অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উৰিব পৰা স্তন্যপায়ী প্ৰাণী-বাদুলি

উৰিব পৰা স্তন্যপায়ী প্ৰাণী-বাদুলি

বাদুলি হৈছে চৰাইৰ দৰে উৰিব পৰা এবিধ স্তন্যপায়ী প্ৰাণী। চৰাইৰ ডেউকাৰ দৰে ছাল দুখনে বাদুলিক উৰি যোৱাত সহায় কৰে। পাতল ছাল দুখনে প্ৰাণীবিধৰ আগ ঠেং আৰু পিছ ঠেং দুখনক লগ লগাই ৰাখে। বাদুলিৰ আগ ঠেং দুখনক মানুহৰ হাত দুখন হাতৰ বাউসি আৰু হাতখনৰ আগ অংশত দুইখণ্ড হাড়ৰদ্বাৰা গঠিত। আগভাগত দুডাল হাড়ৰ উত্পন্ন হয়। দুই খণ্ড হাড়ৰ ভিতৰত আগৰ খণ্ড গুৰিত থকা অংশতকৈ ভালেখিনি দীঘল হয়। হাত, ভৰিৰ আগত থকা গাঁঠিৰ পৰা চাৰিটাকৈ দীঘল আঙুলি থাকে। হাতৰ ঠাৰি আৰু আঙুলিকেইটা পাতলীয়া ছালখনৰ লগত স্ংযুক্ত হৈ থাকে। বাদুলিয়ে ইচ্ছা অনুসৰি অঙুলিকেইটা আৰু হাতৰ ঠাৰিকেইখণ্ড জপোৱা-মেলা কৰিব পাৰে। পাতলীয়াছালখন পিছ ঠেং দুখনৰ ঠাৰিৰ সৈতে স্ংযুক্ত হৈ থাকে। পিছ ঠেং দুখনৰ পৰা আগবাঢ়ি গৈ ছালখন নেজডালৰ সৈতে লগলাগি থকা দেখা যায়। বুঢ়া আঙুলিৰ লগত ছালখনৰ কোনো স্ংযোগ নাথাকে, দেখাত ফলডিং ছাতিৰ দৰে। বাদুলিয়ে যেতিয়া হাত দুখনৰ সৈতে হাতৰ আগত থকা আঙুলিকেইটা মেলি দিয়ে তেতিয়া গোটেই ছালখন মেল খাই যায়। এনেদৰে পেৰাছুটৰ দৰে মেল খাই যোৱাৰ লগে লগে আকাশেদি উৰি যাব পাৰে। আঙুলিকেইটা জপোৱা-মেলা কৰি বাদুলিয়ে ইচ্ছানুসৰি গতি নিৰ্ণয় কৰি উৰি যাব পাৰে। উৰি যোৱাৰ সময়ত বাদুলিয়ে  নেজডাল বেঁকা-বেঁকি কৰি দিশ সাল-সলনি কৰি উৰিব পাৰে।

(১) কলখোৱা বাদুলিৰ ডেউকা দুখনৰ প্ৰস্থ ১.৫ মিটাৰ,

(২) বাদুলি উৰি যাওতে একোটা শব্দ কৰি উৰি যায়।

অসমত প্ৰধানকৈ দুটা জাতৰ বাদুলিৰ তথ্য পোৱা গৈছে। এবিধ চুঙা বাদুলি আৰু আনবিধ বৰ বাদুলি। সাধাৰণতে বৰ বাদুলিক আমাৰ সমাজত কেৱল বাদুলি কয়। কিন্তু সৰু চুঙাত বাস কৰা বাদুলিটোক চুঙা বাদুলি বুলি কয়। চুঙা বাদুলি ঘৰৰ ওপৰ চাঙত, ফাঁকত, শিলৰ ফাঁকত, বাঁহৰ চুঙা, দলঙৰ বা ফ্লাই অ’ভাৰৰ ফাঁকত বসবাস কৰে। দিনৰ ভাগত চুপে-চাপে সোমাই থাকে। ডাঙৰ বাদুলিয়ে গছত্ নিৰাপদ স্থানত তললৈ মুখ কৰি ওলমি থাকে। একে ওচৰ-উচৰি গছত একেলগে বহুত বাদুলিয়ে দিনৰ ভাগত আশ্ৰয় লয়। এনেদৰে ওলমি থকা দৃশ্য গুৱাহাটীৰ পানবজাৰৰ পানী টেংকিৰ বিপৰীত দিশত থকা গছবোৰত অতি সহজে দেখা পোৱা যায়। তদুপৰি চুঙা বাদুলি গুৱাহাটীৰ চানমাৰি ফ্লাই অ’ভাৰৰ তলত জাকে জাকে উৰি ফুৰা যায়। সিহতে আন্ধাৰ পালে দিনতো উৰি ফুৰে। চুঙা বাদুলিয়ে উৰি থকা অৱস্থাতো বিভিন্ন পোক-পতংগ খাদ্য হিচাপে গ্ৰহণ কৰে। আমাৰ সমজত এটি কথা বহু দিনৰেপৰা চলি আহিছে। বাৰীৰ কলগছত কল যদি বাদুলিয়ে দুই বা এটা খায়, তেতিয়া গিৰিহতে কল থোকা কাটে। কাৰণ বাদুলিয়ে পকিবলৈ লোৱা সময়তহে কলত মুখ দিয়ে। তেনে সময়তে কল কটা দেৰি কৰিলে গোটেই কলবোৰ দুই-এদিনৰ ভিতৰতে খাই শেষ কৰিব। ইয়াৰ বাহিৰে বিভিন্ন ধৰণৰ ফলমূল পকাৰ আগতে চোবাই চোবাই ৰসবোৰ খাই সিতাবোৰ উলিয়াই দিয়ে। এনেদৰে ফলৰ গছত বাদুলি পৰিলে খোৱাতকৈ অধিক নষ্টহে কৰে। চুঙা বাদুলিয়ে একোটা নিৰ্দিষ্ট স্থানৰ ওচৰত জাকপাতি উৰি কীট পত্ংগ ধৰি খায়। দিনৰ পোহৰ শেহ হ’লে অলপ আন্ধাৰ হ’লেই সিহতে খাদ্যৰ বাবে যাত্ৰা আৰম্ভ কৰে। ডাঙৰ বাদুলিবোৰৰো সন্ধ্যা হোৱাৰ লগে লগে এটা এটাকৈ বিভিন্ন ফলমূলৰ গছ-গছনিলৈ আগমন ঘটে। দিনৰ ভাগত গছত জিৰণি লোৱা সময়ত চি চিকৈ বিভিন্ন শব্দ কৰি হুলুস্থুলীয়া পৰিৱেশ এটা কৰি থাকে। ৰাতি গছৰ ডালত জপ্ং জপ্ং কৰী পকা ফলমূল বিচাৰি বাদুলিবোৰ ঘুৰি ফুৰে। কেতিয়াবা দুটা বা তিনিটা বাদুলি একেজোপা গছত পৰিলে চিঞৰ-বাখৰো লগাই থাকে। বাদুলিৰ হাত আৰু ছালৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি বাদুলি গোষ্ঠীৰ আটাইকেইটা প্ৰাণীক লগ লগাই ‘ছিৰপ্‌টেৰা’ বৰ্গত অন্তৰ্ভুক্ত কৰা হৈছে। গ্ৰীক ভাষাত ছিৰিপ মানে হাত আৰু টেৰেন মানে চৰাইক বুজায়। এই দুটা শব্দৰ স্ংযোগ ঘটাই ‘ছিৰপ্‌টেৰা’ শব্দ উত্পত্তি হৈছে বুলি জনা যায়। ফলমূল খাই জীয়াই থকা বাদুলি জতক মেগাছিপ্‌টেৰা আৰু কীট-পত্ংগ খাই জীয়াই থকা বাদুলিবোৰক মাইক্ৰ’ৰিপ্‌টেৰা উপবৰ্গত ভাগ কৰা হৈছে। ৰামশৰ বা ৰাংকেপ নামৰ এবিধ উৰণীয়া কেৰ্কেটুৱাই কম দূৰত্বত উৰি ফুৰা দেখা যায় যদিও বাদুলিৰ দৰে বহু দূৰলৈ চৰাইৰ দৰে উৰিব নোৱাৰে। দক্ষিণ আমেৰিকাৰ ভেম্পায়াৰ বাদুলিয়ে অন্য প্ৰাণীৰ তেজ খায় বুলি জনা যায়। তদুপৰি অন্য এবিধ বাদুলিয়ে মাছ চিকাৰ কৰে বুলি জনা যায়।

জিতু কলিতা, প্ৰান্তিক।

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate