অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসম মাধ্যমিক শিক্ষা পৰিষদ

অসম মাধ্যমিক শিক্ষা পৰিষদ

অসম মাধ্যমিক শিক্ষা আইন ১৯৬১ (অসম আইন XXV, ১৯৬১)খন অসমত মাধ্যমিক শিক্ষাৰ উন্নতি আৰু পৰিচালনাৰ বাবে অসমত এখন মাধ্যমিক শিক্ষা পৰিষদ গঠনৰ বাবে জাৰী কৰা হয়। এই আইনখন ২৯ জানুৱাৰী,১৯৬২ত বলৱত কৰা হয় অসম চৰকাৰৰ শিক্ষা বিভাগ প্ৰচাৰ সমিতিৰ অধিসূচনা নং- ১৫৯/৬১/৩৭, তাং ২৯/১/১৯৬২। এনেদৰেই ১৪ মাৰ্চ,১৯৬২ ত অসম মাধ্যমিক শিক্ষা পৰিষদ (চমুকৈ ছেবা)স্হাপন হয়। ১৯৬২ ৰ পৰা ছেবাই ১১ বছৰ ধৰি উচ্চতৰ মাধ্যমিক পৰীক্ষা পাতি আহিছে। এইখন আইনৰ অধীনত অসম চৰকাৰে শ্ৰী এচ চি ৰাজখোৱা DPI(DIRECTOR OF PUBLIC INSTRUCTION) ক সচিব আৰু স্কুল পৰিদৰ্শক মহম্মদ এন ইচলাম(Central Assam Circle) ক সভাপতি হিচাপে লৈ এখন পৰিষদ গঠন কৰে। এই পৰিষদখন প্ৰথমে শ্বিলংত অৱস্হিত ডি.পি.আই কাৰ্য্যালয়ৰ কনফাৰেন্স হলত অৱস্হিত আছিল । তাৰ পিচত পৰিষদখন গুৱাহাটীৰ ৰিহাবাৰীত অৱস্হিত ভাডাঘৰলৈ বদলি কৰা হয়।

অসম উচ্চতৰ মাধ্যমিক পৰিষদৰ দ্বাৰা পৰিচালিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা ২০১১ ৰ ফলাফল শুক্ৰবাৰ (২৭ মে) ত ঘোষণা কৰা হব । সকলো মিলি ২,৭৩,৭০১ জন পৰীক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।মুঠ ১,৯২,৬৩৯ জন পৰীক্ষাৰ্থী গড. হিচাপত ৭০.৩৪ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ১৯,০৮৪ পৰীক্ষাৰ্থী প্ৰথম বিভাগত,৫০,৮৫৩ জন পৰীক্ষাৰ্থী দ্বিতীয় বিভাগত আৰু ১,২২,৭০২ জন পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে । সকলোবোৰ মিলি ৭১ জন পৰীক্ষাৰ্থী প্ৰথম ২০টা স্হান দখল কৰিছে । বৰপেটা জিলাৰ পাঠশালাৰ শংকৰদেৱ শিশু বিদ্যানিকেতনৰ প্ৰকাশজ্যোতি কলিতাই প্ৰথম ২০ জনৰ ভিতৰত প্ৰথম স্হান দখল কৰিছে । প্ৰকাশজ্যোতিয়ে মুঠ ৫৭০ নম্বৰ লাভ কৰিছে। গুৱাহাটী পাণ্ডুত অৱস্হিত এচ টি বিবেকানন্দ ইংলিছ একাদেমি আৰু ডিব্ৰুগডৰ বি এল বেৰিয়া সৰস্বতি শিশু মন্দিৰৰ অন্বেষা ফুকনে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্হান দখল কৰিছে । অভয়াপুৰীৰ ছাহিন আহমেদ আৰু মৰাণহাটৰ ছমিন্দা খাউন্দে চতুৰ্থ স্হান দখল কৰিছে। মৰিগাঁও টাওন হাইস্কুলৰ ত্ৰিদিপ ডেকাই পঞ্চম,শংকৰদেৱ শিশু বিদ্যানিকেতন ৰঙিয়াৰ হিমাংশু কলিতাই আৰু গুৱাহাটীৰ হলিচাইল্দ হায়াৰ ছেকেন্দাৰী স্কুলৰ অংকিতা গগৈ ষষ্ঠ স্হান দখল কৰিছে। ছয়গাঁওৰ এল এম চৌধুৰী শংকৰদেৱ শিশু বিদ্যানিকেতনৰ তমিজুদ্দন আহমেদে সপ্তম স্হান দখল কৰিছে। অষ্টম স্হানত চাৰিজন,নৱম স্হানত ৭জন,দশম স্হানত ৫জন, একাদশ স্হানত ৪জন,দ্বাদশ আৰু ত্ৰয়োদশ স্হানত ৫ জনকৈ, চতুৰ্দশ স্হানত ৪জন,পঞ্চদশ স্হানত ২জন,ষষ্ঠদশ ৫জন,সপ্তদশ স্হানত ৪জন, অষ্টদশ স্হানত ৮জন উনবিংশ স্হানত ৫জন বিংশ স্হানত ৪জন উত্তীৰ্ণ হৈছে। ইয়াৰোপৰি অসম হাই মাদ্ৰাছা পৰীক্ষা ২০১১ ত ৬৯০০ পৰীক্ষাৰ্থীৰ ভিতৰত ৫৩০২ জন উত্তীৰ্ণ হৈছে। ১৭৬জন পৰীক্ষাৰ্থী প্ৰথম বিভাগত,১৫১৯ জন পৰীক্ষাৰ্থী দ্বিতীয় বিভাগত আৰু ৩৬০৭ জন পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে । কোকৰাঝাৰ জিলাৰ সাপকটা নৱজ্যোতি হাই মাদ্ৰাছাৰ মহম্মদ মনিৰিল ইচলামে ৭৬.৮৪ শতাংশ পাই উত্তীৰ্ণ হৈছে। বৰপেটা জিলাৰ ৰঙিয়া মাদ্ৰাছা হাইস্কুলৰ আব্দুল গনি আৰু চৰচৰীয়া কমাৰপাৰা হাই মাদ্ৰাছাৰ সৰোৱাৰ আলমে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে । কামৰূপ জিলাৰ তিকুৰি বি টি হাইস্কুলৰ শ্বাহৰুখ খন্দাকাৰে প্ৰথম স্হান দখল কৰিছে। বৰপেটা জিলাৰ বৰভিঠা ডোলাৰপথাৰ হাই মাদ্ৰাছাৰ খইৰুল হকে তৃতীয় স্হান দখল কৰে।

অসম মাধ্যমিক শিক্ষা আইন ১৯৬১ (অসম আইন XXV, ১৯৬১)খন অসমত মাধ্যমিক শিক্ষাৰ উন্নতি আৰু পৰিচালনাৰ বাবে অসমত এখন মাধ্যমিক শিক্ষা পৰিষদ গঠনৰ বাবে জাৰী কৰা হয়। এই আইনখন ২৯ জানুৱাৰী,১৯৬২ত বলৱত কৰা হয় অসম চৰকাৰৰ শিক্ষা বিভাগ প্ৰচাৰ সমিতিৰ অধিসূচনা নং- ১৫৯/৬১/৩৭, তাং ২৯/১/১৯৬২। এনেদৰেই ১৪ মাৰ্চ,১৯৬২ ত অসম মাধ্যমিক শিক্ষা পৰিষদ (চমুকৈ ছেবা)স্হাপন হয়। ১৯৬২ ৰ পৰা ছেবাই ১১ বছৰ ধৰি উচ্চতৰ মাধ্যমিক পৰীক্ষা পাতি আহিছে। এইখন আইনৰ অধীনত অসম চৰকাৰে শ্ৰী এচ চি ৰাজখোৱা DPI(DIRECTOR OF PUBLIC INSTRUCTION) ক সচিব আৰু স্কুল পৰিদৰ্শক মহম্মদ এন ইচলাম(Central Assam Circle) ক সভাপতি হিচাপে লৈ এখন পৰিষদ গঠন কৰে।

শেহতীয়া উন্নীতকৰণ: : 4/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate