অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ বাবে ঘৰখন উপযোগীকৈ গঢ়ক :

শিশুৰ বাবে ঘৰখন উপযোগীকৈ গঢ়ক :

 

শিশুৱে চুঁচৰিব আৰু খোজকাঢ়িৰ পৰা হ’লেই ঘৰখন শিশুটোৰ উপযোগীকৈ সজোৱাৰ প্ৰয়োজন হয়।শিশুৰ ববএ ক্ষতিকাৰক অস্ত্ৰ-শস্ত্ৰ আঁতৰাই ৰাখিব আৰু তেনে সামগ্ৰী থকা কোঠা বন্ধ কৰিয়েই ৰাখিব।

শিশুৰ পৰা আঁতৰাই ৰাখিব লগা সামগ্ৰী :

১/ঘৰখন পৰিষ্কাৰ কৰা সামগ্ৰী,বাচন ধোৱা চাবোন,ফাৰ্নিচাৰ পলিছ,টেবলেটৰ ষ্ট্ৰিপছ।

২/নেইল পলিছ ৰিমোভাৰ,কছমেটিকচ,মাউথৱাশ্ব,পাৰফিউম,আফটাৰছেভ।

৩/গ্ৰেচ’লিন,কেৰাচিন,পোক-পত্ংগ মৰা দৰব।

৪/ঔষধৰ বটল।

৫/ঘৰৰ ভিতৰত ৰোপণ কৰা গছো কেতিয়াবা শিশুৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।সেয়েহে ঘৰৰ ভিতৰত গছ ৰোপণৰ পুৰ্বে গছজোপা বিষাক্ত নে কি জানি ল’ব।

৬/ব্লেড,বুটাম,মুদ্ৰা,পিন,ঢিলা,নট বল্টু আদি মজিয়াত পেলাই নথ’ব।

৭/সুৰা বা নিচাযুক্ত দ্ৰব্য শিশুৰ বাবে যথেষ্ট বিষাক্ত।সেয়ে সুৰাৰ বটল শিশুৱে ঢুকি পোৱা ঠাইত নথ’ব।মনত ৰাখিব:

১/সামগ্ৰীসমুহ যি পেকেটত ৰাখিব লাগে তাৰ পৰিৱৰ্তে আন পেকেটত নথ’ব।

২/ছাৰ্ফ,চাবোনৰ পেকেটৰ সৈতে শিশুক খেলিবলৈ নিদিব।

৩/ছুইচ ব’ৰ্ড শিশুৱে ঢুকি নোপোৱা উচ্চতাত বনাব।ছুইচ ব’ৰ্ডৰ প্লাগৰ ফুটাত আঙুলি ভঁৰালে শিশুৰ শৰীৰত বিদ্যুৎ প্ৰৱাহ হ’ব পাৰে।

উৎস:দেওবৰীয়া সুকন্যা

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate