পৰিভ্রমী চৰাইয়ে সাধাৰণতে বছৰটোৰ ঘাইকৈ শীত আৰু বসন্ত ঋতুত আকাশমাৰ্গেৰে অতিক্রম কৰে নদ -নদী , সাগৰ-মহাসাগৰ , পৰ্বত- গিৰিগহ্বৰ । সাধাৰণতে, চৰাইবোৰে উত্তৰ গোলাৰ্ধৰ পৰা দক্ষিণ গোলাৰ্ধলৈ, উল্লেখিত দুয়ো ঋতুতে গমণাগমণ কৰে । এয়ে পক্ষী-প্রৱজন। এই পৰিভ্রমী চৰাইবোৰৰ কিছুসংখ্যক সুউচ্চ হিমালয় পৰ্বতমালা পাৰ হৈ কিছু কিল'মিটাৰ দূৰত্ব অতিক্রমি আহে, আকৌ আন কিছুমান আহে হেজাৰ হেজাৰ কিল'মিটাৰ নিলগৰ পৰা । ওখ পৰ্বতৰ আবাসী কিছুমান চৰাই আকৌ শীতকালত, নামনিৰ সমতললৈ নামি আহে । একেটা প্রজাতিৰে কিছুসংখ্যক চৰাই এখন দেশত পৰিভ্রমী আৰু অন্য এখন দেশত অ-পৰিভ্রমী হ'ব পাৰে । উল্লেখযোগ্য যে, অসমত পোৱা প্রায় ১৮৫ বিধ জলচৰ পক্ষীৰ ১০৭ বিধেই পৰিভ্রমী । আনহাতে ভাৰতবৰ্ষত উপলব্ধ মূঠ ২১০০ টা প্রজাতিৰ প্রায় ৩৫০ বিধেই হৈছে পৰিভ্রমী পক্ষী । পক্ষীকূলৰ এই পৰিভ্রমণ পাৰিপাৰ্শ্বিকতা আৰু প্রজননৰ সৈতে তথা খাদ্যভ্যাস আৰু খাদ্যসংকটৰ সৈতে সম্পৰ্কিত। শীতৰ আগমনৰ লগে লগে উষ্ণৰক্তী প্রাণী চৰাইবোৰৰ প্রয়োজন হয় পৰিভ্রমনৰ । পাৰিপাৰ্শ্বিকতাৰ সৈতে দেহৰ উষ্ণতা খাপ খুৱাই ল'ব লগা হয় জীৱনৰ প্রয়োজনত— পৰিভ্রমনৰ হেতু । নাতিশীতোষ্ণ মণ্ডলত সংঘটিত প্রচণ্ড তুষাৰপাতৰ বাবে হোৱা খাদ্যসংকটৰ বাবে, পৰিভ্রমনৰ পূৰ্বে পক্ষীবোৰে প্রয়োজনীয় খাদ্যৰ সন্ধান কৰি, অতিৰিক্ত খাদ্যৰ গ্রহণৰ পৰা সঞ্চিত চৰ্বিৰে দেহৰ উষ্ণতা নিয়ন্ত্রণ কৰি, উৰা মাৰে গন্তব্য অভিমূখে; সুদূৰলৈ ।
এই পৰিভ্রমী পক্ষীবোৰৰ বেছিসংখ্যক সাধাৰণতে জলচৰ । শীতকালত , যোৰহাটৰ মালৌপথাৰ, ককিলামুখ, মাজুলী, শিৱসাগৰৰ পানীদিহিং , জয়সাগৰ পুখুৰী , লখিমপুৰৰ খাৰলি, ডিব্রুগড়ৰ লেজাই, খাৰলি, কলাখোৱা, কটহা, ঘোঁৰামৰা, কাজিৰঙাৰ মিহিমুখ, গুৱাহাটীৰ দীপৰ বিলকে ধৰি অসমৰ সকলোতে বিস্তীৰ্ণ হৈ থকা সৰু বৰ প্রাকৃতিক জলাশয় সমূহ নানাবিধ পৰিভ্রমী পক্ষীৰ কাকলিৰে মুখৰিত হয়। জীৱনৰ বাবে , বংশ বিস্তাৰৰ বাবে এনেদৰে দূৰ দূৰণিৰ পৰা উৰি অহা পক্ষীকূলৰ বহু বিপন্ন জীৱনযাত্রা । দূৰ্গম তথা প্রতিকূল প্রাকৃতিক পৰিবেশৰ লগতে আজি মানুহৰ নিৰ্বুধিতাৰ বলি হৈ পক্ষীকূলৰ জীৱন সংকটাপন্ন হৈছে । আমাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্রাকৃতিক অনুকূলতাই সততে আকৰ্ষণ কৰে বিশ্বৰ বিভিন্ন প্রজাতিৰ পৰিভ্রমী পক্ষীক । কিন্তু ,পৰিবেশতন্ত্রৰ প্রতি আমাৰ সৰ্বসাধাৰণৰ অজ্ঞতাই পক্ষীকূলক সুৰক্ষা প্রদানৰ ক্ষেত্রত অন্তৰায় হৈ থিয় দিছে। জলাশয়ৰ পানীত আপোনমনে জলকেলি কৰি থকা জলচৰ পক্ষীবোৰ চিকাৰ হয় এচাম মাংসলোভী অমানুহৰ ।
.
তদুপৰি সেই ৰহস্যময় জাতিঙ্গা ? গুৱাহাটীৰ পৰা ৩৩ কিলোমিটাৰ দূৰত্বৰ,অসমৰ উত্তৰ কাছাৰ জিলাৰ ; হাফলংৰ পৰা ৯ কি.মি. দক্ষিনে অৱস্থিত এখন গাওঁ— জাটিংগা। প্রাকৃতিক সৌন্দর্য আৰু পক্ষীৰ ৰহস্যময় আত্মহত্যাৰ বাবেই এই ঠাই পৃথিৱীতে পৰিচিত ।
ছেপ্তেম্বৰৰ পৰা নভেম্বৰ মাহৰ শীতকালৰ কুঁৱলীৰে আচ্ছন্ন সন্ধ্যাৰ, ৭ বজাৰ পৰা ১০বজালৈ এইসময়ছোৱাতে আত্মহত্যা কৰে সূদুৰৰ পৰা উৰি অহা জাকে জাকে ,যাযাবৰী বিহগে । কি ৰহস্য সেই অভিশপ্ত জাতিংগাৰ ?
প্রকৃততে অন্ধকাৰাচ্ছন্ন অমাৱশ্যা নিশাৰ কুঁৱলী, পাহাৰীয়া গভীৰ অৰণ্যৰ অবিৰত চিপচিপ্ কৈ সৰা নিয়ৰৰ টোপাল , ফেৰফেৰীয়া বতাহ, এই সকলো কাৰকৰ ফলশ্রুতিত, ক'ৰবাত সামান্য পোহৰৰ আভাস পালেই আকৰ্ষিত হয় অৱসন্ন চৰাইবোৰ আৰু পোহৰ অভিমুখে নামি আহোঁতে দিক্- বিদিক্ হেৰুৱাই ওখ গছৰ ডাল আদিত খুন্দা খাই মৃত্যুক সাৱতি লয় । পৰিতাপৰ বিষয় যে জাটিঙ্গাৰ অধিবাসীসকলে নিজৰ প্রয়োজনত, মাংসৰ বাবে এনে ৰাতিবোৰত প্রজ্জ্বলিত কৰি ৰখা জুইত জাকে জাকে চৰাই নিহত হয় । হায় ! অবিবেচক মানুহ । পৃথিৱীৰে প্রাচীন বাসিন্দাক নিঃশেষ কৰিছে নিজৰ উদৰৰ চাহিদাত । যদিহে মানুহে ভাবিবলৈ নিশিকে প্রকৃতিৰ বাবে , অনতিবিলম্বে যদি এনেবোৰ ধ্বংসাত্মক আচৰণ বন্ধ নকৰে , কিমানদিনলৈ বাৰু থাকিব পৃথিৱী ? থাকিব চৰাইৰ কাকলিৰে মুখৰিত আকাশ ?
লিখক: অনিতা গগৈ।
শেহতীয়া উন্নীতকৰণ: : 4/14/2020