অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্রাথমিক শিক্ষাৰ ক্ষেত্রলৈ শিক্ষক সহায়কসকলৰ কার্যকৰী অৱদান

আলোচনাৰ সাৰাংশ

শিক্ষক সহায়কৰ বিষয়ে কিছু অধ্যয়ন কৰাৰ লগতে তেওঁলোকৰ কাম-কাজ, ৰাইজৰ চিন্তাধাৰা, নিয়োগৰ নীতি, আৰু জীৱন-ধাৰণৰ গুনগতমান আদি বিষয়বোৰৰ ওপৰত আলোচনাত ভাগ লোৱাসকলে কিদৰে শিক্ষক সহায়কসকলৰ অৱস্থাৰ উন্নতি কৰা সম্ভৱ সেই বিষয়ে কিছুমান পৰামর্শ দিয়ে।

শিক্ষাৰ্থীৰ সফলতাৰ আঁৰত শিক্ষক সহায়কসকলৰ অৱদান

সদস্যসকলে অনুভৱ কৰে যে, শিক্ষক সহায়কসকলে শিক্ষাৰ্থীক নামভৰ্ত্তিৰ বাবে উত্সাহিত কৰা, উপস্থিতিৰ হাৰ বৃদ্ধি আৰু শিক্ষাৰ্থীৰ স্থায়ীত্ব আদিকে ধৰি মুঠতে শিক্ষাৰ্থীৰ শিক্ষাগত সফলতাৰ ক্ষেত্ৰত এক যোগাত্মক পৰিৱৰ্তন আনিব পাৰে। শ্রেণীত মূল শিক্ষক অনুপস্থিত থকা, শিক্ষকৰ সংখ্যা কম থকা বা যিবিলাক বিদ্যালয়ত মূল শিক্ষকৰ অনুপাতত ছাত্র-ছাত্রীৰ সংখ্যা অত্যাধিক বেছি থাকে, বিশেষকৈ সেইবিলাক ক্ষেত্রত এই  শিক্ষক সহায়কসকলে ডাঙৰ ভূমিকা লয়। শিক্ষক সহায়কসকলে শিক্ষাৰ্থীৰ প্ৰাথমিক শিক্ষাগ্ৰহণত থকা দক্ষতাৰ নাটনি দূৰ কৰাত সহায় কৰিব পাৰে আৰু এওঁলোকে (যদি মহিলা হয়) ছাত্রীসকলক পদ্ধতিগতভাৱে কর্মভিত্তিক লাগতিয়াল প্রশিক্ষণো দিব পাৰে, যিবোৰ অতি প্ৰখৰ আৰু অতিৰিক্ত সহায়ৰ প্ৰয়োজন হয়। উদাহৰণস্বৰূপে হৰিয়ানা, উত্তৰ প্রদেশ আৰু গুজৰাটত চলি থকা প্ৰকল্পত শিক্ষক সহায়কসকলৰ জৰিয়তে নামভৰ্ত্তি বৃদ্ধি, শিক্ষাৰ্থীৰ স্থায়ীত্ব আৰু ছাত্রীসকলৰ সফলতা অনা সম্ভৱ হৈছে।

আলোচনাকাৰীসকলে বিভিন্ন অধ্যয়ন প্ৰতিৱেদনৰ পৰা উল্লেখ কৰিছে যে  শিক্ষক সহায়কসকলক ব্যৱহাৰ কৰাৰ ফলত সান-মিহলি প্রতিক্ৰিয়া হোৱা দেখা যায়। দেখা গৈছে যে শিক্ষক সহায়কৰ নিম্ন পাৰদৰ্শী পৰ্য্যায়তো শিক্ষাৰ্থীসকল সন্তোষজনকভাৱে এটা  পাৰদৰ্শী পৰ্য্যায়ত বৰ্তি থাকিবলৈ সক্ষম হয়। আন এটা অধ্যয়নৰ পৰা দেখা গৈছে যে শিক্ষক সহায়ক আৰু মূল শিক্ষকসকলৰ মাজত পাৰদৰ্শীতাৰ পৰ্য্যায়ৰ বিশেষ এটা লেখত লবলগীয়া পার্থক্য নাই। আকৌ আন কিছুসকলৰ মতে ১-৩ শ্ৰেণীৰ ছাত্রসকলৰ ক্ষেত্রত কিছু সফলতা দেখা পোৱা দেখা গৈছে আৰু পিছলৈ পাৰদৰ্শীতা ভীষণভাৱে কমি যোৱাও দেখা গৈছে। আলোচকসকলে কয় যে তেওঁলোকে জিলা প্ৰাথমিক শিক্ষা অভিযানৰ অধীনৰ শিক্ষক সহায়কসকলৰ ওপৰতহে অধ্যয়ন কৰিছে আৰু সচেতন,  সর্ব শিক্ষা অভিযানৰ অন্তৰ্গত নহয়। অধ্যয়নৰ অভিজ্ঞতাবোৰ বৰ্ণনা কৰি আলোচকসকলে কয় যে, তামিলনাডু আৰু উত্তৰ প্রদেশত সংগঠনবিলাকে শিক্ষক সহায়কৰ সহযোগীতাত শিক্ষাৰ প্রসাৰৰ বাবে হাতত লোৱা প্রচেষ্টাবিলাক উল্লেখযোগ্য। কিয়নো এই প্রচেষ্টাৰ জৰিয়তে শিক্ষাৰ গুনগত মানৰ উন্নতি হয় আৰু সমগ্ৰ ভাৰতবর্ষত নিয়োজিত শিক্ষকৰ জৰিয়তে ছাত্র-ছাত্রীৰ শিক্ষাগত দক্ষতাৰ মানৰো উন্নতি ঘটোৱা হয়।

আনহাতে আলোচনাকাৰীসকলে কয় যে, দীর্ঘদিন ধৰি শিক্ষক সহায়কৰ অধীনত থকাৰ ফলত ছাত্রৰ সিদ্ধিলাভৰ মান মাত্ৰ সন্তোষজনক নাইবা নিম্ন হব পাৰে, কিয়নো  শিক্ষক সহায়কসকলক পাৰিশ্ৰমিক কম দিয়া হয় আৰু তেওঁলোকৰ প্রশিক্ষণো পুতৌজনক। যিহেতু এই “শিক্ষক সহায়কসকল” চুক্তিভিত্তিত নিয়োজিত, সেইবাবেই তেওঁলোকৰ বৃত্তিগত বা চাকৰিৰ উন্নতিৰ কোনো ব্যৱস্থা নাই। তাৰোপৰি যেতিয়া সাধাৰণতে ৰাইজে তেওঁলোকক প্ৰশংসা কৰে, তেতিয়া তেওঁলোকক প্রায়েই “অতিৰিক্ত/প্রকৃত শিক্ষক নহয়” ইত্যাদি বুলি উল্লেখ কৰি উপযুক্ত সন্মান নকৰে। এইবিলাক কথাৰপৰা এইটো বুজা গৈছে যে শিক্ষক সহায়কসকল মূল শিক্ষকৰ ভাল সহায়ক হ’ব পাৰে কিন্তু ভালদৰে প্রশিক্ষিত মূল শিক্ষকৰ পৰিপূৰক হিচাবে কাম কৰিব নোৱাৰে।

শিক্ষক সহায়কৰ সম্পর্কে ৰাইজৰ উপলব্ধি

সমাজে  শিক্ষক সহায়কসকলৰ কামক প্ৰশংসা কিয় কৰে, এই বিষয়ে আলোচনা কৰি আলোচকসকলে কয় যে  শিক্ষক সহায়কসকল কর্তব্য পৰায়ণ, নিয়মানুৱর্তিতা মানি চলে, উদ্যমী, অঙ্গীকাৰবদ্ধ, তাৰোপৰি সবাতোকৈ ডাঙৰ কাৰণ হ’ল যে তেওঁলোক সেইখন সমাজৰেই এটা অঙ্গ। সমাজে এইটোও অনুভৱ কৰে যে শিক্ষক সহায়কসকলৰ কর্মক্ষেত্রৰ এনেধৰণৰ পৰিস্থিতিত কাম কৰি যোৱাৰ বাহিৰে আন বিকল্প নাই।

পার্শ্বশিক্ষকসকলৰ সম্পর্কে সম্প্রদায়ৰ ধাৰণা

কেন শিক্ষক সম্প্রদায় পার্শ্বশিক্ষকদের ভূমিকার প্রশংসা করে থাকেন, তা আলোচনা করতে গিয়ে সদস্যরা তাঁদের কর্তব্যনিষ্ঠা, সময়ানুবর্তিতা, উচ্ছ্বলতা, নিবেশিত হওয়ার মাত্রা ততসহ, তাঁরা যে একটি মুখ্য কারণে এই সম্প্রদায়ের অংশ, এই সত্যটির উল্লেখ করেছেন। তাছাড়া, সম্প্রদায় একথা সততই মনে রাখে যে, পার্শ্বশিক্ষকদের চাকুরীর যা শর্ত, তাতে তাঁদের ভাল কাজ না করে উপায় নেই।

শিক্ষক সহায়কসকলৰ নিয়োগৰ নীতিসমূহ

আলোচকসকলে এইটো লক্ষ্য কৰিছে যে পাৰম্পৰিক আৰু অ-পাৰম্পৰিক বিদ্যালয়বিলাকে সহায়ক শিক্ষক নিয়োগ কৰে।  শিক্ষক সহায়কসকলক পাৰম্পৰিক ভাৱে নিয়োগ কৰা হয় আৰু তেওঁলোকে এই কামৰ বাবে মূল শিক্ষকৰ তুলনাত অতি কম পৰিমাণৰ দৰমহা পায় আৰু এই দিশত তেওঁলোকৰ নিয়োগক পৰিচালনা কৰিবৰ বাবে কিছু নীতি নিয়ম (যেনে বয়স, শিক্ষাগত যোগ্যতা, স্থান ইত্যাদি), দৰমহা, চুক্তিৰ ম্যাদ, আৰু তেওঁলোকৰ কাৰ্য্যাৱলীৰ ওপৰত সতৰ্ক দৃষ্টি ৰখাৰ ব্যৱস্থা আছে। বাস্তৱতে বহু সংখ্যক শিক্ষক সহায়কক পঞ্চায়ত সভাপতিয়ে নিয়োগ কৰে। এই  শিক্ষক সহায়কসকলৰ ধাৰণাটো বিভিন্ন ধৰণৰ বুলি সদস্যসকলে মন্তব্য কৰে, কিছুমান বিদ্যালয়ে প্রতিটো বক্তৃতাৰ বাবে ভাড়া কৰা শিক্ষকসকলক “আলহী শিক্ষক” বোলে।

শিক্ষক সহায়কৰ জীৱন

আলোচনাকাৰীসকলে নিৰ্দিষ্টকৈ কয় যে, অধিকাংশ  শিক্ষক সহায়কে এই অৱস্থাটো গ্ৰহণ কৰে কিয়নো তেওঁলোকৰ বাবে স্থানীয়ভাৱে আন কোনো কৰ্মসংস্থান নাই। তেওঁলোকে এইটেও লক্ষ্য কৰে যে এই  শিক্ষক সহায়কসকল কোনো ধৰণৰ সন্থাৰ অন্তৰ্ভূক্ত নহয় আৰু তেওঁলোকৰ মতামতক দাঙি ধৰিবৰ বাবে তেওঁলোকক প্ৰতিনিধিত্ব কৰা কোনো সংস্থা নাই।

এই শিক্ষক সহায়কসকলৰ অভিজ্ঞতাৰ অধ্যয়নৰ পৰা দেখা গৈছে যে তেওঁলোকৰ দৰমহাৰ ক্ষেত্ৰত সদায় প্ৰভেদ ৰখা হয় আৰু চাকৰীৰ সুৰক্ষা আদিৰ বিষয়ে তেওঁলোক সদায় চিন্তিত হৈ থাকে। আনহাতে  শিক্ষক সহায়কসকলৰ বৃত্তিত উন্নতিৰ কোনো ধৰণৰ সুযোগ নাই বা তেওঁলোকৰ চাকৰি ভৱিষ্যতে নিয়মীয়াকৰণৰ হোৱাৰ কোনো ধৰণৰ নীতি খাটাংকৈ উল্লেখ নাই (কেৱল কৰ্তব্যৰ নীতিহে আছে)

সেইবাবেই বেছি সংখ্যক  শিক্ষক সহায়কে চৰকাৰী বিদ্যালয়ৰপৰা অভিজ্ঞতা সংগ্রহ কৰে আৰু শেষত তাৰ পৰা ‘ওলাই আহি’ ব্যক্তিগত বিদ্যালয়ত যোগ দিয়ে।

সদস্যসকলে ৰাজস্থানত চলি থকা শিক্ষাকৰ্মী প্ৰকল্পৰ অন্তৰ্গত শিক্ষক সহায়কসকলক পাকৈত কৰি তুলিবলৈ সংগঠিতভাৱে আৰু অবিশ্ৰান্ত সক্ষমতা বৃদ্ধিৰ কৌশলৰ প্রচেষ্টাক শলাগ লয়।

আলোচনাকাৰীসকলে এইটোও লক্ষ্য কৰে যে শিক্ষক সহায়কসকলৰ দক্ষতা অধিক উন্নত কৰিবলৈ অতি কম আঁচনিতহে সঠিক পদ্ধতিগত আৰু প্ৰয়োজনভিত্তিকভাৱে কাৰ্য্যকৰীকৰণৰ ব্যৱস্থা আছে।

শেষত আলোচনাকাৰীসকলে মতামত দিছে যে শিক্ষক সহায়কসকলৰ অনিশ্চিত ম্যাদকালৰ বাবে তেওঁলোকক দীর্ঘকালীন পদ্ধতিগত প্রশিক্ষণ প্রদানেৰে মূল শিক্ষকলৈ উন্নীত কৰাৰ ক্ষেত্রত সমস্যাৰ সৃষ্টি হয় আৰু ফলস্বৰূপে বৃত্তিগত জীৱনত শিক্ষক সহায়ক  হিচাপেই তেওঁলোকৰ স্থান স্থায়ী হয়।

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 4/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate