অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পেৰালিম্পিকৰ কাহিনী

চমু বিৱৰণ

পেৰালিম্পিকৰ আভিধানিক অৰ্থ হৈছে অলিম্পিক ক্ৰীড়া সমাৰোহৰ সৈতে একেলগে বা সমান্তৰালভাৱে অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতা| পেৰা শব্দটো আহিছে গ্ৰীকৰ পৰা| ইয়াৰ অৰ্থ উপৰিও আশে-পাশে| প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ অহা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ অলিম্পিকৰ সমান্তৰালভাৱে আয়োজিত হোৱা বাবেই এইখন প্ৰতিযোগিতাৰ নাম পেৰালিম্পিক| এই প্ৰতিযোগিতা বিশেষভাৱে সক্ষম বা শাৰীৰিকভাৱে বাধাগ্ৰস্ত খেলুৱৈৰ মাজত সীমাবদ্ধ| ১৯৬০ ৰ ৰোম অলিম্পিকৰ পৰা আনুষ্ঠানিক ৰুপত বিশেষভাৱে সক্ষম খেলুৱৈৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা আয়োজিত হৈ আহিছে যদিও সেই সময়ত প্ৰতিযোগিতাখন পেৰালিম্পিক নামেৰে পৰিচিত নাছিল| ১৯৮৮ ৰ ছিউল অলিম্পিকৰ পৰাহে আনুষ্ঠানিকভাৱে প্ৰতিযোগিতাখনৰ নাম পেৰালিম্পিক ৰখা হৈছে| সেইবাৰৰ পৰাই পেৰালিম্পিয়ানসকলে মুলসূঁতিৰ ক্ৰীড়াবিদৰ সমানেই সা-সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে| ২০১২ লণ্ডন অলিম্পিকৰ এমাহ পিচতেই আয়োজিত পেৰালিম্পিক গেমছৰ পৰাহে প্ৰতিযোগিতাখনৰ বিষয়ে সম্যক ধাৰণা এটা ক্ৰীড়াপ্ৰেমীৰ মাজত গঢ়ি উঠিছিল| দক্ষিণ আফ্ৰিকাৰ ব্লেড ৰানাৰ খ্যাত অস্কাৰ পিষ্টুৰিয়াছ পেৰালিম্পিকৰ অন্যতম তাৰকা খেলুৱৈ| কৃত্ৰিম ভৰিৰে দৌৰি পিষ্টুৰিয়াছে বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছিল যদিও প্ৰেয়সী ৰিভাক হত্যা কৰাৰ অভিযোগত তেওঁ সম্প্ৰতি জে’লত| যিয়েই নহওক, পেৰালিম্পিক গেমছৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰত পিষ্টুৰিয়াছৰ অৰিহণাক কোনোৱে উলাই কৰিব নোৱাৰিব|

পেৰাঅলিম্পিকৰ উৎপত্তি

বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজতো যে ক্ৰীড়া প্ৰতিভা লুকাই থাকিব পাৰে, সেই বিষয়ে খুব ভালদৰে উপলব্ধি কৰিছিল এজন জাৰ্মান চিকিৎসকে| লুডৱিগ গুটমেন নামৰ চিকিৎসক জনে দ্বিতীয় বিশ্বযুদ্ধত আঘাতপ্ৰাপ্ত ব্ৰিটিছ সৈনিকৰ মাজত ১৯৪৮ চনত এখন  ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিছিল| ৰাজহাড়ত আঘাত পোৱা সৈনিকৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল| ইন্টাৰনেচনেল হুইলচেয়াৰ গেমচ্‌ (International wheelchair games) নামেৰে অনুষ্ঠিত এই প্ৰতিযোগিতাখনেই পিচলৈ শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকলৰ বাবে প্ৰেৰণাৰ অমল উৎস হৈ পৰিছে| ১৯৫২ চনত অনুষ্ঠিত ইণ্টাৰনেচনেল হুইলচেয়াৰ গেমছত ব্ৰিটিছ সৈনিকৰ লগতে ডাচ্চ সৈনিকেও অংশগ্ৰহণ কৰিছিল| ১৯৬০ ৰ ৰোম অলিম্পিকৰ পৰা আনুষ্ঠানিকভাৱে অনুষ্ঠিত শাৰীৰিক বাধাগ্ৰস্ত সকলৰ গেমছত ২৩ খন দেশৰ প্ৰায় ৪০০ খেলুৱৈয়ে যোগদান কৰিছিল| ১৯৭২ লৈকে এই প্ৰতিযোগিতাত হুইলচেয়াৰত বহা খেলুৱৈয়েহে অংশগ্ৰহণ কৰিছিল| কিন্তু ১৯৭৬ চনৰ পৰা বিভিন্ন ক্ষেত্ৰত বাধাগ্ৰস্ত খেলুৱৈ সকলেও অংশগ্ৰহণৰ সুযোগ পায়| অৰ্থাৎ দৃষ্টিহীন, মূক-বধিৰ, হাত-ভৰি নথকা আদি বিশেষভাৱে সক্ষম খেলুৱৈয়ে অংশগ্ৰহণ কৰে| ১৯৭৬ চনৰ প্ৰতিযোগিতাত ৪০ খন দেশৰ ১,৬০০ খেলুৱৈয়ে যোগদান কৰিছিল| উল্লেখযোগ্য যে ২০০১ চনত আন্তৰ্জাতিক অলিম্পিক সমিতি আৰু আন্তৰ্জাতিক পেৰালিম্পিক সমিতিৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছে| এই চুক্তি অনুসৰি অলিম্পিক আয়োজিত হোৱা দেশখনতে পেৰালিম্পিক অনুষ্ঠিত হ’ব আৰু আয়োজক দেশখনে পেৰালিম্পিয়ান সকলক ভালদৰে আতিথ্য প্ৰদানৰ নিশ্চয়তা দিব লাগিব| প্ৰথমতে এই চুক্তি ২০১২ লণ্ডন অলিম্পিকলৈ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত চুক্তিৰ ম্যাদ ২০২০ টকিঅ’ অলিম্পিকলৈ বৃদ্ধি কৰা হয়| শাৰীৰিক ভাৱে বাধাগ্ৰস্ত খেলুৱৈৰ বাবে গঠিত প্ৰথমটো সংস্থা হৈছে- ইন্টাৰনেচনেল স্পোৰ্টচ্‌ অৰগেনাইজেচন ফৰ ডিজেবলচ্‌ (International sports organization for disabled.)| ১৯৬৪ চনত গঠিত এই সংস্থাটোৱেই আছিল পেৰালিম্পিকৰ গৱৰ্ণিং ব’ডি| সেইদৰে ১৯৮২ চনত ওৱালড স্পোৰটচ্‌ অৰগেনাইজেচন ফৰ ডিজেবলচ্‌(World sports organization for the disabled) নামৰ আন এটা সংগঠনৰ জন্ম হয়| দুয়োটা সংগঠনে আন্তৰ্জাতিক সমন্বয়ৰক্ষী সমিতি হিচাপে পেৰালিম্পিক আয়োজনত আন্তৰ্জাতিক অলিম্পিক সমিতিক সহায় কৰিছিল| অৱশ্যে ১৯৮৮ ৰ ছিউল অলিম্পিকৰ পিচত এটা স্বতন্ত্ৰ সংস্থা গঠনৰ প্ৰয়োজনীয়তা আহি পৰাত ১৯৮৯ চনত গঠন কৰা আন্তৰ্জাতিক পেৰালিম্পিক সমিতি| জাৰ্মানীৰ ব’নত অৱস্থিত আন্তৰ্জাতিক পেৰালিম্পিক সমিতিৰ বৰ্তমান সদস্য ৰাষ্ট্ৰ ১৭৪| ভাৰতি ইয়াৰ অন্যতম সদস্য| পেৰালিম্পিক আন্দোলনৰ মূল মন্ত্ৰ স্পৃট অফ্‌ মোচন (Spirit of motion)| শাৰীৰিকভাৱে বাধাগ্ৰস্ত সকলৰ বাবে সুকীয়াকৈ অলিম্পিক আয়োজিত হ’লেও মুল অলিম্পিকতো বহুকেইগৰাকী শাৰীৰিক বাধাগ্ৰস্ত খেলুৱৈয়ে প্ৰতিদ্বন্দিতা কৰাৰ উদাহৰণ আছে|

পেৰআলিম্পিকত বিভিন্ন খেলুৱৈৰ সফলতা

অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম জন বিশেষভাৱে সক্ষম খেলুৱৈ হ’ল জৰ্জ এইছাৰ| ১৯০৪ চনৰ অলিম্পিকত অংশগ্ৰহণ কৰা জিমনাষ্ট এইছাৰৰ এখন ভৰি কৃত্ৰিম আছিল| পেৰালিম্পিক গেমছত ভাৰতৰ প্ৰদৰ্শন বৰ বেয়া নহয়| ভাৰতে প্ৰথম ১৯৬৮ চনৰ গেমছত অংশ লৈছিল| তেতিয়াৰ পৰা ২০১২ লণ্ডনলৈ ভাৰতে পেৰালিম্পিক গেমছত জয় কৰিছে আঠটা পদক, ইয়াৰে দুটা সোণ| বাকী তিনিটা ৰুপ আৰু সমসংখ্যক ব্ৰঞ্জ আছে মুঠ পদকৰ জোলোঙাত| পেৰালিম্পিক গেমছত সোণৰ পদক জয় কৰা ভাৰতৰ প্ৰথম খেলুৱৈ জন হ’ল- মুৰলীকান্ত পেটকাৰ| ১৯৭২ চনৰ গেমছত পেটকাৰে সোণৰ পদক জয় কৰিছিল| সাঁতোৰৰ ৫০ মিটাৰ ফ্ৰীষ্টাইল ইভেণ্টত তেওঁ ভাৰতক সোণৰ পদকটো উপহাৰ দিছিল| পেৰালিম্পিক গেমছত সোণৰ পদক জয় কৰা আনজন ভাৰতীয় হ’ল- দেবেন্দ্ৰ ঝাঝাৰিয়া| ২০০৪ চনৰ গেমছত দেবেন্দ্ৰ ঝাঝাৰিয়াই জেভলিন থ্ৰ’ত সোণৰ পদক জয় কৰিছিল| চাৰি বছৰ পূৰ্বে লণ্ডনত অনুষ্ঠিত পেৰালিম্পিক গেমছত এন গিৰিশাই ৰুপৰ পদক জয় কৰিছিল| বৰ্তমান ৰিঅ’ত চলি আছে পেৰালিম্পিক গেমছ| সাত ছেপ্তেম্বৰত আৰম্ভ হোৱা প্ৰতিযোগিতাখন ১৮ ছেপ্তেম্বৰত শেষ হ’ব| এইবাৰ পেৰালিম্পিক গেমছত চাৰি সহস্ৰাধিক এথলীটে ২৩ বিধ খেলৰ ৫২৮ টা ইভেণ্টত প্ৰতিদ্বন্দিতা কৰিছে| আনহাতে ভাৰতৰ ১৯ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে| ইয়াৰে ১৫ গৰাকী এথলেটিকছৰ| বাকী আৰ্চাৰী, শক্তি উত্তোলন, সাঁতোৰ আৰু শ্বুটিঙৰ এগৰাকীকৈ খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছে|

উৎস:-অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate