অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰচলিত শিক্ষা ব্যৱস্থা:শিক্ষক-অভিভাৱক, চৰকাৰ আৰু অসমৰ ভৱিষ্যত

প্ৰচলিত শিক্ষা ব্যৱস্থা:শিক্ষক-অভিভাৱক, চৰকাৰ আৰু অসমৰ ভৱিষ্যত

পাত্ৰত্বাৎ ধনমাপ্নোতি ধনাৎ ধৰ্ম্ম: ততো সুখমল্ল

বিদ্যাই মানুহক বিনয়ী হ’বলৈ শিকায়, বিনয়ৰ পৰাই যোগ্যতাৰ জন্ম হয়, যোগ্যতাই অৰ্থ উপাৰ্জ্জনত সহায় কৰে; ধনেই ধৰ্ম্ম আৰু সুখৰো মূল– নীতিমালা

ভাৰতবৰ্ষৰ এগৰাকী স্বনামধন্য মনীষি স্বামী বিবেকানন্দৰ ভাষাৰেই প্ৰৱন্ধৰ পাতনি মেলিব খোজা হৈছে৷ তেখেতৰ সমকালীন ভাৰতবৰ্ষৰ শিক্ষাজগতৰ যিখন ছবি; সেইখন ছবিয়েই আজিও প্ৰকটিত হৈ থকাত চিন্তাবিদগৰাকীৰ মন্তব্যই প্ৰাসঙ্গিকতা হেৰুওৱা নাই বুলি ভবা হৈছে ৷ তেওঁ ভাৰতীয় শিক্ষা ব্যৱস্হাৰ সম্পৰ্কত অসন্তুষ্ট হৈ মন্তব্য কৰিছিল এইবুলি- “Getting by heart the thoughts of others in a foreign language and stuffing your brain with them and taking some University degrees, you consider yourself educated. Is this education? Either a clerkship or being lawyer, or at the most of a Deputy Magistrate, which is another form of clerkship – isn’t that all? What good will it do you or the country at large? Open your eyes and see what a piteous cry for food is rising in the land of Bharata, proverbial for its food. Will your education fulfill this want? (Swami Vivekananda : Complete Works, Vol. VII, Page 182, Mayavati Memorial Edition, 1962).

শ্ৰুতিকটু হ’লেও এই কথা ক’বই লাগিব, ভাৰতবৰ্ষত অদ্যাপি মেক’লে চাহাবৰ শিক্ষানীতিয়েই বিভিন্ন ৰূপত আত্মপ্ৰকাশ কৰি আহিছে – নতুন বটলত পুৰণা মদৰ লেখিয়াকৈ ৷ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কেইবাটাও শিক্ষা আয়োগ গঠন কৰি দিছিল ৷ এই শিক্ষা আয়োগ সমূহে ভাৰতীয় শিক্ষা ব্যৱস্হাক নতুন ৰূপত গঢ় দিবলৈ অনেক পৰামৰ্শ আগবঢ়াই আহিছে ৷ তেনেহ’লেও শিক্ষাৰ যি লক্ষ্য আৰু উদ্দেশ্য সি অৰ্থপূৰ্ণ ৰূপত বিকাশ লাভ কৰিবলৈ সমৰ্থ হোৱা নাই, আনকি বাঞ্চিত ফল প্ৰদানতো কৃতকাৰ্য হ’ব পৰা নাই ৷ ১৯৬৪-৬৬ চনৰ ডি এচ কোঠাৰী আয়োগৰ পৰামৰ্শ চৰকাৰে কাৰ্যকৰী নকৰাকৈ ৰাজনৈতিক দৃষ্টিভঙ্গীৰে ১৯৮৬ চনত ভাৰত চৰকাৰে নতুন শিক্ষানীতি (New Policy on Education)ৰ জৰিয়তে শিক্ষাক সাৰ্বজনীন কৰাৰ পদক্ষেপ লৈছিল সঁচা, পিছে সিও অৰ্থবহ হৈ নুঠিল; বৰং কোটি কোটি টকা খৰচ কৰি এচামক মুনাফা লুটিবলৈ সুবিধা দিয়াহে হ’লগৈ ৷ ডি পি ই পি আঁচনি, সৰ্বশিক্ষা মিশ্যন আদিৰ জৰিয়তে প্ৰকৃতাৰ্থত ছাত্ৰ-ছাত্ৰী, শিক্ষক-অভিভাৱক কিমান উপকৃত হৈছে; চৰকাৰে ইয়াক সণ্ঢালনি কৰাৰ পৰা কৌশলগত কাৰণতে আঁতৰি আছে ৷ জানিবলৈ পোৱা মতে, পাঠ্যপুথিৰ মানদণ্ড হ্ৰাস হোৱাৰ লগতে পৰীক্ষা ব্যৱস্হা শিথিলীকৰণৰ বাবেও ছাত্ৰ-ছাত্ৰীৰ মেধাৰ মান নিম্নগামী হৈছে ৷

দুহেজাৰ বৰ্ষৰ প্ৰাৰম্ভিক কালছোৱাত ৰাষ্ট্ৰসংঘৰ ইউনেস্ক’ সংস্হাই Dallord Committee ৰ পৰামৰ্শ অনুসৰি একৈশ শতিকাৰ শিক্ষা ব্যৱস্হাৰ চাৰিটা প্ৰধান লক্ষ্য নিৰ্দ্ধাৰণ কৰি দিছে; সেয়া হ’ল- ১) Learning of Know ২) Learning to do ৩) Learning to live together ৪) Learning to be. এই লক্ষ্য কেইটাৰ বিষয়ে শিক্ষাৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিয়ে জনা উচিত আৰু কিদৰেনো লক্ষ্য সাধন হ’ব তাৰ বাবে কাম কৰা উচিত ৷

(১) জনাৰ বাবে শিক্ষা (Learning of Know): শিক্ষাৰ প্ৰথম লক্ষ্যই হ’ল, ছাত্ৰ-ছাত্ৰীসকলক নিত্য-নতুন জ্ঞানৰ বিষয়ে জানিবলৈ আগ্ৰহী কৰাৰ ওপৰত গুৰুত্ব প্ৰদান ৷ এই লক্ষ্যই কোনো এক বিশেষ বিষয় বা ফেকাল্টিৰ নিৰ্দেশনা নিদি কলা, বাণিজ্য, বিজ্ঞান, দৰ্শন, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, প্ৰযুক্তিবিদ্যা, চিকিৎসা বিজ্ঞান, সমাজ বিজ্ঞান, নৃ-বিজ্ঞান, নৈতিক শিক্ষা আদিকে ধৰি শিক্ষাৰ সকলো দিশ সামৰি পেলাইছে ৷ এনে শিক্ষা ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিবলৈ যাওঁতে শিক্ষাদান কৰা শিক্ষকসকলো আপোন আপোন ক্ষেত্ৰত একো একোজন সমল সমৃদ্ধ (Resourceful Person) ব্যক্তি হোৱাটো বাঞ্চনীয় ৷ ছাত্ৰ-ছাত্ৰীৰ সুপ্ত বুদ্ধিমত্তাক জাগ্ৰত কৰিবলৈ বিভিন্ন পদ্ধতি প্ৰয়োগেৰে সিবিলাক বিষয়বস্তুৰ লগত চিনাকি কৰাই দিব লাগিব ৷ আজিকালিৰ ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্যখনৰ প্ৰধান নদ-নদী, ৰেল ষ্টেচন, জিলা সদৰ আদিৰ কথা সুধিলে হতাশ হ’ব লাগিব ৷ অসম দেশৰ বিক্ৰমাদিত্য কোনজন ৰজাক বোলে, অসমৰ নাপোলিয়ন বুলি কাক কোৱা হয়, অসমত কোন কোন ধৰ্মৰ প্ৰচলন আছে, ‘৪২ৰ শ্বহীদ কেইজনৰ নাম, অসহঃযোগ আন্দোলন কোন চনত হৈছিল সুধিলে খুউব কমেইহে উত্তৰ দিব পাৰিব ৷ অসমৰ অৰ্থনীতিত মূল ভূমিকা লোৱা দুপদ খনিজ পদাৰ্থ, দুপদ বনজ সম্পদ, অসমৰ ৰাজ্যিক প্ৰতীকৰ নাম সুধিলেও শুদ্ধ উত্তৰ বোধকৰোঁ পোৱা নাযাব ৷ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ পৰা ভূগোল আৰু বুৰঞ্জীক এলাগী কৰাৰ পিছৰে পৰাই ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ৰাজ্যখনৰ কথা বাদেই নিজ জিলাখনৰ চাৰিসীমাৰ বিষয়েও নজনাটো কম দূৰ্ভাগ্যৰ কথা নহয় ৷ আহোমসকলে ছশ বছৰ অসম শাসন কৰিলে – কোন চনৰ পৰা কোন চনলৈ, কোনজন আহোম ৰজাই শিৱ পুৰাণ ৰচনা কৰিছিল, এই কথা সুধিলেও উত্তৰ পোৱা কঠিন হ’ব ৷ চকৰি ফেঁটী বুৰঞ্জীৰ ৰচক কোন, বুৰঞ্জী দাহ কৰোঁতা বিষয়াজন কোন ইয়াৰো উত্তৰ হয়তো নেপাব ৷ পিছে টুৰিজম নামৰ বিষয়টো পঢ়িবলৈ হ’লে ইতিহাস আৰু ভুগোলৰ জ্ঞান লাগিব ৷ নতুবা গাইড হ’ব নোৱাৰিব ৷ আধুনিক প্ৰযুক্তিবিদ্যাৰ ধামখুমীয়াৰ দিনত ছাত্ৰ-ছাত্ৰীয়ে বহু বিষয়ৰ জ্ঞান আহৰণ কৰাটো বাধ্যতামূলক হৈ পৰিছে৷

(২) কৰ্ম্মৰ বাবে শিক্ষা (Learning to do): আমাৰ গাঁৱলীয়া সমাজখনত বুঢ়া-বুঢ়ীসকলে সততে মৰা ফকৰা এটি এনেধৰনৰ –

“কেতভাগ্যে তামোল-পাণৰ বাৰী

কেতভাগ্যে গুণৱতী নাৰী;

কেতভাগ্যে ভাতক ভাতে খায়;

কেতভাগ্যে পৰক পৰে বায় ৷”

ফকৰাটিৰ বাখ্যা নিষ্প্ৰয়োজন এইবাবেই যে ইয়াক বুজি নোপোৱা মানুহ নাই আৰু ইয়াৰ তাৎপৰ্য, কৰ্ম্ম সংস্কৃতিৰ ওপৰত প্ৰাধান্য দিয়েই কোৱা হৈছে ৷ জীৱন-জীৱিকাৰ কাৰণে মানুহে যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ কৰাটো অনুচিত ৷ “চৰাই এটাইয়ো খুচৰিলেহে খাবলৈ পায়” – এই কথা সৰ্বদাই মনত ৰখা উচিত ৷ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক দিশৰ প্ৰয়োগেৰে উপাৰ্জনৰ বিভিন্ন দিশত মনোৱিশে কৰিলেহে পেটৰ ভাত মুঠি ওলাব ৷ এনে কৰিবলৈ যাওঁতে কিছুমান বৃত্তিৰ জ্ঞান বিশেষজ্ঞসকলৰ পৰা আহৰণ কৰিব লাগিব ৷ কামৰ সৰু-বৰ নাই ৷ প্ৰাচীন শাস্ত্ৰত উল্লেখ আছে – “বশ্য চ পুত্ৰঃ অৰ্থকৰী চ বিদ্যা; ষট্ জীৱলোকে সুখানি ৰাজন্ ৷” ৰজাৰ প্ৰশ্নৰ উত্তৰত জ্ঞানগৰ্ভী ঋষিজনে সুখৰ ছয়বিধ উপাদানৰ ভিতৰত অৰ্থকৰী বিদ্যাৰ কথাৰো উল্লেখ কৰিছে ৷ বিদ্যা অৰ্থ উপাৰ্জ্জনৰ আহিলা নহ’লে; তেনে বিদ্যা অসাৰ গণ্য হ’ব ৷ কুকুৰা পাম, ছাগলী পাম, ধূপৰ ফেক্টৰী, মমৰ ফেক্টৰী আদি দেখাত নগণ্য যেন লাগিলেও ইবোৰ অৰ্থ উপাৰ্জ্জনৰ একোটাহঁত ডাঙৰ উৎস ৷ অসমৰ জনসংখ্যাৰ ব্যৱহাৰিক চাহিদা অনুপাতে এইকেইবিধ দ্ৰব্যৰ যোগান ধৰিবলৈ কিমান উৎপাদনৰ আৱশ্যক আৰু তাৰ বাবে লাখ টকাৰ মূলধনৰ আৱশ্যক হ’ব ৷ কিন্তু বজাৰত এই অপৰিহাৰ্য সামগ্ৰীয়ে উৎপাদনকাৰীক যথেষ্ট ৰূপত আৰ্থিকভাৱে লাভৱান কৰিব ৷ তাৰ বাবে কাৰিকৰী প্ৰশিক্ষণ আৰু মূলধন খটুৱাই মনপুতি উদ্যোগ পৰিচালনা কৰিব পাৰিব লাগিব ৷ বৃত্তিমুখী শিক্ষাৰ যি শ্লোগানৰ কথা চৰকাৰে চিঞৰি আছে; আন্তৰিকতা শূণ্য মনোভাৱৰ বাবেই ই সম্ভৱ হৈ উঠা নাই ৷ “সৰ্বে ভদ্ৰানি পশ্যন্ত” – উপনিষদৰ এই বাণীৰ সাৰমৰ্ম অসমীয়া সমাজে উপলব্ধি কৰিব পৰা নাই ৷ এইক্ষেত্ৰত Education for Productivityৰ গুৰুত্ব আনুষ্ঠানিক পাঠদানতে ছাত্ৰ-ছাত্ৰীক দিব পৰা যায় ৷ পুথিগত বিদ্যাকে সাৰথি বুলি নেভাবি, লব্ধ জ্ঞানৰ জৰিয়তে কৰ্ম্মসংস্কৃতি গঢ়ি তুলি শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ লগতে অৰ্থ উপাৰ্জ্জনৰ লক্ষ্যও এই লক্ষ্যই নিৰ্দেশনা আগবঢ়াইছে ৷ কৰ্মৰ বাবে শিক্ষা লোৱা লক্ষ্যটোৱে কিতাপ সৰ্বস্বতা পৰিহাৰ কৰি প্ৰায়োগিক জ্ঞান আৰু কৰ্মেৰে অৰ্থ উপাৰ্জ্জনৰ লগতে বিমল আনন্দ লাভ কৰাৰো নিৰ্দেশনা আগবঢ়াইছে ৷

(৩) একেলগে বাস কৰাৰ শিক্ষা (Learning to live together ): এই লক্ষ্যটোৰ কথা কোৱাৰ লগে লগে, ১৯৫৯ চনতে পঢ়িবলৈ পোৱা, নিৰ্জন দ্বীপত নিঃসঙ্গ জীৱন-যাপন কৰা নাবিক আলেকজেণ্ডাৰ চেলকাৰ্কলৈ মনত পৰে ৷ নিঃসঙ্গ জীৱন কিমান কষ্টকৰ সেই কথা উপলব্ধি কৰি তেওঁ আক্ষেপ কৰিছিল –

Society, friendship and love

Divinely bestowed upon man;

Oh! Had I the wings of a dove

How soon would I taste you again.

মানুহ সমাজপ্ৰিয় জীৱ ৷ সমাজ পাতি বসবাস কৰাৰ শিক্ষা প্ৰদান অত্যন্ত গুৰুত্বপূৰ্ণ ৷ ছাত্ৰ আৰু শিক্ষক উভয়ে একোখন সমাজৰ অপৰিহাৰ্য আৰু অবিচ্ছেদ্য অঙ্গ স্বৰূপ ৷ সমাজ অবিহনে ব্যক্তি অকলশৰীয়া ৷ মনৰ ভাবৰাশি প্ৰকাশ কৰিবলৈ, আনন্দ আৰু বিষাদৰ অংশীদাৰ হ’বলৈ, কৃতকৰ্মৰ স্বীকৃতি পাবলৈ, একাকীত্ব দূৰ কৰি জীয়াই থকাৰ সাহস অৰ্জন কৰিবলৈ হ’লে, এখন সমাজৰ নিতান্তই প্ৰয়োজন হ’ব ৷ পিতৃ-মাতৃ, ল’ৰা-ছোৱালীকলৈয়ে এটি পৰিয়াল হয় ৷ ভালেসংখ্যক পৰিয়ালৰ সমষ্টিৰে একোখন গাঁও ৷ সেই গাঁৱৰ সমূহ মুনিহ-তিৰোতা মিলিয়ে এখন সমাজ হয় ৷ এজন ব্যক্তিয়ে তেওঁ বসবাস কৰা সমাজখনতে বন্ধু-বান্ধৱ, প্ৰেম-প্ৰীতি, দয়া-মায়া আৰু সফলতা-বিফলতা অনুভৱৰ এখন ক্ষেত্ৰ বিচাৰি পাব ৷ সমাজৰ এই স্বৰূপটো গাঁৱৰ পৰা জিলালৈ, জিলাৰ পৰা ৰাজ্যলৈ, ৰাজ্যৰ পৰা দেশলৈ আৰু দেশৰ পৰা মহাদেশলৈ বিস্তৃত হৈ পৰিব ৷ ছাত্ৰ-ছাত্ৰী সকলো যে সমাজৰে অঙ্গ এই কথা শ্ৰেণীত শিক্ষকেই শিকাব লাগিব ৷ লগতে যিখন সমাজত থাকে, সেই সমাজৰ আচাৰ-অনুষ্ঠান, ৰীতি-নীতিৰ প্ৰতি আনুগত্য প্ৰকাশৰ শিক্ষাও প্ৰদান কৰিব লাগিব ৷ মানুহৰ সমষ্টিয়ে যেতিয়া সমাজ, সেই সমাজত বৰ্ত্তি থাকিবলৈ নিজক খাপ খুৱাই চলাৰ শিক্ষা প্ৰদান কৰিব লাগিব ৷ জ্যেষ্ঠজনক সন্মান, কনিষ্ঠজনক মৰম-স্নেহ কৰাৰ শিক্ষাও দিব লাগিব ৷ সমাজৰ সকলোকে আপোন বুলি ভাবিবলৈ কৰা জ্ঞান প্ৰদানে, পিছলৈ জীৱনকালত অন্তৰত ভাতৃত্ববোধৰ জন্ম দিব ৷ এই অনুক্ৰমে বিশ্বৰ বিভিন্ন মনুষ্যৰ প্ৰজাতিৰ লগত সহযোগিতা, সহমৰ্ম্মিতা আৰু মনৰ ভাৱ বিনিময়ৰ পথ প্ৰশস্ত কৰি তুলিব ৷ এই ক্ষেত্ৰত সহনশীলতা (Toleration) হ’ব সৰ্বোৎকৃষ্ট উপাদান ৷ ভাষিক, ধৰ্মীয়, সাম্প্ৰদায়িক, ৰাজনৈতিক আদি দিশৰ সহনশীলতাই একো একোজন মানুহক পূৰ্ণাঙ্গ মানৱ ৰূপে গঢ় দিয়াত ইন্ধন যোগাব ৷ এনে ৰূপ গুণৰ অধিকাৰীজন বিশ্বৰ আপোন ৰূপে গণ্য হ’ব ৷ আধুনিক শিক্ষাতত্ত্বত Education for National and International Understandingৰ ওপৰত আৰোপ কৰা প্ৰাধান্য উল্লেখযোগ্য ৷

(৪) কিবা হোৱাৰ শিক্ষা (Learning to be): শেহতীয়া শিক্ষাৰ লক্ষ্যটো হ’ল কিবা হোৱাৰ লক্ষ্য ৷ এই লক্ষ্যৰ পৰিধি ব্যাপক ৷ এই লক্ষ্যই ছাত্ৰ-ছাত্ৰীসকলক পোনপতীয়াকৈ কি হ’ব বিচৰা উচিত, সেই বিষয়ে একো নিদেৰ্শনা আগবঢ়োৱা নাই ৷ মানুহৰ ৰুচি ভিন্ন ধৰণৰ ৷ এই লক্ষ্যই মানুহৰ অভিৰুচি অনুযায়ী নিজে ভালপোৱা বৃত্তি বিচাৰি লোৱাৰ আৰু তাৰ জৰিয়তে সমাজত প্ৰতিষ্ঠিত হোৱাৰ বা স্বীকৃতি লাভ কৰাৰ অথবা বাস্তৱত ৰূপায়ন কৰাৰ ইঙ্গিত বহন কৰিছে ৷ এই লক্ষ্যই আজিকালিৰ ছা্ত্ৰ-ছাত্ৰীক তোমাৰ জীৱনৰ লক্ষ্য কি বুলি সুধিলে পোনচাটেই ডাক্তৰ, ইঞ্জিনিয়াৰ হোৱাৰ লক্ষ্য কথাকেই ক’ব ৷ আজিৰ সমাজ ব্যৱস্থাত এই দুইবিধ বৃত্তিকেই সমাজে গুৰুত্ব দি আহিছে ৷ এই দুবিধৰ বাহিৰেও অন্যান্য বৃত্তিৰেও যে ব্যক্তিয়ে সমাজৰ শীৰ্ষত আৰোহণ কৰিব পাৰে সেই কথা বুজিবলৈ নিবিচাৰে ৷ ৰবীন্দ্ৰ নাথ ঠাকুৰ, সৰ্বপল্লী ৰাধাকৃষ্ণণ, কৃষ্ণকান্ত সন্দিকৈ ডাক্তৰ বা ইঞ্জিনিয়াৰ নাছিল ৷ ধনতান্ত্ৰিক চিন্তা-চৰ্চাই মানুহক যান্ত্ৰিক কৰি তোলাৰ দিনত আদৰ্শৰ টোকোনা লক্ষ্যক কোনে গুৰুত্ব দিয়ে ৷ ভাৰতবৰ্ষৰ উন্নয়নৰ পৰিকল্পনাৰ লগতে সমানে ফেৰ মাৰিব পৰা টাটা, বিৰলা, আম্বানীহঁতলৈ লক্ষ্য কৰিলেই বিষয়টি পৰিস্কাৰ হ’ব ৷ বিশ্বৰ এগৰাকী স্বনামধন্য দাৰ্শনিক সৰ্বপল্লী ৰাধাকৃষ্ণণ এগৰাকী শিক্ষকহে আছিল ৷

জীৱন-জীৱিকাৰ ক্ষেত্ৰত বৃত্তিৰ সৰু-বৰ বাচ-বিচাৰ অনুচিত ৷ সৎপথেৰে সমাজত প্ৰতিষ্ঠা লাভ কৰি আদৰ্শ ব্যক্তি হোৱাৰ লক্ষ্য সৰ্বদাই আদৰণীয় ৷ এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা-গুৰুসকলে এনে উপদেশ দিয়া বাঞ্চনীয় যে তেওঁলোকে জীৱনত যি হ’বলৈ আকাঙ্খা কৰে, সেয়া বাস্তৱত ৰূপায়ন কৰিবলৈ পূৰ্ব প্ৰস্তুতিৰে আগবঢ়া উচিত হ’ব ৷ লক্ষ্যত উপনীত হ’বলৈ আঁচনিমতে কাম কৰি আগবাঢ়িলেহে ফল পোৱা সম্ভৱ হ’ব ৷ এইক্ষেত্ৰত কি হ’বলৈ বাঞ্চা কৰে, সেই লক্ষ্য স্থিৰ কৰি ল’ব লাগিব ৷ এনেবোৰ উপদেশ জ্ঞানাৰ্থী ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰোঁতা গুৰুসকল প্ৰকৃত অৰ্থতে Friend, Philosopher আৰু Guide হোৱাটো বাঞ্চনীয় ৷

(ক) ব্যক্তিগত নৈতিকতা (Professional Ethics): জীৱন-জীৱিকাৰ লগতে সমাজত বসবাস কৰা লোকখিনিয়ে ব্যক্তিগত নৈতিকতা – যাক ইংৰাজীত Professional Ethics বুলি কোৱা হয়, তাক অনুসৰণ কৰি চলাৰ বিষয়েও ভৱিষ্যত প্ৰজন্মক শিক্ষাৰ জৰিয়তে প্ৰস্তুত কৰি তুলিব লাগিব৷ এইক্ষেত্ৰত নৈতিক শিক্ষা (Moral Education) আৰু মূল্যবোধৰ শিক্ষা (Value-oriented Education)ৰ বিষয়ে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা দি ভৱিষ্যত জীৱনত ইবোৰ প্ৰয়োগেৰে পূৰ্ণ মানৱ হ’ব পৰাৰ ক্ষেত্ৰ প্ৰস্তুত কৰি দিব পৰা যায়৷ ভাল-বেয়া, সৎ-অসতৰ উপলব্ধি কিদৰে সম্ভৱ সেইকথাও শিক্ষাদাতাই ছাত্ৰ-ছাত্ৰীক শিকাব লাগিব৷ মানুহৰ জীৱন আৰু লক্ষ্য সৎ আৰু মহৎ হ’ব লাগিব; সেইদৰে  বাছি লোৱা বৃত্তিও সৎ আৰু উদ্দেশ্যপূৰ্ণ হ’ব লাগিব৷ ব্যক্তিস্বাৰ্থ পূৰণত সমূহীয়া স্বাৰ্থ বিঘিন্ন হ’লেই সি বেয়া বুলি গণ্য হ’ব; আৰু কাৰোবাৰ কিবা কথা আৰু কামে অন্য ব্যক্তিৰ অপকাৰ হোৱাটোক বেয়া বা অসৎ ৰূপত গণ্য হ’ব৷ শিক্ষকসকল যিহেতু ছাত্ৰ-ছাত্ৰীৰ আদৰ্শ স্বৰূপ সেয়েহে তেওঁলোকেই প্ৰথমে ৰুচিবান আৰু নিষ্ঠাবান হোৱা উচিত৷ আধুনিক শিক্ষাতত্ত্বত প্ৰফেশ্যনেল্ এথিকচ্ কেবল শিক্ষকৰ ক্ষেত্ৰতহে প্ৰযোজ্য বুলি কৈছে যদিও ই সকলোধৰণৰ বৃত্তিধাৰী লোকৰ ক্ষেত্ৰতে প্ৰযোজ্য৷ খেতিয়ক, বেপাৰী, চৰকাৰী চাকৰিয়াল, বনুৱা, জনপ্ৰতিনিধি কোনো এই নিয়মৰ বৰ্হিভূত নহয়৷ প্ৰকৃতি জগতখনত এই প্ৰফেশ্যনেল এথিকচ্ বৰ্ত্তি থকাৰ বাবে গ্ৰহে গ্ৰহে সংঘৰ্ষ হোৱা নাই; চন্দ্ৰ-সূৰ্য-বায়ুৱে প্ৰকৃতিৰ নিয়ম উলঙ্ঘা কৰি খুচিমতে চলা নাই৷ মানুহ জীৱশ্ৰেষ্ঠ হোৱা বাবেই জ্ঞানৰ মাপকাঠিৰে যুক্তিৰ আধাৰত নিজ নিজ কৰ্তব্য সম্পাদন কৰি দেশৰ আৰু দহৰ কল্যাণত নিজক নিয়োজিত কৰিলেহে তেওঁ নিজৰ প্ৰফেশ্যনেল এথিকচ্ মানি চলা হ’ব৷ তেতিয়াই তেনে এখন সমাজ সংযত, কল্যাণকামী, সৰ্বাঙ্গসুন্দৰ আৰু আদৰ্শবাদী সমাজ ৰূপে গণ্য হ’ব৷ প্ৰফেশ্যনেল এথিকচ্ মানি চলা সমাজ এখনত তোষামোদৰ স্থান নেথাকিব, ঘোচ-ঘাচলিৰ প্ৰশ্ন নুঠিব, পৰৰ মুখৰ গৰাহটো কাঢ়ি খোৱাৰ মানসিকতাৰ কাহানিও উদ্ভৱ নহ’ব৷ একেখন নাৱৰ যাত্ৰীৰূপে সকলোৰে দুখত দু:খী, সুখত সুখী মনোভাৱৰ সৃষ্টি হৈ সংসাৰ সুখৰ হ’ব৷ ইংৰাজীত কোৱা Man is the maker of his own fortune বুলি কওঁতে; মানুহে নিজৰ ভাগ্যখনক নিজেই গঢ় দিয়াৰ কথা কওঁতে; পৰক মাৰি নিজে ভাগ্য গঢ়াৰ কথা নিশ্চয় কোৱা নাই৷ মানুহৰ দহোটা আঙুলি সমান নহ’ব পাৰে – সিও সঁচা পিছে সৃষ্টিকৰ্তাই অতি বিৰূপভাৱেও ইবোৰক দীঘল-চুটি কৰা নাই বৰং সৌন্দৰ্য ৰক্ষাৰ বাবে হ্ৰস্ৰ-দীৰ্ঘৰ সীমা ৰাখিহে সৃষ্টি কৰিছে৷ মানুহৰ জীৱন-দৰ্শনতো এই সত্য প্ৰযোজ্য৷ এনেবোৰ জ্ঞান সমাজত প্ৰচাৰ কৰোঁতা, জ্ঞানৰ গৰাকী শিক্ষক সমাজেই হ’ব লাগিব৷ বিদ্যালয়ত বৰ্ণজ্ঞান দিওঁতা শিক্ষকৰ বাদেও পিতৃ-মাতৃ, বয়োজ্যেষ্ঠসকল, আধ্যাত্মিক দিশৰ জ্ঞান দিওঁতাসকল শিক্ষকৰ সমতুল্য৷ এনে কৰিবলৈ যাওঁতে, প্ৰাচীন ঋষি-মুনিয়ে শিষ্যসকলক দিয়া জ্ঞানৰ কথা মনত ৰাখি পাঠদানৰ সময়ত উচ্চাৰণ কৰিব লাগিব উপনিষদৰ বাণী; যথা- “ওঁ সহনাববুত৷ সহ নৌ ভুনক্ত৷ সহবীৰ্য্যং কৰবাবহৈ৷ তেজস্বীনামবধীমস্ত৷ মা বিদ্বিষাবহৈ৷ ওঁম্ শান্তি:, ওঁম্ শান্তি:, ওঁম্ শান্তি:৷৷”

(খ) শিক্ষক-ছাত্ৰ আৰু সমাজ: শিক্ষাবিদসকলে কৈ আহিছে ঘৰেই শিশুৰ আচল শিক্ষাৰ ঠাই৷  সৰুৰে পৰা শিশুৱে ঘৰৰ মানুহখিনিৰ বাদেও, সমাজৰ সমনীয়া, বয়োজ্যেষ্ঠ লোকসকলৰ আচাৰ-আচৰণ, কথা-বতৰা, ব্যৱহাৰ আদি অনুকৰণ কৰি শিক্ষা আহৰণ কৰে৷ ৰুচিবান আৰু সংহত সমাজ এখন শিশুৰ আদৰ্শৰ প্ৰতিভূ হ’ব পাৰে৷ পিছে শিক্ষাদান কৰা অৰ্থতে যি শিক্ষাদান কৰে – বিদ্যালয় অথবা ব্যক্তিৰ গৃহত তেওঁকে শিক্ষক বুলি কোৱা হয়৷ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰা বাবেই এই বিশেষ শ্ৰেণীৰ লোকসকলক শিক্ষক বোলা কথাষাৰৰ ব্যাপ্তি একেবাৰে সংকুচিত ৰূপতে আছে৷ প্ৰাচীন কালত ঋষি-মুনিসকলে শিক্ষাদাতা গুৰুৰ বাহিৰেও প্ৰকৃতি জগতৰ বিভিন্ন জীৱ-জন্তু আদিকো গুৰুস্থানত ৰাখিছিল আৰু সিবিলাকৰ পৰা শিক্ষা আহৰণ কৰাৰ উপদেশ দিছিল৷ ধৈৰ্য গুণ ধৰিত্ৰীৰ পৰা, গভীৰ মন:সংযোগ কণামুচৰি পখীৰ পৰা, গছ-গছনিৰ পৰা সহনশীলতা, বুদ্ধিমত্তাকে ধৰি কাউৰিৰ পৰা পাঁচোটা গুণ, সাগৰৰ পৰা গাম্ভীৰ্য, পদুমৰ পৰা নিষ্কলুষ গুণ আহৰণৰ উপদেশ দিছে৷ ইবোৰ একপ্ৰকাৰ গুৰুসদৃশ জ্ঞানদাতা৷ আধুনিক শিক্ষাতত্ত্বত শিক্ষকৰ থাকিবলগীয়া ১৬টা গুণৰ নিৰ্দেশনা দিলেও, আমি ইয়াৰে দহোটা গুণকহে গুৰুত্ব আৰোপ কৰিছোঁ; যেনে – (১) Attitude towards the Profession (২) Attitude towards the taught (৩) Study habit (৪) Liberal views (৫) Sense of justice (৬) Strength of Personality and character (৭) Cordial relationship with colleagues (৮) Punctuality (৯) Capacity to maintain discipline (১০) Desirable social traits. আজি পিছে শিক্ষকৰ গাত এনেবোৰ গুণ একেলগে বিচাৰি হতাশ হ’ব লাগিব৷ তেনেহ’লেও এনে কিছুমান গুণ শিক্ষকৰ থকা উচিত, যাৰ দ্বাৰা তেওঁ সমাজৰ আকৰ্ষণৰ পাত্ৰ আৰু সন্মানৰ আসনত প্ৰতিষ্ঠিত হ’ব পাৰে৷ আজিৰে পৰা দুকুৰি বছৰ আগলৈকে শিক্ষকসকলৰ সমাজত যি মান আৰু মৰ্যাদা আছিল; আজিকালি তেওঁলোক সেইস্থানত নাই৷ সেইখিনি সময়লৈকে শিক্ষকক যথেষ্ট সন্মান আৰু আদৰ কৰা হৈছিল৷ শিক্ষকসকল, সমাজৰ তুচ্চ-তাচ্ছিল্যৰ পাত্ৰ হোৱা নাছিল৷ আজিকালি শিক্ষক মানেই শ্ৰেণীত ছাত্ৰ-ছাত্ৰীক পঢ়াই-শুনাই, নোটচ্ লিখি দি, পৰীক্ষাত আহিব পৰা সাম্ভাৱ্য প্ৰশ্নৰ বাছনি কৰি পাচ কৰাই দিয়া একোজন ব্যক্তি বুলিহে ভাবে৷ বিদ্যালয়ত পঢ়ি থকালৈকে ছাত্ৰ-ছাত্ৰীয়ে যেনেতেনে সন্মানকণ যাচে – পিচে Friend, Philosopher, Guide বুলি শিক্ষকক মুঠেও নেভাবে৷ তেওঁলোক ছাত্ৰ-ছাত্ৰীসকলৰ আদৰ্শ স্থানীয়ও নহয়৷ আজিৰ ছাত্ৰ-ছাত্ৰী কাইলৈ দেশৰ নাগৰিক হ’ব৷  প্ৰাপ্তবয়স্ক হোৱাৰ লগে লগে সমাজৰ এজন হৈ সমাজ পৰিচালনাও কৰিব লাগিব৷ একোখন সমাজত ভিন্ন চিন্তাৰ, ভিন্ন ধ্যান-ধাৰণাৰ লোক থাকিবই৷ এই লোকসকলক একত্ৰে ৰাখিবলৈ, সমাজখনিক সংহত ৰূপ দিবলৈ প্ৰায়োগিক জ্ঞানৰ প্ৰয়োজন হ’ব৷ যিসকলে আদৰ্শস্থানীয় ব্যক্তিৰ পৰা, শিক্ষকৰ পৰা এনে শিক্ষা সৰুকালতে আয়ত্ব কৰে; তেওঁলোক সমাজ পৰিচালনাত সমৰ্থ হয় আৰু অগ্ৰগণ্য ব্যক্তিৰূপে স্বীকৃতি লাভ কৰে৷ কিন্তু অভিজ্ঞতাই প্ৰমাণ কৰিছে আজিৰ শিক্ষকসকলৰ সিংহভাগেই ধনৰ পিছত দৌৰা আদাম স্মিথৰ Economic Man ৰূপে পৰিগণিত হৈছেগৈ৷ দৰমহাৰ বাবেহে তেওঁলোকে বিদ্যালয়লৈ গৈ আছে – এনে ধাৰণাৰ বশবৰ্ত্তী হৈছে সমাজখন৷ শিক্ষকৰ বিৰুদ্ধে কাকতে-পত্ৰে কটু সমালোচনা কৰাও দেখা গৈছে৷ সমাজত প্ৰচলিত হ’ব ধৰা এই ধ্যান-ধাৰণা সলনি কৰাৰ দায়িত্বও শিক্ষক সমাজৰে৷ শিক্ষকৰ চাল-চলন, আচাৰ-ব্যৱহাৰ, আদৰ্শই সমাজ গঢ়াৰ পথত দিশ নিৰ্দেশনা দিয়াত সফল হ’ব পৰা নাই, সমাজৰ এনে ধাৰণাৰো সলনি কৰিব লাগিব শিক্ষক সমাজে নিজেই৷

(গ) শিক্ষা বিভাগ আৰু চৰকাৰ: মানুহে যাযাবৰী জীৱন ব্যৱস্থাৰ পৰা ক্ৰমবৰ্দ্ধমান গতিত সংহত জীৱন-যাপনৰ দিশে আগবাঢ়ি আহোঁতেই পৰিস্ফুট হৈ পৰিল এখন সু-সংঘবদ্ধ সমাজৰ, য’ত ফুটি উঠিছিল জীৱন-ধাৰণৰ বিভিন্ন কলা-কৌশল, মানুহৰ প্ৰতি মানুহৰ ব্যৱহাৰ আৰু পৰিশীলিত চিন্তা-চৰ্চাৰ৷  মানুহৰ এই যাত্ৰাপথত ভিন ভিন সমাজৰ গঠন হৈ ভিন ভিন সংস্কৃতি আৰু সামাজিক পৰম্পৰাই গঢ় হৈ উঠিছিল৷ ভিন্ন ভিন্ন সমাজৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, কলা-কৃষ্টি, সৃষ্টিশীল কাৰ্যকলাপ আৰু পৰম্পৰাই চিত্ৰ-বিচিত্ৰ ৰূপ ধাৰণ কৰিছে৷ এই চিত্ৰ-বিচিত্ৰ পৰম্পৰাবিলাক ভালদৰে চিনিব নোৱাৰিলে আৰু অনুধাৱন কৰিব নেজানিলে, মানুহৰ শিক্ষাৰ বিকাশে পূৰ্ণতা লাভ কৰিছে বুলি ক’ব পৰা নেযাব৷ সেইবাবে মানুহৰ প্ৰকৃত শিক্ষা আৰু চৰিত্ৰ গঠন পাৰম্পৰিক শিক্ষা (Traditional Education)ৰ জৰিয়তেহে সম্ভৱ হয়৷ এই পৰম্পৰাগত শিক্ষা, শিশুসকলে বসবাস কৰা মিশ্ৰিত সমাজখনৰ বিভিন্ন পৰম্পৰা বা সংস্কৃতিৰ প্ৰতিনিধিত্ব কৰা লগৰীয়া অথবা সমাজৰ বয়োজেষ্ঠসকলৰ পৰাই আহৰণ কৰে৷ এনেবোৰ শিক্ষা; বিদ্যালয়ত পাঠ্যপুথি ৰূপে পঢ়িবলৈ দিয়া কিতাপৰ দ্বাৰা সম্ভৱ নহয়৷ চীনৰ ৰাষ্ট্ৰপতি মাও জে ডঙে সেয়েহে কৈছিল – শিক্ষক হ’ব খুজিছা যদি সমাজৰ মাজলৈ যোৱা, মানুহৰ সমাজৰ পৰা শিক্ষা আহৰণ কৰি সেই শিক্ষা উঠি অহা প্ৰজন্মক প্ৰদান কৰি পূৰ্ণমানৰ সৃষ্টিত অৰিহণা যোগোৱা (মাও পেপাৰচ্)৷

আনুষ্ঠানিক শিক্ষা প্ৰৱৰ্ত্তনৰ লগে লগে, বিদ্যাৰ্থীক শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা হোৱাৰ পৰাই, ৰাজ্য চৰকাৰে শিক্ষা ব্যৱস্থাক গতিশীলতা প্ৰদানৰ লক্ষ্যেৰে একোটাহঁত প্ৰশাসনিক গোট গঠন কৰি দিছে৷ এইক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ত প্ৰাথমিক শিক্ষা সঞ্চালক, মাধ্যমিক শিক্ষা সঞ্চালক আৰু উচ্চ শিক্ষা সঞ্চালক ৰূপে তিনিজন প্ৰধানৰ অধীনত তিনিটা সঞ্চালকালয়ে প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ প্ৰশাসনিক দিশৰ তদাৰক কৰি আহিছে৷ লগতে শিক্ষা আয়ুক্ত আৰু শিক্ষামন্ত্ৰী আছেই৷ তৎস্বত্তেও শিক্ষাদপ্তৰে বিদ্যালয় শিক্ষকৰ অভাৱ, ছাত্ৰ-ছাত্ৰীৰ বাবে সময়মতে পাঠ্যপুথি যোগান ধৰাত নিৰন্তৰ বিফল হৈ আহিছে৷ অসমত শিক্ষা ব্যৱস্থা ৰাজনৈতিক মেৰুকৰণৰ বলি হৈ পঙ্কিলতাত ডুব গৈছে৷ মাতৃভাষাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে শিক্ষক আৰু পাঠ্যপুথি অবিহনেই চুড়ান্ত পৰীক্ষাত বহিব লগা হৈছে – ফলত পৰীক্ষাৰ ৰিজাল্ট নিম্নগামী হৈছে৷ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ তুলনাত অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ নিম্নগামী হোৱাত শিক্ষকসকল কটু সমালোচনাৰ পাত্ৰ হৈছে৷ মাধ্যমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষক প্ৰধান শিক্ষক, অধ্যক্ষ-উপাধ্যক্ষ পূৰ্ণাঙ্গ ৰূপৰ নিযুক্ত নিদি, তত্ত্বাৱধায়ক প্ৰধান শিক্ষক, অধ্যক্ষৰে গুৰিবঠা নোহোৱা নৌকাৰ দৰে বিদ্যালয় পৰিচালনা কৰাত বিদ্যালয়ৰ প্ৰশাসন ব্যৱস্থা শিথিল হৈ পৰিছে৷ প্ৰধান শিক্ষক আৰু অধ্যক্ষসকল মাথোন দৰমহাৰ বিলত চহী কৰি শিক্ষক-কৰ্মচাৰীক মাহৰ দৰমহা মাহে ল’বলৈ সুবিধা কৰি দিয়া ব্যক্তিলৈহে পৰ্যবসিত কৰি থৈছে চৰকাৰে৷ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত খালি হৈ থকা বিষয় শিক্ষকসকলৰ পদসমূহ, মাধ্যমিক বিদ্যালয় সমূহতো খালি হৈ থকা স্নাতক আৰু প্ৰাক্-স্নাতকৰ পদসমূহত শিক্ষক নিযক্তি নিদি চৰকাৰে অঘোষিত শিক্ষা-সংকোচন ব্যৱস্থাক আদৰণি জনোৱা পৰিলক্ষিত হৈছে৷ চৰকাৰৰ এই লেজুত ধৰি বল নিদিয়া ব্যৱস্থাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে – পাব্লিক স্কুল আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহে৷ মাতৃভাষাৰ বিদ্যালয়সমূহত নাম লগাই দি ল’ৰা-ছোৱালীৰ মূৰ খোৱাতকৈ, ইংৰাজী মাধ্যমেই শ্ৰেয়: বুলি পাব্লিক স্কুলসমূহত ল’ৰা-ছোৱালীক অধিক ধন খৰচ কৰি পঢ়োৱাৰ মানসিকতা প্ৰায়সকল অভিভাৱকৰ মনত দ’কৈ শিপাবলৈ লৈছে৷ এনেবোৰ কথা-কাণ্ডলৈ শিক্ষা বিভাগৰ দিগগজসকলৰ মনোযোগ দিবৰ আহৰি নাই: চৰকাৰৰো সময় নাই৷ প্ৰায় দুটা দশক কাল পূৰ্ণ পৰ্যায়ৰ অধ্যক্ষ-উপাধ্যক্ষ, প্ৰধান শিক্ষক-সহকাৰী প্ৰধান শিক্ষক, বিষয় শিক্ষক, স্নাতক শিক্ষকক নিযুক্তি দিব নোৱাৰাটো শিক্ষাবিভাগৰ লগতে ৰাজ্য চৰকাৰো বিফলতা বুলিয়ে ক’ব লাগিব৷

শিক্ষাক সাৰ্বজনীন কৰি তুলিবলৈ, নিৰক্ষৰতা দূৰ কৰিবলৈ, প্ৰযুক্তি বিদ্যাৰ জ্ঞান দিবলৈ – চমুকৈ শিক্ষাৰ মানদণ্ড ৰক্ষা কৰা আৰু শিক্ষা সম্প্ৰসাৰণৰ বিভিন্ন শ্লোগান দি; চৰকাৰে ভালেমান আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ ডি পি ই পি, সৰ্বশিক্ষা মিশ্যন আদি প্ৰৱৰ্ত্তন কৰি কোটি কোটি টকা শ্ৰাদ্ধ কৰাৰ বাতৰি কাকতে-পত্ৰে পঢ়িবলৈ পোৱা গৈছে৷ পিছে এডিঙি পানীত ডুবি থাকিও পানী খাব নোপোৱা লোকৰ দৰে – আঁচনিৰ হেঁচাত কঁকাল দাঙিব নোৱাৰা অৱস্থা এটাই শিক্ষা ব্যৱস্থাত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে৷ শিক্ষাৰ ক্ষেত্ৰত নেতিবাচক প্ৰৱণতা ৰাজ্যখনৰ বাবে মঙ্গলকাৰকতো নহয়েই; এনে ব্যৱস্থা চলি থাকিলে অসমৰ শিক্ষা ব্যৱস্থাই কি কদৰ্য ৰূপ লয় তাক নেদেখাজনেহে জানিব৷ চকিদাৰ-পিয়নৰ পৰা শীৰ্ষ পৰ্যায়ৰ শিক্ষকলৈকে নিযুক্তি-বদলিৰ ক্ষেত্ৰত ৰাজনৈতিক হস্তক্ষেপ, দলীয় স্বাৰ্থ আৰু উৎকোচৰ হাতোৰাই শিক্ষাৰ মানদণ্ড দিনে দিনে নিম্নগামী কৰাত লাগিছে৷ একেদৰে পৰিদৰ্শকৰ কাৰ্যালয়, শিক্ষা সঞ্চালকালয় আদিতো পুঠি-খলিহনাৰ পৰা ৰৌ-বৰালিয়েও জাল পাতি শিক্ষক-কৰ্মচাৰীক নগুৰ-নাগতি কৰাৰ অলেখ খবৰ আছে৷ উচ্চপদস্থ শিক্ষা বিষয়া, বিদ্যালয় প্ৰধান আদিৰ ধন আত্মসাতৰ কাহিনী, নিলম্বনৰ বাতৰি, চৰকাৰী আদেশ উলঙ্ঘাৰ খবৰে শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দেখুৱাইছে৷ শিক্ষামন্ত্ৰীৰ চাফাই অভিযানৰ বাঢ়নিডাল বুটী হোৱাৰ খবৰে – যিটো শিক্ষামন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰিছে – এনে খবৰে চিন্তাশীল মহলক হতাশ কৰিছে৷ শিক্ষা ব্যৱস্থাত চলি থকা দূৰ্নীতি ভ্ৰষ্টাচাৰ দূৰ কৰিব নোৱাৰিলে সংহত আৰু ৰুচিবান সমাজ এখন পোৱাটো কঠিন হ’ব; লগতে আহি থকা পিৰিচসমূহক ফ্ৰেঙ্কেষ্টাইন হোৱাত বোধকৰোঁ বাধা দিব পৰা নেযাব৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ, জনমত সৃষ্টি কৰাৰ কাম শিক্ষকসকলে কৰিব পাৰে৷ কিয়নো শিক্ষকসকল এতিয়াও সমাজত এৰাপৰলীয়া ব্যক্তি হৈ পৰাগৈ নাই লগতে চৰকাৰৰ সদিচ্ছাও থাকিব লাগিব৷

মনেশ্বৰ দেউৰী

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate