অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দেশৰ প্ৰথমটো সাহসিকতা বঁটা লাভ কৰা ডিব্ৰুগড়ৰ তৌফিক আহমেদ

দেশৰ প্ৰথমটো সাহসিকতা বঁটা লাভ কৰা ডিব্ৰুগড়ৰ তৌফিক আহমেদ

ডিব্ৰুগড় নগৰৰ গাতে লাগি থকা ডিব্ৰুজানৰ তৌফিক আহমেদ নামৰ দুৰন্ত সাহসী মানুহজনে ডেকা কালত দেশৰ প্ৰথমটো সাহসীকতাৰ বঁটা লাভ কৰিছিল। সেয়া আছিল ১৯৫৪ চনৰ ৪ চেপ্তেম্বৰৰ কথা। তেতিয়াৰ ভাৰতৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু অসমত ভয়ংকৰ ৰুপ ধাৰণ কৰা বানপানী চাবলৈ ডিব্ৰুগড়লৈ আহিছিল। ইয়াৰে দুদিন পূৰ্বে অৰ্থাৎ ১ ছেপ্তেম্বৰৰ দিনা খন ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড সোঁতত তিনি গৰাকী যাত্ৰীসহ এখন টুলুঙা নাও উটি গৈছিল। তৌফিক আহমেদ তেতিয়া আছিল ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ। তিনি জন যাত্ৰী ব্ৰহ্মপুত্ৰৰ সোঁতত উটি গৈছে- এই বাতৰিটোৰ ফলত নগৰ খনত চাৰিও ফালে হুৱাদুৱা লাগিল। তৌফিক আহমেদে কিন্ত তিনি জন মানুহ এনেদৰে উটি যোৱা চাই থাকিব নোৱাৰিলে। দুৰন্ত সাহসী তৌফিকে উটি যোৱা মানুহ কেই জনক উদ্ধাৰ কৰিবলৈ এখন সৰু টুলুঙা নাৱত উঠি ব্ৰহ্মপুত্ৰৰ বুকুত খেদি গ’ল। মানুহৰ হকা-বাধাকো নেওচি তৌফিক উঠিপৰি লাগিল। ব্ৰহ্মপুত্ৰইদি প্ৰায় দুই-তিনি কিল’মিটাৰ সৰু টুলুঙা নাও খন চলাই যোৱা তৌফিকে সকলোকে আচৰিত কৰি মোহনাঘাটত মৃতপ্ৰায় তিনিও জন যাত্ৰীকে জীৱন্তে উদ্ধাৰ কৰিলে। কথাটো ইকাণ-সিকাণ কৰি প্ৰশাসনৰ কাণত পৰিল। প্ৰশাসনৰ ফালৰ পৰা দুদিন পাছতে ডিব্ৰুগড়লৈ বানপানীৰ বুজ ল’বলৈ অহা প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক ঘটনাটো জনোৱা হ’ল। প্ৰধানমন্ত্ৰী গৰাকীয়ে দশম শ্ৰেণীৰ ছাত্ৰ তৌফিকক মাতি আনি কৰমৰ্দন কৰি তেওঁৰ সাহসিকতাৰ প্ৰশংসা কৰিলে। দিল্লীত গৈ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে যে তৌফিক আহমেদক দেশৰ প্ৰথমটো সাহসিকতাৰ বঁটা প্ৰদান কৰা হওঁক। ভাৰত চৰকাৰৰ পৰা শ্ৰেষ্ঠ শিশু সাহসিকতা বঁটা তেওঁক দিয়া হ’ল। পূৰ্বতে এই বঁটাটোৰ নাম আছিল ‘জীৱন ৰক্ষা বঁটা’। ১৯৫৫ চনৰ ৯ এপ্ৰিলত দেশৰ ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ স্বাক্ষৰ সম্বলিত এখনপ্ৰমাণ পত্ৰ, এটা ব্ৰঞ্জৰ মেডেলৰ লগতে উপহাৰৰ টোপোলা এটা ডিব্ৰুগড় প্ৰশাসানৰ জৰিয়তে তৌফিকলৈ পঠাই দিয়া হৈছিল। সেই মতে ডিব্ৰুগড়ত এটা অনুষ্ঠান পাতি অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে তৌফিক আহমেদক সেই বঁটা প্ৰদান কৰিছিল। সেই অনুষ্ঠানতে মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে তৌফিক আহমেদক সেই বঁটা প্ৰদান কৰিছিল। সেই অনুষ্ঠানতে মুখ্যমন্ত্ৰী মেধিয়ে শ্ৰীআহমেদক নিজৰ ফালৰ পৰা এটা সোণৰ মেডেল প্ৰদান কৰিছিল।

দেশৰ সংবাদ পত্ৰত তৌফিক আহমেদৰ নাম, ফটো বৰ বৰ হৰফেৰে প্ৰকাশ পালে। ১৯৫৪ চনৰ ১০ ছেপ্তেম্বৰৰ ‘আছাম ট্ৰিবিউন’ৰ প্ৰথম পৃষ্ঠাত আহমেদৰ ফটোসহ এই সম্পৰ্কীয় বাতৰিটো প্ৰকাশ পাইছিল। দেশত তেতিয়াৰ পৰাই ‘সাহসিকতা বঁটা’ৰ প্ৰচলন হ’ল।

পিছে দেশৰ প্ৰথমটো সাহসিকতা বঁটা লাভ কৰা তৌফিক আহমেদৰ আৰ্থিক অৱস্থা বৰ্তমান অতি শোচনীয়। অসম চৰকাৰে তেওঁক এককালীন সাহাৰ্য্য, চাকৰি আৰু ঘৰ বান্ধি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যক্ষেত্ৰত একোৱেই নিদিলে। পাছত তৌফিক আহমেদে ছিনেমা হলৰ কৰ্মচাৰী হিচাপে কাম কৰি কোনোমতে পৰিয়ালসহ দুবেলা-দুমুঠি খাই আছিল। অলপতে তেওঁৰ ডিব্ৰু জানৰ ঘৰলৈ যাওঁতে শ্ৰীআহমেদে দুখেৰে নিজৰ অৱস্থাৰ কথা মোৰ আগত প্ৰকাশ কৰিছিল। অসম চৰকাৰৰ ওপৰতো আহমেদ ক্ষুদ্ধ। চৰকাৰে চাকৰি, ঘৰ বান্ধি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই সকলো ফুটুকাৰ ফেনৰ বাহিৰে একো নহয় বুলি শ্ৰীআহমেদে আক্ষেপ কৰিলে।

লেখক: এম। হাছিম আলি, প্ৰান্তিক

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate