- ১ হৈছে আটাইতকৈ সৰু স্বাভাবিক সংখ্যা। ই মৌলিকো নহয়, যৌগিকো নহয়। ই এটা অযুগ্ম স্ংখ্যা।
- ১ক ১ৰে পূৰণ কৰিলে পূৰণফল সদায় ১ হয়।
- ১ক ১ৰে একাধিকবাৰ পূৰণ কৰিলেও পূৰণফল ১ৱেই হ’ব।
- কোনো সংখ্যাক ১ৰে হৰণ কৰিলে হৰণফল সেই সংখ্যাটোৱেই হ’ব।
- কোনো সংখ্যাৰ লগত ১ যোগ দিলে তাৰ পাছৰ সংখ্যাটো আৰু ১ বিয়োগ কৰিলে তাৰ আগৰ সংখ্যাটো পোৱা যায়।
- কোনো যুগ্ম সংখ্যাৰ লগত ১ যোগ বা বিয়োগ কৰিলে অযুগ্ম স্ংখ্যা পোৱা যায়।
- কোনো অযুগ্ম সংখ্যাৰ লগত ১ যোগ বা বিয়োগ কৰিলে যুগ্ম সংখ্যা পোৱা যায়।
- কেৱল ১ অংকযুক্ত সংখ্যাবোৰৰ বৰ্গ উলিয়াবলৈ সহজ। যেনে-
১×১=১
১১×১১=১২১
১১১×১১১=১২৩২১
১১১১×১১১১=১২৩৪৩২১
১১১১১×১১১১১=১২৩৪৫৪৩২১
১১১১১১×১১১১১১=১২৩৪৫৬৫৪৩২১
১১১১১১১×১১১১১১১=১২৩৪৫৬৭৬৫৪৩২১
১১১১১১১১×১১১১১১১১=১২৩৪৫৬৭৮৭৬৫৪৩২১
১১১১১১১১১×১১১১১১১১১=১২৩৪৫৬৭৮৯৮৭৬৫৪৩২১
লিখক: ড০ ৰফিক আলী।
শেহতীয়া উন্নীতকৰণ: : 3/29/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.