অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহান বৈজ্ঞানিক গেলিলিও গেলিলি

মহান বৈজ্ঞানিক গেলিলিও গেলিলি

আহক আজি নমস্কাৰ জনাওঁ সেইজন মহান বৈজ্ঞানিকক যাক মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে আধুনিক বিজ্ঞানৰ পিতা বুলি কৈছিল। তেখেতৰ ১৫৬৪ চনৰ ইটালীৰ ফ্লৰেঞ্চৰ পিছাত জন্ম হৈছিল আৰু মৃত্যু হয় ৭৭ বছৰ বয়সত ১৬৪২ চনৰ ৮ জানুৱাৰীত।তেখেতৰ জন্ম এটা সঙ্গীতজ্ঞ পৰিয়ালত হৈছিল । তেওঁ প্ৰাকৃতিক দৰ্শণ আৰু গণিতৰ শিক্ষা গ্ৰহণ কৰে । তেওঁ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰা এবিধ কম্পাছ আৰু এবিধ টেলিস্কোপৰ উন্নীত সাধন কৰে। তেওঁয়েই প্ৰথমে বৃহস্পতি গ্ৰহৰ চন্দ্ৰ থকা কথাটো প্ৰমান কৰে। তেওঁয়েই প্ৰথমে আমাৰ চন্দ্ৰটোৰ অৱয়ব আৰু চৰিত্ৰ বৰ্ণনা (topography) কৰে।

পদাৰ্থবিজ্ঞানৰ মহান কৰ্ম হিচাবে তেওঁ মধ্যাকৰ্ষণ শক্তিৰ ওপৰত বহুতো পৰীক্ষা নিৰীক্ষা চলায়। তেওঁ কয় যে প্ৰতিটো বস্ত্তয়েই আচলতে একেটা হাৰতে গতি কৰে। ১৬৩৩ চনত গেলিলিওক বাইবেলৰ বিৰুদ্ধে গৈ পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষণ কৰে বোলা কথাটোত সমৰ্থন কৰি জনমত গঠন কৰাৰ বাবে দোষী সাব্যষ্ট কৰি গৃহবন্দী কৰা হয়।

গেলিলিওৰ সৈতে জড়িত ইতিহাসৰ মহান ক্ষণ সমূহ।

০৮-০৮-১৬০৯ : ভেনেটিয়ান চিনেটে তেওঁৰ টেলিস্কোপ পৰীক্ষা কৰে।

২৫-০৮-১৬০৯ : তেওঁ ভেনেটিয়ান আইনজ্ঞ সকলৰ আগত টেলিস্কোপ প্ৰদৰ্শণ কৰে।

০১-০১-১৬০৯ :জাৰ্মান জ্যোৰ্তিবিজ্ঞানী চিমন মেৰিয়াছে যদিও প্ৰথমে বৃহস্পতি গ্ৰহৰ চন্দ্ৰ থকা কথাটো ধৰা পেলায় তথাপি তেওঁ তাক বিভাগীয়ভাবে ৰিপৰ্ট কৰিব নোৱাৰে। গেলিলিওয়ে ১৬১০ চনৰ ১ জুলাইত সেই কাম কৰে।

০৭-০১-১৬০৯ : গেলিলিওয়ে বৃহস্পতি গ্ৰহৰ ৩ টা উপগ্ৰহ আৱিস্কাৰ কৰে। আয়’,ইউৰোপা আৰু গেনিমেডে।

১৩-০১-১৬১০ : গেলিলিওয়ে বৃহস্পতি গ্ৰহৰ চতুৰ্থ উপগ্ৰহ কেলিষ্টওক আৱিস্কাৰ কৰে ।

লিখক: ইমৰান হুছেইন।

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate