অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সফল অভিভাৱক হ’বলৈঃ

সফল অভিভাৱক হ’বলৈঃ

 

অভিভাৱক হ’বলৈ আমি কোনোদিনেই কোনো প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰশিক্ষণ লোৱাৰ প্ৰয়োজনবোধ নকৰো বা তেনে ধৰণৰ হয়তো প্ৰশিক্ষণ প্ৰতিষ্ঠানো নাই। কিন্তু এখন সুস্থ-সবল তথা শান্তিপূৰ্ণ সমাজ গঢ়িবলৈ আমি সকলোৱে ভাল অভিভাৱক হ’বলৈ চেষ্টা কৰো আৰু এইখিনি কৰিবলৈ যাওঁতে জীৱনত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰো।

যেনেদৰে আমাৰ দেশত ভোট দিবলৈ কোনো ধৰণৰ প্ৰশিক্ষণ দিয়া নহয়। ঠিক তেনেদৰে এজন ভাল অভিভাৱক হ’বলৈও কোনো ধৰণৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা নাই। এজন অভিভাৱকে সৰুৰে পৰাই তেওঁলোকৰ পিতৃ-মাতৃৰ সন্তানক অৰ্থাৎ আমাক যিদৰে পৰিচালিত কৰি আহিছিল ঠিক তেনেদৰেই আমি আমাৰ সন্তানটো পৰিচালনা কৰিবলৈ প্ৰচুৰ চেষ্টা চলাওঁ আৰু তেতিয়া আৰম্ভ হয় সন্তান আৰু পিতৃ-মাতৃৰ সংঘাতৰ আৰম্ভণি। এতিয়া আধুনিক যুগত এটা শিশুৱে জন্ম পোৱাৰ পাছতে সকলো বস্তু সহজতে পায় বাবে অভিভাৱকে বহু ক্ষেত্ৰত নানান খেলিমেলিৰ সন্মুখীন হ’বলগীয়া হয়। শিশুৰ কিছুমান মৌলিক অধিকাৰ আছে আৰু আইনো আছে। সেই অধিকাৰ আৰু আইন জনাটো পিতৃ-মাতৃৰ বাবে অতি প্ৰয়োজনীয়।

ভাল অভিভাৱক হোৱাৰ কিছুমান শৈলী আছে যিবিলাক অভিভাৱকসকলে জনাটো প্ৰয়োজনীয়।

মূল্যৱান সময়- অধিক সময়ঃ

 

আজিকালি প্ৰতিগৰাকী পিতৃ-মাতৃয়ে অতি ব্যস্ত হোৱাৰ ফলত তেওঁলোকে নিজৰ সন্তানক পৰ্যাপ্ত পৰিমাণে সময় দিব নোৱাৰে। সেয়েহে গোটেই দিনটো সিহঁতৰ লগত লাগি থকা অযথা তৰ্ক-বিতৰ্ক বা অনবৰতে হকা-বধা কৰি নাথাকিব। কিয়নো সিহঁতৰ লগত আপুনি যেতিয়াই নাথাকক কিয় প্ৰতিটো মুহূৰ্ত আনন্দপূৰ্ণ কৰি তুলিবলৈ চেষ্টা কৰিব।

প্ৰতিগৰাকী ব্যক্তিৰ নিজস্ব ভাব-চিন্তাধাৰা, ইচ্ছা-অনিচ্ছা তথা নিজস্ব ভাব কৰিবলৈ সুযোগ দিব লাগে। সেয়েহে সকলে সময়তে অভিভাৱকে অনাহকতে বা অনৰ্থকভাৱে লাগি থাকিব নালাগে। কিয়নো এনেদৰে লাগি থাকিলে সিহঁত অতিষ্ঠ হয়। ফলক খিংখিঙীয়া হৈ পৰে। সেয়েহে অভিভাৱকসকলে তেওঁলোকক সকলো সময়তে মনিটৰিং কৰি থাকিব লাগিব।

আজিকালি প্ৰায়ভাগ অভিভাৱকে সন্তানক প্ৰতিটো দিশতে অৰ্থাৎ শিক্ষা-দীক্ষা, নাচ-গান, খেলা-ধূলা ইত্যাদি বিভিন্ন দিশত পাৰ্গত হৈ সমাজত সুনাম কৰাটোহে বিচাৰে। আনহাতে পিতৃ-মাতৃৰ হেঁচাত তেওঁলোকৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ সন্তানসকলে গুৰুতৰভাৱে মানসিক চাপত ভুগিবলৈ ধৰে। ফলত কোনো এটা দিশতে মন বহুৱাব নোৱাৰি এক দোধোৰ-মোধোৰ অৱস্থাৰ সন্মুখীন হৈ এক অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। সেয়েহে পিতৃ-মাতৃয়ে কোনো দিশতে হেঁচা প্ৰয়োগ কৰিব নালাগে।

আধুনিক সমাজখনত বিভিন্ন ধৰণৰ আধুনিক সা-সৰঞ্জামৰ লগতে জীৱনশৈলীত দেখা দিয়া আধুনিকীকৰণ সামগ্ৰীসমূহ সন্তানে সদায় নিজৰ কৰি লোৱাৰ বাবে পিতৃ-মাতৃৰ ওচৰত হেঁচা প্ৰয়োগ কৰে। সন্তানৰ হেঁচাত অতিষ্ঠ হৈ পিতৃ-মাতৃয়ে এবাৰ যদিহে তেওঁলোকক সন্তুষ্ট কৰিব বিচাৰে বা সন্তুষ্ট কৰিবলৈ বিচৰা বস্তুটো দিয়ে তেন্তে তেওঁলোকে তাৰ বাবে সুযোগ ল’বলৈ প্ৰয়োস কৰে।

সেয়েহে আৰম্ভণিৰে পৰা সন্তানৰ দাবীসমূহ পূৰণ কৰিবলৈ যাওঁতে অভিভাৱকসকলে যথেষ্ট চিন্তা-চৰ্চা কৰিহে আগবাঢ়িব লাগে।

প্ৰতিগৰাকী পিতৃ-মাতৃয়ে নিজৰ সন্তানক মৰম কৰে। কিন্তু মৰম কৰিলেও সিহঁতকো এগৰাকী ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা হ’বলৈ সম্পূৰ্ণ সুযোগ প্ৰদান কৰিব লাগে। দিনটো পৰিয়ালৰ আটাইকেইজন ব্যক্তিয়ে যথেষ্ট ব্যস্ত হৈ থাকে যদিও দিনটোত এবাৰ হ’লেও আটাইয়ে একেলগ হৈ এসাঁজ গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজনীয় আৰু এনে কৰিলে পৰিয়ালৰ সদস্যসকলৰ মাজত নিবিড় সম্পৰ্ক গঢ় লৈ উঠে।

(উৎসঃ অসমীয়া খবৰ, নিমি বৰগোহাঁই, মনোবৈজ্ঞানিক, জিএনআৰচি হস্পিতাল, দিছপুৰ)।

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate