শিশু এটিক আমি জ্ঞাতে বা অজ্ঞাতে প্ৰায় প্ৰতি মুহূৰ্ততে বহু কথাই শিকাই থাকো । আমি শিকোৱা এই কথাবোৰৰ ভিতৰৰে সকলো কথা কিন্তু শিশু এটিক শিকোৱা উচিত নহয় । কিয়নো, এই নিশিকাবলগীয়া কথাবোৰে শিশু এটিৰ ভৱিষৎ জীৱনত সাংঘাতিক ধৰণেৰে নেতিবাচক প্ৰভাৱ পেলাব পাৰে । আজি এই লেখাৰ জৰিয়তে মই শিশুক নিশিকাবলগীয়া এনে বহুতো কথাৰ কিছু কথা অভিভাৱসকলক ক’ব খুজিছো ।
প্ৰিয় অভিভাৱকসকল , আপোনালোকৰ শিশু সন্তানটি মজিয়াত যেতিয়া পৰি যায়, ক’ৰবাত খুন্দা খাই আঘাত পাই যেতিয়া চিঞৰি কান্দি উঠে, তেতিয়া শিশুটিক নিচুকাবলৈ আপোনালোকে বাৰু কি কৰে ? মই ব্যক্তিগতভাৱে আজিলৈকে শিশুৰ ক্ষেত্ৰত এনেকুৱা যিমানবোৰ পৰিস্থিতি প্ৰত্যক্ষ কৰিছো, তেনেকুৱা পৰিস্থিতিবোৰত বোধকৰো নিৰানব্বৈ শতাংশ অভিভাৱকেই বা শিশুটিৰ আশে-পাশে থকা ব্যক্তিসকলে শিশুটিক নিচুকাবলৈ এক বিশেষ পদ্ধতি অৱলম্বন কৰা মন কৰিছো । তেওঁলোকে শিশুটিয়ে পৰি যোৱা মজিয়াখনৰ ঠাইডোখৰ, খুন্দা খোৱা দৰ্জাখন, খুঁটা আদিত ভৰিৰে বা হাতেৰে জোৰেৰে পিটি বা মাৰি দেখুৱাই শিশুটিক নিচুকাবলৈ ধৰে । তেওঁলোক সকলোৱে প্ৰায় একেধৰণেৰে কয়- ইমান দুষ্ট মজিয়াখন (দৰ্জাখন, খুঁটাটো, বেৰখন), আমাৰ অমুকক পেলাই দিবলৈ আহিছে মই মজিয়াখনক মাৰি দিছো দেই । তুমি নাকান্দিবা । মজিয়াখনক মই দুখ পোৱাই দিলো দেই ইত্যাদি । বহুতে আকৌ এখোপ ওপৰলৈ গৈ নিচুকায়-আমাৰ অমুকক বা আমাৰ ঘৰৰ ল’ৰাটোক/ ছোৱালীজনীক পেলাই দুখ পোৱাই দিবলৈ আহিছে । ইমান সাহস এই মজিয়াখনৰ । চাওঁ আহাচোন আমি মাৰি দিওঁ বুলি অভিভাৱকে নিজেতো ধাপ ধাপকৈ মাৰেই, লগতে শিশুটিকো মাৰি দিবলৈ উৎসাহ দিয়াৰ লগতে সহায়ো কৰি দিয়ে । কিন্তু এনে পৰিস্থিতিবোৰ শিশু এটিক নিচুকাবলৈ আমি যি এই পদ্ধতি প্ৰয়োগ কৰিছো এয়া বাৰু কিমান উপযুক্ত পদ্ধতি হৈছে । আপোনালোক অভিভাৱকসকলে কেতিয়াবা ভাবি চাইছেনে ?
একে আষাৰে ক’বলৈ গ’লে ওপৰত উল্লেখ কৰা এই পৰিস্থিতিবোৰত আমি শিশু এটিক নিচুকাবলৈ প্ৰয়োগ কৰা এই পদ্ধতি কেৱল অনুপযুক্তই নহয়, ই ক্ষতিকাৰকো । শিশু এটিয়ে যেতিয়া পৰি বা খুন্দা খাই দুখ পাই কান্দে, তেতিয়া আমি শিশুটিক নিশ্চিতভাৱে নিচুকাবই লাগিব । কিন্তু শিশু এটিক নিচুকাবলৈ গৈ আনক জগৰীয়া কৰি বা আনক দোষ জাপি দি শিশুটিক ভাল বুলি কৈ নিচুকোৱা পদ্ধতিটো কিন্তু কেতিয়াও শুদ্ধ নহয় । শিশুটিক নিচুকাবলৈ শিশুটিয়ে পৰি যোৱা বা খুন্দা খোৱা ঠাইখিনিক মাৰি দি বা শিশুটিকো মাৰি দিবলৈ শিকোৱাৰ অৰ্থ এইটোৱেই যে শিশু টি পৰা বা খুন্দা খোৱাৰ কাৰণে ঠাইখিনিহে জগৰীয়া বা দায়বদ্ধ । কিন্তু প্ৰকৃততে মজিয়াখন বা দৰ্জাখন জানো জগৰীয়া ? শিশুটিয়ে হয়তো খুব জোৰেৰে দৌৰি অহাৰ বাবে মজিয়াখনত সাৱধানেৰে খোজ নকঢ়াৰ বাবে ইত্যাদি বিভিন্ন কাৰণতহে যে শিশুটি পৰিছে সেই কথাটোহে আমি শিশুটিক বুজোৱা উচিত । অৰ্থাৎ শিশুটি পৰাৰ বাবে মজিয়াখন বা খুন্দা খোৱাৰ বাবে বেৰখন বা দৰ্জাখন যে প্ৰকৃততে জগৰীয়া নহয়, সেই যি বাস্তৱ সত্য কথা, সেই কথাও শিশুটিৰ চকুত শুদ্ধকৈ দাঙি ধৰি শিশুটিক সেই সত্য উপলব্ধি কৰাব পাৰিলেহে শিশুটিয়ে বুজিব পাৰিব সি/ তাই আচলতে কিয়নো পৰিল । তদুপৰি নিজৰ প্ৰতিটো কৰ্মৰ বাবে যে আমি নিজেহে দায়বদ্ধ এই কথাটো আমি শিশুক শিকাবলৈ চেষ্টা কৰা উচিত । পৰি যোৱা, খুন্দা খোৱা আদিৰ বাবে ঠাইখিনি বা আন কাৰোবাক জগৰীয়া কৰিবলৈ শিকালে শিশু এটিয়ে নিজৰ কামবোৰৰ বাবে আনক সদায় দোষ জাপি দিবলৈ শিকিবলৈ ল’ব আৰু দোষ জাপি দি সেই দোষৰ শাস্তিও দিবলৈ চেষ্টাহে কৰিব । আমি যে মজিয়াখন বা দৰ্জাখন মাৰি দেখুৱাইছো ইয়াৰ অৰ্থ এইটোও যে দোষ কৰাজনক শাস্তি দিবলৈ মাৰপিট কৰাও দৰকাৰ । শিশুক শিকোৱা এনে কথাই শিশুৰ মনত আক্ৰোশৰো জন্ম দিব পাৰে । শিশুক নিজৰ দোষৰ বাবে দায়বদ্ধ হ’বলৈ শিকাব নোৱাৰিলে কোনো পৰিস্থিতিত লগ-বন্ধু বা আন কোনোবাই যদি সিহঁতৰ দোষ আঙুলিয়াই দিয়ে, তেন্তে তৎক্ষণাৎ সিহঁত হতাশ হৈ পৰিব পাৰে । তদুপৰি শিশু এটিক নিজৰ নেতিবাচক কোনো কামৰ বাবে আনক দোষ জাপি দিবলৈ শিকালে ই শিশুটিৰ কেৱল এক অভ্যাস গঠন হোৱাই নহয়, এই অভ্যাসৰ ফলত ভৱিষ্যতে জীৱনত বাস্তৱৰ লগত মুখামুখি হৈ চলিবলৈ যাওঁতে শিশু এটিয়ে প্ৰতিটো মূহূৰ্ততে উজুটি খাবলগীয়া হোৱাৰ সম্ভাৱনাই বেছি হয় ।
ঘৰৰ পৰিচাৰিকাসকলক কাম কৰা মানুহ বুলি বাৰে বাৰে দোহাৰি থাকি কথা কোৱা আমাৰ সৰ্বাধিকসংখ্যক অভিভাৱকৰে এটা অভ্যাস । আমাৰ শিশু সন্তানবোৰেও অভিভাৱসকলক অনুকৰণ কৰি অৱজ্ঞাৰে কয়- কাম কৰা মানুহ । কিন্তু ঘৰৰ বিভিন্ন কামত আমি নিয়োগ কৰা এই মানুহবোৰক কাম কৰা মানুহ বুলি ক’বলৈ শিশু এটিক কেতিয়াও শিকোৱাটো উচিত নহয় । প্ৰতিজন মানুহক দিবলগীয়া উচিত সন্মান দিবলৈ শিশুক সৰুৰে পৰা অভিভাৱকসকলে শিকোৱা উচিত । শিশুটিক সৰুৰে পৰা এই কথা বুজিবলৈ সমৰ্থ কৰি তোলা উচিত যে পৃথিৱীৰ প্ৰতিজন মানুহেই আচলতে কাম কৰা মানুহ । কাম প্ৰত্যেকেই কৰে । কাম নকৰিলে কোনো মানুহেই এই পৃথিৱীত জীয়াই থকাটো সম্ভৱপৰ নহয় । মাত্ৰ প্ৰত্যেকৰে কৰা কামবোৰ বেলেগ বেলেগ । শিশুটিৰ পিতৃ-মাতৃয়ে যেনেদৰে কাম কৰিবলৈ কোনো অফিচ, স্কুল বা কলেজ আদিলৈ যায়, ঠিক একেদৰে সিহঁতৰ ঘৰৰ কামবোৰ কৰি দিবৰ বাবে সেই কামলৈ পৰিচাৰিকা বা পৰিচালকজন আহে । পৃথিৱীৰ প্ৰতিজন মানুহেই যে নিজৰ নিজৰ ঠাইত ডাঙৰ মানুহ আৰু প্ৰত্যেকৰে যে সমান গুৰুত্ব আছে এই কথা শিশুক হৃদয়ংগম কৰিবলৈ শিকাই বুজাব পাৰি যে যদি সিহঁতৰ পৰিচালিকাগৰাকী ঘৰলৈ নাহে, তেন্তে ঘৰখনৰ বিভিন্ন কথা আৰু কামবোৰত যি বেমেজালি হ’ব সেই বেমেজালিবোৰনো কোনে চম্ভালিব ? যিহেতু প্ৰতিজন মানুহেই ইজনে সিজনৰ বাবে গুৰুত্বপূৰ্ণ, গতিকে কোনেও কাকো অৱজ্ঞা কৰা উচিত নহয় । যদি আমি অভিভাৱসকলে এই শিক্ষা নিজেও নলওঁ আৰু শিশুকো সৰুতেই নিশিকাওঁ, তেন্তে আমাৰ সন্তানসকলে কেতিয়াও পৃথিৱীখনৰ সকলোকে সমান চকুৰে চাবলৈ নিশিকিব । কিন্তু পৃথিৱীৰ সকলোকে সমান দৃষ্টিৰে চোৱাৰ যি শিক্ষা সেই শিক্ষাৰ অবিহনে কেতিয়াও শিশুৰ সুস্থ মানসিক বিকাশ সম্ভৱপৰ নহয় ।
দেখা যায়, শিশু এটি ডাঙৰ হৈ অহাৰ লগে লগে বহু অভিভাৱকে শিশুক শিকায় যে আমাৰ ঘৰৰ তুমিহে আচল মালিক, এইটো তোমাৰহে ঘৰ, তোমাৰ কাৰণেহে বান্ধিছো, তোমাৰহে গাড়ী ইত্যাদি এনেধৰণৰ বহু কথা । কিন্তু শিশুক জীৱনৰ কিছুমান কথাত কেৱল মই মোৰ এনেদৰে ভাবিবলৈ শিকোৱাটো এটা ডাঙৰ্ত ভুল কথা । কাৰণ এনেদৰে শিকালে শিশুটিয়ে প্ৰতিটো কথাতে নিজকে সৰ্বেসৰ্বা বুলি ভাবিবলৈ আৰম্ভ কৰে । ঘৰখনত কেৱল সি/ তাইহে সকলোতকৈ গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰিবলৈ লৈ পিছলৈ এনে সন্তানে মাক-দেউতাকক নমনা হৈ পৰাৰ উপৰি সিহঁতৰ এক দমনমূলক স্বভাৱ গঠন হোৱাৰ সম্ভাৱনা থাকে । পিছত সিহঁত ডাঙৰ হৈ স্কুল, কলেজ বা ঘৰৰ বাহিৰৰ কোনো পৰিৱেশত ক’ৰবাত গুৰুত্ব নাপালে এনে সন্তান হৈ পৰিব পাৰে হতাশ, বিমৰ্ষ নাইবা খঙাল ধৰণৰ । গতিকে কিছুমান কথাত সৰুৰে পৰা কেৱল ‘মই’ ‘মোৰ’ শব্দৰ বিপৰীতে ‘আমাৰ’ শব্দটো শিকাবলৈ বিশেষভাৱে যত্ন কৰা উচিত । শিশুক শিকোৱা উচিত আমি সকলো মিলি থকা এই ঘৰখন আমাৰ । আমাৰ এই ঘৰখনত প্ৰত্যেকৰে সমান অধিকাৰ আৰু গুৰুত্ব আছে । শিশুক কেতিয়াও অমূকৰ ঘৰলৈ যাওঁ, মোৰ ঘৰলৈ আহিবা, তোমাৰ ঘৰলৈ যাম আদিৰ দৰে বাক্য শিকাব নালাগে । তাৰ ঠাইত শিকাব লাগে অমুকহঁতৰ ঘৰ, আমাৰ ঘৰ, তোমালোকৰ ঘৰ ইত্যাদি । শিশুটিয়ে ভাল পোৱা কিবা এটা খোৱা বস্তু ৰন্ধাৰ দিনাও এই কথা স্পষ্টকৈ বুজাই দিয়া উচিত যে শিশুটিয়ে সেই খাদ্য ভাল পালেও ঘৰৰ প্ৰতিজন সদস্যৰ ৰুচিৰ প্ৰতি গুৰুত্ব ৰাখিহে সেই খাদ্য ৰন্ধা হৈছে । গতিকে কথাটো এনেকুৱা নহয় যে তুলসীৰ লগত কলপটুৱাৰ মুক্তি হৈহে ঘৰৰ বাকীসকলে সেই খাদ্য খাবলৈ পাইছে । এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ থোৱা উচিত হ’ব যে শিশুক ঘৰৰ মালিক, গাড়ীখনৰ মালিক বা শিশুটিৰ বাবেহে ঘৰটো বনাইছে আদিৰ দৰে বাক্য কৈ শিশুটিক ঘৰ, গাড়ী আদিৰ মালিক বনাবলৈ প্ৰকৃততে শিশুটি অভিভাৱসকলৰ সন্তান হোৱাৰ বাহিৰে সেই বয়সত শিশুটিৰ আৰু জানো কিবা অৰিহণা থাকে ? আমি হয়তো ক’ব পাৰো যে শিশুটি অংশীদাৰ । কিন্তু শিশুটিক অভিভাৱসকল জীয়াই থকালৈহে সেই ঘৰৰ মালিক বুলি ভাবিবলৈ দিয়াটো এক ভুল কথা । কাৰণ বৰ্তমান সময়ত অভিভাৱসকল জীয়াই থাকোতেই সন্তান মালিক হৈ পৰি অভিভাৱকক ঘৰৰ পৰা উলিয়াই দিয়া বা অৱহেলা কৰাৰ দৰে ঘটনাৰ ক্ষেত্ৰত শিশুক সৰুতে শিকোৱা এনে ভুল কথাও কিন্তু এক কাৰণ হ’ব পাৰে । গতিকে সন্তানক সদায় নিজৰ সঠিক স্থানতে ৰখা উচিত । শিশু অৱস্থাতে সন্তানক প্ৰয়োজনতকৈ বেছি মূৰত তুলি ল’লে পিছত হাজাৰ চেষ্টা কৰিও কিন্তু অভিভাৱসকলে সন্তানক মূৰৰ পৰা নমোৱাটো সম্ভৱপৰ নহ’ব ।
এনেধৰণে অভিভাৱকো মই প্ৰত্যক্ষ কৰিছি যি নিজৰ তিনি-চাৰিটা সন্তানৰ এটাক ভাত বা কিবা খাদ্য সোনকালে খুৱাবলৈ উপায় হিচাপে কয়- আহা খাই লোৱাহি, বাঁহত / দাদাহঁতে তোমাৰখিনি খাই দিবহি এতিয়া । তুমি খাই দিয়া, আমি সিহঁতক নিদিওঁ দেই । সিহঁতে আমি দিম বুলি ভাবিছে, কিয়নো দিম সিহঁতক ? আমাৰ মাইনাকহে দিম ন ইত্যাদি । এনে কথা শুনি শিশুটিয়ে হয়তো অতি কম সময়ৰ ভিতৰতে খোৱা বস্তুখিনি শেষ কৰিছে । কিন্তু আমি শিকোৱা এনে কথাই যে শিশুটিৰ মনত কেনেকৈ এক ভয়াৱহ নেতিবাচক মনোভাবৰ জন্ম দিব পাৰে সেয়া হয়তো আমি কল্পনাও কৰিব নোৱাৰো । কাৰণ শিশুটিয়ে মাক বা দেউতাকৰ এনে কথা ভাবিবলৈ ল’ব যে তাক/ তাইক গোটেইকেইটা ল’ৰা-ছোৱালীতকৈ মাক-দেউতাকে বেছি ভাল পায় । সেই কাৰণেহে শিশুটিৰ কথা মাক-দেউতাকে তেনেকৈ চিন্তা কৰিছে । তদুপৰি শিশুটিয়ে লাহে লাহে ভাবিবলৈ ল’ব কেৱল নিজৰ কথা আৰু নিজৰ কথা । ভাবিব কেৱল মোৰ পেটটোহে ভৰক । তেনে শিশু লাহে লাহে আত্মকেন্দ্ৰিক হ’বলৈ ল’ব । প্ৰতি মূহূৰ্তত নিজৰ বাই-ভনী, ভাই-ককাই বা লগ-বন্ধুতকৈ কেনেকৈ মই ভালৰ ভালটো খাওঁ, ভালৰ ভাল বস্তুটো ল’ব পাৰো সেই চিন্তানে থাকিব । আনকি এনে শিশুৱে সহোদৰৰ প্ৰতি অনুভৱ কৰিবলগীয়া যি মৰম, চেনেহ বা টান সেইবোৰো মনত মজবুতকৈ গঠন কৰিবলৈ অপাৰগ হোৱাৰ সম্ভাৱনাই বেছি হয় ।
আকৌ শিশুক যেতিয়া অভিভাৱকসকলে ভাত বা আন কিবা খাদ্য খুৱায় তেতিয়া বহুতো অভিভাৱকে কয় যে এগৰাহ মোৰ কাৰণে, এগৰাহ দেউতাৰ কাৰণে খোৱা, আমাক যদি ভাল পোৱা তেন্তে খাই দিয়া বা তুমি খালেহে কিন্তু আমি তোমাক ভাল পাম, মৰম কৰিম ইত্যাদি । আন বহু কথাতো, যেনে- নপঢ়িলে আমি বেয়া পাম ইত্যাদি কথাও কোৱা শুনা যায় । দেখাত খুব সৰু যেন লগা এই কথায়ো কিন্তু শিশুৰ সঠিক মানসিক বিকাশত বাধা দিয়ে । আমি সদায় শিশুটিক বাস্তৱ কথাবোৰ শিকাবলৈ চেষ্টা কৰা উচিত । শিশুক খুৱাওঁতে হওক, পঢ়াওঁতে হওক এই কথা কেতিয়াও শিকোৱা উচিত নহয় যে শিশুটিয়ে ভালদৰে খালে বা পঢ়িলেহে বা আন কিবা কৰিলেহে আমি ভাল পাম । শিশুটিক এই কথা বুজিবলৈ দিয়া উচিত যে নিজৰ সন্তান যেতিয়া আমি শিশুটিক সদায় ভাল পাওঁ । কিন্তু শিশুটিক খাবলৈ বা পঢ়িবলৈ কোৱা হৈছে কাৰণ জীয়াই থাকিবৰ আমাৰ বাবে এইবোৰ গুৰুত্বপূৰ্ণ কাম । নাখালে মানুহৰ বৃদ্ধি নোহোৱাকে ধৰি নাখালে হ’ব পৰা স্বাস্থ্যৰ ক্ষতি, আকৌ নপঢ়িলে হ’ব পৰা ক্ষতি আদিৰ বিষয়ে শিশুৰ মনত সঠিকভাৱে স্পষ্ট ছবি এখন দাঙি ধৰাহে উচিত । তদুপৰি এই কথাও শিশুটিক বুজোৱা উচিত যে শিশুটিয়ে যে কাৰো কাৰণে নাই খোৱা বা খোৱাৰ দৰকাৰ নাই । শিশুটিয়ে খাইছে সম্পূৰ্ণৰুপে নিজৰ বাবে । পঢ়িছেও নিজৰ বাবে । মাথোঁ শিশুক কোৱা উচিত শিশুটিয়ে সৰুৰে পৰা ভালদৰে পুষ্টিকৰ খাদ্য খাই দেহৰ সুস্থ বিকাশ সাধন কৰি নিজৰ সমৰ্থতাৰে ভালদৰে পঢ়া-শুনা কৰিব পাৰিলেহে নিজৰ লগতে সমাজৰো উপকাৰ হ’ব । শিশুটি সকলো দিশতে ক্ষতিগ্ৰস্ত হৈ থকা মানেই সমাজৰো ক্ষতি । কিন্তু শিশুটিক ভাত এগৰাহ খাবলৈও বা পঢ়িবলৈও যদি সেয়া অভিভাৱকৰ বাবেহে কৰিবলৈ কোৱা হয়, তেন্তে সেই শিশুৱে ভৱিষ্যতে নিজৰ বাবেতো কিবা এটা কৰিবলৈ নিশিকিবই আৰু নিজৰ বাবে যে কিবা কৰিব লাগে সেই ধাৰণাৰে ডাঙৰ নোহোৱা শিশুৱে ভৱিষ্যতে আনৰ বাবে কিবা কৰাৰ কথা ভৱাটো হ’ব এক অমূলক কথা । তদুপৰি এনে শিশুৱে নিজৰ মন নগ’লেও বহু সময়ত কেৱল মাক-দেউতাকক ভাল লগাবৰ বাবেহে কিছুমান কাম কৰিবলৈ শিকিব । কিন্তু যি কথাই অভিভাৱকৰ লগতে শিশুটিৰো ক্ষতি কৰিব । প্ৰকৃততে শিশুক আমি বহু কথাই শিকোৱা উচিত নহয় । কিন্তু আমাৰ সজাগতা আৰু সচেতনাৰ অভাৱৰ বাবেই আমি নিশিকাবলগীয়া এই কথাবোৰ শিশুক শিকাই থাকো । আশা কৰিছো, এই লেখাৰ জৰিয়তে পাঠকসকল নিশ্চয় কিছু হ’লেও উপকৃত হ’ব ।
লেখিকা :- জয়শ্ৰী বুঢ়াগোহাঁই
উৎস :- জি এনআৰচি স্বাস্থ্য
শেহতীয়া উন্নীতকৰণ: : 6/5/2020