সাপৰ বিষ সাপৰ লালটি গ্ৰন্থীৰ নিঃসৰণ (salivary secretion), সাধাৰণ ভাষাত ক'বলৈ গলে সাপৰ লেলাতি, যাৰ আচল কাম চিকাৰ, প্ৰতিৰক্ষা আৰু খাদ্য পৰিপাকৰ কামত ব্যৱহাৰ কৰা। সাপৰ বিষ নানাবিধ এঞ্জাইমৰ দ্বাৰা উৎপন্ন যাৰ ভিতৰত phospholipidase, protease, hyaluronidase, ATPase, cholinesterase, lecithinase, ribonuclease, deoxyribonuclease আদিয়েই প্ৰমুখ। উপৰোক্ত এই এঞ্জাইমবোৰৰ বহুকেইটাই পিছে আমাৰ দেহৰ পৰিপাক তন্ত্ৰতে (digestive system) পোৱা যায়, যিবোৰ এঞ্জাইমে আমাক খাদ্য পৰিপাকৰ হোৱাৰ কামত সহায়হে কৰে। এনে ধৰণৰ তথ্যৰ পৰা পিছে আমাৰ মনত ডাঙৰ এটা প্ৰশ্নৰহে উদয় হয় যদি সাপৰ মাৰাত্মক বিষ এনে এক সাধাৰণ এঞ্জাইমহে, তেনেহ'লে সাপৰ বিষ আমাৰ দেহৰ বাবে বিষাক্ত হয় কিয় ?
আচলতে সাপৰ বিষ আমাৰ দেহৰ বাবে তেতিয়াই বিষাক্ত হয়, যেতিয়া এই বিষ আমাৰ তেজত মিহলিহৈ দেহৰ বিভিন্ন অংশত দ্ৰুতভাৱে সিচৰিত হয়, এই বিষ তেতিয়া প্ৰাণঘাতী হৈ পৰে, কিয়নো এই এঞ্জাইমবোৰে আমাৰ দেহৰ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় অংশৰ ক্ষতিসাধন কৰে। সাপৰ বিষ সাধাৰণতে দুই ধৰণৰ হয়, এবিধ বিষে (নিউৰোটক্সিক) মানুহৰ স্নায়ৱিক তন্ত্ৰৰ ওপৰত প্ৰতিক্ৰিয়াশীল হয় আৰু এই বিষৰ প্ৰভাৱৰ বাবে মুখেৰে লেলাটি ওলোৱা, দেহা ঘামি যোৱা, টোপনীৰ ভাৱ হোৱা, পেটৰ বিষ আদি লক্ষণ হিচাবে দেখা দিয়ে। আমাৰ অসমৰ ফেঁটি, শংখচূড় সাপত এই বিষ আছে। আনবিধ বিষে (হিমোটক্সিক) মানুহৰ তেজ আৰু তেজ প্ৰৱাহিকা তন্ত্ৰৰ ওপৰত প্ৰতিক্ৰিয়াশীল হয়। আৰু এই বিষৰ প্ৰভাৱৰ বাবে সাপে কামোৰা ঠাইডোখৰ ফুলিউঠা, জুয়ে পোৰাৰ দৰে ক'লা হোৱা, কামোৰা ঠাই ডোখৰত সাংঘাতিক ভাৱে বিহ হোৱাৰ লগতে নাকেমুখে আৰু প্ৰস্ৰাৱৰ লগত তেজ ওলাব পাৰে, অসমৰ ভাইপাৰ সাপৰ মাজত এই বিষ দেখা যায়।
এটা সময় আছিল যেতিয়া বিষাক্ত সাপে কামোৰাৰ অৰ্থ আছিল নিৰ্ঘাত মৃত্যু, কিন্তু বিজ্ঞানৰ অগ্ৰগতিৰ লগে-লগে সাপৰ কামোৰত মানুহৰ মৃত্যুৰ হাৰ বহু অংশে কমি আহিছে। কিছু দশক আগতেও সাপে কামুৰিলে ইয়াৰ একমাত্ৰ চিকিৎসা আছিল ঝৰাফুঁকা, ওঝা, বেজ আদিহে পিছে এতিয়া প্ৰায় প্ৰতিখন চৰকাৰী চিকিৎসালয়তে আছে সাপে কামোৰাৰ একমাত্ৰ চিকিৎসা আৰু এই চিকিৎসাৰ হ'ল এন্টিভেনাম। সাপৰ কামোৰত এতিয়া আৰু আগৰ দৰে মানুহ নমৰে যিটো আজিৰ পৰা ১৫০ বছৰ আগতেও কল্পনা কৰাও একপ্ৰকাৰ অসম্ভৱ কথা আছিলে। সাপৰ বিষৰ একমাত্ৰ চিকিৎসা অৰ্থাৎ এন্টিভেনামৰ কথাৰ লগতেই যাৰ নাম প্ৰথমেই ল’ব লাগে তেওঁ হ'ল ফ্ৰান্সৰ বেক্টেৰিয়া বিজ্ঞানী এলবাৰ্ট কেলমেট, পিছলৈ বিজ্ঞানী লুইচ পাস্তুৰে এন্টিভেনামৰ উন্নয়নত উল্লেখযোগ্য ভূমিকা ৰাখে। ১৮৯০ চনতে আবিষ্কৃত সেই পদ্ধতিতেই এতিয়ালৈকে বাণিজ্যিক ভাবে এন্টিভেনাম উৎপাদন কৰা হয়। এই এন্টিভেনাম নো আচলতে কি…? কেনেকৈ হয় ইয়াৰ উৎপাদনৰ আহক এই সম্পৰ্কে সংক্ষেপে অলপমান জানি থওঁ--
|
---|
১) সাপৰ বিষ সংগ্ৰহঃ যিটো সাপৰ বিহৰ এন্টিভেনাম তৈয়াৰি কৰা যায় প্ৰথম কাম হিচাবে সেই সাপৰেই বিষ সংগ্ৰহ কৰাৰ দৰকাৰ হয়। আমি আগতেই আলোচনা কৰিছো যে প্ৰতিটো সাপৰে বিহৰ ধৰণ বেলেগ সেয়ে একেটা সাপৰ বিহৰ এন্টিভেনামে আন সাপৰ বিষ ধ্বংস কৰিব নোৱাৰে। সাপৰ বিষ সাধাৰণতে এটি পাত্ৰৰ মুখত কাগজ বা প্লাষ্টিক দ্বাৰা বন্ধ কৰিলৈ তাতে সাপৰ দাঁত সোমাই দি ফোঁট-ফোঁটকৈ সংগ্ৰহ কৰা হয়। এডাল সাপৰ পৰা এনেকৈ সপ্তাহত এবাৰ পূৰ্ণ পৰিমাণৰ বিষ সংগ্ৰহ কৰা যায়। সাপৰ বিষ সংগ্ৰহ কৰা এটি অতি বিপদজনক কাম। জংঘলত থকা সাপৰ পৰাই আগতে এই বিষ সংগ্ৰহ কৰা হৈছিল কিন্তু গোটেই পৃথিবীৰ প্ৰৱল চাহিদাৰ বাবে আৰু বনৰীয়া সাপৰ দুষ্প্ৰাপ্যতাৰ প্ৰতি লক্ষ্য ৰাখি আজিকালি পৃথিবীৰ বিভিন্ন দেশত সাপৰ ফাৰ্ম গঢ়িতোলা হৈছে। আমাৰ ভাৰতবৰ্ষৰ চেন্নাই চহৰতো আছে পৃথিবীৰ ভিতৰতে এখন ডাঙৰ সাপৰ ফাৰ্ম।
1) ভেনাম ফ্ৰিজিঙঃ সংগ্ৰহ কৰা বিষক মাইনাছ ২০ ডিগ্ৰি ছেলছিয়াছ তাপমাত্ৰাত ৰাখিলে সাপৰ বিষৰ পৰা জলীয় অংশখিনি বেলেগহৈ সাপৰ বিষ গুড়ি পাউডাৰলৈ ৰূপান্তৰিত হয়। এটি সাপৰ পৰা খুবেই অলপ পৰিমানে পাউডাৰ পোৱা যায় সেয়ে সাপৰ বিষৰ গুড়ি সোণতকৈও দামী।
৩) ঘোঁৰাৰ দেহত এন্টিভেনামৰ উৎপাদনঃ ঘোঁৰাৰ দেহত এন্টিভেনামৰ উৎপাদনৰ কামটোয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ। সকলো প্ৰাণীৰেই বাহিৰৰ পৰা অহা বিভিন্ন ভাবুকিৰ পৰা মুক্তিৰ বাবে নিজা প্ৰতিৰোধক ব্যৱস্থা আছে। আমাৰ দেহাতো বাহিৰৰ পৰা যিকোনো ৰোগৰ জীৱাণু প্ৰৱেশ কৰিলে দেহাই নিজে নিজে তাৰ এন্টিবডি তৈয়াৰি কৰি লয়। কিন্তু দুঃখজনক হলেও সঁচা কথাটো হ'ল সাপৰ বিষ মানৱ দেহত প্ৰৱেশ কৰিলে তাৰ প্ৰতিবিষ তৈয়াৰ কৰাৰ ক্ষমতা আমাৰ দেহাৰ নাই। পৃথিৱীত বহুত অলপ সংখ্যক প্ৰাণীয়েহে নিজৰ দেহত সাপৰ বিষৰ প্ৰতিৰোধী ঔষধ বনাই লৱলৈ সক্ষম। কম বেছি পৰিমানে গাধ, নেউল, উট, ঘোঁৰা, হনী বাডজাৰ, হাঙৰ আদি প্ৰানীৰহে সাপৰ বিষৰ প্ৰতিৰোধ কৰাৰ ক্ষমতা থাকে। এন্টিভেনাম উৎপাদনৰ বাবে পিছে ঘোঁৰাৰ ব্যৱহাৰ সৰ্বাধিক কাৰণ সাপে কামুৰিলেও ঘোঁৰাৰ মৃত্যু নহয় সেয়ে পূৰ্বৰ পৰা সংগ্ৰহ কৰা সাপৰ বিষ ইনজেকশ্বনৰ মাধ্যমত ঘোঁৰাৰ ধমনীত প্ৰৱেশ কৰোৱা হয়। এই বিষৰ প্ৰতিক্ৰিয়াৰ ফলত ঘোঁৰাৰ মৃত্যু নহয়, বৰং তাৰ দেহত লাহেলাহে এন্টিভেনাম উৎপাদন হোৱা আৰাম্ভ হৈ যায়। প্ৰায় ৩ দিনমান ঘোঁৰাটি অসুস্থ অৱস্থাত থাকে। ৩-৪ দিন পিছত ঘোঁৰাটি সম্পূৰ্ণভাৱে সুস্থহৈ উঠে। তাৰ দেহত বিষৰ প্ৰভাৱ সম্পূৰ্ণৰূপে নষ্ট হৈ যায়। ইয়াৰ পিছত সেই ঘোঁৰাটোক সেই একেই জাতীয় সাপে কামুৰিলে ঘোঁৰাটোৰ দেহত আৰু কোনো ধৰণৰ প্ৰভাৱেই নপৰে।
৪) ঘোঁৰাৰ তেজৰ পৰা এন্টিভেনাম নিষ্ক্ৰমণঃ ঘোঁৰাটোৰ দেহৰ পৰা তেজ উলিয়াইলৈ তাৰ ৰঙা অংশ বেলেগ কৰা হয়। তেজৰ বগা অংশ অৰ্থাৎ মেট্ৰিক্সৰ পৰা এন্টিভেনাম খিনি বেলেগ কৰি লোৱা হয়। ঘোঁৰা এক স্বাস্থ্যৱান প্ৰাণী সেয়ে গড়েপ্ৰতি ঘোঁৰাৰ পৰা প্ৰায় ৬ লিটাৰমান তেজ উলিওৱা হয় যদিও এই ক্ষেত্ৰত ঘোঁৰাটোৰ বিশেষ ক্ষতি নহয়। ইয়াৰ পিছত এই এন্টিভেনামৰ বিশুদ্ধিকৰণ প্ৰক্ৰিয়াৰ পিছত তাক বজাৰত সৰবৰাহ কৰা হয়। চিকেনপক্সৰ এন্টিবডি আৰু সাপৰ বিষৰ এন্টিভেনামৰ মূলনীতি প্ৰায় একেই। চিকেনপক্সৰ ক্ষেত্ৰত ইয়াৰ এন্টিবডি তৈয়াৰ কৰে আমাৰ দেহাই আৰু সাপৰ বিষৰ ক্ষেত্ৰত সেইটো তৈয়াৰ কৰা হয় ঘোঁৰা দেহাত। এই এন্টিভেনাম ইনজেকশ্বনে সাপে কামোৰা ৰোগীৰ দেহাত থকা ভেনামক অকাৰ্যকৰী কৰি ৰোগীৰ জীৱন বচায়। বছৰত হেজাৰ হেজাৰ মানুহৰ জীৱন এই এন্টিভেনামৰ কাৰণে ৰক্ষা পৰে।
অপ্ৰয়োজনীয় ভাবে ঝৰাফুঁকা, ওঝা, বেজ আদিত থকা মানুহৰ বিশ্বাস আৰু প্ৰয়োজনৰ তুলনাত সকলো চৰকাৰী স্বাস্থকেন্দ্ৰত বিশেষকৈ ভিতৰুৱা আৰু জংঘলৰ কাষৰীয়া গাওঁবোৰত এন্টিভেনাম ইনজেকশ্বন নপোৱাৰ বাবে আৰু বিজুলীৰ অভাৱত উপযুক্ত তাপমাত্ৰাত ইয়াৰ সংৰক্ষণ কৰিব নোৱাৰা বাবে এই এন্টিভেনাম ইনজেকশ্বনৰ সুবিধা পৰা প্ৰায়ে বঞ্চিত হব লগীয়াহৈ প্ৰান দিব লগীয়া হয় বহুমানুহৰ আৰু এইবোৰ কাৰক হয়গৈ সাপ সংৰক্ষণৰ অন্যতম অন্তৰায়।
লিখক: জয়দীপ চক্ৰবৰ্তী।
শেহতীয়া উন্নীতকৰণ: : 4/27/2020
অযথা বিষৰ ঔষধৰ ব্যৱহাৰে বিপদ মাতি আনে
আহাৰৰ দ্বাৰা বিষ নিৰাময়
আপোনাৰ দাঁত দুপাৰিৰ যতন কেনেকৈ লʼব পাৰি সেই বিষয়ে ...
কঁকালৰ বিষ