অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসম ৰাজ্যিক কৰ্মচাৰীৰ বাবে চৰকাৰৰ আপোন ঘৰ,বিদ্যালক্ষ্মী আঁচনি-

অসম ৰাজ্যিক কৰ্মচাৰীৰ বাবে চৰকাৰৰ আপোন ঘৰ,বিদ্যালক্ষ্মী আঁচনি-

 

অসম চৰকাৰে এইবাৰৰ বাজেটৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ‘আপোন ঘৰ’ আৰু ‘বিদ্যালক্ষ্মী’ নামৰ দুখন আঁচনি প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰিছিল। এই মৰ্মে ৰাজ্যৰ বিত্ত বিভাগে ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষৰ সৈতে চলোৱা এলানি আলোচনাৰ পিছত যোৱা ২২ মাৰ্চত ৰাজ্যৰ পাঁচ লাখ কৰ্মচাৰীলৈ সুখবৰ কঢ়িয়াই আনি অসম চৰকাৰে বেংক কৰ্তৃপক্ষৰ সৈতে এখন বুজাবুজি চুক্তিৰ স্বাক্ষৰ কৰে। অসম চৰকাৰে ইতিপূৰ্বে ঘোষণা কৰা এই আঁচনি দুখনৰ জৰিয়তে ৰাজ্যিক কৰ্মচাৰীক ঘৰ নিৰ্মাণৰ বাবে ১৫ লাখ টকাকৈ আৰু কৰ্মচাৰীসকলৰ সন্তানৰ উচ্চ শিক্ষাৰ বাবে ১০ লাখ টকাকৈ ঋণ প্ৰদানৰ বাবে এই চুক্তি সম্পন্ন কৰা হয়। গুৱাহাটীৰ দিছপুৰত থকা নেডফি হাউছত বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই চুক্তিখনত স্বাক্ষৰ কৰে এছ বি আইৰ উত্তৰ-পূব মণ্ডলৰ মহাপ্ৰবন্ধক ওম প্ৰকাশ মিশ্ৰ আৰু অসম চৰকাৰৰ বিত্ত বিভাগৰ অতিৰিক্ত সচিব দেৱজ্যোতি হাজৰিকাই। অসম চৰকাৰৰ এই ‘আপোন ঘৰ’ আঁচনিখনৰ জৰিয়তে অৱসৰ পাবলৈ পাঁচ বছৰৰ অধিক সময় থকা কৰ্মচাৰীসকলে ১৫ লাখ টকা পৰ্যন্ত গৃহ নিৰ্মাণৰ বাবে ঋণ লাভ কৰিব। সাধাৰণতে এনে ঋণৰ বাবদ বেংকক ৮.৫ শতাংশ সুদ পৰিশোধ কৰিবলগীয়া হয় যদিও এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলে সুদ দিব লাগিব ৫.৫ শতাংশকৈহে। এইক্ষেত্ৰত মহিলা কৰ্মচাৰীসকলে সুদ পৰিশোধ কৰিব লাগিব ৫ শতাংশকৈ। প্ৰতিগৰাকী কৰ্মচাৰীৰ বিপৰীতে বাকী থকা ৩ শতাংশ সুদ চৰকাৰে পৰিশোধ কৰিব। এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অৱসৰৰ পাছত কৰ্মচাৰীসকলে সন্মুখীন হ’বলগীয়া অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই পাঁচ বছৰ বা তাতোকৈ কম সময় বাকী থকা কৰ্মচাৰীসকলক ঋণ প্ৰদানৰ পৰা বিৰত ৰখা হৈছে।

তেওঁ কয় যে এই আঁচনিৰ অধীনত অহা মে’ মাহৰ ভিতৰত কমেও দহ হেজাৰ কৰ্মচাৰীক গৃহ ঋণ প্ৰদানৰ লক্ষ্য লোৱা হৈছে। তেওঁ লগতে কয় যে একো বন্ধকত নৰখাকৈয়ে কৰ্মচাৰীসকলৰ এই ঋণ প্ৰদান কৰা হ’ব, মাত্ৰ প্ৰ-পত্ৰ এখন যথাযথভাৱে পূৰণ কৰিলেই যথেষ্ঠ। পিছত কৰ্মচাৰীগৰাকীৰ চাকৰিৰ বয়স অনুসৰি ঋণৰ অংশ বেংকে তেওঁৰ দৰমহাৰ পৰা কাটি ৰাখিব। আনহাতে ‘বিদ্যালক্ষ্মী’ আঁচনিৰ অধীনত প্ৰতিগৰাকী কৰ্মচাৰীয়ে নিজৰ সন্তানৰ উচ্চ শিক্ষা লাভৰ বাবে ১০ লাখ টকা পৰ্যন্ত ঋণ ল’ব পাৰিব। এই আঁচনিৰ ক্ষেত্ৰতো ঋণ লাভৰ বাবে পূৰ্বৰ আঁচনিখনৰ দৰে একেই নিয়ম প্ৰযোজ্য হ’ব। ‘বিদ্যালক্ষ্মী’ আঁচনিৰ অধীনত লাভ কৰা ঋণৰ বাবদ হিতাধিকাৰীসকলে প্ৰদান কৰিব লাগিব মাথোঁ ৩ শতাংশ হাৰত সুদ। বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এনে ঋণৰ বাবদ বেংকে ১১ শতাংশকৈ সুদ আদায় কৰে বাবে বাকী অংশ সুদ চৰকাৰে প্ৰদান কৰিব। বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে চৰকাৰী কাৰ্যালয়সমূহৰ পৰা দুৰ্নীতি নিৰ্মূল কৰাৰ লগতে কৰ্মচাৰীসকলৰ মাজত কৰ্মসংস্কৃতি গঢ়ি তোলাৰ বাবে এনে আঁচনি গ্ৰহণ কৰা হৈছে। এই আঁচনি দুখন অন্য ৰাজ্যৰ বাবেও আদৰ্শস্বৰূপ হ’ব পাৰে বুলিও তেওঁ মন্তব্য কৰে। ৰাজ্য চৰকাৰ আৰু ভাৰতীয় ষ্টেট বেংকৰ মাজত এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্য সচিব ভি কে পিপাৰছেনিয়া, এছ বি আইৰ গুৱাহাটীৰ প্ৰান্তীয় মুখ্য কাৰ্যালয়ৰ মুখ্য মহাপ্ৰবন্ধক পি ভি এছ এন মূৰ্তি, বিত্ত বিভাগৰ অতিৰিক্ত মুখ্য সচিব ভি কে প্যাৰেলাল, বিত্ত বিভাগৰ আয়ুক্ত আৰু সচিব ৰবি কোটা তথা আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ সাহাই।

উৎস-ৰাইজৰ বাতৰি,তথ্য আৰু জনস্ংযোগ বিভাগ, অসম চৰকাৰ

শেহতীয়া উন্নীতকৰণ: : 2/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate