চাণক্য প্ৰাচীন ভাৰতৰ কূটনৈতিক ইতিহাসৰ এটা জিলিকি থকা নাম। খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতাব্দীতে বৰ্তমানৰ পাকিস্তানৰ অন্তৰ্ভুক্ত তক্ষশীলা নামে ঠাইত চানকা নামৰ গাঁৱখনত জন্ম হৈছিল চাণক্যৰ। তেওঁৰ পিতৃৰ নাম আছিল চণক ঋষি। বোধহয় সেয়ে তেওঁৰ নাম চাণক্য হৈছিল। তেওঁৰ পিতৃপ্ৰদত্ত নাম আছিল বিষ্ণুগুপ্ত। কিন্তু তেওঁ চাণক্য নামেৰেহে জনাজাত হৈছিল। তেওঁৰ আৰু এটা ছদ্মনামেৰে বিখ্যাত হৈ পৰিছিল। সেই নামটো পিছত উল্লেখ কৰিম। পিতৃৰ পদাংক অনুসৰণ কৰি তেওঁ পুৰোহিতৰ কামো কৰিছিল। সেই সময়ত মগধ ৰাজ্যত নন্দবংশ নামে এটা বংশই ৰাজত্ব কৰিছিল। নন্দবংশৰ শেষ ৰজা ধনানন্দৰ এজন সতীয়া ভাই আছিল যাৰ নাম আছিল চন্দ্ৰগুপ্ত আৰু যিয়ে জন্মগ্ৰহণ কৰিছিল ধনানন্দৰ পিতৃৰ ঔৰসত মূৰা নামে এক দাসীৰ গৰ্ভত। পিতৃৰ মৃত্যুৰ পিছত ধনানন্দই চন্দ্ৰগুপ্ত আৰু তেওঁৰ মাতৃক ৰাজমহলৰ পৰা খেদি দিছিল। অপমানিত চন্দ্ৰগুপ্তই ধনানন্দক আক্ৰমণ কৰি মগধৰ সিংহাসন দখলৰ চেষ্টা চলাইও ব্যৰ্থ হৈ মাতৃৰ সতে জংঘলত নিৰ্বাসিত জীৱন যাপন কৰিব লগা হৈছিল। ইফালে ধনানন্দৰ পিতৃৰ শ্ৰাদ্ধৰ কাম কৰিবলৈ এজন ব্ৰাহ্মণৰ প্ৰয়োজন হৈছিল আৰু এই দায়িত্বত আছিল মন্ত্ৰী শকটা। শকটাই চাণক্যকে সেই দায়িত্ব দিছিল। চাণক্য দেখিবলৈ আছিল কুৎসিৎ পুৰোহিতৰ আসনত কদাকাৰ ব্ৰাহ্মণ এজনক দেখি অসন্তুষ্ট হৈ ৰজাই তেওঁক অপমান কৰি খেদি পঠালে। এই অপমানৰ পোতক তুলিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল চাণক্য। ঘটনাচক্ৰত চাণক্যৰ দেখাদেখি হৈছিল চন্দ্ৰগুপ্তৰ লগত। চাণক্যৰ চেহেৰা কুৎসিৎ হ'লেও তেওঁ আছিল প্ৰখৰ বুদ্ধিসম্পন্ন পণ্ডিত ব্যক্তি। এই কথাৰ উমান পাই চন্দ্ৰগুপ্তই চাণক্যকে তেওঁৰ গুৰু তথা উপদেষ্টা হিচাপে মানি লৈছিল। দুয়ো মিলি এটা বৃহৎ শক্তিশালী সেনাবাহিনী গঠন কৰিলে। তাৰপিছত সুনিপুণ পৰিকল্পনা মতে চন্দ্ৰগুপ্তই ধনানন্দক পৰাজিত কৰি মগধৰ সিংহাসন দখল কৰিলে আৰু মাতৃ মূৰাৰ নামেৰে মৌৰ্যবংশৰ প্ৰতিষ্ঠা কৰিলে। চাণক্যক তেওঁ নিজ ৰাজ্যৰ প্ৰধানমন্ত্ৰী পাতিলে।
চন্দ্ৰগুপ্তৰ প্ৰধানমন্ত্ৰী হিচাবে চাণক্যই ৰাজধানী পাটলিপুত্ৰত এটা বিলাসবহুল জীৱন কটাব পাৰিলেহেঁতেন। কিন্তু তেনে নকৰি তেওঁ এখন শ্মশানৰ কাষৰ সৰু ঘৰ এটাত সন্ন্যাসীৰ দৰে জীৱন কটাইছিল। গ্ৰীক দাৰ্শনিক চক্ৰেটিছৰ দৰেই তেওঁৰো চেহেৰা কুৎসিৎ আছিল যদিও পাণ্ডিত্য আছিল অসীম। চাণক্য আছিল এজন দক্ষ পৰিকল্পনাবিদ, সিদ্ধান্তত অটল আৰু পৰিকল্পনাৰ বাস্তৱায়নত অতিকে কঠোৰ। ৰাজ দৰবাৰৰ পৰা বহুদূৰত থাকিও তেওঁ সম্ৰাট চন্দ্ৰগুপ্তক ৰাজকাৰ্য পৰিচালনাত সৰ্বতোপ্ৰকাৰে পৰামৰ্শ দি সহায় কৰিছিল। চন্দ্ৰগুপ্তৰ পিছত তেওঁৰ পুত্ৰ বিন্দুসাৰৰ শাসনকালতো চাণক্যই প্ৰধানমন্ত্ৰীত্বৰ দায়িত্ব পালন কৰিছিল। চাণক্যই অৰ্থশাস্ত্ৰ নামেৰে এখন কিতাপ লিখিছিল য'ত তেওঁ শাসকৰ উদ্দেশ্যে পৰামৰ্শ, প্ৰজাৰ নিৰাপত্তা, কল্যাণ আৰু জীৱনধাৰণৰ মান উন্নত কৰাৰ নানা কৌশলৰ কথা বৰ্ণনা কৰিছিল। এই শাস্ত্ৰত বৰ্ণিত উপদেশ আৰু পৰামৰ্শবোৰ কেৱল সেই যুগতে প্ৰযোজ্য নাছিল, আজিৰ যুগতো সমানেই প্ৰযোজ্য এই কথা সৰ্বজনস্বীকৃত। চাণক্যকে অৰ্থনীতিৰ প্ৰথম প্ৰবক্তা বুলি অভিহিত কৰা হয়। চাণক্যই লিখি যোৱা কথাবোৰ বহুতোলোকে ভালকৈ জানে যদিও সেইবোৰ যে চাণক্যই লিখা সেইকথা সকলোৱে নাজানে। এই নীতিকথাবিলাক চাণক্যশ্লোক হিচাবে সৰ্বত্ৰ প্ৰচলিত ।তাৰে কেইটামান শ্লোক তলত উল্লেখ কৰা হ'ল—
(১) মাত্ৰ এজোপা সুগন্ধি গছে যেনেকৈ সমগ্ৰ অৰণ্য সুবাসিত কৰি ৰাখে তেনেকৈ এজন সুপুত্ৰৰ দ্বাৰাও সমগ্ৰ বংশ ধন্য হয়।
(২) কৰ্কশ কথা জুইতকৈও ভয়ংকৰ।
(৩) গুণহীন মানুহ উচ্চবংশত জন্মিলেও তেওঁৰ পৰা কোনো উপকাৰ নহয়। নীচকুলত জন্মিও যদি শাস্ত্ৰজ্ঞ হয় দেৱতাইও তেওঁক পূজে।
(৪) যাৰ গৃহত মা নাই, যাৰ পত্নী মুখৰা তেওঁ বনলৈ গুচি যোৱাই ভাল কাৰণ তেওঁৰ বাবে গৃহ আৰু বনৰ কোনো পাৰ্থক্য নাই।
(৫) দুৰ্বলৰ বল ৰজাত, শিশুৰ বল কন্দাত, মূৰ্খৰ বল নীৰৱতাত, চোৰৰ বল মিছা কথাত।
(৬) মন পৱিত্ৰ নহ'লে পৱিত্ৰস্থান ভ্ৰমণ কৰিবলৈ যোৱা অৰ্থহীন।
(৭) ৰাতিৰ ভূষণ চন্দ্ৰ, নাৰীৰ ভূষণ পতি, পৃথিৱীৰ ভূষণ ৰজা, কিন্তু বিদ্যা সকলোৰে ভূষণ।
(৮) অহংকাৰৰ সমান শত্ৰু নাই।
(৯) অভ্যাসহীন বিদ্যা,অজীৰ্ণ ভোজন, বৃদ্ধৰ তৰুণী ভাৰ্যা বিষতুল্য।
(১০) দাৰিদ্য, ৰোগ, বন্ধন তথা বিপদ। এই সকলোবোৰ মানুহৰ নিজৰেই অপৰাধ স্বৰূপ বৃক্ষৰ ফল।
এতিয়া আহিছো চাণক্যৰ বিখ্যাত ছদ্মনামটোলৈ। আপোনালোকে নিশ্চয় গম পাইছেই নামটো। হয় ঠিকেই ধৰিছে কৌটিল্য। কৌটিল্যই হ'ল সেই বিখ্যাত নামটো যি নামেৰে চাণক্যই লিখিছিল কৌটিল্যৰ অৰ্থশাস্ত্ৰ। কৌটিল্যৰ বিষয়ে আপোনালোকেও আৰু বিশেষ জানে যদি কমেণ্ট বক্সত লিখিব পাৰে৷
আগবঢ়ালে: মিনুৰেখা গগৈ, মহীৰূহ।
শেহতীয়া উন্নীতকৰণ: : 3/4/2020
কাৰবি আংলং জিলাৰ ইতিহাস
অসমৰ কৃষিখণ্ড: ইতিহাস আৰু পৰম্পৰা
অ-সম অসম
অসমৰ খেল-ধেমালি