অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সংগ্ৰহালয়ৰ ক্ৰমবিকাশ

সংগ্ৰহালয়ৰ ক্ৰমবিকাশ

প্ৰাচীন সংগ্ৰহালয় বা যাদুঘৰ বোৰ মূলতঃ আছিল বুক্তি বিশেষে সংগ্ৰহালয়। পৰিয়াল আৰু অনুষ্ঠান প্ৰতিষ্ঠানেও এই ক্ষেত্ৰত আগভাগ লোৱা দেখা গৈছিল। এইবোৰত সাধাৰণতে সংগ্ৰহ কৰি ৰখা হৈছিল শিল্পকৰ্ম, বিৰল প্ৰাকৃতিক সম্পদৰ লগতে আপুৰুগীয়া সামগ্ৰী। সুন্দৰকৈ সজাই পৰাই এইবোৰ ৰখা হৈছিল। এনেধৰণৰ যাদুঘৰৰ সন্ধান পোৱা গৈছে খ্ৰীষ্টপূৰ্ব ৫৩০ চনত। এনিগেল্‌ডি নান্না’ছ নামৰ এই যাদুঘৰত ঘাইকৈ সংৰক্ষণ কৰি ৰখা হৈছিল ভূমধ্যসাগৰীয় শিল্পকৰ্ম। এনে ধৰণৰ যাদুধৰ সমূহত সাধাৰণ লোকে প্ৰৱেশ কৰাটো দুৰুহ আছিল। সেই সময়ৰ আঢ্যৱন্ত হিচাপে বিবেচিত লোক সকলকহে ঘাইকৈ অনুমতি দিয়া হৈছিল। সীমিত পৰিসৰৰ আৰু ব্যক্তিগত প্ৰচেষ্টাত গঢ়ি উঠা এই যাদুঘৰ বোৰেই এদিন বৃহৎ পৰিসৰৰ যাদুঘৰ গঠনৰ পথ মুকলি কৰি দিলে। নতুন তথা অভিনৱ সামগ্ৰী সংগ্ৰহ কৰি ৰখাৰ প্ৰচেষ্টাত মানুহৰ অনুসন্ধিৎসা ক্ৰমাৎ বৃদ্ধি পালে। সাগৰ মহাসাগৰ অতিক্ৰমি মানুহৰ জীৱন-জীৱিকা ক্ৰমাৎ বিস্তৃত হোৱাত আচৰিত ধৰণৰ সামগ্ৰীও পোৱা গ’ল। এইবোৰৰ প্ৰতি মানুহৰ আৰৰ্ষণো ক্ৰমাৎ বৃদ্ধি পালে। এনেধৰণে দূৰ দূৰণিৰ সামগ্ৰী সংগ্ৰহৰ ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য আছিল ইউলিছিছ এলড্ৰ’ ভেন্দি। তেওঁৰ সংগ্ৰহালয় আছিল এখন ‘বিশ্বকোষ’ সদৃশ। ইয়াৰ পিছতে নৱজাগৰণ যুগত যাদুঘৰ সমূহে এক বিশেষ মৰ্যাদা অৰ্জন কৰিলে। এই সময়তে ইটালিত কেইবাটাও ৰাজহুৱা যাদুঘৰ প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰে বহু কেইটা উল্লেখযোগ্য যাদুঘৰ ১৮ শতিকাত মুকলি কৰা হয়। ১৪৭১ চনত ৰাজহুৱা শিল্পকৰ্ম সংগ্ৰহৰ প্ৰথমটো যাদুঘৰ ‘কেপিট’লাইন যাদুঘৰ’ (ৰোম) মুকলি কৰা হয়। ১৫৩৬ চনত পোপ দ্বিতীয় জুলিয়াছৰ প্ৰচেষ্টাত বিশ্বৰ দ্বিতীয় যাদুঘৰ ভেটিকানত নিৰ্মাণ কৰা হয়। বৃটেইনৰ আটাইতকৈ পুৰণি যাদুঘৰটো হ’ল ‘টাৱাৰ অব্‌ লণ্ডন’। ১৬৬০ চনত এইটো দৰ্শকৰ বাবে মুকলি কৰা হৈছিল। ইণ্ডোনেছিয়াত ১৬৬২ চনত ৰামফিয়াছে দেশখনৰ প্ৰথমটো যাদুঘৰ প্ৰতিষ্ঠা কৰিছিল এম্বনত। এই যাদুঘৰৰ বৰ্তমানে কোনো চিন নাই। ৰামফিয়াছে লিখা এখন গ্ৰন্থতহে ইয়াৰ প্ৰমাণ পোৱা যায়। ১৭১৭ চনত ৰুছিয়াৰ ছেইণ্ট পিতাৰ্ছবাৰ্গত নিৰ্মাণ কৰা হৈছিল।

প্ৰাচীন কালৰ এই যাদুঘৰবোৰ কেৱল সমাজৰ ধনিক আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবেহে মুকলি আছিল। যাদুঘৰত প্ৰবেশ কৰাটোওসহজ নাছিল। ১৭৫৯ চনত ব্ৰিটিছ মিউজিয়াম সকলোৰে বাবে মুকলি কৰি দিয়াত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। যাদুঘৰত দৰ্শকৰ ভিৰ ইমানেই বেছি হৈছিল যে বহু শিল্পকৰ্ম কথমপিহে ভাগি পৰা নাছিল। যাদুঘৰৰ প্ৰতি থকা মানুহৰ অন্তহীন কৌতুহলৰে ই প্ৰমাণ দিয়ে। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত ব্যক্তিগত সংগ্ৰেহেৰে স্থাপন কৰা এছম’লিয়ান যাদুঘৰটোও এদিন সকলোৰে বাবে মুকলি কৰা হ’ল।

পেৰিছত থকা ল’ভ মিউজিয়াম বিশ্বৰ আটাইতকৈ বিখ্যাত যাদুঘৰ। এই যাদুঘৰটো পূৰ্বতে আছিল ৰাজপ্ৰাসাদ। এই যাদুঘৰতে সংৰক্ষিত হৈ আছে বিশ্ববিখ্যাত ছবি ‘মনালিছা’। ইয়াৰ বাদেও যাদুঘৰটোত সংৰক্ষিত কৰা হৈছে দহ লাখৰো অধিক শিল্পকৰ্ম। দ্বাদশ শতিকাৰ এই ৰাজপ্ৰাসাদত স্থাপন কৰা যাদুঘৰটো বিশ্বৰ অনেকেৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু এথেন্সৰ এক্ৰ’প’লিছ যাদুঘৰটোও বিশ্বৰ অন্যতম শ্ৰেষ্ঠ যাদুঘৰ। পুৰণি গ্ৰীক দেৱ-দেৱীৰ ভাস্কৰ্য এই যাদুঘৰৰ অন্যতম আকৰ্ষণৰ বিন্দু। ছেইণ্ট পিটাৰ্ছবাৰ্গৰ ষ্টেট হাৰ্মিটেজ বিশ্বৰ সন্মানীয় যাদুঘৰ। এই যাদুঘৰত ১,৭৮৬ খন দুৱাৰ, ১,৯৪৫ খন খিৰিকী আৰু ১০৫৭ টা সুসজ্জিত কোঠা আছে। ৩৩ লাখৰো অধিক শিল্পকৰ্ম সমৃদ্ধ এই যাদুঘৰৰ পৰিচয়েই সুকীয়া। ইংলেণ্ডৰ ব্লুমছবাৰীত থকা লণ্ডন মিউজিয়াম বিশ্বৰ সুপ্ৰসিদ্ধ যাদুঘৰ। ১৭৫৩ চনত প্ৰতিষ্ঠিত এই যাদুঘৰত মানৱ ইতিহাসৰ ২০ লাখৰো অধিক সমল মজুত আছে- যিবোৰৰ প্ৰতি আকৰ্ষণ মানুহৰ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। ইজিপ্টৰ মামী, পাৰ্থিনন ভাস্কৰ্য আদি ইয়াৰ অন্যতম আকৰ্ষণ। এই যাদুঘৰৰ আন এক বৈশিষ্ট্য হ’ল- ইয়ালৈ প্ৰৱেশ বিনামূলীয়া। ১৬ শতিকাত স্থাপন কৰা ভেটিকানৰ যাদুঘৰ বিশ্বৰ সৰ্ববৃহৎ যাদুঘৰবোৰৰ অন্যতম।

নেচনেল মিউজিয়াম নতুন দিল্লীৰ জন পথত অৱস্থিত। এইটো ভাৰতৰ আটাইতকৈ ডাঙৰ সংগ্ৰহালয়। প্ৰাগ ঐতিহাসিক যুগৰ পৰা আৰম্ভ কৰি ইয়াত আধুনিক যুগলৈকে অনেক সামগ্ৰী সংৰক্ষণ কৰা হৈছে। যাদুঘৰটোৰ মুখ্য আকৰ্ষণ হ’ল সিন্ধু উপত্যকাৰ সভ্যতা আৰু মোগল যুগৰ আপুৰুগীয়া সম্পদৰাজি। দিল্লীত থকা অন্যান্য যাদুঘৰৰ ভিতৰত আছে নেচনেল ৰেল মিউজিয়াম, মিউজিয়াম অব্‌ ৱনেচাৰেল হিষ্ট্ৰী, নেৰেৰু মিউজিয়াম এণ্ড প্লেনেট’ৰিয়াম, এয়াৰ ফ’ৰ্চ মিউজিয়াম আৰু গান্ধী দৰ্শন। ভাৰতৰ অন্য এক উল্লেখযোগ্য। যাদুঘৰ হ’ল মুম্বাইত থকা প্ৰিন্স অব্‌ ৱেলছ মিউজিয়াম। অৱশ্যে এই যাদুঘৰটোৰ নতুন নাম ছত্ৰপতি শিৱাজী মহাৰাজ বাস্ত্ত সংগ্ৰহালয়। এই যাদুঘৰত প্ৰাচীন যুগৰ অনেক আপুৰুগীয়া শিল্প সম্ভাৰ সংগ্ৰহ কৰি ৰখা হৈছে। মুম্বাইত থকা আন উল্লেখনীয় যাদুঘৰ হ’ল- জাহাংগীৰ আৰ্ট গেলাৰী আৰু আই এন এছ বিক্ৰাণ্ট। ভাৰতৰ বিখ্যাত যাদুঘৰবোৰৰ ভিতৰত কলকাতাৰ ইণ্ডিয়ান মিউজিয়াম অন্যতম। এইটোৰ উপৰি কলকাতাত আৰু ৭ টা উল্লেখযোগ্য যাদুঘৰ আছে। এই বোৰৰ ভিতৰত আছে- কলকাতা পেন’ৰামা, ভিক্টোৰিয়া, বিৰলা মিউজিয়াম, শ্বহীদ মিনাৰ আৰু নেহেৰু চিলড্ৰেন মিউজিয়াম। হয়দৰাবাদত থকা চলাৰ জং মিউজিয়ামটোও ভাৰতৰ অন্য এক উল্লেখযোগ্য যাদুঘৰ। এই যাদুঘৰত থকা হাতীৰ দাঁতৰ শিল্প কৰ্মই সকলোকে মোহিত কৰে। এজন লোকে সংগ্ৰহ কৰা সৰ্বাধিক সামগ্ৰী এই যাদুঘৰতে আছে। ইয়াৰ বাদেও এই যাদুঘৰতে বিশ্বৰ সৰ্বাধিক সংখ্যক শিল্পকৰ্ম সংগ্ৰহ কৰা হৈছে। আহমেদাবাদত থকা কেলিকো টেক্সটাইল মিউজিয়াম হ’ল বিশ্বৰ ভিতৰতে অন্যতম উল্লেখযোগ্য এক বস্ত্ৰ সংগ্ৰহালয়। ইয়াৰ বাদেও আহমেদাবাদৰ অন্য এক উল্লেখনীয় যাদুঘৰ হ’ল গান্ধী আশ্ৰমত থকা সংগ্ৰহালয়।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate