অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সকলো সংখ্যা 1 ত শেষ হয়

সকলো সংখ্যা 1 ত শেষ হয়

সকলো সংখ্যা 1 ত শেষ হয় যিকোনো সংখ্যা এটা লৈ খেলি চাব পাৰা । পিছে, ইয়াৰ বাবে এটা নিয়ম আছে । নিয়মটো হৈছে-

  • সংখ্যাটো যদি অযুগ্ম হয়, তেন্তে 3ৰে পূৰণ কৰি 1 যোগ দিবা ।
  • সংখ্যাটো যদি যুগ্ম হয়, তেন্তে 2ৰে হৰণ কৰিবা। এতিয়া তুমি যি সংখ্যাই নোলোৱা কিয়, এই প্ৰ্ক্ৰিয়াৰে গৈ থাকিলে শেষত তুমি 1 পাবা। ধৰি ললোঁ, তুমি ভাবিছিলা 15
  • 15টো অযুগ্ম সংখ্যা; গতিকে ৩ৰে পূৰণ কৰি 1যোগ দিলে পাম 46
  • 46টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 23
  • 23টো অযুগ্ম সংখ্যা; গতিকে 3ৰে পূৰণ কৰি 1যোগ দিলে পাম 70
  • 70টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 35
  • 35টো অযুগ্ম সংখ্যা; গতিকে 3ৰে পূৰণ কৰি 1যোগ দিলে পাম 106
  • 106টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 53
  • 53টো অযুগ্ম সংখ্যা; গতিকে 3ৰে পূৰণ কৰি 1যোগ দিলে পাম 160
  • 160টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 80
  • 80টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 40
  • 40টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 20
  • 20টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 10
  • 10টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 5
  • 5টো অযুগ্ম সংখ্যা; গতিকে 3ৰে পূৰণ কৰি 1যোগ দিলে পাম 16
  • 16টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 8
  • 8টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 4
  • 4টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 2
  • 2টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 1 সকলো সংখ্যাই এনে ধৰ্ম দেখুৱায় নে ?
এই বিষয়ে বহুতো পৰীক্ষা-নিৰীক্ষা ১৯৩০ চনৰেপৰা চলি আছে । এই পৰ্যন্ত আধুনিক কম্পিউটাৰৰ সহায়ত 1018-1 লৈ অৰ্থাৎ ১৮টা ৯ একেলগে বহুৱালে যি হ’ব, সিমানলৈ দেখা গৈছে যে এই নিয়মটো খাটে । সংখ্যাজগতত এই সমস্যাটোক 3n+1 বুলি জনা যায়। 1ৰপৰা 20লৈকে সংখ্যাবোৰ লৈ এই নিয়ম খুটুৱাই চালে দেখা যায় যে সংখ্যাবোৰ সদায় 4-2-1ত শেষ হয় । 4পালেই 2ৰে হৰণ কৰি 2, আৰু 2ক 2ৰে হৰণ কৰি 1 পোৱা যায় । 1ক পুনৰ 3ৰে পূৰণ কৰি 1যোগ দিলে 4 পোৱা যায় । অৰ্থাৎ 4-2-1 চক্ৰতে ঘুৰি থাকিব ।

লিখক: ড০ ৰফিক আলী।

শেহতীয়া উন্নীতকৰণ: : 4/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate