অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দক্ষ ভাৰত আৰু কৌশল বিকাশ

বিৱৰণ

এখন দেশৰ সামগ্ৰিক উন্নয়নত দক্ষ, সুযোগ্য প্ৰশিক্ষনপ্ৰাপ্ত জনগোষ্ঠীৰ অবদান কোনেও নুই কৰিব নোৱাৰে।উন্নত দেশবিলাকৰ পৰা লাভকৰা প্ৰতিচ্ছবিত স্পষ্টকৈ পৰিলক্ষিত হৈছে যে তাত নৈপুনতা আৰু মানবসম্পদৰ বিকাশত অত্যাধিক গুৰুত্ব দিছে যাতে ৰাষ্ট্ৰখন দুখীয়া নাগৰিকৰে ভৰপুৰ হৈ জনগণ দেশৰ বোজাস্বৰূপ নহয়।এখন দেশৰ উন্নয়নৰ আধাৰশিলা স্হাপন হয় মানুহৰ সৰ্বাঙ্গীন বিকাশৰ ওপৰত অৰ্থাত্ শাৰীৰিক, মানসিক, আধ্যাত্মিক আৰু তেওঁলোকৰ কৰ্ম দক্ষতাৰ ওপৰত। আমাৰ শাস্ত্ৰত উল্লেখ আছে যে মানব জীবনৰ মূল ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষৰ দ্বাৰা পৰিচালিত। জীবননিৰ্বাহৰ বাবে জীবিকা অৰ্জণ বা অৰ্থ উপাৰ্জনৰ ক্ষমতা অপৰিহাৰ্য্য।তদুপৰি প্ৰাকৃতিক সম্পদ বা খনিজ সম্পদৰ পৰিপূৰ্ণ দেশ এখনত মানব আৰু প্ৰাকৃতিক সম্পদৰাজিৰ সমন্বয়পূৰ্ণ সুব্যৱহাৰ হলে এহাতে ব্যক্তিৰ কৰ্মদক্ষতা,সম্পদ প্ৰয়োগ, জীবিকা নিৰ্বাহ বা উপাৰ্জন ক্ষমতা বঢ়াৰ লগতে দেশৰ বিকাশ ও অৰ্থনৈতিক পূজিতো অৰিহনা আগবঢ়াব পাৰে,তদুপৰি প্ৰাকৃতিক সম্পদ বা খনিজ সম্পদৰ সু-প্ৰয়োগ,সুৰক্ষণ,প্ৰতিপালনৰ দ্বাৰা প্ৰকৃতি আৰু মানুহৰ নিবিড় ঘনিষ্ঠতা চিৰস্হায়ী হয়।কৌশলী,দক্ষ লোকেহে ধৰিত্ৰীৰ সন্তান হিচাবে সচৰাচৰ লভ্য সম্পদ, বৈজ্ঞানিক আবিষ্কাৰৰ দ্বাৰা প্ৰস্তুত সম্পদ ৰাজিক সুপৰিকল্পিত ভাবে কাৰ্য্যকৰী কৰাৰ ব্যৱহাৰ বিধি পালন কৰি প্ৰকৃতি, পৰিবেশ বা সমাজৰ ক্ষতি নোহোৱাকৈ জনহিতকৰ কামত ধাবমান হব পাৰে,সভ্যতাক ধংশৰ পৰা বিকাশমুখী কৰাৰ নক্সাৰ কাৰ্যকৰী ৰূপদান দিব পাৰে। ‘কোনো মানুহেই সৰু নাইবা ডাঙৰ নহয়,ব্যক্তিৰ মৰ্য্যদাক গুৰুত্ব দিলে পৰিবৰ্তন অনাতো সম্ভবপৰ’।

আমাৰ দেশত বৰ্ধিত হাৰত জনসংখ্যা বাঢ়িছে,সেইঅনুপাতে খাদ্যসম্ভাৰ,থকাঠাই আৰু অনান্য বুনিয়াদী প্ৰয়োজনীয়তা সমূহ সহজলভ্য কৰিব পৰাকৈ সূচল অৱস্হাৰ অভাব; দেশখনৰ ভৌগলিক পৰিসীমাতো একেই অৱস্হাত থাকিব,যাৰ পৰিবৰ্ত্তনৰ বাবে আমাৰ হাতত কোনো যাদুকৰী শ্পৰ্শ নাই যে দেশখনত সকলোৱে পাব পৰাকৈ হঠাত বহুত ৰূপিত মাটি, থকা ঠাই বা উপাৰ্জনৰ পন্থা সৃষ্টি কৰি ধনেধানে ভৰি উঠিব।এনে পৰিস্হিতিত আমি আমাক সুশিক্ষিত কৰি উপাৰ্জনক্ষম হব পৰাকৈ প্ৰয়োগ কৌশল সমূহ আয়ত্ব কৰিবলৈ শিকিব লাগিব বা লগতে আমাৰ সেউজীয়া পৃথিবীৰ কোনো ক্ষয়ক্ষতি নোহোৱাৰ প্ৰতি সষ্টম দৃষ্টি ৰাখিব লাগিব। মাথো নিজ দেশতেই নহয় অন্য ৰাষ্ট্ৰকো আমাৰ দক্ষতা শিক্ষণৰ কাৰ্য্যকৰী জ্ঞানেৰে সহায় আগবঢ়াবলৈ শিকিব লাগিব।ভিনভিন চেক্টৰত আমি নিজকে উতপাদনমূলক কামৰে আগুৱাই যাবলৈ সুপৰিকল্পতভাবে নিপুন কৰাতো অপৰিহাৰ্য্য।ইয়াৰ বাবে লাগিব কৌশলী জীবন বিদ্যা, কাৰিগৰী বা জীবিকা নিৰ্বাহমূলক কাৰ্য্যকৰী শিল্প,তথ্য,ব্যৱহাৰ মূলক জ্ঞান।

আৰ্থিক বিকাশ বা সামাজিক উন্নয়ণ

আৰ্থিক বিকাশ বা সামাজিক উন্নয়ণৰ আধাৰ স্বৰূপ দক্ষতাভিত্তিক জ্ঞানে এখন দেশক বিকাশমুখী কৰি তোলে;যাৰ কাৰণে উন্নয়নশীল দেশবিলাকত কৰ্মীসকলক শিক্ষাগত দক্ষতাৰ প্ৰশিক্ষণ প্ৰদাণ কৰাৰ বাবে উপযুক্ত ব্যৱস্হা প্ৰদান কৰা পৰিলক্ষিত হয়। উন্নত দেশসমূহত ৭০%তকৈয়ো অধিক লোকে দক্ষতা ও জ্ঞানৰ প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হৈছে যদিও ভাৰতবৰ্ষৰ দৰে এক মহাপদ্মৰো অধিক জনবহুল সুবিশাল দেশ এখনত ৩%তকৈয়ো কম কৰ্মীয়েহে দক্ষতা প্ৰশিক্ষণৰ সুবিধা লভিছে। একৈশশতিকাৰ অত্যাধুনিক যুগৰ সৈতে খাপ খোৱাওতে আমি বহু পৰিমানে যান্ত্ৰিক আবিস্কাৰ সমূহৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছো, কৃষিকেন্দ্ৰক জীবনধাৰাতো বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি কম খেতি মাটিত অত্যাধিক শস্য উত্পাদনৰ কৌশল গ্ৰহণ কৰিবলৈ ততপৰ হৈছো; সময়ৰ প্ৰয়োজনীয়তা হৈছে নব প্ৰজন্মক দক্ষতাবিকাশৰ বাবে প্ৰশিক্ষণ দিয়া, যি যুব প্ৰজন্মক আমাৰ দেশৰ বিকাশৰ মূল চালিকাশক্তি বুলি কব পাৰো (দেশৰ মুঠ জনসংখ্যাৰ ৫৪%ৰ অধিক ২৫বছৰৰ তলত আৰু ২৫ৰ পৰা ৫৯ৰ ভিতৰত প্ৰায় ৬২%)। ইয়াৰোপৰি বিশ্বৰ অনান্য দেশবিলাকৰ তুলনাত আমাৰ দেশত যুবক/যুবতীৰ সংখ্যা তুলনামুলক ভাবে বহুত বেছি।নিসন্দেহে এই বিশাল যুবগন আমাৰ অতি মুল্যবান সম্পদ,যাৰ বাবে আমাৰ শিক্ষামন্ত্ৰালয়ক অভিহিত কৰা হৈছে ‘মানব সম্পদ বিকাশ মন্ত্ৰালয়’ বুলি।মাথোন আমাৰ দেশৰ প্ৰয়োজনীয়তাই নহয় সমগ্ৰ বিশ্বত সুদক্ষ কৌশলী কৰ্মী নিয়োগ কৰিব পৰাকৈ পদ্ধতিগত ভাবে যুগৰ চাহিদাসমূহ চিনাক্তকৰণ কৰি ভিনভিন ক্ষেত্ৰ, স্তৰ/দিশৰ শিক্ষণ, প্ৰশিক্ষণৰ ব্যৱস্হা কৰাতো অতীব প্ৰয়োজনীয় হৈছে।স্বাধীন ভাৰতবৰ্ষত ইতিমধ্যে বহু উচ্চস্তৰীয়/মধ্যমবৰ্গীয় চৰকাৰী,বেচৰকাৰী শিক্ষণ বা প্ৰশিক্ষণৰ প্ৰতিস্হানে বুজন সংখ্যক দক্ষব্যক্তিক গঢ়িবলৈ সক্ষম হলেও বিভিন্ন চেক্টৰৰ চাহিদাৰ তুলনাত এতিয়াও সুপৰিকল্পিতভাবে কাৰ্য্যক্ষম কৰ্মীৰ অভাব তদুপৰি সময় সাপেক্ষে ঊদ্যোগিক অনুস্হানত ‘অন দ্য জব ট্ৰেইনিং’ৰ ব্যৱস্হাৰ ওপৰিও ‘ওস্তাদ’ৰ পৰা লাভ কৰা চাকৰিক্ষম শিক্ষণৰ শিক্ষাকো প্ৰয়োজনমতে সাঙুৰি লোৱা হোৱা নাই।

স্কুলীয়া স্তৰত বৃত্তিমূলক শিক্ষাৰ অন্তৰ্ভূক্তিকৰণ আৰু ইটো-সিটো কথা

স্কুলীয়া স্তৰত বৃত্তিমূলক শিক্ষাৰ অন্তৰ্ভূক্তিকৰণ বা কলেজীয়া স্তৰত ‘ডাবল ডিগ্ৰীৰ’/কলেজ, বন্ধৰ সময়ত লাভ কৰিব পৰা চাৰ্টিফিকেট কোৰ্চ আদিয়ে ভিনভিন ক্ষেত্ৰত বহু সুবিধা আগবঢ়াোৱা পৰিলক্ষনীয়।বুনিয়াদী স্তৰৰ পৰাই কামৰ প্ৰতি আগ্ৰহ জন্মোৱা,মাধ্যমিক শিক্ষা স্তৰত বৃত্তিমূলক শিক্ষা লবলৈ ইচ্ছুকতা প্ৰকাশ,তেওঁলোকৰ বাবে ইন্ডাস্ট্ৰীয়েল ট্ৰেইনিং ইন্সটিটিউট(ITI)বা জুনিয়ৰ কলেজৰ মাধ্যমৰে নানান বৃত্তিমূলক শিক্ষাৰ সম্ভাৰ আগবঢ়োৱা হৈছে বা তেনেদৰেই উচ্চশিক্ষা লাভ কৰা সকলৰ বাবেও দুতৰপীয়া সুবিধা কৰি এচামৰ বাবে প্ৰত্যক্ষ ব্যৱস্হা বা  কলেজীয়া শিক্ষাৰ্থী হিচাবে পাঠ লওতে তেওঁলোকৰ বাবে দ্বিতীয় ডিগ্ৰী/চাৰ্টিফিকেট কোৰ্চ আদি লোৱাৰ সুবিধা কৰ্ত্তীপক্ষ্যয়  প্ৰদান কৰিছে যদিও সমগ্ৰ দেশতে ব্যাপকতাৰে প্ৰবৰ্তন হোৱা নাই।যিহেতু ৬৫% ভাৰতীয়ৰ বয়স ৩৫ বছৰৰ তলত আৰু ২০২৫ চনত বিশ্বৰ সৰ্বমুঠ কৰ্মক্ষম যুবকৰ ৫ জনৰ এজন ভাৰতীয়ই হব; যুগৰ চাহিদা অনুযায়ী কৰ্মকৌশলতা বিকাশ কৰিবলৈ নিসন্দেহে নানান দিশ/চেক্টৰত নৈপুন্যতাৰ পয়োভৰৰে সম্পূৰ্ণ দক্ষশিক্ষাৰ সংযোজনা দৰ্কাৰ।পাঠ্যক্ৰম প্ৰস্তুত কৰোতে উদ্যোগ সমন্ধীয় বিষয়ৰ কোৰ্চ প্ৰস্তুত কৰাও সময়ৰ দাবী।

সময়ৰ শৰ সময়তে নিক্ষেপ নকৰিলে এইচাম যুবক,যুবতীৰ কাৰণে সংগ্ৰামৰে পৰিপূৰ্ণ হব জীবন নিৰ্বাহৰ ক্ষেত্ৰ;২০২৫চনত আমাৰ দেশত অতিৰিক্তভাবে কৰ্ম সন্ধানী যুবগোষ্ঠীৰ সংখ্যা হবগৈ ৮০নিযুতৰ উৰ্দ্ধত,তদুপৰি প্ৰতি বছৰে কৰ্মক্ষম মধ্যবয়সীলোকৰ ভিতৰত প্ৰায় ৬০,০০০ জন অবসৰপ্ৰাপ্ত চাকৰিয়াল(Ex Serviceman)ৰ সংখ্যা বৃদ্ধি হয়; এওঁলোকেও অন্ন সংস্হাপন বিচাৰিব লগা হয়,যিহেতু তেওঁলোকৰ পেঞ্চনৰ টকাখিনি পৰিয়াল এটা চলাব পৰাকৈ যথোপযুক্ত নহয়। প্ৰত্যেক বছৰে এনেদৰেই কৰ্মসংস্হাপন বিচৰা লোকৰ সংখ্যা বঢ়া দেখা যায় তাৰে বেচি ভাগেই অকৌশলী বা অৰ্দ্ধ কৌশলী।কিন্তু চাকৰীৰ সংখ্যা ৩০নিযুতহে বৃদ্ধি হোৱাৰ সম্ভাবনা, অৱশ্যে বহুলোক মধ্যপ্ৰাচ্য বা অন্য দেশত কৰ্মৰত হয় কিন্তু ইয়াৰে বুজনসংখ্যক ভাৰতীয়ৰ যথোপযুক্ত আধুনিক কৌশলতাৰ অভাব থকা হেতুকে অনান্য ওচৰচুৰীয়া বহু ৰাষ্ট্ৰৰ পৰা যোৱা দক্ষ জনগোষ্ঠীৰ তুলনাত এওঁলোকৰ আয় কম, জীবনধাৰণৰ মানদন্ডও সংঘাতপূৰ্ণ। খুব কমসংখ্যক এচাম সুদক্ষ কৰ্মক্ষম জনগোষ্ঠীয়েহে বিদেশত গৈ উপাৰ্জনৰ বহু টকাই নিজ দেশলৈ পঠাই(শিক্ষিতৰ২৫শতাংশৰ তলত)নিজৰ বা দেশৰ অৰ্থনীতিত অৰিহনা আগবঢ়াবলৈ সক্ষম হৈছে।

তদুপৰি অজ্ঞতা আৰু দাৰিদ্ৰতাইও নেতিবাচক স্বৰূপ প্ৰতিব্মিবিত কৰিছে, বুজন সংখ্যকৰ মাজত দাৰিদ্ৰতাৰ হাৰ এতিয়াও বহু বেছি বা জীবনৰ মানদন্ড অনুন্নত,আশানুৰূপ নহয়;এইসকল  সৰ্বসাধাৰন শ্ৰমজীবিৰ মাজত কৌশলতাৰ অভাবৰ সুবিধা উঠাইছে এচাম দালালে যি বিত্তীয় প্ৰতিষ্ঠান সমূহক নাওমান পইছাৰ বিনিময়ত বাল শ্ৰমিকক নিযুক্তি দিয়াৰ ব্যৱস্হা কৰে।এনে ভয়ঙ্কৰ অপৰাধমূলক কামৰ ফলত দেশৰ উঠিঅহা প্ৰজন্মৰ মাৰাত্মক ক্ষতি হয় কিয়নো এই শিশুসকল তেওঁলোকৰ সোনোৱালী শৈশবৰ পৰা সম্পূৰ্ণ বঞ্চিত হোৱাৰ লগে লগে স্কুলত গৈ শিক্ষা লোৱাতো এটা দুঃস্বপ্নৰ দৰেহে হয়। অন্যহাতেদি বহু কম পইছাত বাল শ্ৰমিকক নিযুক্তি দিয়াৰ পৰিপ্ৰক্ষিতত তেওঁলোকৰ শ্ৰমজীবি পিতৃ-মাতৃ সকলৰ বাবে সামান্য উপাৰ্জন কৰাও দুঃসাধ্য হয়।এনেদৰেই চাইক্লিক প্ৰছেচত নিৰক্ষৰতা আৰু নিবনুৱাৰ স্হিতি অপৰিবৰ্ত্তিত থাকে,শিক্ষা বা দক্ষতাৰ কৌশল আহৰণৰ পৰা বঞ্চিত হৈ দাৰিদ্ৰতাৰ সীমাৰেখা অতিক্ৰম কৰিবলৈ অপৰাগ হয়। প্ৰতি বছৰে আমাৰ মাজত ৩ নিযুততকৈ বেচি স্নাতকৰ সংখ্যা বাঢ়িলেও(২০-২৫%ইঞ্জনিয়াৰৰ ২০%হে কৌশলী)।

বিজ্ঞান,প্ৰযুক্তিৰ নিত্য নতুন উদ্ভাবনী বা আবিষ্কাৰৰ ফলাফলস্বৰূপে নিত্যনতুন কৌশলৰ প্ৰয়োগ বাঢ়িছে, বানিজ্যিক, অৰ্থনৈতিক জগতখনতো দ্ৰুত পৰিবৰ্তন হোৱাৰ সাপেক্ষত কনজিউমাৰেজিম ও মুক্ত বজাৰৰ সংজ্ঞাই অগ্ৰাধিকাৰ লভিছে আৰু ‘প’ষ্ট আল্ট্ৰা মডাৰ্ন’ যুগত যোগ্য জনশক্তিয়েহে ‘চাৰভাইভেল অফ দ্য ফিটেষ্ট’ হিচাবে নিজৰ অস্তিত্ব বাহাল ৰাখিবলৈ সক্ষম হব পাৰিছে বা দেশৰ মূলাধাৰ স্বৰূপে আচুতীয়া আসন লভিছে।যুগ উপ উপযোগী পৰিস্হিতিত নতুন প্ৰজন্ম আৰু আন সকলৰো দক্ষতা বিকাশ এটি সুস্হ সময় সাপেক্ষ প্ৰেক্টিকেল পৰিপুৰক বুলি কলে ভূল নহয়; প্ৰচলিত বা নতুন কৌশলৰ প্ৰশিক্ষণ অপৰিহাৰ্য্য যাতে দিনক দিনে বঢ়া শিক্ষিত নিবনুৱাক আত্ম নিৰ্ভৰশীলতাৰে মজবুত কৰিব পাৰি। অবশ্যে এই দিশতো অন্তহীন সমস্যাঃ যিহেতু ২০২২চনত দেশত দক্ষ কৰ্মীৰ প্ৰয়োজনীয়তা ৪০০ নিযুতৰ উৰ্দ্ধত হব বুলি ভবা হৈছে যাৰ বাবে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কৰ্ম আচনিক বাস্তবিক ৰূপায়ন কৰিবলৈ সক্ষম হব লাগিব; শেহতীয়া তথ্যৰ পৰা প্ৰকাশ পাইছে যে এতিয়াও মাথো ২.৩%হাৰতহে আনুস্হানিক/অনা-আনুস্হানিক ভাবে কৌশলতাৰ শিক্ষা লাভ কৰিছে আৰু গতানুগতিকভাবে লাভ কৰা জ্ঞানে শ্ৰমবজাৰৰ উপযুক্ততা দিবলৈ অপৰাগ হৈছে।আমাৰ দেশৰ তুলনাত গ্ৰেট বৃটেইনত ৬৮%,জাৰ্মানীত ৭৫%ই জাপানত৮০% আৰু দক্ষিন কোৰিয়াত ৯৬%শতাংশ দক্ষ কৰ্মগোষ্ঠী আছে। বিজ্ঞান ,প্ৰযুক্তিৰ নিত্য নতুন উদ্ভাবনী বা আবিষ্কাৰৰ ফলাফলস্বৰূপে নিত্যনতুন কৌশলৰ প্ৰয়োগ বাঢ়িছে,বানিজ্যিক,অৰ্থনৈতিক জগতখনতো দ্ৰুত পৰিবৰ্তন হোৱাৰ সাপেক্ষত মুক্ত বজাৰৰ সংজ্ঞাই অগ্ৰাধিকাৰ লভিছে আৰু ‘প’ষ্ট আল্ট্ৰা মডাৰ্ন’ যুগত দক্ষ জনশক্তিয়েহে ‘চাৰভাইভেল অফ দ্য ফিটেষ্ট’ হিচাবে নিজৰ অস্তিত্ব বাহাল ৰাখিবলৈ সক্ষম হব পাৰিছে বা দেশৰ মূলাধাৰ স্বৰূপে আচুতীয়া আসন লভিছে।

এই সন্দৰ্ভত এটা কথা স্পষ্টকৈ উল্লেখ কৰা দৰ্কাৰ যে দক্ষতা বুলি কলে নিজে বিবেচনা কৰি পদ্ধতিগত আৰু গ্ৰহণযোগ্য প্ৰচেষ্টাৰে জটিল কাম বা চাকৰিৰ প্ৰয়োজনীয়তাত পৰিস্হিতি অনুযায়ী সিদ্ধান্ত লৈ কৰ্মনৈপুন্যতা আৰু ভাবৰ সংমিশ্ৰনক কাৰ্য্যকৰী কৰিব পৰা এক কৌশল । (An ability and capacity acquired through deliberate, systematic, and sustained effort to smoothly and adaptively carryout complex activities or job functions involving ideas (cognitive skills), things (technical skills), and/or people (interpersonal skills). দক্ষতা  ব্যক্তিগত, শাৰীৰিক, মানসিক, যোগাযোগৰ বিকাশৰ ওপৰিও, সামজিক, ভাবাগত, আবেগময় আৰু আবেগিক বিকাশ হব পাৰে।(যেনে আত্ম প্ৰকাশ,আত্ম সতৰ্কতা,ষোগাযোগৰ পটুতা,সৃজনীমূলক ভাবাপূৰ্ণ ক্ৰিয়া, সমাধান আৰু সিদ্ধান্ত লব পৰা ক্ষমতা, আবেগিক পৰিস্হিতি সম্ভালা,তথ্য প্ৰযুক্তি জ্ঞানৰ প্ৰয়োগ,ব্যক্তিগত বা কৰ্মৰত প্ৰতিস্হানৰ উদ্দেশ্য বা স্বাৰ্থৰক্ষা আদি)।বিশেষ কাৰ্য্যকৰীকৰণৰ জ্ঞান আৰু কৌশল প্ৰয়োগৰে যি কোনো কাম বা পৰিস্হিতি সুকলমে  সমাধা কৰণ প্ৰক্ৰিয়াৰ কৌশলকেই দক্ষতা বুলি কওতে নানান দিশৰ অবতাৰনা হয়(A cluster of related abilities, commitments, knowledge, and skills that enable a person (or an organization) to act effectively in a job or situation.)(Competence indicates sufficiency of knowledge and skills that enable someone to act in a wide variety of situations. Because each level of responsibility has its own requirements, competence can occur in any period of a person's life or at any stage of his or her career) ।

এইটো সহজেই অনুভূত যে এজন যোগ্য শ্ৰমিকৰ ক্ৰিয়ামূলক, প্ৰতিযোগিতামূলক দিশবিলাকত অৰ্ন্তভূক্ত হব লাগিব তেওঁৰ সৃজনীশীলতা, সহভাগিতা,যোগাযোগ কলা আৰু জ্ঞানক সঠিকভাবে কাৰ্যকৰী কৰিব পৰা বিচক্ষণতা; শ্ৰমিক বুলিলে সচৰাচৰ দুটা গোষ্ঠীৰ কথা উল্লেখ কৰিব পাৰি—জ্ঞান কেন্দ্ৰিক শ্ৰমিক,  জ্ঞানভিত্তিক প্ৰযুক্তি বিশাৰদ নতুবা বিশেষ কৌশলত পাৰদৰ্শিতা লাভ কৰা কৰ্মী।কিয়নো এওঁলোকৰ মাজত যেনেদৰে কামৰ লগত মিলি যাব পৰাকৈ শিথিলতা(ফ্লেক্সিবিলীটি)প্ৰকাশ হয়, ঠিক তেনেদৰে কামটো নিয়াৰীকৈ কৰিব পৰাৰ যোগ্যতাও অফুৰন্ত! সফলতাৰে উদ্ভাবণ/ইনভেশ্যন আৰু বিকাশকেন্দ্ৰিক পৰিচালনাত নিজক বা চাকৰি দিওতা কৰ্মনিয়োজিত প্ৰতিস্হানক আগুৱাই নিব পৰাকৈ এওঁলোক স্বতঃফূৰ্ত সক্ষমতাৰ প্ৰানকেন্দ্ৰ স্বৰূপ।। আমাক প্ৰয়োজন  বুনিয়াদী শিক্ষা(PRIMARY)ৰ সবল ভেটি যত শিকণৰ মূল জুমুঠি নিকপকপীয়াকৈ গঢ় লয়; মাধ্যমিক(SECONDARY) স্তৰৰ ই্চ্ছুকতাৰ স্পষ্টতা আৰু তৃতীয় পৰ্যায়ৰ(TERTIARY LEVEL) মূল প্ৰযুক্তিগত কৌশল পূৰ্ণ শিক্ষা আহৰণ লগতে জীবনজোৰা শিক্ষাৰ গাঠনি(LIFELONG EDUCATION)। যি কোনো অৰ্হতা বা সামৰ্থ্যতা মাথো উচ্চস্তৰীয় প্ৰযুক্তিবিদ্যা বা মেনেজমেন্টেৰ শিক্ষা নহয়; দক্ষতাই উদ্যোগিক প্ৰশিক্ষণ, বৃত্তিমূলক শিক্ষণ, থলুৱা উদ্যোগ,স্বব্যৱসায়,বানিজ্যিক নিয়োগ আদি সম্ভাব্যাপৰ  দিশ সামৰি নিয়োগ, স্বনিয়োগ আদিৰ বাবে প্ৰযোজ্য জ্ঞানৰ সমল আগবঢ়াই সকলোকে স্বনিৰ্ভৰশীলতাৰ কলা প্ৰদান কৰে।

স্কীল ইন্ডিয়া মিশ্যণ,২০১৫:

২০১৫চনৰ১৫ জুলাইৰ ‘বিশ্ব যুব দক্ষতা দিবসৰ’ মধুৰ মুহূৰ্ত্তত প্ৰধানমন্ত্ৰীয়ে ‘দক্ষ ভাৰত’ {SKILL INDIA} অভিযানৰ জাতীয় নীতিৰ শুভ-আৰম্ভনি  কৰে; এই মিশ্যণে ‘অন্তৰ পৰা অন্তলৈ’(end to end) ‘শেষ ফলাফল/পৰিমাপ কেন্দ্ৰিক’(outcome based) নীতি প্ৰয়োগৰ ওপৰত গুৰুত্ব দিয়ে যাতে চাহিদা কেন্দ্ৰিক কৰ্মীগোষ্ঠী প্ৰস্তুত হয়। ‘স্কীল ডেভেলপমেন্ট ইনিশ্বিয়েটিভ(SKI)প্ৰকল্প’ বা ‘প্ৰধান মন্ত্ৰী কৌশল বিকাশ যোজনা(PMKVY)’ জৰীয়তে জীবিকা নিৰ্বাহৰ কাৰণে ব্যক্তিক ফলাফল সাপেক্ষ কৌশল শিক্ষণৰ ব্যাপক ব্যৱস্হা গ্ৰহণত ‘মিনিচ্ট্ৰী অফ স্কিল ডেভেলপমেন্ট আৰু এন্টাৰপ্ৰিউনাৰশ্বিপ’ (MSDE)’ৰ আগৰনুৱা ভূমিকা উল্লেখযোগ্য। চৰকাৰে “দক্ষতা বিকাশ আৰু উদৌগিক সমন্ধীয় জাতীয় নীতি সফল ৰূপদান দিবৰ কাৰণে ‘জাতীয় দক্ষতা উন্নয়ণ সংস্হা(NSDA)’, ‘জাতীয় দক্ষতা উন্নয়ণ কৰ্পোৰেশ্যন(NSDC)’, ‘প্ৰশিক্ষন দপ্তৰ বিভাগ(DGT)’ৰ মাধ্যমৰে সুচাৰুৰূপে কাম সমাপন কৰিবলৈ আচুতীয়াকৈ কেইটামান দপ্তৰৰ প্ৰবৰ্তন কৰি প্ৰতিস্হানৰ প্ৰশিক্ষণ, আৰ্ন্তগাঠনি, উপযুক্ত প্ৰশিক্ষক, দেশ বা বিদেশত কৰ্মসংস্হাপন, টেকনিকেল দিশ নিৰ্ভৰশীল জীবিকা নিৰ্বাহ আদি সুসংলগ্নিত কৰাৰ প্ৰতি কঢ়া লক্ষ্য ৰাখিছে। শেহতীয়াকৈ কেবিনেটৰ সন্মতি সাপেক্ষে ওপৰঞ্চি৬+৪ নিযুত(১০,০০০নিযতক ইতিমধ্যে লোৱা হল) যুবকযুবতীক অনানুস্হানিক শিক্ষাৰ মাধ্যমৰে আগতীয়া শিকণৰ(RECOGNITION OF PRIOR LEARNING-RPL) স্বীকৃতি দিয়াৰ লগতে আৰ্থিক সাহাৰ্য্যৰ ক্ষেত্ৰত পোনপটীয়া অনুগ্ৰহ হস্তান্তৰ(DIRECT BENEFIT TRANSFER-DBT) দৰে উল্লেখযোগ্য দিশৰ অবতাড়না কৰা হৈছে।

ইতিপূৰ্বে প্ৰশিক্ষণ প্ৰাপ্ত সকলৰ মাজত ৪০ শতাংশ মহিলা। যোৱাবছৰত RPLৰ অধীনত ৩২টা চেক্টৰত ২নিযুতক প্ৰশিক্ষণ দিলেও ই প্ৰয়োজনতাক সামৰি লব পৰাকৈ বিস্তাৰিত নহয় অনতিপলমে ২২০০কলেজ, ৩০০স্কুল, ৫০০ শিল্প প্ৰশিক্ষণ প্ৰতিস্হান, বহু আইটিআই, ৫০ বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰৰ ওপৰিও নতুন ১১০০ আইটিআই স্হাপনৰে ১৭৩,০০০ জনক সুদক্ষ কৰাৰ লগতে এপ্ৰেন্টিচ হিচাবে প্ৰত্যক্ষ কাৰ্য্যকৰী দক্ষতা লাভ কৰিবৰ কাৰণেও আৰ্থিক অনুদান ধাৰ্য্য কৰা হৈছে। তদুপৰি নিযুক্তি দিওতা অফিচাৰ, প্ৰশিক্ষক, প্ৰশিক্ষণ লওতাৰ মাজত সুস্হ সংযোজন ৰক্ষাৰ বাবে স্পষ্ট সম্পৰ্ক ৰক্ষাৰো ওপৰত গুৰুত্ব দিয়া দিশতো উল্লেখনীয়। প্ৰতিভাগীসকলে যাতে জাতীয় দক্ষতা অৰ্হণ ৰূপৰেখা(NATIONAL SKILL QUALIFICATION FRAMEWORK-NSQF)লবলৈ সক্ষম হয় তাৰবাবে ১৫০০টা বিষয়ত পাঠদানৰ সুবিধা আগবঢ়োৱা ব্যৱস্হা আদৰনীয়। তদুপৰি পাব্লিক প্ৰাইভেট সহযোগী কৰপৰেশ্যনৰ PUBLIC PRIVATE PARTNERSHIP COMPANY উদ্যোগত NATIONAL SKILL DEVELOPMENT CORPORATION গঢ় লৈ উঠিছে আৰু SECTOR SKILL COUNCILS-SSCৰ সহায়ত বহুতো শিক্ষণ,শিকণ সামগ্ৰী/পেক তৈয়াৰ কৰাৰ লগতে মডেল পাঠ্যক্ৰম,ব্যবহাৰ্য্য হেন্ডবুক আদি প্ৰস্তুত কৰোতে গ্ৰেটবৃটেইন,অস্ট্ৰেলিয়া আদিৰ আৰ্হি লোৱা হৈছে।

কৰ্মদক্ষতা বিকাশৰ আচনিৰ  কাৰ্য্যকৰী ৰূপদান দিবৰ তাড়নাত কেন্দ্ৰীয় চৰকাৰে ‘দক্ষ ভাৰত’গঢ়ি তোলাৰ বাবে অঙ্গীকাৰবদ্ধ হৈছে আৰু মিশ্যন মোডত কাম হাতত লওঁতে নানান বাধা অতিক্ৰম কৰিবলৈও প্ৰস্তুত হৈছে; নিম্নলিখিত দিশবিলাক দক্ষতা ভিত্তিক শিক্ষাৰ বাবে অন্তৰায় স্বৰূপ,যেনে সুবিধামূলক আৰ্ন্তগাঠনি, প্ৰশিক্ষণৰ গুনগত মানদন্ড, শিক্ষাগ্ৰহণকৰাৰ নামভৰ্ত্তিকৰণ ব্যৱস্হাৰ কঠোৰ নীতি বা গাওঁ,পাহাৰীয়া,দুৰ্গম যাতায়াত অঞ্চল, অৰ্থনৈতিক সবলতাৰ অভাব, মানুহৰ ভূল/পুৰনাকলীয়া ধাৰনাৰ কাৰণে বৃত্তিমূলক প্ৰশিক্ষণৰ প্ৰতি অনীহা ইত্যাদি। মহিলাক বা গাওঁবাসীক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত এনে মনোবৃত্তি আৰু বেচি।ইয়াৰোপৰি চাহিদা আৰু যোগানধৰা ক্ষমতাৰ মাজতো তাৰতম্য যথেষ্ট বেছি।

উক্ত আসোৱাহ সমূহ অতিক্ৰম কৰি অনতিপলমে স্কীল ইন্ডিয়াৰ মিশ্যণত সফলতাৰে উপনীত হবৰ বাবে চীন, অষ্ট্ৰেলিয়া, কোৰিয়া, জাপান আদিয়ে গ্ৰহণ কৰা বিধি ব্যৱস্হালৈ উনুকিয়াব পাৰোঃ অষ্ট্ৰেলিয়া মহাদেশত পৰিলক্ষিত হৈছে যে পাচজন স্নাতক বিদ্যাৰ্থীৰ  তিনিজনে স্নাতকোত্তৰ মহলাৰ উচ্চ শিক্ষা লবলৈ আগ্ৰহী হলেও বাকী দুজনে দক্ষতা শিক্ষাৰ প্ৰতিহে ইচ্ছুকতা প্ৰকাশ কৰে বা স্নাতকোত্তৰ সকলেও দক্ষশিক্ষাৰ প্ৰশিক্ষণো আহৰণ কৰে।ঠিক তেনেদৰেই চীনতো কৌশলী শিক্ষা লোৱা সকলৰ সংখ্যা বেছি,চৰকাৰে সুবিধাও আগবঢ়াই,উদাহৰণ স্বৰূপে উনুকিয়াব পাৰি যে ডিগ্ৰীকলেজৰ শিক্ষাৰ্থীসকলৰ বাবে stipendৰ সুবিধা নাই যদিও দক্ষতা কেন্দ্ৰিক শিক্ষাৰ কাৰণে উপযুক্ত পাৰিতোষিকৰ ব্যৱস্হা আছে।তদুপৰি তাত স্কুলীয়া স্তৰতে দক্ষতাকেন্দ্ৰিক পাঠ্যক্ৰম প্ৰস্তুত কৰা হয়,পাঠ্যক্ৰম প্ৰস্তুত কৰোতে ব্যক্তিগত খন্ডৰ উদ্যোগিক প্ৰতিস্হানৰ বিশেষজ্ঞ সকলৰ সহায় লোৱা হয়।১৯৯৬চনত চীনত আইনগত নীতি নিৰ্দ্ধাৰণ কৰি উদৌগিক খন্ডৰ অংশগ্ৰহণৰ কপকপীয়া ৰীতি প্ৰয়োগৰ ব্যৱস্হা কৰা হয়।জাৰ্মানীত DUAL SKILLING SYSTEM ব্যৱস্হাত শ্ৰেনীকক্ষত INSIGHT TRAINING IN INDUSTRIAL SETTINGওপৰত গুৰুত্ব দিয়া হয়,যাতে জানিবলগীয়া কৌশল শ্ৰেনীকক্ষত আহৰণ কৰিব পাৰে।স্কুলত প্ৰশিক্ষণ দিওতা সকলকো প্ৰমানপত্ৰ প্ৰদান কৰা হয়।এই ক্ষেত্ৰত আমাৰ প্ৰাইভেট-পাব্লিক পাৰ্টিচিপেশ্যনৰ ৰীতিটো কাৰ্য্যকৰী কৰণ আৰু দৃঢ় কৰাতো প্ৰয়োজন।

অসমৰ ক্ষেত্ৰত কেইটামান দিশত অধিক ততপৰ হোৱাতো বাঞ্চনীয়

আমি অসমৰ ক্ষেত্ৰত কেইটামান দিশত অধিক ততপৰ হোৱাতো বাঞ্চনীয়,কিয়নো আমাৰ মাজত দক্ষ শ্ৰমশক্তিৰ অভাবৰ বাবে বহুসময়ত শিক্ষিত যুবকসকল চাকৰিবিমুখ হব লগা হৈছে বা স্বনিয়োজিত ব্যৱসায়ত আগবাঢ়ি যাব পৰাকৈ যথোপযুক্ত কৌশল ব্যৱহাৰ হোৱা নাই।চাহশিল্পৰ বিকাশৰ কাৰনে কুৰিশতিকাৰ প্ৰথমাৰ্দ্ধতেই যোৰহাটৰ টোকলাইত এখন প্ৰতিস্হান গঢ় লৈ উঠিলেও চাকৰি উপযোগীকৈ থলুৱা শ্ৰমিক তৈয়াৰ হোৱা নাই বা তৈল ক্ষেত্ৰৰ লগত সমন্ধ থকা বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিস্হান উচ্চশিক্ষাবিহীন সকলৰ বাবে প্ৰতিস্হা নোহোৱাত মধ্যমবৰ্গীয় কামবিলাকৰ বাবেও বহুসময়ত থলুৱা নিযুক্তিত বাধা পৰিলক্ষিত হৈছে।অথবা বনাঞ্চলজাত সামগ্ৰীৰ অফিচ বিলাক বন্ধ হোৱাত বহুজনেই চাকৰি হেৰুৱালে।বহু উদ্যৌগিক অনুস্হান নাইকিয়া হল; বাহজাতীয় কেচামাল অফুৰন্ত হলেও কাগজ কল সমূহ হেৰাই গল,যি কাগজ ভাল দৰত অসমে বেচি কিতাপ প্ৰনয়নত সহায়ক হৈছিল।এতিয়া সময় হল নানান উদ্যোগক গঢ় দিয়া/পূনৰ জীবিত কৰা,হাততে লভ্য কেচামাল প্ৰয়োগ কৰা। এসময়ৰ ভৰপুৰ বনাঞ্চল/বন সামগ্ৰী কাটি খাষ্টাং কৰাৰ আগতে হাবি জংগলক পূনৰ সেউজ কৰি তাৰ সুব্যৱহাৰ,সংৰক্ষণ বিদ্যাৰ, শিক্ষা সচেতনতাৰ প্ৰশিক্ষণৰ সূব্যৱস্হা কৰা যাতে ওচৰচুবুৰীয়া প্ৰাচ্যৰ দেশসমূহৰ পৰা কাঠ বা কাঠৰে তৈয়াৰী সামগ্ৰী কিনাই নহয় আমাৰ উত্পাদন সমূহ অন্যক বেছিব পাৰো।এনে ক্ষেত্ৰবিলাক সাঙুৰি বিশ্ববিদ্যালয় সমূহে কলেজত গ্ৰীষ্মকালীন বা শীতকালীন চাৰ্টিফিকেট কোৰ্চ আগবঢ়াই যাতে শিক্ষাৰ্থীসকলৰ দক্ষতা আৰু বজাৰ দৰ বাঢ়ে। আমাৰ বহু শিক্ষিত/প্ৰশিক্ষিত বিশাৰদে অন্য ঠাইত/বিদেশত চাকৰি কৰি আছে, ঘৰোৱা উদ্যোগ আদিত আগুৱাই অহা সকলক অনুপ্ৰানিত কৰিবৰ কাৰণে এওঁলোকৰ সহায় লোৱাৰ ওপৰিও নানান চেক্টৰত উদ্যোগিক প্ৰতিস্হান স্হাপন কৰা নিত্যান্তই প্ৰয়োজনীয় যাতে এইবিলাকত পাঠসমন্ধীয় ‘অন দা জব ট্ৰেইনিং’ দিয়াৰ লগতে নতুন প্ৰজন্মক শ্ৰম প্ৰশিক্ষণৰ বাবে উত্সাহিত কৰিব পাৰি!অবশ্যে এই প্ৰত্যাহ্বানৰ সমুখীন হৈ সফলতা অৰ্জন কৰোতে চৰকাৰৰ সৈতে পূৰ্ণ সহযোগ আগবঢ়াআওতে সকলোৰে সহযোগিতা এক আনন্দদায়ক অভিজ্ঞতা স্বৰূপ কৰিব লাগিব।

লেখিকা: ড° উৎপলা কোঁৱৰ,ৰিটায়াৰ্দ প্ৰফেছৰ,এনচিইআৰটি,৮৪১৯৯২১৪৬৫

শেহতীয়া উন্নীতকৰণ: : 1/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate