সপ্তাহটোৰ বাৰ কেইটা যে গ্ৰহৰ নাম আৰু প্ৰাচীন ভাৰতীয় সকলে যে জ্যোত্যিৰ্বিদ্যা সম্বন্ধে যথেষ্ঠ জ্ঞান আহৰণ কৰিছিল সেই কথা তৈত্ৰাত্ৰেয় সংহিতাত পোৱা যায় ৷ তাত উল্লেখ কৰা মতে প্ৰতি দিনেই দিক্ষিত সকলে গ্ৰহ তুষ্ট কৰিবলৈ ছয় দিন নিয়মীয়াকৈ যজ্ঞ কৰিব আৰু এটা দিন বিৰতি দিব ৷ ঋকবেদত উল্লেখ কৰা মতে সকলো গ্ৰহৰ উৎপত্তি একে সময়তেই হৈছিল যদিও সূৰ্য উৎপত্তি প্ৰথম, সেই বাবে প্ৰথম সূৰ্য বা ৰবিৰ যজ্ঞ, তাৰ পিছত চন্দ্ৰ আৰু ক্ৰম অনুসৰি অন্য গ্ৰহ সমূহ ৷ আচৰিত কথা এইয়ে যে, বাকী গ্ৰহ সমূহৰ যজ্ঞৰ ক্ৰমটোৱে গোটেই সৌৰজগতৰ গ্ৰহৰ অৱস্থান সম্পৰ্কে বেদ স্ৰষ্টাৰ জ্ঞান থকাতো প্ৰতিপন্ন কৰে ৷ ৰবি আৰু চন্দ্ৰৰ পিছত এবাৰ পৃথিৱী আৰু সূৰ্য মাজত তথা এবাৰ পৃথিৱীৰ বাহিৰত থকা গ্ৰহ সমুহৰ ক্ৰম অনুসৰি যজ্ঞ কৰা হৈছিল ৷ চাও আহক সেই ক্ৰম—
ৰবি
চন্দ্ৰ বা সোম
মঙ্গল ( পৃথিৱীৰ বাহিৰত থকা গ্ৰহ)
বুধ ( পৃথিৱী আৰু সুৰ্য্যৰ মাজত থকা গ্ৰহ)
বৃহস্পতি ( পৃথিৱীৰ বাহিৰত থকা গ্ৰহ)
শুক্ৰ ( পৃথিৱী আৰু সুৰ্য্যৰ মাজত থকা গ্ৰহ)
শনি ( পৃথিৱীৰ বাহিৰত থকা গ্ৰহ)
এই ক্ৰমতেই দিক্ষিত সকলে ছয় দিন ক্ৰমান্বয়ে যজ্ঞ কৰিছিল যি শেষলৈ বাৰৰ নাম হয়গৈ ৷ ভাৰতীয় সভ্যতাই বৰ্তমানলৈকে জীয়াই থকা আটাইতকৈ পুৰণি সভ্যতা আৰু ঋকবেদেই পৃথিৱীৰ প্ৰাচীনতম গ্ৰন্থ ৷ এই বেদত উল্লেখ থকা গ্ৰহৰ ক্ৰমেই সপ্তাহৰ বাৰকেইটাৰ নাম হৈছিল গৈ ৷ কিন্তু আচৰিতভাৱে পাশ্চত্যৰ পণ্ডিত সকলে ক’ব খোজে যে বাৰ পদ্ধতিটো কেলেন্ডেঞ্চে খৃষ্টিয়ান যুগত আৰম্ভ কৰে ৷
.
শক্তিশালী দূৰবীণ আবিস্কাৰৰ বহু পুৰ্বেই ভাৰতীয় সকলে বিজ্ঞানসন্মত সথিক তথ্য ঋকবেদৰ পৰা আহৰণ কৰিছিল ৷ গুৰু বৃহস্পতি, গুৰু শব্দৰ অৰ্থ মহৎ, ডাঙৰ ইত্যাদি ৷ বৃহ অৰ্থাৎ বৃহৎ, সঁচাকৈয়ে ই সৌৰজগতৰ ডাঙৰ গ্ৰহ ৷ শনিক মাতৃৰ শাপৰ বাবে এটা ভৰি চুটি
আৰু লাহে লাহে গতি কৰে বুলি উল্লেখ আছে ৷ সঁচাকৈয়ে শনি লাহে লাহে পৰিভ্ৰমণ কৰে ৷ শুক্ৰ বা উজ্জল হীৰাৰ দৰে বুলি উল্লেখ আছে ৷ আচৰিত কথা শুক্ৰ প্ৰকৃততেই উজ্জল আৰু শীতল ৷
লিখক: দেৱজিত শইকীয়া৷
শেহতীয়া উন্নীতকৰণ: : 7/12/2020