অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমাৰ আপোন চৰাইবোৰ : হেঁটুলুকা

আমাৰ আপোন চৰাইবোৰ : হেঁটুলুকা

আশংকাজনক পৰ্যায়ত এই চৰাই এতিয়াও পোৱাগৈ নাই সেয়ে আই.ইউ.চি.এনৰ ৰঙা তালিকাত হেঁটুলুকাই স্থান পোৱা নাই। হেঁটুলুকা এবিধ ন্যূনতম বিপদগ্রস্ত চৰাই। ভাৰতবৰ্ষত হেঁটুলুকাৰ সাতটা প্ৰজাতি পায় যদিও অসমত ইয়াৰ পাঁচটা প্ৰজাতিহে দেখা যায়। হেঁটুলুকা ভাৰতৰ উপৰিও বাংলাদেশ, পাকিস্তান, নেপাল, ভুটান, মিয়ানমাৰ, থাইল্যান্ড, লাওচ, ভিয়েতনাম আৰু চীনৰ দক্ষিণাঞ্চলত পোৱা যায়।

 

হেঁটুলুকা Blue-throated Barbetহেঁটুলুকা Blue-throated Barbet

 

হেঁটুলুকাৰ মুখাবায়ব, গল আৰু বুকুৰ ওপৰৰ ফালে ঘন আকাশী নীলা বৰণ দেখা যায় আৰু তাৰ বাবেই চৰাইটোৰ ইংৰাজী নাম Blue-throated Barbet। বাকি গোটেই দেহাটো কলপাত-সেউজীয়া, ৰঙা মূৰৰ ওঁঠৰ ঠিক ওপৰত সমানে হালধীয়া আৰু ক'লা বৰণৰ দুটা পটি থাকে, ক'লা পটিটো চকুৰ ওপৰৰে আকাশী নীলা বৰণ খিনি লৈকে থাকে। বুকুৰ দুইফালে এটিকৈ সৰু সিন্দুৰীয়া বৰণৰ চিটা থাকে।  ওঁঠৰ আগফালে অধালৈ ক'কা, বাকি অংশ ধোৱা বৰণীয়া হয়। হেঁটুলুকা ভৰি ধূসৰ বৰণীয়া হয়।  মতা আৰু মাইকি চৰাই দেখিবলৈ প্ৰায় একেই হয়, কেৱল কমবয়সীয়া চৰাই বোৰৰ ৰং বয়স্ক চৰাইবোৰৰ দৰে উজ্জল নহয়।

 

হেঁটুলুকা সাধাৰণতে সৰু সৰু দলত একেলগে থাকে। কেতিয়াবা ইহঁতে শীতকালত বা বৃহৎ খাদ্যৰ উৎসক কেন্দ্ৰ কৰি ইহঁতক ডাঙৰকৈ দল গঠন কৰা দেখা যায়। বটবৃক্ষৰ ফল ইহঁতৰ প্ৰিয় খাদ্য সমূহৰ ভিতৰত অন্যতম। ডাঙৰ দল সমূহত খাদ্যক কেন্দ্ৰ কৰি ইহঁতৰ মাজত প্ৰায়েই পাৰস্পৰিক কাজিয়াত লিপ্ত হোৱা দেখা যায়। হেঁটুলুকাই 'কুটুৰুক-কুটুৰুক-কুটুৰুক' শব্দৰে প্ৰায় গোটেই দিনে মাতি থাকে। শীতকালত হেঁটুলুকা কমকৈ মাতে।  গা পাতবৰণীয়া হোৱা বাবে গছত ইহঁতৰ উপস্থিতি সহজতে গম পোৱা নগলেও পাওয়া সঘনাই মাতি থকা বাবে ইহঁতৰ উপস্থিতিৰ উমান সহজতে পাব পাৰি। এটা হেঁটুলুকা মাতৰ প্ৰত্যুত্তৰত  আৰু এটা হেঁটুলুকা মাত শুনা যায়। সাধাৰণতে হেঁটুলুকাই বনাঞ্চল নাইবা বেছিকৈ গছ-গছনি থাকা ঠাইত ঘুৰি ফুৰে। গাছৰ একেবাৰে ওপৰৰ অংশক ইহঁতে বেচিকৈ পছন্দ কৰে। নৰম ফল বিশেষকৈ বটৰ ফল, কদম, দেৱদাৰুৰ ফল, ডাউয়া, আম, কল, অমিতা, সৰু পোকা-পৰুৱা আৰু লেটা ইহঁতৰ প্ৰধান পছন্দৰ খাদ্য। হেঁটুলুকা সাধাৰণতে টেৰিটৰিয়াল অৰ্থাতএকেটা নিৰ্ধাৰিত স্থানতে এটা চৰাই তাৰ বংশানুক্ৰমে বাস কৰে। ইহঁতৰ প্ৰজনন কাল মাৰ্চ মাহৰ পৰা জুলাইলৈকে। ইহঁতে টান ওঁঠৰে ঠোঁট গাছৰ নৰম বা পচিব ধৰা কাণ্ডত গাত খান্দি বাহ সাজে। বাঢ়ৈটোকাৰ পৰিত্যক্ত গছৰ খোৰোংও হেঁটুলুকাই বাহ হিচাবে ব্যৱহাৰ কৰে। বাহৰ উচ্চতা মাটিৰ পৰা কমপক্ষেও ৮ ফুট ওখ হয়। ইহঁতে এবাৰতে ৩-৪টাকৈ বগা বৰণৰ কণী পাৰে। পুৰুষ আৰু স্ত্ৰী হেঁটুলুকা উভয়েই পৰ্যায়ক্ৰমে পোৱালীৰ লালন-পালন কৰে।

জয়দ্বীপ চক্ৰৱতী

শেহতীয়া উন্নীতকৰণ: : 5/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate