অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাইচাইকেল

বাইচাইকেল

এখন সৰু বাহন । এই যে সাউতকৈ গৈ জৰুৰী কামটো কৰি অহা, বজাৰ-সমাৰ, ভাৰ বব নোৱাৰ কিছুমান বস্তু এঠাইৰপৰা আন ঠাইলৈ কঢ়িওৱা, ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, স্কুল-কলেজ পৰা বেপাৰীজনেও হাট-বজাৰলৈ যোৱা, পিয়নজনে চিঠি বিলোৱাৰপৰা, হকাৰে পেপাৰ আলোচনী আদি ঘৰে ঘৰে গৈ দিয়া, খৰি-খেৰ কঢ়িওৱালৈকে আমাক ভাগে ভাগে বিভিন্ন কামত সহায় কৰি আহিছে এই বাহনখনে ।
দুটা চকাৰে চলোৱা এখন বাহন—- যাৰ আন এটা নাম বাইচাইকেল। চাইকেল বুলিলে আমি বুজো, আসনত বহি পেডেল ঘূৰাই আমি ইঠাইৰপৰা আন ঠাইলৈ যোৱা বাহন খন। দা ছিভাৰক নামৰ ফৰাচী লোক এজনে ইয়াৰ প্ৰথম ব্যৱহাৰ কৰিছিল। তেওঁ দুটা কাঠৰ চকা এডোখৰ কাঠ সংযোগ কৰি তাৰ ওপৰত ভৰ দি হেঁচুকি হেঁচুকি চলোৱাৰ প্ৰয়াস কৰিছিল। সেয়াই হোনো চাইকেলৰ আৰম্ভণি। কালক্ৰমত এই চাইকেলেই ক্ৰমবিকাশ ঘটি ঘটি আজিৰ ৰূপ পায়। উল্লেখ্য যে চাইকেলৰ বৰ্তমান অৱস্থা পাবলৈ প্ৰায় দুশ বছৰ লাগিছিল। ছিভৰাকৰ সৃষ্টিৰ সেই আৰ্হিকে অনুকৰণ কৰি নানা সংস্কাৰ-সংবৰ্ধনৰ জৰিয়তে বৰ্তমানৰ অৱস্থা পায়। তাৰ পিছৰ পৰাই এইখনক আমাৰ নানা কামত ব্যৱহৃত হৈ আহিছে। আজিৰপৰা কেইবছৰ মান আগেয়ে বি বি চি ফালৰপৰা চলোৱা এটি সমীক্ষা চলোৱা হৈছিল। এই সমীক্ষাৰ দ্বাৰা এই কথা প্ৰতিপন্ন হৈছিল যে আধুনিক আৱিষ্কাৰ সমূহৰ ভিতৰত বিশ্বৰ শ্ৰেষ্ঠতম আৱিস্কাৰ হৈছে এই বাইচাইকেল। বিজ্ঞানীসকলে মানুহৰ আটাইতকৈ আদৰৰ বাহন এদিন চাইকেল হ’ব বুলি মত পোষণ কৰিছে। সংক্ষিপ্ত অসমীয়া বিশ্বকোষতো এই কথা উল্লেখ আছে। সকলোতকৈ ডাঙৰ কথা হৈছে চাইকেল হৈছে পৰিৱেশৰ মিত্ৰতা আৰু ব্যয় ৰাহিকাৰিতা। ই পৰিৱেশ দূষিত নকৰে। তদুপৰি বৰ্তমান যি যান-জঁটৰ সমস্যাই নগৰ-মহানগৰৰ বাসিন্দাসকলক অতিষ্ট কৰিছে। সেইখিনি সমস্যা চাইকেল ব্যৱহাৰে লাঘৱ কৰে। 
.
চাইকেল ব্যৱহাৰ কৰাৰ কিছুমান সুবিধা আছে। সেই সুবিধাবোৰ হ’ল— (ক)ইয়াক চলোৱাৰ বাবে কোনো ইন্ধনৰ প্ৰয়োজন নাই। যাৰ ফলত ই বায়ু প্ৰদূষণ নঘটায়। (খ) ই শব্দ প্ৰদূষণ নঘটায়। (গ) ইয়াক চলোৱাৰ বাবে বিশেষ কোনা প্ৰশিক্ষণৰ প্ৰয়োজন নাই। (ঘ) চাইকলে চলোৱাতো শৰীৰৰ বাবে এটি ভাল ব্যায়াম। বিশেষকৈ ডাইবেটিক ৰোগীয়ে চাইকেল প্ৰতি ১ ঘণ্টাকৈ হলেও চাইকেল চলালে উপকৃত হ’ব। (ঙ) অইন বাহনবোৰ চলাবলৈ যেনেকৈ আহল-বহল পথৰ প্ৰয়োজন, চাইকেলত তেনে পথৰ প্ৰয়োজন নাই। (চ) দুৰ্ঘটনা আদিতো ই আমাৰ বিশেষ ক্ষতি সাধিব নোৱাৰে (ছ) ইয়াৰ মেৰামতি অতি সহজ আৰু ইয়াৰ দাম কম, সকলো শ্ৰেণীৰ লোকে ইয়াক ব্যৱহাৰ কৰিব পাৰে।কৰিলে প্ৰধানকৈ আৰ্থিক, শাৰীৰিক আৰু পৰিৱেশিক সমস্যাৰ পৰা বহুতো লাঘৱ পোৱা যায়। আমাৰ ইয়াত চাইকেলৰ ব্যৱহাৰ কমি গৈছে আৰু আধুনিক বাহনে স্থান পাইছে তাৰ পৰিৱৰ্তে অইন দেশ সমূহত বিশেষকৈ থাইলেণ্ড, ভিয়েটনাম আদি দেশবোৰত চাইকেলৰ প্ৰাধান্য বৃদ্ধি পাইছে।

 

বাইচইলৰ কইটামান তথ্য:

(১) বিশ্বত প্ৰতি বছৰে তিনি কোটি চাইকেল নিৰ্মাণ কৰা হয় ।


(২) পৃথিৱীৰ ভিতৰত সৰ্বাধিক চাইকেল চলোৱা লোক চীন দেশত আছে ।

(৩) পৃথিৱীৰ সৰ্ববৃহৎ চাইকেলখনৰ নাম -ফ্ৰাংকেন চাইকেল । ৩.৩৫ মিটাৰ ওখ এই চাইকেলখনৰ চকাৰ ব্যাস আছিল ৬ মিটাৰ ।

(৪) পৃথিৱীৰ আটাইতকৈ সৰু চাইকেলখনৰ নিৰ্মাতা হ'ল অষ্ট্ৰেলিয়াৰ লেডিল পেটেন । সৰু চাইকেলখনৰ চকাৰ ব্যাস হ'ল ১.৯ ছেন্টিমিটাৰ ।

(৫) জন বয়েডে ১৮৮৮ চনত বতাহ ভৰাব পৰা টিউব আৱিস্কাৰ কৰে ।

(৬) পিয়েৰ লা লিমে নামৰ ফৰাচী ব্যক্তি এজনে এক্সেল, পেডেলৰ লগতে প্ৰথমবাৰৰ বাবে স্প'ক আৰু চেইন ব্যৱহাৰ কৰি চাইকেল নিৰ্মাণৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিলে ।

লেখক: ৰেখা বৰা৷

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate