অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেমৰি কাৰ্ডৰ বিষয়ে জানো আহক

মেমৰি কাৰ্ডৰ ব্যৱহাৰক লৈ বহু বাৰ এক খেলি-মেলি পৰিস্থিতিৰ মূখামূখি হ’ব লগীয়া হয়। এই নিচেই সৰু টুকুৰাটোৰ মায়াজালত আজি সমগ্ৰ বিশ্ব মন্ত্ৰমূগ্ধ।আহক তেন্তে আজি কিছু ভালকৈ ইয়াৰ বিষয়ে জানো।

Flash Memory Card বা Solid state flash memory Data storage আদি নামেৰে জনা যোৱা মেমৰি কাৰ্ড Digital content অক একেলগ কৰি জমা ৰাখিবলৈ ব্যৱহাৰ হোৱা এক Electronic Device বা কৌশল বুলি কব পাৰি।আজিকালি ইয়াৰ ব্যৱহাৰ: মোবাইল ফোন,ডিজিটেল কেমেৰা,মিউজিক প্লেয়াৰ,ভিডিঅ গেমচ্ ৰ দৰে বহু ধৰণৰ ইলেকট্ৰনিক উপকৰণত ব্যৱহাৰ হবলৈ ধৰিছে। ইয়াত জমা কৰা (store) খবৰ মোহাৰি পেলাব পাৰি,আকৌ পুনৰ সোমোৱাব পাৰি,ইয়াত প্ৰয়োজনীয় সাল-সলনিও কৰিব পাৰি।কম্পিউটাৰ,লেপটপ ইত্যাদিত সংযোগ হব পৰা pen drive অতকৈ এই মেমৰি কাৰ্ড; আকাৰ,প্ৰকাৰ ইত্যাদিত বেলেগ হয়।যি ডিভাইছত ইয়াক ব্যৱহাৰ কৰা হয় তাত ইয়াক সংযূক্ত কৰিবৰ বাবে আগতেই এটা খাজঁ বনোৱা থাকে। ট্যেকনিকৰ পৃথিৱীত ইয়াক Non-Volatile SD Card বুলি কোৱা হয়। SD ৰ অৰ্থ হৈছে Secure Digital আৰু Non-Volatile অৰ অৰ্থ হৈছে যে, ইয়াক নিজৰ মূখস্থ বিদ্যাৰ বাবে কোনো বাহিৰা শক্তিৰ(power) ৰ সোতঁৰ প্ৰয়োজন নাই। কিয়নো কোনো power flowing নোহোৱাকৈও ইয়াত memory অটুট থাকে।

তিনি ধৰণৰ মেমৰি কাৰ্ড থাকে। SD,SDHC আৰু SDXC.

(1) SD: ইয়াক মেমৰি কাৰ্ডৰ প্ৰথম পুৰুষ বুলি কব পাৰি।ইয়াৰ ডাঠ অংশ 2.1 মিঃমিঃ হয় আৰু ইয়াৰ অধিকতম মেমৰি ক্ষমতা 2 GB থাকে।এনেধৰণৰ কাৰ্ড তিনিধৰণৰ আকাৰত উপলব্ধ হয়।প্ৰথম হল মূল SD,যি নিজৰ বাবে বনোৱা খাজঁত ফিট হৈ যায়।অন্য দুবিধ অপেক্ষাকৃত ভাবে সৰু আকাৰৰ হয়।যাক miniSD, microSD বুলি কয়।ইহঁতক এটা এডাপ্তৰৰ সহায়ত সম্বন্ধিত খাজঁত লগোৱা হয়। সাধাৰণতে SD কাৰ্ড ব্যক্তিগত কম্পিউটাৰ,ডিজিটেল কেমেৰা বা এনে ধৰণৰ ডাঙৰ আকাৰৰ ইলেকট্ৰনিক ডিভাইছত ব্যৱহাৰ কৰা হয়,যিদৰে miniSD, microSD কাৰ্ড মোবাইল,টেবলেটৰ দৰে সৰু ডিভাইছত ব্যৱহাৰ কৰা হয়।
(2) SDHC: দ্বিতীয় প্ৰজন্মৰ এই মেমৰি কাৰ্ড আহে ২০০৬ চনত।SDHC ৰ অৰ্থ হল Secure Digital Capacity কাৰ্ড।আকাৰত ই SD কাৰ্ডৰ সমানেই,কিন্ত্ত ইয়াৰ ক্ষমতা 4GB ৰ পৰা 32GB লৈকে হয়।এই বিধৰ সৰু আকাৰৰ কাৰ্ডকো miniSD, microSD বুলি কয়।

(3) SDXC: মেমৰি কাৰ্ডৰ তৃত্বীয় প্ৰজন্মৰ এই কাৰ্ড ২০০৯ চনত আহে। SDXC ৰ অৰ্থ হৈছে, Secure Digital extended capacity।ইয়াৰ ক্ষমতা 48GB ৰ পৰা 2TB হয়।ব্যৱহাৰিক অৰ্থত এতিয়ালৈকে 128GB ক্ষমতা সম্পন্ন কাৰ্ড হে সাধাৰণ মানুহৰ বাবে উপলব্ধ হৈছে।ইয়াৰ সৰু আকাৰক microSD বুলিয়েই কোৱা হয়।অৱশ্যে এতিয়া ইয়াৰ UHS(Ultra High Speed Bus) আৰু SDIO(Secure Digital Input Output) সংস্কৰণো উপলব্ধ হৈছে।UHS 1 আৰু UHS 3 ফৰ্মেটৰ মেমৰি কাৰ্ডো বজাৰলৈ আহিছে।

মেমৰি কাৰ্ডৰ স্পীড:

মেমৰি কাৰ্ডৰ স্পীড বোলা কথাটো এক সংবেদনশীল বিষয়।ইয়াক এই কথাৰে জুখিব পাৰি যে মেমৰি কাৰ্ডত কিমান স্পীডত এখন ফটোৰ নিচিনা এক ডিজিটেল খবৰ (digital information) ভৰাব(store) পাৰি বা বিচাৰি উলিয়াব পাৰি।বহু বাৰ আপুনিও হয়তো লক্ষ্য কৰিছে যে,কোনোবা এখন ফটো উলিয়াওঁতে আপোনাৰ বহু সময় লৈছে,ব্যস্ত হৈ থকাৰ সংকেত দি আছে বা কোনো ভিডিঅ’ চাওঁতে বাৰে বাৰে বাধাপ্ৰাপ্ত হৈছে।আচলতে মেমৰি কাৰ্ড যূক্ত সকলো ডিভাইছ এক বিশেষ স্পীড-কাৰ্ডৰ বাবে বনোৱা হয়।যদি সেই ডিভাইছত কম স্পীড সম্পন্ন মেমৰি কাৰ্ড সংযূক্ত কৰা হয় তেতিয়া এই পৰিণাম পোৱা যায়।বহু মানুহে এই ক্ষেত্ৰত কোনো ধ্যান নিদিয়ে,বা এই বিষয়ত জ্ঞান নথকাৰ বাবে নিজৰ মোমাইল বা কম্পিউটাৰ আদিৰ বাবে তাৰ resolution অৰ লগত খাপঁ খোৱাকৈ মেমৰি কাৰ্ড সংযূক্ত নকৰি যি কোনো ক্ষমতা সম্পন্ন কাৰ্ড ব্যৱহাৰ কৰে।যদি ডিভাইছ 16GB ক্ষমতা লৈকে বনোৱা হৈছে,মানুহে তাত 8GB,4GB কাৰ্ড ভৰাই দিয়ে,কিন্ত্ত কাৰ্ডৰ ক্ষমতাৰ কথাটোলৈ ধ্যান নিদিয়ে। পিচৰ বাৰ যদি আপুনি কেমেৰাটোৰে ফটো লোৱাৰ পিচত তাক ষ্টৰ কৰোতে অধিক সময় লয় বা ‘কেমকাৰ্ডাৰে’ কোনো ভিডিঅ’ তোলোৰ সময়ত ঠিকমতে কাম নাই কৰা নাই,তেতিয়া হলে আগতে চাই লওঁক যে মেমৰি-কাৰ্ডৰ স্পীড আপোনাৰ সৰঞ্জামটোৰ মতে মিলিছে নে নাই।মেমৰি কাৰ্ডৰ class 2 আটাইতকৈ লেহেম আৰু class 10 কাৰ্ড সকলোতকৈ বেচি স্পীড হয়। যদি আপোনাৰ কেমেৰা স্পীড class 4,তেতিয়া হলে class 4 সম্পন্ন মেমৰি কাৰ্ডেই ব্যৱহাৰ কৰক।আপোনাৰ ডিভাইছত অটাইতকৈ বেচি স্পীড-মেমৰি কাৰ্ড সোমোৱালেও কোনো ফল নাপাব,যদিহে সেই স্পীডৰ সূবিধা আপোনাত ডিভাইছত উপলব্ধ নহয়।সেয়ে সকলো মিলাই মেমৰি কাৰ্ড কিনক:নহলে অসূবিধা পোৱাৰ লগতে বেচি ক্ষমতা সম্পন্ন মেমৰি কাৰ্ড কিনি মিছাতে অধিক ধন ভৰিব।

কাৰ্ডৰ স্পীড কেনেকৈ জানিব:

হব পাৰে আপোনাৰ কাৰ্ডত MB/Sec. অত লিখা আছে।যদি নাই,তেন্তে কাৰ্ডৰ গতিৰ খবৰ কাৰ্ডৰ ওপৰত বনোৱা চিহ্নৰ পৰাও জানিব পাৰে।কাৰ্ডৰ ওপৰত এটা অৰ্ধবৃত্তত যদি 2 লিখা আছে ,তাৰ অৰ্থ তেতিয়া হলে ক্লাছ 2 শ্ৰেণীৰ কাৰ্ড,য’ত আপুনি 2MB/Sec. অৰ স্পীড পাব।এইদৰে 4,6,10 লিখাৰ অৰ্থ হৈছে ক্লাচ 4, ক্লাচ 6, ক্লাচ 10 শ্ৰেণীৰ কাৰ্ড, য’ত আপুনি কমতকৈ কম 4,6 আৰু 10 MB/Sec. স্পীড লাভ কৰিব পাৰিব।U ৰ নিচিনা চিহ্নৰ ভিতৰত যদি 1 বা 3 লিখা আছে তেন্তে আপুনি 10 বা 30 MB/sec. স্পীড পোৱাৰ আশা কৰিব পাৰে।

মেমৰি কাৰ্ডৰ সুৰক্ষা:

আমি কেতিয়াবা ভুলতে,বা কোনোয়ে আপোনাৰ device টো পিতিকা-পিতিকি কৰি থাকোতে মেমৰি কাৰ্ডৰ পৰা গান,ফটো বা কোনো ডাটা delete কৰি দিওঁ বা delete হৈ যায়;যেতিয়া ভুলটো বুজিব পাৰো,তেতিয়া বহু দেৰি হৈ যায়।এনে পৰিস্থিতিৰ পৰা উদ্ধাৰৰ অৰ্থে বহু আধুনিক software পোৱা যায়, যাৰ সহায়ত বিশেষ code বা password ব্যৱহাৰ কৰি delete কৰা ডাটাক ঘূৰাই আনিব পাৰি। যি কোনো অবাঞ্ছিত ভূলৰ বাবে এক সহজ উপায় আছে।কিছুমান কাৰ্ডত মেমৰি কাৰ্ডৰ একেবাৰে তলৰ অংশত lock and unlock কৰিব পৰা এক কৌশল সংযূক্ত কৰা হয়। ব্যৱহাৰ নোহোৱা সময়ত আপোনাৰ কেমেৰা বা অন্য যি কোনো device অত সংযূক্ত থকা মেমৰি কাৰ্ডখন lock mood অত ৰাখিলে তেনে পৰিস্থিতিৰ পৰা পৰিত্ৰান পোৱা যায়।

অন্য কিছু কথা:

• মেমৰি কাৰ্ডে কেতিয়াবা দিগদাৰি দিলে বৰ সমস্যাত পৰা হয়।ইয়াৰ বাবে SD Card Recovery Tool ৰ দৰে software পোৱা যায়।
• মেমৰি কাৰ্ডৰ পৰা ডাটা delete হৈ গলে তাক পুনৰ উদ্ধাৰৰ বাবে undelete 360,Recuva ৰ দৰে বিভিন্ন ধৰণৰ software উপলব্ধ।
• বিভিন্ন ধৰণৰ প্ৰয়োগ/trick অৰ বাবে Memory Card Tools, Memory Card Manager অৰ ব্যৱহাৰ কৰিব পাৰি।

লিখক: ইমৰান হুছেইন

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate