অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰসৰাজৰ ‘লটকন’ৰ এনিমেচন ছবি

ৰসৰাজৰ ‘লটকন’ৰ এনিমেচন ছবি

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫০ বছৰীয়া জয়ন্তীত অসমবাসীয়ে বিভিন্ন অনুস্থানেৰে অসমীয়া চুটিগল্পৰ স্ৰষ্টাজনক শ্ৰদ্ধা নিবেদন কৰি থকাৰ সময়তে ৰাজ্যখনৰে এজন যুৱকে তেওঁৰ সৃষ্টিৰাজিক অন্য ধৰণে বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াস কৰিছে। ৰসৰাজৰ অনবদ্য সৃষ্টিৰ মুঠ ১৩ টা নিৰ্বাচিত চুটিগল্পক এনিমেচন ছবি হিচাপে নিৰ্মাণ কৰি ৰুপালী পৰ্দাৰ জৰিয়তে দেশ-বিদেশৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা অব্যাহত ৰখা যুৱকজন হ’ল জীৱিতেচ মজুমদাৰ। গুৱাহাটী মহানগৰীৰ চিৰিয়াখানা শ্ৰীনগৰ পথ নিবাসী যুৱকজনে ইতিমধ্যে ৰসৰাজৰ ‘বুঢ়ী আইৰ সাধু’ৰ ‘লটকন’ চুটিগল্পটোক এনিমেচন ছবি হিচাপে নিৰ্মাণ কৰি সমাদৃতও হৈছে। সদ্য সমাপ্ত ব্ৰহ্মপুত্ৰ ভেলী ফেষ্টিভেলত চুটি ছবিৰ শিতানত ‘লটকন’-এ প্ৰথম স্থান লাভ কৰিছে। চুটি ছবিৰ শিতানত ‘লটকন’-এ সফলতা লাভ কৰাৰ পিছত নিজৰ সুখানুভূতি প্ৰকাশ কৰি জীৱিতেশ মজুমদাৰে ৰসৰাজৰ অনবদ্য সৃষ্টি ‘বুঢ়ী আইৰ সাধু’ৰ ১৩ টা গল্পক এনিমেচন ছবি হিচাপে নিৰ্মাণ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি কয়। কিন্ত এইক্ষেত্ৰত ধনৰ অভাৱ তেওঁৰ বাবে প্ৰধান অন্তৰায় হৈ পৰিছে বুলিও জানিবলৈ দিয়ে। উল্লেখ যে স্বনামধন্য নাট্যকাৰ-পৰিচালক জিতেন শৰ্মাৰ চিত্ৰনাট্য আৰু জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনৰ স্ংগীত ব্যৱস্থাপনাত ‘লটকন’ প্ৰযোজনা-পৰিকল্প্না কৰা জীৱিতেশে ৰাজ্য চৰকাৰৰ পৰা অনুদান লাভ কৰিলে অসমৰ সাহিত্য-সভ্যতা, কৃষ্টি-স্ংস্কৃতি বিশ্বৰ দৰবাৰলৈ নিয়াৰ আশা মনতে পুহি ৰাখিছে। তেওঁ কয়- আমি হিন্দী, ইংৰাজী ভাষাত নিৰ্মিত ‘চোতা ভীম’, ‘চিনচেং’, ‘টম এণ্ড জেৰী’কে আদি কৰি বহু এনিমেচন ছবি দূৰদৰ্শন যোগে উপভোগ কৰি আহিছো। কিন্ত আমাৰ নিজৰ সমল থকাৰ পিছতো কৰ্তৱ্যনিষ্ঠা আৰু ধনৰ অভাৱৰ বাবে ৰসৰাজৰ অনবদ্য সৃষ্টিৰাজিক বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰিব পৰা নাই। ছবি নিৰ্মাণৰ পিছত মাত্ৰ হিন্দী-ইংৰাজীত ডাবিং কৰিয়েই আমি ৰসৰাজৰ সাহিত্য সম্ভাৰ সকলোৰে মাজত বিলাই দিব পাৰো বুলিও উৎসাহী যুৱকজনে কয়। উল্লেখ্য লণ্ডণৰ ৱেষ্ট মিনষ্টাৰ বিশ্ববিদ্যালয়ত এনিমেচন বিষয়ত অধ্যয়ন কৰি বিগত বৰ্ষত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰা জীৱিতেশৰ কৰ্মৰাজিৰ সমাদৃত হৈছে বিশ্বৰ অন্যতম সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ ‘কাঁন’ত। জিঅ’ফ কোপাৰ, ফাৰহান খান আৰু আৰ্মিনা ৰাণাৰ দৰে বিশ্ববিখ্য্যত অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰা, লণ্ডনৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ছাৰাজ আলীৰ ‘ষ্ট্ৰেঞ্জাৰ উইদিন মি’ নামৰ চুটি ছবিখনত এনিমেচনৰ কাম কৰি বিগত বৰ্ষত ফ্ৰান্সত অনুষ্ঠিত ৬৭ স্ংখ্যক ‘কাঁন’ চলচ্চিত্ৰ মহোৎসৱত তেওঁ পুৰস্কৃত হৈছে। উল্লেখযোগ্য যে নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত কমাৰকুছি গাঁৱৰপৰা কৰ্মসূত্ৰে গুৱাহাটীলৈ অহা নৱ কুমাৰ মজুমদাৰ আৰু অপৰ্ণা মজুমদাৰৰ পুত্ৰ জীৱিতেশে সৰুৰেপৰা মনৰ মাজত পুহি ৰখা চিত্ৰকলা বিষয়টোত সফলতাৰ বাট দেখি অতিকৈ আনন্দিত হোৱা বুলি বাৰ্তালাপত সদৰি কৰে।

লিখক: পুলিন শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate