ৰোগ নিৰাময়ৰ ক্ষেত্ৰত তুলসীৰ এক বিশেষ ভূমিকা আছে। তুলসী প্ৰায় সৰ্বৰোগ নিৰোধক। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে তুলসী, উষ্ণ, কটু, ৰুক্ষ, পাচকশক্তিবৰ্ধক, বায়ুনাশক, কফ নিবাৰক, কৃমি আৰু দুৰ্গন্ধনাশক বস্তু। সঠিকভাৱে ২-৩ সপ্তাহৰ পৰা ২-৩ মাহ তুলসীৰ পাত খালে, কোষ্ঠকাঠিন্য, পেটৰ গেছ, আলচাৰ, আলচাৰেটেড কলাইটিছ, আমাশয়, মন্দাগ্নি, ঠাণ্ডা লগা, চৰ্দি, কাহ, ছাইনছাইটিছ, শ্বাস কষ্টৰ ৰোগ, উচ্চ বা নিম্ন ৰক্তচাপ, হৃত্পিণ্ডৰ ৰোগ, ৰক্তবাহিকা নাড়ীৰ কলেষ্টেৰল, প্ৰস্ৰাৱত জ্বালা, প্ৰস্ৰাৱত কষ্ট, প্ৰস্ৰাৱ কম হোৱা, মূত্ৰপাথৰি, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, মধ্যবয়সত-বৃদ্ধবয়সত হোৱা অক্ষমতা, দুৰ্বলতা, বাত, গাঁঠি বাত, বগা দাগ বা শ্বেতী (ধৱল), কুষ্ঠ, অন্য চৰ্মৰোগ, শৰীৰৰ ছালত ভাঁজ ধৰা (শোটোৰা হোৱা), স্ত্ৰী ৰোগ, জ্বৰ, মেলেৰিয়া জ্বৰ, সৰু ল’ৰা-ছোৱালীৰ হাঁপানি, স্মৰণশক্তিৰ অভাৱ হোৱা, মূৰৰ অসুখ, চকুৰ অসুখ আদি বহু ৰোগ নিৰাময় হয়। তুলসীৰ পাতেৰে কেনচাৰৰ দৰে ভয়ংকৰ ৰোগৰো চিকিৎসা কৰা হয়।
তুলসী হ’ল গৰম প্ৰকৃতিৰ। গতিকে গৰমৰ দিনত ইয়াৰ মাত্ৰা কম আৰু শীতৰ দিনত ইয়াৰ মাত্ৰা বঢ়াব লাগে। সাধাৰণতে ৭-১১ টা পাত ডাঙৰৰ বাবে আৰু ৩-৫ টা পাত সৰু ল’ৰা-ছোৱালীৰ বাবে এবাৰত খালে আশানুৰূপ ফল পোৱা যায়।
উল্লেখ আছে যে কেৱল মাত্ৰ তিনিটাকৈ তুলসীৰ পাত প্ৰতিদিনে ৭ বছৰলৈ খাই কুষ্ঠ ৰোগী আৰোগ্য হৈছে।
গৰম দিনত তুলসীৰ মাত্ৰা বেছি হ’লে গাত ঘামচিৰ দৰে উদ্ভেদ বাহিৰ হ’ব পাৰে। শৰীৰত জ্বালা কৰিব পাৰে। গতিকে গৰমৰ দিনত তুলসীৰ পাত ৭ তকৈ কম খাব পাৰি। খোৱাৰ আগতে ভাল পাত বাছি আনি পানীৰে পৰিষ্কাৰকৈ ধুই ল’ব লাগে।
তুলসীৰ পাত ৭ টা (বা ৰোগ ভেদে কেতিয়াবা বেছিকৈ) ভালকৈ ধুই লৈ ভাল পাত্ৰত থেতেলাই ৫০-১২৫ মিলিলিটাৰ দৈৰ লগত প্ৰতিদিনে ৰাতিপুৱা খালী পেটতে ২-৩ মাহ খালে ওপৰত উল্লেখ কৰা যিকোনো ৰোগ নিৰ্মূল হ’ব। কিন্তু দৈ টেঙা হ’ব নালাগে। যদি মিঠা বা ভাল দৈ পোৱা নাযায় তেনেহ’লে ১-২ চামুচ মৌৰ লগতো খাব পাৰি, একে ফল লাভ হ’ব। সৰু ল’ৰা-ছোৱালীক মৌৰ লগতে দিব লাগে। তুলসী কেতিয়াও গাখীৰৰ লগত খাব নালাগে। তুলসী পাত খোৱাৰ আধা ঘণ্টা পাছতহে অন্য চাহ পানী খাব পাৰি। বা পানী খাব পাৰি। এক বা আধা ঘণ্টা একো খাব নালাগে। তুলসীৰ পাত খোৱাৰ সময়ত নিৰামিষ আহাৰ খাব পাৰিলে ভাল। বেছি জলা, মছলা, তেলত ভজা, ঘিউত ভজা মুখৰোচক খাদ্য নোখোৱাই ভাল।
কেনচাৰজাতীয় গুৰুতৰ ৰোগত ডাঙৰৰ বাবে ২৫-১০০ আৰু সৰু ল’ৰা-ছোৱালীৰ বাবে ৫-২৫ টা তুলসীৰ পাত খাব লাগে। প্ৰথমতে কমকৈ আৰম্ভ কৰি পাছলৈ পাত বঢ়াই দিব পাৰি।
তুলসী প্ৰধানকৈ দুবিধ- এবিধ অলপ বেগুনীয়া ৰঙৰ আৰু আনবিধ ক’লা। ঔষধ হিচাপে ক’লা তুলসী বেছি ভাল যদিও দুয়োবিধেই একেই কামৰ বাবে ব্যৱহাৰ কৰিব পাৰি। জ্বৰত ক’লা তুলসী ভাল। তুলসী বৰ পবিত্ৰ গছ। আমি ইতিমধ্যে এই বিষয়ে কৈ আহিছোঁ। তুলসীৰ গছত প্ৰবল বিদ্যুত্ শক্তি থাকে বুলি ভাব হয়। তুলসীৰ গছত মহ-মাখি নপৰে, বীজাণুৰ উপদ্ৰব নাথাকে। তুলসী থকা মানুহৰ ঘৰৰ ছালত বাজ (এবিধ চিলনী) নপৰে।
তুলসীৰ ডাঙৰ পাত ছিঙিলে গছ বাঢ়ে। তুলসীৰ পাত লগাটোহে ছিঙিব লাগে অপব্যৱহাৰ কৰিব নাপায়। ধৰ্ম্মীয় দিশৰ পৰা তুলসী বৰ পবিত্ৰ বস্তু। নাৰায়ণ, বিষ্ণুৰ পূজাত তুলসীৰ পাত লাগিবই, নহ’লে নহয়। গতিকে পাত ছিঙোঁতেও ভক্তিভাৱে ছিঙিব লাগে। অমাৱস্যা, পূৰ্ণিমা, সংক্ৰান্তি-কাতি মাহৰ দ্বাদশী তিথি, ৰবিবাৰ, গধূলি, ৰাতি, দুপৰীয়া ঠিক ১২ বজাৰ আগে পাছে তুলসীৰ পাত ছিঙা নিষিদ্ধ। গাত তেল ঘঁহি গা নোধৱাকৈ, মহিলাই ঋতুস্ৰাৱ হৈ থকা কালত অথবা কোনো অশৌচ চলি থাকিলে তুলসী চুব নাপায়। চুলে তুলসী গছ মৰি যায়। তুলসীৰ পাত ফুটা দেখিলে, পোক লগা যেন দেখিলে ওপৰত ছাই ছটিয়াই দিব লাগে।
তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 5/19/2020
অৰ্জুনৰ ছাল (শক্তিবৰ্ধক)
আপেল (শক্তিবৰ্ধক)
আঁহত বা অশ্বত্থ গছ (শক্তিবৰ্ধক)
কল (শক্তিবৰ্ধক)