অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিশ্বৰ দহখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়

বিশ্বৰ দহখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়

অতি পৰিতাপৰ কথা যে ২০১২ চনৰ বিশ্বৰ ২০০ খন শ্ৰেষ্ঠ  বিশ্ববিদ্যালয়ৰ তালিকাত ভাৰতৰ কোনো এখন বিশ্ববিদ্যালয় বা শিক্ষানুষ্ঠানে স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই ।প্ৰতি বছৰে Quacquarelly Symonds(QS)নামৰ প্ৰতিষ্ঠান এটাই বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় ৰেংকিঙৰ এক সমীক্ষা চলাই আহিছে । এই সমীক্ষাত ভাৰতৰ বিশ্ববিদ্যালয় সমূহে ১০০টা ৰেংকিঙৰ ভিতৰত স্থান লাভ কৰাটো দুৰৰেই কথা ২০০টা ৰেংকিঙৰ ভিতৰতো স্থান লাভ কৰিবলৈ সমৰ্থ হোৱা নাই । এই সমীক্ষাই ভাৰতৰ বৰ্তমান শিক্ষানুষ্ঠান সমূহৰ পুতৌজনক স্বৰুপ উদঙাই দিছে । এইটো এটা অতি লাজৰ কথা যে যিখন ভাৰতবৰ্ষত পঞ্চম-ষষ্ঠ শতিকাতে বিশ্বৰ উচ্ছ শিক্ষা কেন্দ্ৰ নালন্দা আৰু তক্ষশিলাৰ দৰে বিশ্ববিদ্যালয় স্থাপন হৈছিল-সেইখন ভাৰতৰে এখনো শিক্ষানুষ্ঠান ২০০টা ৰেংকিঙৰ তালিকাৰ ভিতৰতো এটাও বাছনিত নুঠিল ! ভাৰতৰ ৰাষ্ট্ৰ্পতি প্ৰণৱ মূখাৰ্জীয়ে ভাৰতীয় শিক্ষানুষ্ঠান সমূহৰ এই দুৰৱস্থাৰ বাবে হতাশা প্ৰকাশ কৰি স্ংশ্লিষ্ট সকলোকে এই ঋণাত্মক ধাৰাটো পৰিবৰ্তন কৰিবলৈ আহ্বান জনাইছে ।

আনহাতে কিন্তূ ভাৰতৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী কপিল ছিবালে ভাৰতীয় শিক্ষানুষ্ঠান সমূহে বিশ্ব ৰেংকিঙত স্থান লাভ কৰিবলৈ সমৰ্থ নোহোৱাৰ মূল কাৰন-ভাৰতীয় শিক্ষানুষ্ঠান সমূহত বিদেশী শিক্ষক-ছাত্ৰৰ হাৰ সমানুপাতিক নোহোৱাৰ বাবে বুলি এটা দায়হৰা মন্তব্য কৰে । QS য়ে শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ সমীক্ষা কৰোতে কিন্তু অকল বিদেশী শিক্ষক-ছাত্ৰ সমানুপাতক গুৰুত্ব দিয়া নাছিল,অনান্য দিশতো সমানে গুৰুত্ব দিছিল । তেওঁলোকে এই সমীক্ষা চলাওঁতে ছয়টা parameter ক লৈ বিবেচনাৰ বাবে হাতত লৈছিল-Academic peer Review, Global Employer Review, Citation per Faculty, International Student Ratio, International Faculty Ratio, আৰু Faculty Student Ratio ।

ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয় সমূহে বিশ্ব ৰেংকিঙত স্থান লাভ নকৰিলেও এচিয়া মহাদেশৰ জাপানৰ ৯ খন, চীনৰ ৭ খন, হ্ংকঙৰ ৫ খন, ছিংগাপুৰৰ ২ খন আৰু ছাউথ কোৰিয়াৰ ৭ খন   বিশ্ববিদ্যালয়ে বিশ্ব ৰেংকিঙত স্থান লাভ কৰিছে । হ্ংকং বিশ্ববিদ্যালয়,নেশ্বনেল ইউনিভাৰ্চিটি অৱ ছিংগাপুৰ,জাপান বিশ্ববিদ্যালয়,ছিউল নেশ্বনেল ইউনিভাৰ্চিটি,পিকিং বিশ্ববিদ্যালয় আদিয়ে বিশ্ব ৰেংকিঙত শ্ৰেষ্ঠতাৰ তালিকাত স্থান লাভ কৰিছে ।

২০১২ চনৰ বিশ্ব ৰেংকিঙত শীৰ্ষস্থান দখল কৰা প্ৰথম দহখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ বিষয়ে আমি ইয়াত চমু পৰিচয় দাঙি ধৰিবলৈ প্ৰয়াস কৰিম ।

আমেৰিকাৰ মাচ্ছাছুচেটচ্‌ ইঞ্চটিটিউট অৱ টেকনজি(এমআইটি) য়ে ২০১২ চনৰ বিশ্ববিদ্যালয় ৰেংকিঙত বিশ্বৰ প্ৰথম শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে বিবেচিত হৈছে। এই বিশ্ববিদ্যালয়ে জ্ঞানৰ প্ৰচাৰ,প্ৰসাৰ আৰু স্ংৰক্ষণ কৰা কাম সম্পাদন কৰি আহিছে আৰু আন্যৰ লগত সহযোগিতাৰে এই জ্ঞানক লৈয়ে বিশ্বৰ ডাঙৰ ডাঙৰ প্ৰত্যাহ্বানকো মোকাবিলা কৰি আহিছে ।এম আই টিয়ে ইয়াৰ ছাত্ৰ সমাজক কেম্পাচত নানাবিধ বৌদ্ধিক উদ্দীপনাৰে কঠোৰ বিদ্যায়তনিক অধ্যয়ন আৰু উদ্ভাৱনৰ প্ৰতি উৎসাহৰ সংমিশ্ৰণেৰে এক শিক্ষা প্ৰদান কৰা দ্বায়িত্ব সম্পাদন কৰি আহিছে।এম আই টিয়ে ইয়াৰ বিদ্যায়তনিক সম্প্ৰদায়ক প্ৰত্যেকজন সদস্যকে মানৱ সমাজৰ উন্নয়নৰ বাবে দক্ষতা আৰু গভীৰ অনুৰাগেৰে সুবিবেচনাপূৰ্ণ, উদ্ভাৱণীমুলক আৰু কাৰ্য্যকৰি কাম কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে। এম আই টিৰ লক্ষ্য হ’ল জ্ঞানৰ উৎকৰ্ষ সাধন,ছাত্ৰ সমাজক প্ৰযুক্তি বিদ্যাৰে শিক্ষিত কৰি গঢ়ি তোলা আৰু অনান্য বিষয়ৰ বিদ্যাৰে ২১শতিকাৰ পৃথিবীৰ মানুহক উৎকৃষ্ট সেৱা আগবঢ়োৱা।

কেমব্ৰিজ বিশ্ববিদ্যালয়ক বিশ্বৰ দ্বিতীয় শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে তালিকাভুক্ত কৰা হৈছে । কেমব্ৰিজ বিশ্ববিদ্যালয় হ’ল পৃথিবীৰ ভিতৰতে এটা অতি পুৰনি বিশ্ববিদ্যালয় আৰু ইউনাইটেট কিংডমৰ ভিতৰতে এটা আটাইতকৈ ডাঙৰ বিশ্ববিদ্যালয় । ইয়াৰ উৎকৃষ্ট বিদ্যায়তনিক সফলতাৰ সুখ্যাতি বিশ্ববিখ্যাত আৰু ইয়েই ইয়াৰ ছাত্ৰ সমাজৰ বৌদ্ধিক উৎকৰ্ষতা প্ৰতিফলিত কৰিছে লগতে ইয়াৰ বিশ্ববিদ্যালয় আৰু কলেজৰ গবেষক সকলৰ দ্বাৰা সম্পাদন কৰা বিশ্বমানদণ্ডৰ মৌলিক গবেষণা সমূহৰো ।ইয়াৰ সুখ্যাতিক কোৱালিটি এছুৰেঞ্চ এজেঞ্চি আৰু অন্য শিক্ষন প্ৰশিক্ষন সংস্থান সমূহেও অনুমোদন জনাইছে ।এই উচ্ছ্মানদণ্ডৰ বিদ্যায়তনিক সফলতাৰ আৰত হ’ল-কেমব্ৰিজ বিশ্ববিদ্যালয়ে আগবঢ়োৱা শৈক্ষিক বাতাবৰনৰ সুবিধা আৰু গৱেষণাৰ বাবে পুথিভঁৰাল,যাদুঘৰ আৰু অনান্য সংগ্ৰহৰ বিস্তৃত সমল ।কেমব্ৰিজত শিক্ষাদান কেৱল নিজৰ নিজৰ ক্ষেত্ৰত বিশ্ববিখ্যাত পণ্ডিত আৰু বিশেষজ্ঞ সকলৰ বক্তৃতা,চেমিনাৰ আৰু প্ৰেক্টিকেল শ্ৰেণীৰ ওপৰতে সীমাবদ্ধ নহয়,ছাত্ৰ সমাজক ব্যক্তিগত ভাবে শিক্ষা প্ৰদান কৰিবলৈও ব্যৱস্থা কৰি দিয়ে ।আনুষ্ঠানিক বা অনানুষ্ঠানিক ভাবে হলেও বিশেষজ্ঞ সকলৰ লগত মত বিনিময় কৰিবলৈ ছাত্ৰ্সকলক সুবিধা প্ৰদান কৰা হয় ।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ক বিশ্বৰ বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠতাৰ ৰেংকিঙত তৃতীয় স্থানত ৰখা হৈছে। হাৰ্ভাৰ্ড হ’ল আমেৰিকাৰ আটাইতকৈ পুৰণি উচ্ছশিক্ষাৰ প্ৰতিষ্ঠান ।১৭৭৬ চনত আমেৰিকাৰ স্বাধীনতা ঘোষণা পত্ৰ চুক্তি সম্পাদন কৰাৰ ১৪০ বছৰৰ পূৰ্বে ইয়াৰ প্ৰ্তিষ্ঠা হৈছিল ।মাত্ৰ এজন শিক্ষক আৰু ন জন ছাত্ৰৰে আৰম্ভ কৰা হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় বৰ্তমান ১৮০০০ জন ডিগ্ৰীৰ ছাত্ৰ আছে ।ইয়াৰ বাহিৰেও তেৰ হাজাৰতকৈ অধিক ছাত্ৰ হাৰ্ভাৰ্ড স্কুলৰ অনান্য বিভাগত অধ্যয়ণৰত হৈ আছে ।চৈধ্য হাজাৰতকৈ অধিক লোক হাৰ্ভাৰ্ডত কৰ্মৰত,তাৰে দুই হাজাৰতকৈ অধিক লোক শিক্ষণ কাৰ্য্যত নিয়োজিত হৈ আছে।

বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় ৰেংকিঙত চতুৰ্থ স্থানত আছে UCL অৰ্থাৎ ইউনিভাৰ্চিটি কলেজ লণ্ডন । ইউ চি এল হ’ল  শিক্ষা জগতত গুণগত গৱেষণা আৰু শিক্ষা প্ৰদানৰ বাবে আন্তৰ্জাতিক খ্যাতি সম্পন্ন এখন মাল্টিডিচিপ্লিনাৰী বিশ্ববিদ্যালয়,য’ত বিজ্ঞান,কলা,সমাজবিজ্ঞান আৰু বায়’মেদিচিন আদি বিষয় পাঠ্যক্ৰমত সামৰি লোৱা হৈছে ।২০০৮ চনত ইউ চি এলক শ্ৰেষ্ঠ গবেষণা বিশ্ববিদ্যালয় হিচাপে অভিহিত কৰা হয় ।এই বিশ্ববিদ্যালয় খন লণ্ডনৰ মাজ মজিয়াতে এখন সৰু চৌহদত অৱস্থিত য’ত চাৰিও ফালে আগুৰি আছে বিশ্ব বিখ্যাত পুথিভঁৰাল,যাদুঘৰ,আৰ্কাইভ,সাংস্কৃতিক আৰু কাৰিকৰি প্ৰতিষ্ঠান সমুহে ।

ইউনাইটেট কিংডমৰ অক্সফৰ্ড বিশ্ববিদ্যালয় হ’ল বিশ্ব ৰেংকিঙত পঞ্চম শ্ৰেষ্ঠ বিশ্ববিদ্যালয় ।অক্সফ’ৰ্ড হ’ল ইংৰাজীভাষী জগতৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় আৰু ই ন টা শতিকা জুৰি নিজৰ অস্তিত্ব বৰ্তাই ৰাখিছে ।পৃথিবী জুৰি উত্তম শিক্ষণ আৰু গৱেষণা কেন্দ্ৰ হিচাপে প্ৰসিদ্ধি লাভ কৰা অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে দেশ-বিদেশৰ ছাত্ৰ আৰু গবেষক সকলক আকৰ্ষিত কৰি আহিছে। অক্সফ’ৰ্ডৰ তিনিভাগৰ এফাগ ছাত্ৰই হ’ল বিদেশী ছাত্ৰ ।ওঠৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১৩০ টা জাতি-উপজাতিয়ে প্ৰতিনিধিত্ব কৰিছে ।

ইম্পেৰিয়েল কলেজ,লণ্ডনক বিশ্বৰ ষষ্ঠ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে বিশ্ব ৰেংকিঙত ৰখা হৈছে। ইম্পেৰিয়েল কলেজ,লণ্ডন হ’ল বিজ্ঞান,অভিযান্ত্ৰিক আৰু মেডিচিন ক্ষেত্ৰত উচ্ছ মানদণ্ডৰ শিক্ষা আৰু গৱেষণাৰ বাবে প্ৰখ্যাত বিশ্ববিদ্যালয় ।ইয়াৰ শিক্ষা আৰু গৱেষণাৰ ফলাফল সমূহ বানিজ্য,উদ্যোগ আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰ্ত বাস্তৱত সফল প্ৰয়োগ কৰা হৈছে ।বিশ্ববিদ্যালয় খনত তিনি হাজাৰো অধিক শিক্ষক আৰু গৱেষক আছে আৰু ১২০ খন দেশৰ চৌধ্য হাজাৰো অধিক ছাত্ৰ আছে ।বিজ্ঞান,অভিযান্ত্ৰিক,মেডিচিন আৰু বাণিজ্যৰ ক্ষেত্ৰত শিক্ষা আৰু গৱেষণাৰ বাবে থকা সুনামৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাশালী ছাত্ৰ-গৱেষক সকলক বিশ্ববিদ্যালয় খনৰ প্ৰতি আকৰ্ষিত কৰি আহিছে । আনকি চৰকাৰেও ইম্পেৰিয়েল কলেজৰ বিশেষজ্ঞৰ পৰা সততে দিশা-পৰামৰ্শ লয় ।বিশ্ব বিদ্যালয় খনে উদ্যোগ খণ্ডৰ প্ৰতি পৰামৰ্শ প্ৰদান কৰি আহিছে আৰু মেডিয়াৰ যোগেদি বিভিন্ন তথ্য যোগান ধৰি আহিছে ।

য়েল বিশ্ববিদ্যালয় হ’ল বিশ্ব ৰেংকিঙত শ্ৰেষ্ঠতাৰ সপ্তম স্থান লাভ কৰা বিশ্ববিদ্যালয়।য়েল বিশ্ববিদ্যালয় হ’ল আমেৰিকাৰ প্ৰখ্যাত বিশ্ববিদ্যালয় সমূহৰ ভিতৰত এখন,যাৰ শিক্ষাৰ প্ৰতি সেৱা কৰা এটা দীঘল ইতিহাস আছে,যাৰ প্ৰাক্তন ছাত্ৰ সকলৰ তালিকা দেখিলে বিখ্যাত সফল ব্যক্তি সকলৰ ‘Who’s Who’তালিকা পঢ়াৰ দৰে লাগিব ।বৌদ্ধিক স্বাধীনতা প্ৰদানেৰে জাতি আৰু দেশ সেৱা কৰা যিটো ইউৰোপিয়ান দৰ্শন আছিল য়েল বিশ্ববিদ্যালয়ে সেয়া বাস্তৱত ৰুপায়ন কৰিছে ।ই এখন ইতিহাস প্ৰসিদ্ধ শিক্ষা প্ৰতিষ্ঠান,যিয়ে আমেৰিকান ৰেভ্যুলোচনৰ দৰে আটাইতকৈ ধ্বংসাত্মক বিপৰ্য্যয়ৰ দিনতো নিজকে জীয়াই ৰাখিবলৈ সক্ষম হৈছিল ।সেই তেতিয়াৰ পৰাই এই বিশ্ববিদ্যলয়ে ক্ৰমানয়ে উন্নতিৰ জখলাত উঠি বৰ্ত্ত্মান বিশ্ববিখ্যাত এখন উচ্ছ মানদণ্ডৰ শিক্ষা কেন্দ্ৰ হিচাপে পৰিগনিত হৈছে।য়েল বিশ্ববিদ্যালয় খনক আমেৰিকাৰ আটাইতকৈ পুৰণি উচ্ছ শিক্ষা কেন্দ্ৰৰ ভিতৰত এখন বুলি ধৰা হয় ।১৭০১ চনত ইয়াৰ প্ৰতিষ্ঠা হৈছিল।

চিকাগো বিশ্ববিদ্যালয় অষ্টম স্থানত আছে বিশ্ব শ্ৰেষ্ঠ বিশ্ববিদ্যালয় ৰেংকিঙত । চিকাগো বিশ্ববিদ্যালয় ১৮৯০ চনত আমেৰিকান বেপ্তিষ্ট ইডুকেশ্বন চ’ছাইটি আৰু প্ৰখ্যাত ব্যৱসায়ী জন ডি ৰকেফেলাৰে প্ৰতিষ্ঠা কৰিছিল ।চিকাগো বিশ্ববিদ্যালয়ে আমেৰিকাৰ উচ্ছ শিক্ষা জগতত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছে ।এই বিশ্ববিদ্যালয় খনক ‘Teacher of teachers’ বুলি জনা যায় ।

প্ৰিঞ্চটন বিশ্ববিদ্যালয় হ’ল বিশ্ব ৰেংকিঙত নৱম স্থান প্ৰাপ্ত বিশ্ববিদ্যালয় ।প্ৰিঞ্চটন হ’ল আমেৰিকাৰ চতুৰ্থ আটাইতকৈ পুৰণি কলেজ ।প্ৰিঞ্চটন বিশ্ববিদ্যালয় গবেষণা বিশ্ববিদ্যালয় হিচাপে প্ৰখ্যাত ।

কালিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকনজি (Caltech)হ’ল বিশ্ব ৰেংকিঙৰ দশম শ্ৰেষ্ঠ বিশ্ববিদ্যালয় ।এই বিশ্ববিদ্যালয় খনৰ লক্ষ্য হ’ল গৱেষণা আৰু শিক্ষা যোগেদি জ্ঞানৰ প্ৰসাৰ ঘটাই সমাজৰ হিতৰ অৰ্থে  কাম কৰা ।বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত আটাইতকৈ প্ৰত্যাহ্বান মূলক মৌলিক সমস্যা সমূহৰ ওপৰত বিশ্ববিদ্যালয় খনে গৱেষণা কৰি আহিছে ।ছাত্ৰ সকলক সমাজৰ একো একোজন সৃষ্টিশীল সদস্য ৰুপে গঢ়ি তোলাই হ’ল বিশ্ববিদ্যালয় খনৰ উদেশ্য ।

লিখক: মংগলছিং ৰংফাৰ.।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate