অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফৰেনচিক বিজ্ঞানত তেজৰ ভূমিকা

ফৰেনচিক বিজ্ঞানত তেজৰ ভূমিকা

ফৰেনচিক বিজ্ঞানত তেজৰ ভূমিকা- উক্ত বিষয়টোত আলোকপাত কৰাৰ আগতে "তেজ" আৰু "ফৰেনচিক বিজ্ঞান" ৰ বিষয়ে কিছু থূলমূল ধাৰণা আগবঢ়োৱা হ'ল।

তেজ হৈছে প্ৰাণিদেহৰ প্ৰধান পৰিভণ মাধ্যম। তেজৰ জৰিয়তে বিভিন্ন কাৰ্য সম্পন্ন হয়। নিম্ন শ্ৰেণীৰ প্ৰাণীৰ ক্ষেত্ৰত ই বৰ জটিল আৰু ইয়াক এক প্ৰকাৰৰ কলা বুলি কোৱা হয়। সেয়ে তেজৰ আন এটি নাম হ'ল "পনীয়া কলা"। তেজত প্লাজমা, প্লেটলেট আদি বিভিন্ন পদাৰ্থ থাকে। এম্ফিঅক্সাছ আৰু লেপ্ট'ছেফালাছৰ বাহিৰে বাকী আটাইবোৰ মেৰুদণ্ডী প্ৰাণীৰে তেজৰ ৰং ৰঙা। মানুহৰ ক্ষেত্ৰতো তেজৰ ৰং ৰঙা আৰু ই মুখ্য পৰিভণ মাধ্যম হিচাপে সিৰা আৰু ধমনীৰে গঠিত তন্ত্ৰটোৰে চলাচল কৰে।

ফৰেনচিক বিজ্ঞান হৈছে বৰ্তমান সময়ত অতি প্ৰয়োজনীয় অপৰাধ অনুসন্ধান বিভাগসমূহৰ অতি দৰকাৰী অংগস্বৰূপ এক বিজ্ঞান। অপৰাধ আৰু অপৰাধীৰ মাজত যথাযথভাৱে সম্বন্ধ স্থাপন কৰি অপৰাধী চিনাক্ত কৰাৰ বাবে যি বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা যায়, তাকে ফৰেনচিক বিজ্ঞান বোলে। আঙুলিৰ চাপ, ভৰিৰ খোজ, কটাৰীৰ ঘাঁ, তেজৰ চেকা, মাতৰ লেখ, ছীৰ লক্ষণ, আখৰৰ চৰিত্ৰ ইত্যাদি বিভিন্ন কথা, নান বৈজ্ঞানিক যন্ত্ৰপাতি ত থা ৰাসায়নিক পদাৰ্থৰ স হায়ত অধ্যয়ন কৰি ফৰেনচিক বিজ্ঞানীয়ে অপৰাধৰ সাক্ষ্য উলিয়াবলৈ নাইবা অপৰাধৰ যোগ সূত্ৰ স্থাপন কৰিবলৈ যত্ন কৰে। ফৰেনচিক বিজ্ঞানত তেজৰ চেকাৰ এক বিশেষ ভূমিকা আছে। তেজৰ চেকা অধ্যয়ণ কৰিও অপৰাধীক চিনাক্ত কৰিব পাৰি।

আমি জানো যে তেজৰ চেকাবোৰ সাধাৰণতে ৰঙা হয়। এতিয়া প্ৰশ্ন হ'ল আটাইবোৰ ৰঙা দাগেই জানো তেজৰ? দাগটো প্ৰকৃত তে তেজৰ হয় নে নহয় সেইটো প্ৰথমতেই পৰীক্ষা কৰাৰ দৰকাৰ। পৰীক্ষাটো কৰিবলৈ প্ৰথমতে সন্দেহজনক দাগটোৰ ওপৰত এখন পৰিষ্কাৰ ফিল্টাৰ কাগজ ৰাখি তাৰ ওপৰত এখন এটোপাল "বেনজেডাইন" পেলাই দিয়া হয়। ইয়াৰ পিছত তাত এটোপাল হাইড্ৰজেন পেৰক্সাইড পেলাই দিলে প্ৰকৃত তে দাগটো তেজৰ হয়নে নহয় হেইটো চিনাক্ত কৰিব পৰা যায়। যদিহে দাগটো তেজৰ হয় তেন্তে ত ৎক্ষণাত ই গাঢ় নীলা হৈ উঠিব। পৰীক্ষাটো ইমানেই সক্ৰিয় যে একলাখ ভাগ পানীৰ লগত এটোপাল তেজ মিহলালেও তেজৰ অস্তিত্ব প্ৰমাণ কৰিব পৰা যায়। গতিকে তেজ লাগি থকা কাপোৰ এখন সাধাৰণতে ধূই দিয়াৰ পাছতো তাত থকা তেৰ অস্তিত্বৰ কথা প্ৰমাণ কৰিব পৰা যায়। দাগটো বাৰু তেজৰ বুলি চিনাক্তকৰণ কৰা হ'ল, এতিয়া ইয়াৰ পৰা অপৰাধীক কেনেকৈনো চিনাক্ত কৰিব পৰা যায়? এইবাৰ সেই দাগটোত থকা তেজ খিনিৰ গ্ৰুপ, অন্যান্য বৈশিষ্ট্য ত থা Rh উপাদান পৰীক্ষা কৰা আৱশ্যক। এইখিনি পৰিক্ষাৰ পাছত ঘটনাস্থলত পোৱা তেজখিনি অপৰাধীৰ নে মৃত বা আহত ব্যক্তিৰ তাক অনুসন্ধান কৰা আৱশ্যক। ধৰা হল, ঘটনাস্থলত পোৱা তেজৰ দাগটো অপৰাধীৰৰ। এইবাৰ পৰীক্ষা কৰা আৱশ্যক অপৰাধী বুলি সন্দেহ কৰা ব্যক্তিৰ তেজৰ বিশ্লেষণ। এই বিশ্লেষণত যদি ঘটনাস্থলীত পোৱা তেজৰ দাগ আৰু সন্ধেহ কৰা অপৰাধীৰ তেজ একে নহয় তেন্তে আমি এনেকুৱা এটা সিদ্ধান্তত উপনীত হব পাৰোঁ যে সন্দেহকাৰী ব্যক্তি অপৰাধী নহয় নাইবা সেই ব্যক্তিৰ লগত অইন কোনো তৃতীয় এজন অপৰাধী জড়িত হৈ আছে। মুঠতে এনেধৰণৰ ব হুতো প্ৰশ্নৰ সমাধান ইয়াৰ জৰিয়তে পোৱা সম্ভৱ হৈছে। এইবাৰ ফৰেনছিক বিজ্ঞানৰ জৰিয়তে অন্য এটা প্ৰশ্নৰ সমাধান বিছৰা যাওক। ধৰা হল, অবৈধ সন্তান এটিৰ পিতৃৰ পৰিচয় উলিয়াবলগীয়া হ'ল। এইক্ষেত্ৰত সন্দেহজনক পিতৃ মাতৃৰ তেজৰ গ্ৰুপ আৰু সন্তানৰ তেজৰ গ্ৰুপ বিশ্লেষণ কৰি চোৱাৰ আৱশ্যক । ১৯০৮ চনত গুটেনবাৰ্গ আৰু ইপষ্টেইন নামৰ দুগৰাকী বিজ্ঞানীয়ে প্ৰমাণ কৰে যে পিতৃ মাতৃৰ তেজৰ গ্ৰুপ অনুসাৰেহে সন্তানৰ তেজৰ গ্ৰুপ নিৰ্ধাৰিত হয়। উদাহৰণস্বৰূপে পিতৃৰ তেজৰ গ্ৰুপ যদি O হয় আৰু মাতৃৰ A হয়, তেতিয়া সন্তানৰ তেজৰ গ্ৰুপ হব O বা A । ইয়াৰ বাহিৰে অইন একো গ্ৰুপ হব নোৱাৰে। পিতৃ মাতৃৰ তেজৰ গ্ৰুপ কি কি হলে সন্তানৰ তেজৰ গ্ৰুপ কি কি হ'ব পাৰে এই সম্পৰ্কে বিজ্ঞানীসকলে তালিকা এখন প্ৰস্তুত কৰিছে। "পিতৃ মাতৃৰ আৰু সন্তানৰ তেজৰ গ্ৰুপ জানিব পাৰিলে তালিকাৰ পৰা কোনো এজন লোক এটা সন্তানৰ পিতৃ হয় বুলি ঠিৰাং কৰিব পাৰি। কিন্তু এই পিতৃত্ব অস্বীকাৰ কৰা লোক এজনক সন্তানৰ পিতৃ হয়েই বুলি ঠিৰাংকৈ ক'ব পৰা নাযায়।

সূৰজ দত্ত

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate