অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতত শিশু সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত জাতীয় গ্ৰন্থ ন্যাসৰ ভূমিকা

ভাৰতত শিশু সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত জাতীয় গ্ৰন্থ ন্যাসৰ ভূমিকা

 

দেশবাসীৰ মাজত কিতাপ পঢ়াৰ অভ্যাস আৰু গ্ৰন্থ সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা গঠিত এক স্বতন্ত্ৰ সংস্থা নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া বা ভাৰত জাতীয় গ্ৰন্থ ন্যাস এতিয়া ভাৰতীয় গ্ৰন্থপ্ৰেমীৰ বাবে এটা অতি চিনাকি নাম। ন্যূনতম মূল্যত মান বিশিষ্ট গ্ৰন্থ প্ৰকাশৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত গ্ৰন্থমেলা তথা প্ৰদৰ্শনী আয়োজনৰ জৰিয়তে লেখক, প্ৰকাশক আৰু গ্ৰন্থপ্ৰেমীক ভাব আদান-প্ৰদানৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত নেশ্যনেল বুক ট্ৰাষ্টৰ ভূমিকা একক আৰু অদ্বিতীয়।

১৮ টা প্ৰধান ভাৰতীয় ভাষা যথাক্ৰমে অসমীয়া, বাংলা, ইংৰাজী, গুজৰাটী, হিন্দী, কানাড়া, কাশ্মীৰী, মালায়লম, মণিপুৰী, মৈথিলী, মাৰাঠী, নেপালী, ওড়িয়া, পঞ্জাৱী, সিন্ধী, তামিল, তেলুগু আৰু উৰ্দুৰ লগতে নেশ্যনেল বুক ট্ৰাষ্টে ভোজপুৰী, হিমাচলী, ককবৰক, খাচি, গাৰো, লেপছা, ভূটীয়া, মিচিং লিম্বু, মিজো, নেৱাৰী, বড়ো আদি ভাষাতো নিয়মীয়া ভাৱে বিভিন্ন বিষয়ৰ গ্ৰন্থ প্ৰকাশ কৰি আছে।

দেশৰ অন্যান্য অংশৰ লগতে নেশ্যনেল বুক ট্ৰাষ্টে অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনতো গ্ৰন্থ জনপ্ৰিয় কৰণৰ বিভিন্ন কৰ্মসূচী ৰূপায়ণ কৰি আহিছে। অতি শেহতীয়া ভাৱেও ন্যাসে এই অঞ্চলটোত নিজাববীয়াকৈ ৫ খন গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ উপৰি অন্য ৭ খন গ্ৰন্থমেলাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। তদুপৰি অঞ্চলটোৰ বহুসংখ্যক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ন্যাসে নিজৰ প্ৰকাশিত গ্ৰন্থৰাজিৰ বিশেষ প্ৰদৰ্শনীও আয়োজিত কৰি আহিছে।

শেহতীয়া সময়ছোৱাত এই অঞ্চলত ন্যাসে আয়োজন কৰা সাহিত্য কেন্দ্ৰিক কাৰ্যসূচীসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে কুইজ আৰু ঠাইতে অঁকা চিত্ৰাংকন প্ৰতিযোগিতাসমূহ, লেখক-পাঠকৰ সান্নিধ্যানুষ্ঠানসমূহ, আইজলত আয়োজিত ‘শিশু সাহিত্য আৰু অধ্যয়নৰ অভ্যাস’ বিষয়ক আলোচনা-চক্ৰ, ইটানগৰত আয়োজিত ‘ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনাৰাজি’, ‘উত্তৰ-পূবৰ সাহিত্যৰ প্ৰয়োজনীয় উপাদানসমূহ’ বিষয়ক আলোচনা আদি।

উপজি কালৰে পৰা নেশ্যনেল বুক ট্ৰাষ্টে শিশু সাহিত্যৰ ক্ষেত্ৰটো বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। দেশৰ প্ৰতিটো প্ৰধান ভাষাতে শিশু সাহিত্য বিষয়ক গ্ৰন্থৰ প্ৰকাশ আৰু এই বিষয়ক সজাগতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নেশ্যনেল বুক ট্ৰাষ্টৰ তত্বাৱধানত ১৯৯৩ চনত ‘নেশ্যনেল চেণ্টাৰ ফৰ চিলড্ৰেনছ লিটাৰেচাৰ’ বা ‘জাতীয় শিশু সাহিত্য কেন্দ্ৰ’ গঠন কৰা হয়। এই কেন্দ্ৰ হৈছে মূলতঃ দেশত শিশু সাহিত্য প্ৰকাশত সহযোগিতা, শিশু সাহিত্যৰ পৰ্যবেক্ষণ আৰু এই বিষয়ত বিভিন্ন ভাষা আৰু পক্ষৰ মাজৰ যোগসূত্ৰকাৰী এক সংস্থা।

দেশী-বিদেশী বিভিন্ন শিশু উপযোগী সমলৰ সংগ্ৰহেৰে আনন্দদায়ক আৰু জ্ঞান বৰ্ধক শিশু গ্ৰন্থ প্ৰণয়ন আৰু দেশৰ প্ৰায়বোৰ ভাষালৈ এইবোৰৰ অনূদিত ৰূপ প্ৰকাশৰ দ্বাৰা প্ৰতিটো প্ৰান্তৰে শিশুহঁতৰ বাবে উপলব্ধ কৰি তোলাত এই কেন্দ্ৰৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য।

শিশুহঁতৰ লগতে অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাবিদ আৰু শিক্ষা সংগঠকসকলক জড়িত কৰি এই কেন্দ্ৰই নিয়মীয়াকৈ ৰূপায়ণ কৰি থকা মুখ্য কৰ্মসূচীসমূহক মুখ্যতঃ তিনিটা ভাগত ভগাব পাৰি –

মুখ্য কৰ্মসূচীসমূহৰ মুখ্যতঃ তিনিটা ভাগ হ'ল -

(ক) ‘প্ৰশিক্ষণ আৰু প্ৰসাৰ’,

(খ) ‘গৱেষণা আৰু উন্নয়ন’ আৰু

(গ) ‘তথ্য আৰু নথিভুক্ত কৰণ’।

বিদ্যালয়, অসংগঠিত শৈক্ষিক কেন্দ্ৰ, পুথিভঁৰাল আৰু স্বেচ্ছাসেৱী সংস্থাৰ দ্বাৰা পৰিচালিত শৈক্ষিক কেন্দ্ৰসমূহত পঠন আৰু শিক্ষণক অধিক মনোগ্ৰাহী কৰি তুলিবৰ বাবে এইবোৰত পঢ়ুৱৈ সংঘ প্ৰতিষ্ঠাৰ বাবে এই কেন্দ্ৰই নিৰলসভাৱে কাম কৰি আহিছে। পঢ়ুৱৈ সংঘ হৈছে গ্ৰন্থ অধ্যয়ণৰ ভিত্তিত গঢ় লৈ উঠা এটা কৰ্মকেন্দ্ৰ।

ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, সমাজৰ গ্ৰন্থপ্ৰেমী ব্যক্তি আৰু অভিভাৱকসকল আগবাঢ়ি আহি এনেধৰণৰ কেন্দ্ৰসমূহ গঢ়ি তোলা আৰু চলাই থকাত সহায়ৰ হাত আগবঢ়াই আহিছে। এই সংঘৰ সভ্য হ’বৰ বাবে মাথোঁ এখন সাধাৰণ প্ৰ-পত্ৰ পূৰণ কৰিলেই হ’ল। জাতীয় শিশু সাহিত্য কেন্দ্ৰৰ তৰফৰ পৰা এই সংঘসমূহলৈ বিনামূলীয়াকৈ কিতাপৰ টোপোলাৰ লগতে মাহেকীয়া বাৰ্তালোচনী এখনো বিনামূলীয়াকৈ পঠোৱা হয়।

পঢ়ুৱৈ সংঘ একোটা প্ৰতিষ্ঠা আৰু চলাই থকাৰ ক্ষেত্ৰত শিক্ষক অথবা সমন্বয়ক সকলক ব্যাৱহাৰিক জ্ঞান প্ৰদানৰ বাবে জাতীয় শিশু সাহিত্য কেন্দ্ৰই সময়ে সময়ে বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচীও ৰূপায়ণ কৰি আহিছে। খ্যাতনামা সাহিত্যিক আৰু বিশেষজ্ঞ ব্যক্তিক এনে কাৰ্যসূচীসমূহৰ বাবে সমল ব্যক্তি হিচাপে আমন্ত্ৰণ কৰা হয়।

পঢ়ুৱৈ সংঘৰ সদস্যসকল আৰু শিশুহঁতৰ বাবেও সময়ে সময়েসৃজনীমূলক লিখনি আৰু আকৰ্ষণীয় কৰ্মসূচী সম্বন্ধীয় বিভিন্ন কৰ্মশালাও আয়োজন কৰা হয়। তদুপৰি শিশু সাহিত্যৰ প্ৰচাৰৰ বাবে আয়োজক সংস্থাৰ অনুৰোধ সাপেক্ষে এই কেন্দ্ৰই লিখন আৰু প্ৰকাশন, সাধু কথন আদি নিৰ্দিষ্ট বিষয়ৰ ওপৰত বিশেষজ্ঞ লোকৰ দ্বাৰা বিভিন্ন কাৰ্যসূচী আয়োজনতো সহায়ৰ হাত আগবঢ়ায়।

জাতীয় শিশু সাহিত্য কেন্দ্ৰই প্ৰতিমাহে শিশুহঁতৰ বাবে এখন দ্বিভাষিকবাৰ্তালোচনীও প্ৰকাশ কৰে আৰু পঢ়ুৱৈ সংঘবোৰলৈ এইখন বিনামূলীয়াকৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। সাধাৰণ পাঠকৰ বাবেও এইখন ডাক খৰচ সমন্বিতে নামমাত্ৰ মূল্যতেই (বৰ্তমান ৫০ টকা) উপলব্ধ। আকৰ্ষণীয় পঠন সামগ্ৰী, কৰ্মসূচী, নতুন কিতাপৰ সমালোচনা, দেশব্যাপী থকা পঢ়ুৱৈ সংঘবোৰে হাতত লোৱা বিভিন্ন কাম-কাজ আদিৰ লগতে শিশুহঁতৰ লেখা-মেলাক এই বাৰ্তালোচনীত প্ৰকাশৰ বাবে আগ স্থান দিয়া হয়। তদুপৰি অব্যৱসায়িক উদ্দেশ্যত প্ৰকাশিত বিষয়বস্তুসমূহৰ ব্যৱহাৰৰ বাবে আঞ্চলিক ভাষাৰ ক্ষুদ্ৰ বাতৰি-কাকতসমূহলৈও এই বাৰ্তালোচনীখন বিনামূলীয়াকৈ প্ৰেৰণ কৰা হয়।

নেশ্যনেল বুক ট্ৰাষ্টৰ এটা অংগ হিচাপে জাতীয় শিশু সাহিত্য কেন্দ্ৰৰ এটা পুথিভঁৰাল তথা নথিভুক্তকৰণ কেন্দ্ৰও আছে, যিটো এই দিশত দেশৰ ভিতৰতে সৰ্বপ্ৰথম আৰু এই পৰ্যন্ত একমাত্ৰ।

এই পুথিভঁৰালটো প্ৰতিষ্ঠাৰ প্ৰধান লক্ষ্যই হৈছে শিশু সাহিত্যৰ লগত জড়িত লেখক, চিত্ৰকৰ, সম্পাদক, গৱেষক, অনুবাদক, শিক্ষক আৰু অন্যান্য কৰ্মীসকলৰ প্ৰয়োজনীয়তাৰ জোৰা মৰা। এই পুথিভঁৰালৰ সদস্যসকল তিনি প্ৰকাৰৰ – ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লীৰ সাধাৰণ সদস্যসকলৰ বাবে, শিশু সাহিত্য সম্বন্ধীয় কাম-কাজ অথবা গৱেষণাৰ বাবে দিল্লী ভ্ৰমণ কৰা অস্থায়ী সদস্যৰ বাবে আৰু নেশ্যনেল বুক ট্ৰাষ্টৰ কৰ্মী সদস্যসকলৰ বাবে।

এই পুথিভঁৰালত ১৮ টা ভাৰতীয় ভাষা আৰু ২৬ টা বিদেশী ভাষাৰ ১৫ হাজাৰোধিক গ্ৰন্থ আছে। নতুন প্ৰযুক্তিৰ প্ৰতি লক্ষ্য ৰাখি এই পুথিভঁৰালে সম্প্ৰতি প্ৰতিটো ভাৰতীয় আৰু বিদেশী ভাষাৰ ইউনিক’ডৰ সুবিধা সম্বলিত ‘ভাৰ্চুৱা’ নামৰ এটা অত্যাধুনিক চফ্টৱেৰ ব্যৱহাৰ কৰিছে। অতি সোনকালেই এই পুথিভঁৰালে শিশু সাহিত্য অথবা শিক্ষাৰ ক্ষেত্ৰত বিশ্বৰ প্ৰতিষ্ঠিত সংস্থাসমূহৰ লগত সংযোগ স্থাপনৰ ব্যৱস্থা কৰিব।

ভাৰ্চুৱা চফ্টৱেৰৰ দ্বাৰা উপলব্ধ তথ্য-প্ৰযুক্তিয়ে জাতীয় শিশু সাহিত্য কেন্দ্ৰৰ এই পুথিভঁৰালটোৰ আধুনিকীকৰণৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। খুব সোনকালেই এই পুথিভঁৰালে ‘অনলাইন পাব্লিক একচেছ কেটেলগ’ (OPAC) আৰু ‘ৱেব-অ’পেক লাইব্ৰেৰী চিষ্টেম’ লাভ কৰিব। এই ৱেব-অ’পেকৰ দ্বাৰা ব্যৱহাৰকাৰীসকলে পুথিভঁৰাললৈ কায়িকভাৱেনহাকৈয়ে ইণ্টাৰনেট এক্সপ্ল’ৰাৰৰ দ্বাৰাই ইয়াৰ লাভসমূহ আদায় কৰিব পাৰিব।

দেশ-বিদেশৰ সকলো লোকেই নিজৰ প্ৰয়োজনীয়তা অনুসাৰে উপলব্ধ ভাষাসমূহৰ ভিতৰত নিজৰ ভাষাত শিশু সাহিত্যৰ বিষয়ত যিকোনো জ্ঞান আহৰণ কৰিব পাৰিব। এই পুথিভঁৰালে দেশৰ শিশু সাহিত্য ক্ষেত্ৰৰ বাবে সমল কেন্দ্ৰৰ কাম কৰিব। এই পুথিভঁৰালৰ ব্যৱহাৰকাৰীসকলে বিশ্বব্যাপী বিভিন্ন অত্যাধুনিক প্ৰযুক্তিৰ লাভ আদায় কৰাৰ লগতে প্ৰকাশক, চিত্ৰকৰ, অনুবাদক আদিৰ বিষয়ে যিকোনো তথ্য থাওকতে লাভ কৰিব পাৰিব।

ক্ষুদ্ৰ প্ৰকাশকসকলৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থসমূহৰ খবৰৰ লগতে শিশু সাহিত্য বিষয়ত দেশত হোৱা গৱেষণামূলক কাম-কাজসমূহৰ বিষয়েও ব্যৱহাৰকাৰীসকলে অনলাইনযোগে তথ্য আহৰণ কৰিব পাৰিব। সৰ্বোপৰি এই পুথিভঁৰালৰ নিয়মীয়া পঢ়ুৱৈসকলে নৱ-প্ৰকাশিত গ্ৰন্থৰ তালিকাও নিয়মীয়াকৈ লাভ কৰিব।

শিশু সাহিত্য প্ৰকাশ -

শিশু সাহিত্য প্ৰকাশৰ বাবে নেশ্যনেল বুক ট্ৰাষ্টৰ প্ৰকাশন শৃংখলা ‘নেহৰু বাল পুস্তকালয়ে’ সকলো বয়সৰ শিশুৰ বাবে বিভিন্ন গ্ৰন্থ প্ৰকাশ কৰি আহিছে। শিশুহঁতে নিজৰ মাতৃভাষাত উত্কৃষ্ট সাহিত্যৰ সোৱাদ পাব পৰাকৈ দেশৰ বিভিন্ন ভাষাত বিবিধ বিষয়বস্তুৰ একেখিনি ৰচনাকে প্ৰকাশৰ দ্বাৰা ই ৰাষ্ট্ৰীয় সংহতি ৰচনাতো উল্লেখযোগ্য ভূমিকা লৈছে।

এই শৃংখলাৰ শিশু গ্ৰন্থসমূহ চাৰিটা ভিন্ন বয়স গোটৰ বাবে পৃথক-পৃথককৈ প্ৰকাশ কৰা হয়। যথা – প্ৰাক-বিদ্যালয়, ৬-৮ বছৰ, ৯-১১ বছৰ আৰু ১২-১৪ বছৰ। এই কিতাপসমূহৰ বাবে চিত্ৰসম্বলিত বিষয়বস্তুসমূহো পৃথককৈ প্ৰস্তুত কৰা হয় আৰু বিশেষকৈ প্ৰাক-বিদ্যালয়ৰ শিশুহঁতৰ বাবে এইবোৰ এনেকৈ প্ৰস্তুত কৰা হয় যাতে ৰঙীন ছবিসমূহে সিহঁতৰ হৈ নিজেই বৰ্ণিত কাহিনীটো ক’ব পাৰে।

চলিত বৰ্ষত এই শৃংখলাৰ অধীনত সৰ্বমুঠ ১২৬৭ খন শিশু গ্ৰন্থ প্ৰকাশ পাইছে। ইয়াৰ ভিতৰত ৪৪ খন মূল গ্ৰন্থ, ৯৭ খন অনুবাদ গ্ৰন্থ আৰু ১১২৬ খন গ্ৰন্থৰ পুনৰ্মূদ্ৰিত সংস্কৰণ।

প্ৰকাশিত গ্ৰন্থসমূহৰ সংখ্যা ভাষা ভিত্তিতএনেধৰণৰঃ অসমীয়া-৩২ খন, বাংলা-১০৬ খন, ইংৰাজী-২১৮ খন, হিন্দী-৭৫১ খন, মাৰাঠী-৪ খন, উড়িয়া-১৮ খন, ককবৰক-১ খন, পঞ্জাৱী–১৫ খন, তেলুগু-১৮ খন, কানাড়া-৩ খন, তামিল-৯৯ খন আৰু উৰ্দু-২ খন।

উল্লেখযোগ্য যে নেশ্যনেল বুক ট্ৰাষ্টে নেহৰু বাল পুস্তকালয় শৃংখলাৰ অধীনত দেশৰ সকলোবোৰ প্ৰধান ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰা গ্ৰন্থৰ ভিতৰত অসমৰ স্বল্পখ্যাত শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাৰ দুখন শিশু গ্ৰন্থও আছে। এই দুখন গ্ৰন্থৰ নাম হৈছে ‘কুকুৰনেচীয়াৰ নাচ’ আৰু ‘ধনেশ পোৱালিটোৱে উৰিবলৈ শিকিলে’।

উৎস: সাহিত্য.অৰ্গ

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate