ভেষজ বিজ্ঞানত অৰ্জুনৰ গুণ গুৰুত্ব সহকাৰে বিবেচনা কৰা হয়। অৰ্জুন গছৰ ছালেৰে বহু ৰোগ দূৰ কৰিব পাৰি। ইয়াৰে হৃত্পিণ্ডৰ অসুখ নিৰাময় কৰা সম্ভৱ। এনে অৱস্থাও দেখা যায় যি ৰোগীৰ ধমনীৰ কাম প্ৰায় বন্ধ হৈ গৈছে, ডাক্তৰে অপাৰেছন কৰাৰ পৰামৰ্শ দিছে বা পেচমেকাৰ বহাবলৈ পৰামৰ্শ দিছে সেই ৰোগীয়ে অৰ্জুনৰ ছাল ব্যৱহাৰ কৰি আৰোগ্য হ’ব পাৰিছে।
অৰ্জুনৰ ছাল গুড়ি কৰি পানীৰ লগত খাব পাৰি অথবা ছাল সিজাই ক্কাথ কৰি খাব পাৰি। অৰ্জুনৰ ছালৰ গুড়ি গাখীৰৰ লগতো খাব পাৰি। চাহ চামুচেৰে এক চামুচকৈ অৰ্জুনৰ ছালৰ চূৰ্ণ ৰাতিপুৱা আৰু আবেলি গাখীৰৰ লগত খালে হৃত্পিণ্ড সবল হয়, লগে লগে গোটেই শৰীৰো সবল হয়। কোনো কোনোৱে এক চামুচৰ পৰিৱৰ্তে দুই চামুচকৈও খাবলৈ দিয়ে।
অৰ্জুনৰ গুড়ি চাহৰ নিচিনাকৈ বনাইও খাব পাৰি (হৃদৰোগত উপকাৰী বস্তু)। এইধৰণে অৰ্জুনৰ ছালৰ গুড়ি নিয়মিতভাৱে খালে উচ্চ ৰক্তচাপ আৰু হৃদশূলৰ পৰা আৰোগ্য লাভ হয়।
অৰ্জুনৰ কেঁচা ছাল ১০ গ্ৰাম লৈ ২৫০ মিলিলিটাৰ গাখীৰত (গাখীৰ ইয়াতকৈ কমো বা বেছিও ল’ব পাৰে) উতলাওক। উতলি থাকোঁতে এটা এলাচি দিব পাৰে। গাখীৰ যেতিয়া আধামান হ’ব, খাব পৰা গৰমতে খাওক। ইয়াত চেনি বা মিছিৰি আদি নিদিয়াই ভাল। দিনত এবাৰ খালেও উপকাৰ হ’ব।
নিয়মিতভাৱে অৰ্জুনৰ ছালৰ ক্কাথ খালে তেজৰ লগত কলেষ্টেৰল নাথাকে। ধমনীত চামনি নপৰে আৰু তেজ হৃত্পিণ্ডলৈ চলাচল কৰোঁতে বাধা নহয়। হৃত্পিণ্ডই তেজৰ সৰবৰাহ পাই থাকে। হৃত্পিণ্ডৰ অসুখ নহয়।
তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 5/7/2020
গাজৰ (শক্তিবৰ্ধক)
আপেল (শক্তিবৰ্ধক)
আঁহত বা অশ্বত্থ গছ (শক্তিবৰ্ধক)
তুলসী (শক্তিবৰ্ধক)