অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফেচিষ্ট মানসিকতা আৰু আজিৰ যুৱ সমাজ

ফেচিষ্ট মানসিকতা আৰু আজিৰ যুৱ সমাজ

 

গ্ৰীক দাৰ্শনিক চক্ৰেটিছক এবাৰ এজন লোকে তেওঁৰ যুক্তিবোৰ মানি ল’বলৈ টান পাই আক্ৰমণ কৰি লঠিয়াই গুৰিয়াই লেবেজান কৰি পেলাইছিল যদিও চক্ৰেটিছে নিৰৱে সকলো অত্যাচাৰ সহ্য কৰি গৈছিলে।

পিছত এজন লোকে যেতিয়া চক্ৰেটিছক প্ৰশ্ন কৰিছিল যে তেওঁৰ ওপৰত ইমান অমানৱীয় অত্যাচাৰ কৰাৰ পিছতো তেওঁ কোনো প্ৰত্যাক্ৰমন নকৰাকৈ কিয় নিৰৱে সহ্য কৰি আছিলে, তেতিয়া চক্ৰেটিছে বিনম্ৰ ভাবে উত্তৰ দিছিলে যে গাধ এটাই তাৰ নিজৰ আইন হাতত তুলি ল’লে বুলিয়েই মই মানুহ হিচাবে গাধৰ আইন হাতত তুলি ল’ব নোৱাৰো।

সচাঁকৈয়ে, এজনৰ চিন্তা আৰু মতৰ লগত আন এজনৰ চিন্তাধাৰা নিমিলিব পাৰে। এজন মানুহৰ চিন্তাধাৰা, অভিমতৰ লগত আন এজনৰ চিন্তাধাৰা নিমিলিল বুলিয়েই অসহিষ্ণু হৈ বিপক্ষক কটূ বাক্যৰে থকা সৰকা কৰাটো বা আক্ৰমণ কৰিবলৈ উদ্যত হোৱাটো বাৰু কিমানদূৰ সমীচীন?

কোনো বিষয়ত মত পাৰ্থক্য হ’লেই বিপক্ষক অশালীণ শব্দৰ বান নিক্ষেপেৰে আক্ৰমন কৰা উচিত নহয় বুলি ভাবো। এইবোৰ ফেচিষ্ট মানসিকতা।

কাৰণ ফেচিষ্ট সকলে আনৰ চিন্তাধাৰা আৰু মতামতক শ্ৰদ্ধা কৰিব নাজানে আৰু কেৱল গাৰ জোৰেৰে নিজৰ মতামতক আনৰ ওপৰত জাপি দিব খোজে।

কিন্তু জ্ঞানী লোক সদায় ধৈৰ্য্যশীল আৰু স্হিতপ্ৰজ্ঞ। ফেচিষ্ট সকলে কেতিয়াও যুক্তি মানি নলয় আৰু আওপুৰণি ধাৰণা খামুচি লৈ সমাজক তেওঁলোকৰ মতেৰে পৰিচালিত কৰিব বিচাৰে।

তেওঁলোকে মধ্যযুগৰ ধ্যান ধাৰণাৰে সমাজক বান্ধি ৰাখি সমাজৰ প্ৰগতিত বাধা দিয়ে।

এজন ব্যক্তি যিমানেই জ্ঞানী নহওক কিয় তেওঁৰো আছে জ্ঞানৰ সীমাবদ্ধতা। বিশ্ব ব্ৰহ্মাণ্ডৰ বিশাল জ্ঞানৰ মহাসাগৰখন সাঁতুৰি পাৰ হোৱাটো কাৰো পক্ষেই ইমান সহজ নহয়।

এজন জ্ঞানৰ অম্বেষনত বিচৰন কৰা ব্যক্তিয়ে নিজৰ যুক্তিক সমাজত প্ৰতিষ্ঠা কৰিবলৈ হ’লে তেওঁ সাবলীল আৰু শক্তিশালী যুক্তিৰে নিজৰ মতবাদক সৰ্বগ্ৰহনযোগ্য কৰি তুলিব লাগিব|

আনহাতে তেওঁ গোটেই জীৱন চিন্তা কৰিবলৈ ভাল পাব লাগিব, আনক প্ৰশ্ন সুধি জ্ঞানৰ মধুসুধা পান কৰিবলৈ অনিবাৰ্য্য তাড়না অনুভৱ কৰিব লাগিব আৰু সমাজখনকো এই বাৰ্তা প্ৰেৰণ কৰিব লাগিব|

আমি সৰুতে যেনেদৰে স্কুলৰ তৰ্ক প্ৰতিযোগীতাসমূহত ভাগ লৈছিলো, সেই তৰ্কসমূহৰ মূল উদ্দেশ্য কিন্তু ইজনে আনজনলৈ তীৰ্যক মন্তব্য কৰাটো নহয়, যুক্তিসংগনভাবে আৰু সাবলীল ৰূপত নিজৰ মত সৰ্বগ্ৰহনযোগ্য কৰি তোলাৰ ওপৰত গুৰুত্ত্ব প্ৰদান আৰু আনৰ যুক্তিপূৰ্ণ বিশ্লেষনৰ প্ৰতিও সন্মান জনোৱাটোও এনেবোৰ প্ৰতিযোগীতাৰ মূল উদ্দেশ্য| ভল্টেয়াৰে কৈছিল I don’t agree with what you have to say, but I will defend to death your right to say.

কিন্তু নিজৰ কথাকে সত্য আৰু জোৰ-জুলুমকৈ আনৰ ওপৰত জাপি দিয়াৰ উদাহৰণ পৃথিৱীত অনেক আছে| ১৯৮৯ চনত ইৰানৰ ধৰ্মীয় নেতা আয়াতোল্লা খোমেইনীয়ে লেখক ছালমান ৰুছদিৰ “ছাটানিক ভাৰ্চেজ” নামৰ গ্ৰন্থখনত ইছলাম ধৰ্মবিৰোধী কথা সন্নিবিষ্ট কৰা বাবে ফটোৱা জাৰি কৰিছিল|

সপ্তদশ শতিকাত মহান বিজ্ঞানী গেলিলিওৱে পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে বুলি প্ৰমান কৰাৰ সময়ত ধৰ্মীয় বিশ্বাসত আঘাট কৰাৰ বাবে গৃহবন্দী কৰি ৰখা হৈছিল|

বাংলাদেশৰ লেখিকা তছলিমা নাচৰিনে ধৰ্মীয় ভণ্ডামী উদঙাই দিয়াৰ বাবে স্ব-নিৰ্বাসিত জীৱন-যাপন কৰিব লগা হৈছে|

ফ্ৰান্সৰ “চাৰ্লি এবভো” নামৰ ব্যংগ বাতৰি কাকতখনত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিলে পয়গম্বৰ হজৰত মহম্মদৰ কাৰ্তুন প্ৰকাশ কৰাৰ বাবে|

আমাৰ অসমতো অসম আন্দোলনৰ সময়ত যেনেদৰে ইয়াক বিৰোধীতা কৰা লোকসকলক আন্দোলনকাৰীয়ে শত্ৰু বুলি ভাবি লোৱাৰ হেতুকে বহুতো বিশিষ্ট ব্যক্তিয়ে আন্দোলনকাৰীৰ ৰোষৰ বলি হৈ শাৰিৰীকভাৱে অপদস্থ হোৱাৰ অনেক উদাহৰণ আছে|

উপৰোক্ত কথাখিনি উল্লেখ কৰিলো আজি কিছুদিনৰ পৰা ছ’চিয়েল মেডিয়া বোৰ হৈ থকা কিছুমান ঘটনাক লৈ|

নৱপ্ৰজন্মৰ ব্যক্তি হিচাবে ছ’চিয়েল মেডিয়াৰ সৈতে আমাৰ ওতঃপোত সম্পৰ্ক| ছ’চিয়েল মেডিয়া বুলি ক’লে আমাৰ সকলোৰে মনলৈ সৰ্বপ্ৰথম আহে ফেচবুকৰ কথা|

এনেবোৰ ছ’চিয়েল মেডিয়াই আজি সামাজিক যোগসূত্ৰ স্থাপনত বিশেষ ভূমিকা গ্ৰহন কৰি আহিছে| আনহাতে ফেচবুকত গঢ়ি উঠিছে জনমত, অসমীয়াত কথা বতৰা, অ মোৰ আপোনাৰ দেশ আদি কিছুমান গ্ৰুপ, য’ত নৱপ্ৰজন্মই বিভিন্ন সামাজিক ঘটনা-পৰিঘটনাৰ ওপৰত বিশ্লেষণ আগবঢ়াই গৈছে, নিজৰ মতামত প্ৰকাশ কৰিছে|

কিন্তু কাৰ্যত দেখা গৈছে কোনোবা এটা সামাজিক ঘটনাৰ ওপৰত বিশ্লেষনৰ বাবে আমি যেতিয়া বিভিন্নজনৰ মতামতবোৰ লক্ষ্য কৰো।

তেতিয়া প্ৰায়েই দেখিবলৈ পোৱা যায় যে বেছিভাগ প্ৰসঙ্গত যোগাত্মক বিশ্লেষনৰ পৰিবৰ্তে হাই-কাজিয়া বা বহুক্ষেত্ৰত ইজনে আনজনৰ প্ৰতি অশ্লীল বাক্যবান প্ৰয়োগ আদিৰে অন্ত হোৱাৰ উপক্ৰম হয়|

এয়াই হৈ পৰিছে নেকি আমাৰ যুৱ প্ৰজন্মৰ মানসিকতা| সকলোকে সমালোচনাৰ প্ৰয়োজন| কাৰণ সমালোচনাইহে ভুল-ক্ৰুটিবোৰ আঙুলিয়াই গঠনমূলক দিশত অগ্ৰসৰ হোৱাত এক অনুঘটক ৰূপে কাম কৰে, বহুক্ষেত্ৰত গঠনমূলক সমালোচনাইহে এখন সমাজত গতিশীলতা প্ৰদান কৰিব পাৰে|

সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাইও কৈছিল গীতৰ জৰিয়তে “ভুল যদি হয় সৃষ্টিত মোৰ তুমি হ’বা চিন্তিত সমালোচনাৰ অগনিৰে পুৰি মোক কৰা উন্নত|”

তেনেস্থলত আমাৰ যুৱ প্ৰজন্ম ই যদি এনেদৰে শক্তিশালী যুক্তিবাদী চিন্তা চৰ্চাৰে তথা শক্তিশালী যুক্তি তৰ্কৰেহে প্ৰকৃত সত্যক উপস্থাপন কৰিবলৈ সক্ষম হয়, তেন্তে সেইয়া হ’ব সমাজৰ বাবেই মংগলজনক|

সকলো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দিশ দুয়োটা থাকে আৰু কিছুমানৰ বাবে ইতিবাচক দিশটো হ’ব পাৰে কাৰোবাৰ বাবে নেতিবাচক আৰু নেতিবাচক দিশটো কাৰোবাৰ বাবে ইতিবাচক|

তেনেস্থলত শক্তিশালী যুক্তি তৰ্ক প্ৰদৰ্শনৰ পৰিবৰ্তে প্ৰকৃত সত্যক উপস্থাপনৰ পৰিবৰ্তে যদি দাবি হুমুকিৰেহে নিজৰ মতক প্ৰতিষ্ঠা কৰিবলৈ লোৱা যায় সেইয়া হ’ব একপ্ৰকাৰ ফেচিষ্ট মানসিকতা সদৃশ আৰু সমাজৰ বৃহত্তৰ স্বাৰ্থত এনেধৰণৰ কাম কাজে কোনো হিত সাধন নকৰে|

সকলো দিশ যুক্তিৰে চালি-জাৰি চাই সমাজৰ বৃহত্তৰ স্বাৰ্থত মন্তব্য কৰিলেহে সকলোৰে বাবে মংগলজনক|

ইয়াৰ অন্যথা নিজৰ মতকে শুদ্ধ বুলি ভাবি জোৰ জবৰদস্তিৰে আনক মানি ল’বলৈ বাধ্য কৰিবলৈ গ’লে এখন সমাজৰ কেতিয়াও হিত সাধন নহয়|

আনহাতে আমাৰ বিভিন্ন জাতি-জনগোষ্টীৰ মাজত ক্ৰমান্বয়ে গঢ় লৈ উঠা উগ্ৰ জাতিয়তাবাদো ফেচিষ্ট মানসিকতাৰেই এক নামান্তৰ কাৰণ|

কাৰণ নিজৰ জাতিৰ কলা-সংস্কৃতিয়েই বৰ্ণিল আৰু শুদ্ধ বুলি প্ৰতিষ্টা কৰিবলৈ গৈ আনসকলৰ প্ৰতি হেয় মনোভাব পোষন কৰাৰ হেতুকে আনসকলৰ মনত ক্ষোভ আৰু অসন্তোষে ঠাই পাই|

কাৰণ সংস্কৃতি কেতিয়াও অকল মাত্ৰ এটি জাতিৰ মাজতেই আৱদ্ধ নাথাকে| সংস্কৃতি চিৰপ্ৰৱাহমান আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ ইতিবাচক সংস্কৃতিৰ সমিলমিলতেই এক বিশাল তথা বৰ্নিল সংস্কৃতি গঢ়ি উঠে|

আশাকৰো, আমাৰ উচ্চশিক্ষিত যুৱপ্ৰজন্মই যুৱ প্ৰজন্ম ই আমাৰ সংকটাপন্ন তথা ভাঙোনমুখী অসমীয়া সমাজখনৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি চকু ৰাখি ছ’চিয়েল মেডিয়াসমূহত নিজৰ মতামত প্ৰকাশ কৰাৰ সময়ত এনেবোৰ সৰু সৰু কথাৰ প্ৰতি ধ্যান দিয়ে যেন|

কাৰণ উচ্চশিক্ষা এজন ব্যক্তিৰ অকল মাথো বিশ্ববিদ্যালয়ৰ ডিগ্ৰী পোৱাৰ মাজতেই আৱদ্ধ নহয়|

উচ্চশিক্ষা সাৰ্থক হ’ব তেতিয়াহে যেতিয়া জ্যেষ্ঠ সকলৰ পৰা তেওঁলোকৰ পিছৰ প্ৰজন্মলৈ এই শিক্ষাই ইতিবাচক বাৰ্তা কঢ়িয়াই আৰু তেওঁৰ উচ্চশিক্ষাৰ জ্যোতিৰে চাৰিওদিশ জ্যোতিষ্মান হ’ব লাগিব|

ইয়াৰ অন্যথাই উচ্চশিখাৰ অৰ্থ মূল্যহীন| আজিৰ নৱপ্ৰজন্ম ই দেশৰ ভৱিষ্যত| তেওঁলোকৰ হাততেই লিখিত হৈ আছে আমাৰ দেশৰ ভবিষ্যত|

ডাঃ বিৰাজ কুমাৰ শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 5/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate