অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতৰ কৃষিক্ষেত্ৰত সংবাদ আৰু সংযোগ প্ৰযুক্তি বিদ্যা :

ভাৰতৰ কৃষিক্ষেত্ৰত সংবাদ আৰু সংযোগ প্ৰযুক্তি বিদ্যা :

 

ভাৰত এখন কৃষিপ্ৰধান দেশ। ভাৰতৰ প্ৰায় ১২৭ কোটি মানুহৰ বেছিসংখ্যক লোকে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰি আহিছে। সেই হেতুকে কৃষিৰ উন্নতি সাধন কৰাৰ বাবে বৰ্তমান কৃষি ক্ষেত্ৰত সংবাদ আৰু সংযোগ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰাটো অতীব প্ৰয়োজন হৈ পৰিছে। ইয়াক কৃষি ক্ষেত্ৰত প্ৰয়োগ কৰাটোৱে হ’ল ই –কৃষি (E-agriculture)। কৃষি বিজ্ঞানীসকলৰ মতে “E-agriculture involves the design, development,evaluation and application of innovative ways to use the Information and Communication Technology in agriculture” এই পদ্ধতিৰ কৃষিৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা প্ৰযুক্তিগত কৌশলবোৰ সমগ্ৰ বিশ্বই জ্ঞাত হয়। অৱশ্যে এই পদ্ধতি দেশ ভেদে বেলেগ বেলেগ হোৱা দেখা যায়। বিশেষকৈ ইউৰোপৰ দেশসমুহত ব্যৱহাৰ হোৱা প্ৰযুক্তিবোৰ এছিয়াত ব্যৱহৃত হোৱা প্ৰযুক্তিগত কৌশলবোৰতকৈ কিছু হ’লেও বেলেগ বেলেগ হোৱা দেখা যায়। তদুপৰি কৃষিভুমিৰ শস্যবোৰো একে ধৰণৰ নহয়। এই কথাবোৰ জানিবলৈ আৰু সুবিধা অনুযায়ী প্ৰয়োগ কৰাৰ কৌশলবোৰ সংবাদ আৰু সংযোগ প্ৰযুক্তিবিদ্যাৰ সহায়ত জানিব পাৰি। এইবোৰ জনা আৰু প্ৰয়োগ কৰিবৰ বাবে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাটোৱে বিশেষভাৱে সহায় কৰা দেখা যায়।

ই-কৃষি প্ৰযুক্তি সম্প্ৰতি কৃষি ক্ষেত্ৰত সংযোজন কৰা নতুন পদ্ধতি। বৰ্তমানে ই-কৃষিৰ অগ্ৰগতিৰ ক্ষেত্ৰত অপৰিহাৰ্য অংগ হৈ পৰিছে। কাৰণ নতুন কৃষি পদ্ধতিৰ প্ৰয়োগীকৰণ, খাদ্য উৎপাদনৰ হাৰ বৃদ্ধি, খাদ্য সুৰক্ষা, ব্যৱসায়িক দিশ আদিত সহায়ৰ বাবে এই প্ৰযুক্তিবিদ্যা অতি দৰকাৰী হৈ পৰিছে।

সংবাদ আৰু সংযোগ প্ৰযুক্তিবিদ্যাই আমাক কৃষিক্ষেত্ৰত নানাভাৱে সহায় কৰিব পাৰে। এই বিদ্যাত আছে কম্পিউটাৰ, সংবাদ আৰু সংযোগৰ একক ব্যৱহাৰ। এই ব্যৱস্থাৰে আমাক কৃষিৰ সকলোখিনি দৰকাৰী কথা জনাব পাৰে। এই প্ৰযুক্তিবিদ্যা আহৰণ কৰাৰ পাছত কৃষিৰ উন্নতিৰ বাবে কেনে ধৰণে প্ৰয়োগ কৰিব পাৰি এই কথা খেতিয়কৰ বাবে সহজ হৈ পৰে। তদুপৰি এই প্ৰযুক্তি বিদ্যাত আছে কৃত্ৰিম উপগ্ৰহৰ সংযোগ ব্যৱস্থা, ভৌগালিক সংবাদ পদ্ধতি, টেলিসংযোগ ব্যৱস্থা, অনাতাঁৰ ব্যৱস্থা, ইণ্টাৰনেট আদি। কাৰণ কৃষিৰ সকলো খবৰ বিতংভাৱে জানিবলৈ হ’লে আমি সংযোগ ব্যৱস্থা, সংবাদ মাধ্যমৰ সহায় ল’বই ম্লাগিব। কৃষিৰ ক্ষেত্ৰত সেউজ বিপ্লৱ আনিবলৈ হ’লে আমি প্ৰযুক্তিবিদ্যাৰ সহায় লোৱাটো একান্ত প্ৰয়োজনীয় কথা। এইক্ষেত্ৰত ভাৰত চৰকাৰে সকলোখিনি ব্যৱস্থ লোৱাৰ বাবে যথেষ্টখিনি চেষ্টা চলাই আছে আৰু বহু ক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে সংযোগ ব্যৱস্থা আৰু সংবাদ মাধ্যমৰ সহায় ল’বৰ বাবে “National Agriculture” প্ৰস্তুত কৰা হৈছে যাতে ভাৰতত কৃষি ব্যৱস্থাৰ অগ্ৰগতি লাভ কৰিব পাৰি। ২০২০ চনত যাতে ভাৰতৰ কৃষিয়ে আমুল পৰিৱৰ্তন লাভ কৰিব পাৰে, তাৰ বাবে কৃষি বিভাগে নতুন নতুন পদ্ধতি উদ্ভাৱন কৰি আছে। তদুপৰি কৃষিৰ ব্যৱসায়িক দিশটো যাতে কাৰ্যক্ষম হৈ উঠে তাৰ বাবে সকলোখিনি ব্যৱস্থা হাতত লৈছে। ইয়াৰ বাবে “Information Network” স্থাপন কৰা হৈছে।

উল্লেখনীয় যে সংযোগ ব্যৱস্থা আৰু সংবাদ মাধ্যমে যাতে দেশৰ চুকে-কোণে থকা গাওঁবিলাকতো আলোড়ন সৃষ্টি কৰিব পাৰে, তাৰ বাবেও সতৰ্ক দৃষ্টি ৰখা হৈছে। এই উদ্দেশ্যে ভাৰতৰ গাওঁসমুহত কিষাণ সংবাদ কেন্দ্ৰ, জ্ঞানদুত প্ৰকল্প, ভুমি প্ৰকল্প, জ্ঞান গংগা প্ৰকল্প আদি খোলা হৈছে। লগতে ‘Agricultural Directorate of Marketing and Inspection আৰু National Informatics Centre ৰ লগত লগ লাগি Agriculture Marketing Information Network খোলা হৈছে। সম্প্ৰতি ই ২৮০০ খন বজাৰ দহোটা ভাষাত সামৰি লৈছে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ভাৰতত বেছিভাগ কৃষকে পৰম্পৰা প্ৰথাৰ মোহ এৰিব পৰা নাই। সেইবাবে পুৰণি প্ৰথাৰেই এতিয়াও খেতি-বাতি কৰি আছে। তেওঁলোকে সংযোগ ব্যৱস্থা আৰু সংবাদ মাধ্যমৰ ফলদায়কৰ প্ৰতি এতিয়াও অজ্ঞাত কিম্বা আকৃষ্ট নহয়। সেইবাবে এই প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি সুফল পোৱা নাই। ফলত এই কৃষকসকল আৰ্থিক দিশত লাভৱান হোৱা নাই।

শেষত ইয়াকে ক’ব পাৰি যে কৃষিৰ অগ্ৰগতি কৰাৰ বাবে নতুন কৌশলগত আৰু লাভজনক পদ্ধতি ব্যৱহাৰ কৰিবই লাগিব। নহ’লে কৃষিৰ ক্ষেত্ৰত আমি বহুখিনি পিছপৰি ৰ’ম।

লেখক: ড° প্ৰদীপ কুমাৰ দাস ( ৰাইজৰ বাতৰি)

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate