অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

৯ ৰ মাহাত্ম্য !

৯ ৰ মাহাত্ম্য !

৯ ৰ মাহাত্ম্য ! ৯ ৰে শেষ হোৱা যিকোনো দুই অংকীয় সংখ্যাক, অংক দুটাৰ পূৰণফল আৰু অংক দুটাৰ যোগফলৰ সমষ্টি হিচাপে প্ৰকাশ কৰিব পাৰি । অৰ্থাৎ ৯ৰে শেষ হোৱা দুই অংকীয় সংখ্যা=(অংক দুটাৰ পূৰণফল)+(অংক দুটাৰ যোগফল) । যেনে- ৯=(০×৯)+(০+৯) ১৯=(১×৯)+(১+৯) ২৯=(২×৯)+(২+৯) ৩৯=(৩×৯)+(৩+৯) ৪৯=(৪×৯)+(৪+৯) ৫৯=(৫×৯)+(৫+৯) ৬৯=(৬×৯)+(৬+৯) ৭৯=(৭×৯)+(৭+৯) ৮৯=(৮×৯)+(৮+৯) ৯৯=(৯×৯)+(৯+৯) দুটাতকৈ বেছি অংক থকা সংখ্যাবোৰৰ ক্ষেত্ৰত শেষৰ ৯ টোক এৰি প্ৰথমকেইটা অংকক এটা অংক হিচাপে লৈ দেখুৱাব পাৰি- ১০৯=(১০×৯)+(১০+৯) ১১৯=(১১×৯)+(১১+৯) ১২৯=(১২×৯)+(১২+৯) ১৩৯=(১৩×৯)+(১৩+৯) ইত্যাদি । যিমান অংকীয় সংখ্যাই নহওঁক কিয়, শেষৰ ৯টো এৰি বাকী কেইটাক এটা অংক বুলি ধৰিলেই হ’ল । দুই অংকীয় সংখ্যাৰ ক্ষেত্ৰতেই নহয়, কেৱল ৯ৰে শেষ হোৱা যিকোনো সংখ্যাৰ ক্ষেত্ৰতহে এই নিয়ম সম্ভৱ । বীজগণিতৰ সহায়ত ইয়াৰ সত্যতা দেখুৱাব পাৰি । দহকৰ অংকটো t আৰু এককৰ অংকটো u বুলি ধৰিলে আমাৰ ওপৰৰ চৰ্তটো হ’ব- 10t+u=(tu)+(t+u) বা 10t=ut+t বা 9t=ut বা u=9 (য’ত t≠0)

লিখক: ড০ ৰফিক আলী।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate