আমাৰ সৌৰজগতখনৰ বিভিন্ন গ্ৰহ-উপগ্ৰহবোৰ কেনেকৈ সৃষ্টি হৈছিল,এই বিষয়ে যিমানেই জানিবলৈ চেষ্টা কৰি থকা গৈছে,সিমানেই কথাবোৰ জটিল হৈ গৈ আছে।এইবোৰ অভিজ্ঞতাৰ পৰা বিজ্ঞানীসকলে এই কথাটো বুজি অভিজ্ঞতাৰ পৰা বিজ্ঞানীসকলে এই কথাটো বুজি পাইছে যে সৌৰজগতখনৰ সৃষ্টি এটা সৰলৰৈখিক সাধাৰণ ঘটনা নাছিল;বহুতো ঘটনা-পৰিঘটনা আৰু উথান-পতনৰ মাজেদি আহিছে সৌৰজগতখনে,অৰ্থাৎ গ্ৰহ-উপগ্ৰহবোৰে,বৰ্তমানৰ অৱস্থাটো পাইছেহি।
‘জাৰ্ণেল অব জিঅ’ফিজিকেল ৰিছাৰ্চ-প্লেনেটছ’নামৰ বিজ্ঞান- আলচনীখনত ২২ মে’ তাৰিখে প্ৰকাশ পোৱা এখন গৱেষণা –পত্ৰত দুগৰাকী বিজ্ঞানীয়ে কৈছ যে এটা সময়ত প্ৰস্তৰ (rocky)গ্ৰহকেইটা আগতে কাহানিও নজনা এটা ৰুপত আছিল।আমাৰ পৃথিৱীখনো এনেকুৱা এটা ৰুপৰ পৰা পৰিৱৰ্তিত হৈছে আজিৰ ৰুপটো পাইছেহি।বিজ্ঞানীসকলে এই নতুন ৰুপটোৰ নাম ৰাখিছে ছিনেষ্টিয়া (synestia),-ইয়াৰ আকাৰ ডোনাট (doughnut)নামেৰে পৰিচিত পিঠাবিধৰ দৰে,অৰ্থাৎ আঙঠি আকাৰৰ।ছিনেষ্টিয়া শব্দটো আহিছে গ্ৰীক ভাষাৰ দুটা শব্দৰ পৰা ছিন, (syn)আৰু হেষ্টিয়া (hestia)।ছিন মানে সমুহীয়াকৈ থকা (together),হেষ্টিয়া হ’ল গৃহ আৰু স্থপতিৰ তদাৰক কৰোঁতা এগৰাকী গ্ৰীক দেৱী।
পৃথিৱীৰ দৰে প্ৰস্তৰ গ্ৰহকেইটা আৰম্ভণিৰ সময়ত কেইবাবাৰো আন গ্ৰহৰ সৈতে সংঘৰ্ষত লিপ্ত হ’বলগীয়া হৈ বাষ্পীভুত হ’বলগীয়া হৈছিল আৰু হয়তো কোনো সময়ত ইহঁতে ছিনেষ্টিয়াৰ ৰুপ ল’বলগীয়া হৈছিল।
ওপৰত উল্লেখ কৰা গৱেষণা- পত্ৰখনত এইদৰে কোৱা হৈছে।
আমাৰ পৃথিৱীখনৰ সৃষ্টিৰ বিষয়ে বিজ্ঞানী সমাজত এতিয়ালৈকে সবাতোকৈ গৃহীত অনুমানটোৰ (hypothesis)মতে আজিৰ পৰা কেইবা শ কোটিও বছৰৰ আগতে সেই সময়ৰ এটা আদিগ্ৰহৰ পৰিভ্ৰমণৰ পথত মঙল গ্ৰহটোৰ সমান এটা পদাৰ্থপিণ্ডৰো সৃষ্টি হৈছিল।সময়ত এই দুয়োটা পদাৰ্থপিণ্ডৰ মাজত এক ভয়স্কৰ সংঘৰ্ষ হৈছিল(ইয়াক ‘the giant impact’ বুলিও কোৱা হয়),-এই সংঘৰ্ষৰ ফলস্বৰুপে আজিৰ পৰা ৪৫০ কোটি বছৰৰ আগতে ‘চৰকাৰীভাৱে;পৃথিৱী নামৰ গ্ৰহটোৰ সৃষ্টি হৈছিল আৰু এই সংঘৰ্ষত ছিটিকি যোৱা একাংশ পদাৰ্থ লগ লাগি আমাৰ জোনটোৰ সৃষ্টি হৈছিল।
ওপৰত উল্লেখ কৰা গৱেষণাটোৰ গৱেষক দুগৰাকীয়ে (হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ছাইমন লক আৰু কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ছাৰা ষ্টিৱাৰ্ট)পৃথিৱীখন সৃষ্টি হোৱাৰ এই মুহুৰ্তটোৰ বিষয়েই গৱেষণা কৰিছে আৰু কৈছে যে সেই মহাজাগতিক সংঘৰ্ষ আমি ভবাতকৈ অতি জটিল ৰুপত ঘটিছিল।তেওঁলোকে দেখুৱাইছে যে এনে সংঘৰ্ষই পৰিস্থিতি সাপেক্ষে বিভিন্ন ৰুপ পৰিগ্ৰহণ কৰিব পাৰে।
যদি খুন্দা মৰা পদাৰ্থপিণ্ডটো আদিগ্ৰহটোতকৈ সৰু হয়,তেন্তে নতুনকৈ হোৱা গ্ৰহটোৰ ওপৰত আনটো গ্ৰহৰ ছিটিকি পৰা পদাৰ্থবোৰে উল্কাপাতৰ সৃষ্টি কৰে।আনহাতে যদি খুন্দা মৰা পদাৰ্থপিণ্ডটো আদিগ্ৰহটোতকৈ ডাঙৰ হয়,তেন্তে এই ছিটিকি পৰা পদাৰ্থবোৰ কিছু সময়লৈ নতুন গ্ৰহটোৰ চৌপাশে পৰিভ্ৰমণ কৰি থাকে-ঠিক শনি গ্ৰহৰ আঙঠিবোৰৰ দৰে।অৱশ্যে এটা সময়ত এইবোৰ নতুন গ্ৰহটোৰ মাধ্যাকৰ্ষণে সামৰি পেলায়।
কিন্তু যদি সংঘৰ্ষত লিপ্ত দুয়োটা পদাৰ্থপিণ্ড সমান আকাৰৰ হয়,তেতিয়া কি হ’ব?ইয়াৰে কোনটোকনো আমি আদিগ্ৰহ বুলিব পাৰো আৰু কোনটোকে বা খুন্দা মৰা পদাৰ্থপিণ্ড বুলিব পাৰোঁ?
এই সমস্যাটোৰ বিশ্লেষণ কৰি লক আৰু ষ্টিৱাৰ্টে দেখুৱাইছে যে এনে পৰিস্থিতিতে ছিনেষ্টিয়াৰ সৃষ্টি হ’ব পাৰে-গলিত আমঠু (molten core)এটাৰ চাৰিওফালে ঘুৰি থকা বাষ্পীভুত প্ৰস্তৰৰ এটা অৱস্থা।এই অৱস্থাটো মাত্ৰ কেইশমান বছৰলৈহে থাকিব পাৰে,ইয়াৰ আয়তন সংঘৰ্ষত লিপ্ত পদাৰ্থপিণ্ডৰ দুটাৰ আয়তনতকৈ বহুগুণে বেছি হয় (আনকি আঙঠিযুক্ত গ্ৰহবোৰতকৈও বেছি হয়)আৰু ইয়াৰ পৃষ্ঠভুমিত গোটা বা জুলীয়া পদাৰ্থ বৰ্তি থাকিব নোৱাৰে।কেইশমান বছৰৰ ভিতৰত ছিনেষ্টিয়াৰ উষ্ণতা কমি আহে আৰু লাহে লাহে ই আকৌ ঘনীভুত হ’বলৈ আৰম্ভ কৰে।লক আৰু ষ্টিৱাৰ্টৰ মতে এতিয়াৰ সৰহভাগ প্ৰস্তৰ গ্ৰহ এটা সময়ত এনেকুৱা ৰুপতে আছিল।
এই বিজ্ঞানীসকলৰ মত যদি গ্ৰহণযোগ্য হয়,তেন্তে ই আমাৰ পৃথিৱীখনৰ সৃষ্টিৰ বিষয়েই নহয়,লগতে আমাৰ জোনটোৰ সৃষ্টিৰ বিষয়ে থকা ৰহস্যাৰো সমাধান কৰিব পাৰে।জোনৰ সৃষ্টিৰ সম্পৰ্কে থকা ধাৰণাটো এনেকুৱা যে আদিকালৰ সেই সংঘৰ্ষত খুন্দা মৰা পদাৰ্থপিণ্ডৰ এটা অংশ পৃথিৱীৰ মাধ্যাকৰ্ষণে সামৰি থলে আৰু আন এটা অংশই জোনবাইৰটোৰ সৃষ্টি কৰিলে।কিন্তু নাছাই কৰা এপলো অভিযানত জোনৰ বুকুৰ পৰা শিল-বালিৰ যিবোৰ নমুনা সংগ্ৰহ কৰা হৈছিল,সেইবোৰৰ ৰাসায়নিক বিশ্লষণে দেখুৱাইছে যে পৃথিৱীৰ শিল –বালিৰ নমুনাৰ সৈতে সেইবোৰ মুলত:একেই।অৰ্থাৎ পৃথিৱী আৰু জোনবাই হয়তো একেটা পদাৰ্থপিণ্ডৰ পৰাই সৃষ্টি হৈছে।
গতিকে লক আৰু ষ্টিৱাৰ্টৰ অনুমানটো এই ক্ষেত্ৰত অধিক গ্ৰহণযোগ্য হ’ব পাৰে-কিয়নো,এই অনুমানটোৰ মতে সংঘৰ্ষৰ পিছত পোন প্ৰথমে এটা ছিনেষ্টিয়াৰ সৃষ্টি হৈছিল,আৰু সময়ত তাৰে ঘনীভৱনৰপৰা পৃথিৱী আৰু জোনবাইৰ সৃষ্টি হৈছিল।সি যি কি নহওক,এইটো এতিয়াও এটা নতুন তাত্ত্বিক অনুমানহে ,গ্ৰহণযোগ্য হ’বলৈ ই আৰু বহু পৰীক্ষা-নিৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।
লেখক: বিপুলজ্যোতি শইকীয়া (দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 2/16/2024