাধি প্ৰদান কৰে| ১৯৯১ চনত মুম্বাই আইআইটিয়ে ‘ডক্টৰ অব্‌ ছায়েন্স’ উপাধি প্ৰদান কৰে| ১৯৯৭ চনৰ গণতন্ত্ৰ দিৱসত ভাৰতৰ সৰ্ব্বোচ্চ সন্মান ‘ভাৰত ৰত্ন’ উপাধিৰে বিভূষিত কৰে তেওঁক| তেওঁ ৰচনা কৰা গ্ৰন্থসমূহ হ’ল-উইংছ অব্‌ ফায়াৰ( এন অটোবায়’গ্ৰাফী,১৯৯৯), ইণ্ডিয়া ২০২০(১৯৯৮), এ নিউ নজেল ছ’চাইটী (২০০০), ইগ্‌নাইটেড মাইণ্ডছ(২০০২)| এ পি জে আব্দুল কালামে জীৱনৰ ঘাত-প্ৰতিঘাত সমুহক গুৰুত্ব নিদি, বৈবাহিক বান্ধোনৰ পৰা নিজক মুক্ত ৰাখি চিৰকুমাৰ হৈ দেশমাতৃৰ প্ৰগতিৰ হকে আত্মাহুতি দিয়া এনে এজন মহান ব্যক্তি প্ৰতিজন ভাৰতীয়ৰ কাৰণে চিৰস্মৰণীয়|

ছাকীল আহমেদ

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate