অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সংগ্ৰহালয়ৰ কথা

মানৱ সংস্কৃতিৰ ঐতিহ্য বহনকাৰী হিচাপে সংগ্ৰহালয়ৰ এক সুকীয়া পৰিচয় আছে। আপুৰুগীয়া বস্তুৰ সংৰক্ষণ মানুহৰ এক স্বভাৱজাত বৈশিষ্ট্য। পুৰণি কালতো এনেধৰণৰ অমূল্য সামগ্ৰী সংৰক্ষণ কৰি ৰখাটো মানৱ জীৱনৰ এক অভ্যাস আছিল। এনে অভ্যাসৰ পৰিণতিতে এসময়ত গঢ়ি উঠিল সংগ্ৰহালয়। বৰ্তমান সময়ত লণ্ডন মিউজিয়াম বিশ্বৰ ভিতৰতে এক সুপ্ৰসিদ্ধ সংগ্ৰহালয়। এই সংগ্ৰহালয়ৰ নাম নুশুনা মানুহ হয়তো খুব কমেই ওলাব। মানৱ ইতিহাসৰ অনেক নথিপত্ৰ এই সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে। ইয়াৰ বাদেও বিশ্বত আন বহুতো সংগ্ৰহালয় আছে, যিবোৰ চাবৰ বাবে দৈনিক বহু লোকৰ সমাগম হয়। সংগ্ৰহালয়ত মানৱ সভ্যতা আৰু সংস্কৃতিৰ স্বাক্ষৰ বহন কৰা অনেক বহুমূলীয়া সম্পদ সংৰক্ষিত হৈ থকে। এইবোৰৰ আধাৰতে অতীত কলাৰ লগতে বৰ্তমান সময়ৰ অনেক বিষয়ৰ জ্ঞান আহৰণ কৰিব পাৰি। প্ৰতি বছৰে ১৮ মে’ত পালন কৰা হয় অন্ত:ৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস। এই দিৱসৰ লক্ষ্য হ’ল সংগ্ৰহালয়ৰ প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধি কৰা।

আধুনিক সংগ্ৰহালয় এটাৰ উদ্দেশ্য হৈছে কলা, শিল্প বা বৈজ্ঞানিক তাৎপৰ্য্ থকা সামগ্ৰী সমূহ জনসাধাৰণৰ শিক্ষাৰ সুবিধা হোৱাকৈ সংগ্ৰহ, সংৰক্ষণ, ব্যাখ্যা আৰু প্ৰদৰ্শন কৰা। এই উদ্দেশ্য দৰ্শনাৰ্থী একো জনৰ দৃষ্টি ভংগীত ওপৰাতো নিৰ্ভৰ কৰে। বিনোদনৰ বাবে বন্ধৰ দিনত সংগ্ৰহালয়লৈ যোৱা জনৰ লগত ঠাই একো খনৰ অতীত বৰ্তমান সম্পৰ্কে গৱেষণাৰ বাবে সংগ্ৰহালয়লৈ যোৱা জনৰ সৈতে দৃষ্টি ভংগীৰ পাৰ্থ্যক্য আছে। কিন্ত সি যিকি নহওক, সংগ্ৰহালয় সমূহ হৈছে জ্ঞানৰ ভঁৰাল। সেই বাবে প্ৰতি দিনে হেজাৰ হেজাৰ জ্ঞান পিপাসু সংগ্ৰহালয়লৈ যায়। সংখ্যাৰ ফালৰ পৰা পেৰিছত থকা ল’ব্ৰে সংগ্ৰহালয়লৈ সৰ্বাধিক লোকৰ সমাগম ঘটে। ইয়াৰ পিছতে আছে বেইজিঙত অৱস্থিত চীনৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় আনহাতে, ৱাশ্বিংটনত থকা নেচনেল মিউজিয়াম অব নেচনেল হিষ্টৰী আৰু লণ্ডনস্থ ব্ৰিটিছ মিউজিয়ামো সমানে আকৰ্ষণৰ কাৰক।

প্ৰতি বছৰে ১৮ মে’ত উদ্‌যাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহাল্য পৰিষদৰ (আইকম) সমন্বয়তাত এই দিৱস। উদ্‌যাপান কৰা হয়। এই দিৱসে সংগ্ৰহালয়ৰ লগত জড়িত সকলক জন সাধাৰণৰ লগত মিলিত হোৱাৰ আৰু সংগ্ৰহালয়বোৰে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে সতৰ্ক কৰি দিয়াৰ সুযোগ লাভ কৰে। আইঅকমে আগবঢ়োৱা সংজ্ঞা মতে সংগ্ৰহালয় হৈছে লাভৰ বাবে পৰিচালিত নোহোৱা স্থায়ী প্ৰতিষ্ঠান- যি সমাজৰ প্ৰগতি আৰু সেৱাৰ বাবে উৎসৰ্গিত। সকলোৰে বাবে মুকলি এই প্ৰতিষ্ঠান মানুহৰ ঐতিহ্যৰ লগত জড়িত সমলবোৰ আহৰণ, সংৰক্ষণ কৰাৰ লগতে সেই সম্পৰ্কত গৱেষণা কৰে আৰু ইয়াৰ পৰিবেশ শিক্ষা, অধ্যয়ন আৰু বিনোদনমূলক। আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱসে সমাজৰ প্ৰগতিৰ ক্ষেত্ৰত সংগ্ৰহালয়ে লোৱা ভূমিকাৰ বিষয়ে সৰ্বসাধাৰণক সজাগ কৰাৰ বেলিকা কাম কৰে।

প্ৰতি বছৰে বিশ্বৰ সকলো সংগ্ৰহালয়কে বিশ্ব সংগ্ৰহালয় দিৱসত অংশ ল’বলৈ আমন্ত্ৰণ জনোৱা হয়, যাতে সংগ্ৰহালয়ৰ ভূমিকা দঙি ধৰিব পাৰি। ১৯৭৭ চনত আৰম্ভ হোৱাৰে পৰা ইয়াৰ প্ৰতি দেশে আকৰ্ষণ বৃদ্ধি পাইছে। ২০০৯ বৰ্ষত এই দিৱসত বিশ্বৰ ৯০ খনৰো অধিক দেশৰ কুৰি হেজাৰৰো অধিক সংগ্ৰহালয়ে অংশ লৈছিল। পিছৰ বছৰটোত, অৰ্থাৎ ২০১০ ত অংশ গ্ৰহণকাৰী দেশৰ সংখ্যা ৯৮ খনলৈ বৃদ্ধি পালে। ২০১১ ত ২০০ খন দেশৰ বিপৰীতে ২০১২ ত ২২৯ খন দেশৰ ৩০ হেজাৰ সংগ্ৰহালয় এই দিৱসৰ অংশীদাৰ হয়। পৰিসংখ্যাই এই দিৱসৰ বৰ্দ্ধিত জনপ্ৰিয়তাকে প্ৰতিফলিত কৰে। প্ৰতি বছৰেই একোটা নিৰ্দিষ্ট বিষয় এই দিৱসৰ বাবে স্থিৰ কৰা হয়। এই বাৰৰ বিষয় হৈছে বহনক্ষম সমাজৰ বাবে সংগ্ৰহালয়।

আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদ

১৯৪৬ চনত গঠিত আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদ (আইকম) হৈছে গোলকীয় সম্ভাৱনা থকা সংগ্ৰহালয় আৰু সংগ্ৰহালয়ৰ লগত জড়িত সকলৰ একমাত্ৰ সংস্থা। ১৩৭ খন ৰাষ্ট্ৰৰ প্ৰায় ৩০ হেজাৰ সদস্য থকা এই সংস্থা হৈছে সংগ্ৰহালয়ৰ লগত জড়িত সকলৰ বিশাল নেটৱৰ্ক আৰু ই সংগ্ৰহালয় আৰু ঐতিহ্য সম্পৰ্কীয় বিবিধ বিষয় লৈ কাম কৰি আহিছে। ইউনেস্কোৰ লগত ই ওতপ্ৰোত ভাৱে জড়িত।

বিশ্বৰ কেতবোৰ দেশত সাংস্কৃতিক ঐতিহ্য থকা সামগ্ৰীৰ চুৰি আৰু লোট পাটৰ ঘটনা সুলভ। এনে সামগ্ৰীৰ অবৈধ সৰবৰাহে ঐতিহ্যৰ ক্ষতি কৰে। এনে কাম-কাজ প্ৰতিহত কৰাৰ বাবে কাম কৰি আহিছে আইকমে। বেলেগ বেলেগ ৰাষ্ট্ৰৰ বাবে ই কেতবোৰ তালিকা প্ৰস্ত্তত কৰিছে, যাক কোৱা হয় ‘ৰেড লিষ্ট’ বুলি। ইয়াৰ জৰিয়তে আৰক্ষী আৰু শুক্ল বিভাগ, ঐতিহ্য সম্পৰ্কীয় বৃত্তিধাৰী শিল্পকলা আৰু দুৰ্লভ সামগ্ৰীৰ ব্যৱসায়ী সকলৰ বাবে অবৈধ ভাৱে সৰবৰাহ হোৱাৰ সম্ভাৱনা থকা বিভিন্ন সামগ্ৰীৰ চিনাক্ত কৰণ সহজ হয়।

ভাৰতত সংগ্ৰহালয়

ভাৰতত সংগ্ৰহালয়ৰ ধাৰণাৰ যোগসূত্ৰ ঐতিহাসিক সময়ৰে পৰা পাব পাৰি। চিত্ৰশালাবোৰ হৈছে ইয়াৰ সাক্ষ্য। অৱশ্যে ইউৰোপত আৰম্ভ হোৱাৰ পিছতহে ভাৰতত সংগ্ৰহালয় আন্দোলন আৰম্ভ হয়। ভৰতৰ আটাইতকৈ প্ৰাচীন আৰু বৃহত্তম সংগ্ৰহালয় হৈছে কলকাতাস্থ ভাৰতীয় সংগ্ৰহালয়। এই সংগ্ৰহালয়ত আছে বিৰল পুৰাতাত্বিক সমল,বৰ্ম আৰু অলংকাৰ, জীৱাশ্ম, জংকা, মামী আৰো মোগল পেইণ্টিং। ১৮১৪ চনত এছিয়াটিক ছ’চাইটিয়ে ইয়াক প্ৰতিষ্ঠা কৰিছিল। এই সংগ্ৰহালয়ত ৩৫ টা গেলেৰীৰো ৬ টা শাখা আছে। এই প্ৰতিষ্ঠানটো ভাৰতৰ সংবিধানৰ সপ্তম অনুসূচীত ৰাষ্ট্ৰীয় গুৰুত্ব থকা প্ৰতিষ্ঠান হিচাপে উল্লেখ কৰা আছে। বিশ্বৰ আটাইতকৈ প্ৰাচীন সংগ্ৰহালয় বোৰৰ এটা হ’ল এই সংগ্ৰহালয়টো। ছাৰ উইলিয়াম জোনছৰ তৎপৰতাত এই সংগ্ৰহালয়টো প্ৰতিষ্ঠা হৈছিল। এটা সংগ্ৰহালয় স্থাপনৰ ধাৰণাটো আৰম্ভ হৈছিল ১৭৯৬ চনত, যেতিয়া এছিয়াটিক ছ’চাইটিৰ একাংশ সদস্যই মানৱ সৃষ্ট আৰু প্ৰাকৃতিক সামগ্ৰী, যত্ন আৰু সেইবোৰৰ প্ৰদৰ্শনৰ হকে মত প্ৰকাশ কৰিছিল। ১৮০৮ চনত চৰকাৰে ছ’চাইটীক ইয়াৰ বাবে প্ৰয়োজনীয় স্থানৰ ব্যৱস্থা কৰি দিয়ে।

ভাৰতৰ জনপ্ৰিয় সংগ্ৰ্হালয়

ভাৰতৰ প্ৰতিখন গুৰুত্বপূৰ্ণ ঠাইতে বৰ্ণময় অতীতৰ প্ৰদৰ্শণ থকা সংগ্ৰহালয় আছে। ভাৰতৰ মহানগৰ সমূহত থকা সংগ্ৰহালয় এবাৰ দৰ্শন নকৰালৈকে সেই মহানগৰ খনৰ ভ্ৰমণ সম্পূৰ্ণ হোৱা বুলি ক’ব নোৱাৰি। বৰ্ণময় অতীত সৰ্শনাৰ্থীৰ আগত দাঙি ধৰা ভাৰতত বহু কেইটা জনপ্ৰিয় সংগ্ৰহালয় আছে।

ৰাষ্ট্ৰীয় সংগ্ৰহালয়

ভাৰতৰ বৃহত্তম সংগ্ৰহালয় সমূহৰ অন্যতম হ’ল ৰাষ্ট্ৰীয় সংগ্ৰহালয়। দিল্লী মহানগৰৰ জনপথৰ কোণত ১৯৪৯ চনত ইয়াক নিৰ্মাণ কৰা হৈছিল।

ভাৰতীয় সংগ্ৰহালয়

কলকাতা মহানগৰস্থিত এই সংগ্ৰহালয় ভাৰতৰ প্ৰাচীন। ইয়াৰ বিষয়ে ইতিমধ্যে ইল্লেখ কৰা হৈছে।

চৰকাৰী সংগ্ৰহালয়

মাদ্ৰাজ সংগ্ৰহালয় নামেৰে জনজাত চৰকাৰী সংগ্ৰহালয়টো চেন্নাইৰ ইগমোৰত অৱস্থিত। ১৮৫১ চনত স্থাপিত এই সংগ্ৰহালয়টোত দুৰ্মূল্য সম্পদ অনেক আছে।

প্ৰিন্স অব্‌ ৱেলছ সংগ্ৰহালয় : মুম্বাইৰ গেটৱে অব্‌ ইণ্ডিয়াৰ ওচৰত অৱস্থিত এই সংগ্ৰহালয়টো কুৰি শতিকাৰ আৰম্ভণিতে প্ৰতিষ্ঠা হৈছিল।

শংকৰৰ আন্তঃৰাষ্ট্ৰীয় পুতলা সংগ্ৰহালয়

দিল্লীৰ উপকণ্ঠত অৱস্থিত এই সংগ্ৰহালয়টোত প্ৰদৰ্শিত হৈ আছে পুতলাৰ বৃহত্তম সংগ্ৰহ। দুটা শাখাত বিভক্ত এই সংগ্ৰহালয়টোত নিউজিলেণ্ড, আফ্ৰিকা, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ১৬০ টাৰো অধিক আইনাৰ বাকচ দৰ্শনাৰ্থীৰ বাবে আছে। ইয়াত পুতলাবোৰ দুটা শাখাত ৰখা হয়। ইয়াৰে এটা শাখাত নিউজিলেণ্ড, বৃটেইনামেৰিকা আৰু কমন্‌ৱেলথৰ অন্তৰ্গত স্বাধীন ৰাষ্ট্ৰ বোৰৰ পৰা সংগৃহীত পুতলা ৰখাৰ বিপৰীতে আনটো শাখগাত মধ্যপ্ৰাচ্য ভাৰত, এছীয়া ৰাষ্ট্ৰ সমূহ আৰু আফ্ৰিকাৰ ৰাষ্ট্ৰ বোৰ আছে।

ছালাৰ জং সংগ্ৰহালয়

হায়দৰাবাদত অৱস্থিত সংগ্ৰহালয়টোত আছে পেইণ্টিং, বস্ত্ৰ, ধাতৱ শিল্পকৰ্ম, ঘড়ী আদি। চীন, উত্তৰ আমেৰিকা, ইজিপ্ত, নেপাল, ইউৰোপ, বাৰ্মা আৰু ভাৰতৰ সামগ্ৰী ইয়াত সযতনে ৰখা হৈছে। ভাৰতৰ সংসদে ইয়াক ৰাষ্ট্ৰীয় গুৰুত্ব থকা প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰিছে।

ৰাষ্ট্ৰীয় ৰেল সংগ্ৰহালয়

দিল্লীৰ চাণক্য পুৰীত অৱস্থিত ১০ একৰ মাটি সামৰি থকা ৰাষ্ট্ৰীয় ৰেল সংগ্ৰহালয়ত ৰেলৰ বিশাল ঐতিহ্য দাঙি ধৰা হৈছে।

কেলিকো সংগ্ৰহালয়

আহমেদাবাদত অৱস্থিত এই সংগ্ৰহালয়টো ১৯৪৯ চনত গৌতম ছাৰাভাই আৰু তেওঁৰ ভগ্নী গিৰা ছাৰাভায়ে আৰম্ভ কৰিছিল। ইয়াত প্ৰদৰ্শন হোৱা বস্ত্ৰ সমূহ চিন্তাকাৰ্ষক। ইয়াত প্ৰাক ঐতিহাসিক বস্ত্ৰ পেইণ্টিঙৰ পৰা মোগল শাসক সকলে ব্যৱহাৰ কৰা বস্ত্ৰ সংৰক্ষিত হৈ আছে।

নেপিয়েৰ সংগ্ৰহালয়

কেৰালাৰ ৰাজধানী চহৰত অৱস্থিত এই সংগ্ৰহালয়টোৰ নামকৰণ হৈছে এসময়ৰ মাদ্ৰাজৰ গৱৰ্ণৰ লৰ্ড নেপিয়েৰৰ নামেৰে। বাদ্যযন্ত্ৰ, কেৰালাৰ ৰথ, ব্ৰঞ্জৰ মূৰ্তিকে আদি কৰি অনেক শিল্পকৰ্ম ইয়াত সংৰইত হৈ আছে।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate