অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভীমৰাও আম্বেদকাৰ আৰু ভাৰতৰ গণতন্ত্ৰ দিৱস

ভীমৰাও আম্বেদকাৰ আৰু ভাৰতৰ গণতন্ত্ৰ দিৱস

১৮৯১ চনৰ ১৪ এপ্ৰিল তাৰিখে নিঃকুলীয়া বংশ এটাত জন্ম লাভ কৰিছিল ডাঃ ভীমৰাও ৰামজী আম্বেদকাৰে। পেৰিয়া আৰু অতি শূদ্ৰ বুলি জনাজাত হৈছিল তেওঁলোক। পিছপৰা এনে শ্ৰেণীক সাংবিধানিক ভাৱে কোৱা হৈছিল অনুসূচীত জাতি। বৃটিছৰ ভাষাত Depressed class। ভাৰতৰ ৪২৯ টা অনুন্নত শ্ৰেণীৰ ভিতৰত এই মহৰ শ্ৰেণীয়েই সবাতোকৈ পিছপৰা আৰু হীন আছিল। সেইবাবেই, প্ৰাথমিক স্কুলত পঢ়াৰ সময়ত তেওঁক লগৰীয়াৰ সতে একেলগে বহিবলৈ দিয়া হোৱা নাছিল। সকলোৰে এলাগী হৈ শ্ৰেণী কোঠাৰ এমূৰে কঠ পাৰি পঢ়িব লগা হোৱা এই হীন ব্যক্তিজনেই জীৱনৰ পৰৱৰ্তী পৰ্যায়ত এজন ভাৰতীয় অভিজ্ঞ আইনজ্ঞ, ৰাজনৈতিক নেতা, দাৰ্শনিক, বুৰঞ্জীবিদ, অৰ্থনৈতিকবিদ, শিক্ষক তথা লেখক হিচাপে সমাজত খোদিত হৈ পৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী সভাৰ প্ৰথম আইন মন্ত্ৰী আছিল তেওঁ। ১৯৩০-৩১ আৰু ১৯৩১-৩২ চনৰ প্ৰথম ঘূৰণীয়া মেজমেলত তেওঁ অনুন্নত জাতিৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। পণ্ডিত্বৰ মায়াজালেৰে নিজকে আবৃত্ত কৰি অনুন্নত আৰু অনুসূচীত জাতি-জনজাতিৰ হকে মাত মাতা আম্বেদকাৰ ভাৰতবৰ্ষৰ স্বায়ত্তশাসিত পৰিষদৰ পিতৃ সন্মানেৰে বিভূষিত হয়। এইগৰাকী সফল জননেতাক “ জিলা পৰিষদৰ জনক ” বুলি জনা যায়। উত্তৰ-পূৱ ভাৰতৰ জনজাতীয় লোকসকলৰ আশা-আকাংক্ষা পূৰণৰ কাৰণে থকা দেশৰ সাংবিধানিক যন্ত্ৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ মূল খনিকৰ হৈছে এই ৰাজনীতিজ্ঞ জন। ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুতি সমিতিৰ সভাপতি ডাক্টৰ আম্বেদকাৰ, সংবিধানৰ প্ৰতিষ্ঠাপক পিতৃ পুৰুষ হিচাপে সুপৰিচিত আৰু সমাজৰ এজন বিশ্বাসী হোতা আছিল। সৰ্বভাৰতীয় অনুসূচীত জাতি ফেডাৰেচন গঠন কৰোঁতা আৰু ভাৰতীয় কাৰ্যবাহী পৰিষদৰ সদস্য, লাট গৱৰ্ণৰ কাৰ্যকৰী কাউন্সিলৰ “ শ্ৰম মন্ত্ৰী ” তথা মানৱ শিক্ষা সমাজ গঠনকাৰী ডাঃ ভীমৰাও ৰামজী আম্বেদকাৰে ১৯৫৬ চনৰ ৬ ডিচেম্বৰত মৃত্যু বৰণ কৰে।
হাজাৰ প্ৰহসনেৰে আৱৰি ৰখা আজিৰ এই ৬৫ তম্ গণতন্ত্ৰ দিৱসৰ ক্ষনত এই মহান ব্যক্তি গৰাকীৰ শ্ৰীচৰনত হিয়াভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি, ৰাইজৰ শাৰীতে শাৰী মিলাই ঘোষিলো……

জয় ভাৰত মাতাৰ জয়

জয় ভাৰত মাতাৰ জয়

জয় ভাৰত মাতাৰ জয় …।।

সুনয়ন শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate