আমাৰ অভিভাৱকসকলে প্ৰায়ে কোৱা শুনা যায় যে তেওঁলোকৰ সন্তানে পঢ়াশুনাত মন-কাণ নিদিয়ে। বাস্তৱিকতে ই এটা চিন্তনীয় বিষয়। কোনো এটি শিশুৰ পঢ়াত মন নবহাৰ কাৰণ বিভিন্ন হ’ব পাৰে। যেনে- সুৰক্ষা আৰু স্নেহৰ অভাৱ, অভিভাৱকে কঠোৰ শাসনৰ মাজত ৰখা, স্কুলত সঠিক বাতাবৰণৰ অভাৱ, সন্তানটি হীনমন্যতাৰ চিকাৰ হোৱা। আত্মবিশ্বাসৰ অভাৱ তথা ব্যৱহাৰিক সমস্যা আদি।
যদি শিশুটিৰ যোগ্যতা, ক্ষমতা আৰু বৌদ্ধিক স্তৰ অনুযায়ী বিষয় নিৰ্বাচন কৰা নহয়, তেতিয়া তাৰ শক্তি হ্ৰাস হয়। লগতে উৎসাহ আৰু একগ্ৰতাৰ অভাৱতে শিশুটিয়ে পঢ়াৰ বাবে মনটোক প্ৰস্তুত কৰিব নোৱাৰে। একেদৰে শিক্ষকৰ শিক্ষণ প্ৰণালী শিশুৰ বাবে মনোগ্ৰাহী নোহোৱাৰ ফলতো তাৰ মন পঢ়াৰ পৰা আঁতৰি আহে। সেয়েহে নিম্নলিখিত কিছু কথালৈ ধ্যান দিব পাৰে যাতে শিশুটিৰ পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়ি আহে।
পিতৃ-মাতৃয়ে সন্তানটিক বিদ্যালয়লৈ পঠিয়ায়ে নিজৰ দায়িত্ব সামৰা উচিত নহয়। যদি তেওঁলোকে সন্তানটিৰ অধ্যয়নৰ প্ৰতি ৰুচি বঢ়াব নোৱাৰে, তেতিয়া হ’লে তাৰ পঢ়াত মন নবহিব। গতিকে তাক পৰ্যবেক্ষণ কৰা দৰকাৰ। কেতিয়াবা শিশুটি কু-সংগৰ চিকাৰ হোৱাৰ ফলতো বিদ্যালয়লৈ নগৈ নিজৰ সময়বোৰ অন্য ঠাইত অতিবাহিত কৰেগৈ।
এনে হ’লে আৰম্ভণিতেই যদি বাধা আৰোপ কৰা নহয়, তেতিয়া ই গভীৰ সমস্যা হৈ পৰেগৈ। গতিকে অভিভাৱকে সময়ে সময়ে জনাৰ চেষ্টা কৰক যে তেওঁৰ সন্তানটিয়ে নিয়মীয়াকৈ বিদ্যালয়লৈ গৈ আছে নে নাই।
আপোনাৰ সন্তানক প্ৰণালীবদ্ধ অধ্যয়ন কৰাৰ শিকনি দিয়ক। লগতে তাৰ সংকোচ আৰু লাজকুৰীয়া স্বভাৱ দূৰ কৰক। তেতিয়া সি নিজৰ মনৰ কথা মুকলিকৈ আপোনাক ক’ব পাৰিব। এনে নকৰিলে শিশুটিয়ে বিভিন্ন সমস্যাৰ মাজত থাকি হতাশগ্ৰস্ত হ’ব আৰু তাৰ অধ্যয়নস্পৃহা বঢ়োৱাটো কঠিন হ’ব। গতিকে বিষয়বস্তু সম্বন্ধীয় কিতাপৰ প্ৰতি সন্তানটিক সজাগ কৰক।
সন্তানটিক উপেক্ষা নকৰিব:
সন্তানটিক কোনো কাৰণতে উপেক্ষা নকৰিব। তাৰ মাজত সংবেদনশীল গুণৰ বিকাশ কৰি তাক স্বয়ং সিদ্ধান্ত লোৱাৰ যোগ্য কৰি তোলক। যদি শিশুটি শিক্ষাৰ ক্ষেত্ৰত পিছপৰা, তথাপি তাক উপেক্ষা উৎসাহ বঢ়াই তাক পিছ পৰি যোৱাৰ পৰা বচাওক। প্ৰেম, সহযোগ আৰু সহানুভূমিৰ যোগেদি তাক অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰাটো উচিত হ’ব।
সন্তানটিক পাৰ্যমানে সময় দিয়ক। তাৰ হোমৱৰ্ক সম্পূৰ্ণ কৰাত সহযোগ কৰক। তাৰ সমস্যাৰাজি নিবাৰণৰ বাবে বিদ্যালয়ৰ সৈতে সম্পৰ্ক বজাই ৰখাও দৰকাৰ। বিদ্যালয়ত অভিভাৱকক লৈ অনুষ্ঠিত সভাত অংশ গ্ৰহণ কৰি সন্তানৰ বিদ্যালয়কেন্দ্ৰিক সমস্যাৰাজি সমাধান কৰি তাক পঢ়াৰ প্ৰতি আগ্ৰহী কৰিব পৰা যায়।
সন্তানটিৰ বন্ধু-বান্ধৱৰ বিষয়ে জানক:
আপুনি নিজৰ সন্তানটিৰ বন্ধু-বান্ধৱসকলৰ প্ৰতিও ধ্যান ৰাখিব। চাব যাতে সি সংগ দোষৰ চিকাৰ নহয়। তাক অত্যধিক শাসনো নকৰিব। কিয়নো এনে হ’লে সি ভয়-ভীত হ’ব আৰু আনৰ ওপৰত নিৰ্ভৰশীল হ’ব। ভাল ছাত্ৰ-ছাত্ৰীৰ সংগ লভৰ হেতু তাক মাজে-সময়ে প্ৰশংসাও কৰিব। এনে হ’লে তাৰ পঢ়াৰ প্ৰতিও ধাউতি বাঢ়ি আহিব।
বিকাশৰ দিশলৈ ধ্যান ৰাখি তাৰ ৰুচি আৰু প্ৰয়োজন অনুসৰি কিতাপৰ নিৰ্বাচন কৰি তাক পঢ়িবলৈ দিয়ক আৰু কিতাপৰ প্ৰত্যেকটো কথা মনত ৰাখিবলৈ শিকাওক। অত্যধিক কঠোৰ আৰু অতিমাত্ৰা ঢিলা- দুয়ো প্ৰকাৰৰ অনুশাসনে সন্তানটিক পঢ়াৰ প্ৰতি বিমুখ কৰে। বিদ্যালয়ৰ কাম-কাজ ভয়তে নহয়, বৰঞ্চ স্বেচ্ছাই কৰাৰ অভ্যাস কৰাওক।
অৱসৰৰ দিনবোৰতো শিশুক পঢ়াৰ প্ৰতি আগ্ৰহ জন্মাওক। শিশুটিৰ যোগ্যতা আৰু ক্ষমতা অনুসৰি পাঠ্যক্ৰমৰ জ্ঞান আহৰণৰ সুযোগ দিয়ক। পঢ়াত মন বহাৰ বিষয়টো শিক্ষক, অভিভাৱক আৰু সন্তান- তিনিওৰে সহযোগত দূৰ কৰিব পৰা যায়।
লেখিকা: ৰীণা দেৱী(অসম বাণী)
শেহতীয়া উন্নীতকৰণ: : 10/30/2023