অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আপেল (শক্তিবৰ্ধক)

আপেল এবিধ সুস্বাদযুক্ত ফল। মানুহৰ শৰীৰৰ বল-শক্তি বৃদ্ধিত আৰু সৌন্দৰ্য বৰ্ধনতো আপেলৰ বিশেষ প্ৰভাৱ থকা দেখা যায়।

গাজৰৰ লগত লগ লগাই খালে বিশেষ ফল দিয়ে। যদি শৰীৰ বেছি শকত হয়, মেদ কমাব পাৰি আৰু যদি ক্ষীণ হয় শৰীৰৰ মাংস বঢ়াবও পাৰি।

শৰীৰৰ মেদ (চৰ্বী) কমাবলৈ হলে আপেল-গাজৰ

ভাল আপেল আৰু গাজৰ সমান পৰিমাণত লওক আৰু নাৰিকলৰ দৰে ৰুকি লওক। দুয়োটাকে মিলাই মোহাৰি মোহাৰি লওক আৰু এই থকথকিয়া আপেল আৰু গাজৰ ৰাতিপুৱা খালী পেটত অন্ততঃ ১৫০-২০০ গ্ৰামকৈ খাওক। খোৱাৰ পাছত ২ ঘণ্টা অন্য কোনো বস্তু নাখাব। কিছুদিন খালে শৰীৰৰ মেদ কমি যাব। ওজন কমি যাব কিন্তু বল-শক্তি বাঢ়িব। শৰীৰ সুস্থ হৈ উঠিব।

শৰীৰৰ মাংস বঢ়াবলৈ হ’লে আপেল-গাজৰ

এই আপেল আৰু গাজৰকে দুপৰীয়া আহাৰ খোৱাৰ পাছত খালে শৰীৰৰ ওজন বাঢ়ি আহিব। শৰীৰৰ সৌন্দৰ্য বাঢ়িব। কাৰো যদি ওজন ক্ৰমশঃ কমি গৈ থাকে, তেনেহ’লেও ওপৰত কোৱাৰ ধৰণে আপেল-গাজৰৰ মণ্ড তৈয়াৰ কৰি লওক আৰু দুপৰীয়া খোৱাৰ পাছত খাওক, আশাতীত ফল পাব। শৰীৰৰ দুৰ্বলতা দূৰ হ’ব।

তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate