অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নৱ প্ৰজন্মক জীৱন বোধৰ শিক্ষাৰে শিক্ষিত কৰাওক :

নৱ প্ৰজন্মক জীৱন বোধৰ শিক্ষাৰে শিক্ষিত কৰাওক :

 

‘মনুষ্য হৈবাক দেৱতাৰো অভিলাস

ধৰ্ম অৰ্থ কাম মোক্ষ সিজে অপ্ৰয়াস।

দেহৰ মহিলা আবে শুনিয়োক বেকতে

ব্ৰহ্মাণ্ডৰ গুণমানে আছে শৰীৰত’।

(শ্ৰীমন্ত শংকৰদেৱ)

জীৱন -

মানৱ জীৱন বৰ অমূল্য। অমৃতৰ সন্তান মানৱ জীৱনটো অতি সুন্দৰভাৱে অতিবাহিত কৰি তাক উপভোগ কৰাৰ বাবে প্ৰত্যেক যত্ন কৰিব লাগিব। কোটি কোটি কোষেৰে গঠিত মানৱ দেহটো কিদৰে সুগঠিত, সুন্দৰ, স্বাস্থ্যবান, নিৰোগী কৰিব পৰা যায় ,তাৰ চিন্তা কৰিব লাগিব। সৎ সংগ ,ইতিবাচক চিন্তা আদিৰ ওপৰত নিৰ্ভৰশীল হ’ব লাগিব।

ইয়াৰ ফলত আমাৰ জ্ঞান-চৰিত্ৰ, চিন্তা শক্তি, ভগৱৎ-ভাৱনা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি পাৰিবাৰিক আৰু সামাজিক পৰিৱেশ আদি নিৰ্ভৰ কৰে। বিশেষকৈ পৰিয়ালৰ অভিভাৱক, পিতৃ-মাতৃ, ওচৰ-চুবুৰীয়া, সৎ সংগৰ ওপৰতো শিশু তথা নৱ-প্ৰজন্মৰ জীৱনপ্ৰণালী নিৰ্ভৰ কৰে।

সেইবাবে আমাৰ শিশুসকলক জীৱন বোধৰ শিক্ষা দিব লাগে। জীৱনটোনো কি? জীৱনটো সুন্দৰভাৱে গঢ় দি জীৱনৰ ঈপসিত লক্ষ্যত উপনীত হৈ এজন আদৰ্শৱান আৰু সৎ ব্যক্তি হ’বলৈ শিক্ষা দিব লাগিব। সেইদৰে খাদ্য-অখাদ্য, জীৱনবোধ আৰু জীৱন শৈলীৰ বিষয়ে ভালদৰে শিক্ষা দিয়া উচিত।

খাদ্য -

খাদ্যই মানুহৰ জীৱন শক্তি। খাদ্যৰ ওপৰত মানুহৰ স্বভাৱ-চৰিত্ৰ, আচাৰ-ব্যৱহাৰ নিৰ্ভৰ কৰে। সেইবাবে প্ৰত্যেক বিশেষকৈ নৱ প্ৰজন্মক সুষম আহাৰ খুওৱাটো অতি আৱশ্যক। আহাৰে আমাৰ দেহ-মন-সুস্থ-সবল কৰি ৰাখিব পাৰে। কিয়নো দেহ সুন্দৰ কৰাত খাদ্যৰ বিশেষ ভূমিকা আছে। সুষম আহাৰে আমাৰ দেহ, মন, মস্তিষ্ক সুস্থ-সবল কৰি ৰখাৰ উপৰি যুৱক-যুৱতীৰ মনত নম্ৰতা, পৰোপকাৰী, সহনশীলতা, দয়া, মৰম আদি বিৰাজমান হ’ব। গতিকে নৱ প্ৰজন্মক সৰুৰ পৰাই সুষম খাদ্য খোৱাৰ প্ৰতি আগ্ৰহী কৰি তোলক।

অখাদ্য -

অখাদ্য হ’ল বাহি, পঁচা বা অত্যধিক মছলাযুক্ত আহাৰ। অখাদ্যবোৰ হৈছে- মদ, ভাং, ড্ৰাগছ আদি। এইবোৰ খাদ্য খোৱাৰ ফলতে আমাৰ এই অমূল্য জীৱনটো ধ্বংস হৈ যায়। আমাৰ সমাজত যিমানবোৰ হিংসা-হত্যা-ধৰ্ষণ-অসামাজিক কাৰ্য সংঘটিত হৈছে তাৰ অন্যতম কাৰণ এনেবোৰ অখাদ্য ভক্ষণ।

এনেবোৰ অখাদ্য ভক্ষণৰ বাবে অকালতে জীৱনটো নিঃশেষ হৈ যায়। গতিকে এনেবোৰ অখাদ্য খোৱাৰ পৰিৱৰ্তে ভাল খাদ্য খাই জীৱনটো ভালদৰে উপভোগ কৰিবলৈ শিক্ষা দিয়ক।

সৎ সংগ আৰু সৎ চিন্তা-চৰ্চা -

সৎ সংগৰ পৰাহে ভাল কথা, ভাল জ্ঞান লাভ কৰিব পৰা যায়। আজি আমাৰ সমাজৰ ৮০ শতাংশই সংগদোষত পৰি মদ-ভাং-ড্ৰাগছ আদি সেৱন কৰিবলৈ আৰম্ভ কৰে।

গতিকে আমাৰ অভিভাৱক বা পিতৃ-মাতৃসকলে নিজৰ ল’ৰা-ছোৱালীক অনুশাসনত ৰাখি তেওঁলোকৰ বন্ধু বা সংগৰ বিষয়ে জানি লোৱা উচিত।

সদায় অতন্ত্ৰ প্ৰহৰীৰ দৰে সন্তানক অনুশাসনত ৰাখি সৎ সংগত ফুৰা-চকা কৰা, সজ আচৰণ কৰা আৰু নিজৰ শাৰীৰিক চাফ-চিকুণতাৰ প্ৰতি মনোযোগ দিয়া, খাদ্যাভাস আদিৰ ওপৰতো চকু দিব লাগিব। আজিৰ নৱ প্ৰজন্মসকল দেশৰ ভৱিষ্যৎ।

আমাৰ মানৱ সম্পদ। এই মানৱ সম্পদ যদি বেয়া হয়, সমগ্ৰ জাতিটোৱে উন্নতিৰ পথলৈ অগ্ৰসৰ হ’ব নোৱাৰিব। গতিকে, নৱ প্ৰজন্মই এটা সুন্দৰ জীৱন গঢ়ি তোলাৰ চেষ্টা কৰিবই লাগিব। জীৱনবোধৰ শিক্ষাৰে সম্প্ৰতি আমাৰ নৱ প্ৰজন্ম শিক্ষিত হ’ব লাগিব।

নৱ প্ৰজন্মই আত্মজ্ঞান, আত্মমৰ্যাদা আৰু আত্ম সংযম প্ৰতি যাতে সততে সচেতন হয়, তাৰ প্ৰতি বিশেষ চকু দিব লাগিব।

লেখক: ধনেশ্বৰ হুজুৰী(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 11/29/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate