অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভিটামিন ডি আৰু শৰীৰত ইয়াৰ প্ৰয়োজনীয়তা

ভিটামিন ডি আৰু শৰীৰত ইয়াৰ প্ৰয়োজনীয়তা

আমাৰ দেহত সকলোপ্ৰ্কাৰ ভিটামিনৰে কমেও একোটা বিশেষ ভূমীকা থাকে।ভিটামিন ডিৰ ভূমিকাও কম নহয়।ই আমাৰ দেহত থকা ক্ষুদ্ৰান্তৰ পৰা কেলচিয়াম আৰু ফচফৰাছ বিশোধিত কৰি দাতঁ আৰু হাড় গঠনত প্ৰধানকৈ সহায় কৰে ।সেয়েহে ইয়াৰ অভাৱত অৰ্থাৎ ভিটামিন ডিৰ পৰিমান কমিলে কেলচিয়াম আৰু ফচফৰাছ বিলাক বাধাপ্ৰাপ্ত হয় আৰু ইয়াৰ বাবেই বিশেষকৈ সৰু লৰা ছোৱালীৰ পয়ালগা টিটেনাচ আৰু প্ৰাপ্তবয়স্কলোকৰ অষ্টিওমেলেছিয়া,অষ্টিওপৰেচিচ আদি হাড়ৰ বেমাৰৰ উৎপত্তি ঘটে বুলি জনা যা্য।আনহাতে শৰীৰত ইয়াৰ আধিক্য ঘটিলেও আকৌ ভোক নলগা বমি ভাৱ আহি থকা আদি অনেক লক্ষনে হেনো দেখা দিয়ে।লগতে ইয়াৰ বাবেই ধমনী হৃদযন্ত্ৰ আৰু মূত্ৰাশয় আদিও অসুস্থ হোৱাৰ সম্ভাৱনা থাকে বুলি স্বাস্থ্য বিজ্ঞানত পোৱা যায়।

ভিটামিন ডিৰ অভাৱ হেতুকে হোৱা পয়ালগা ৰোগ সকলোৰে চিনাকী।গাৱৰঁ দুখীয়া পৰিয়াল আৰু চহৰৰ নিম্ন আয়ৰ লোক যাৰ আহাৰত গাখীৰ বা কণী আদিৰ পৰিমান তেনেই নগন্য তেনে লোকৰ ঘৰৰ সন্তানৰ ক্ষেত্ৰত এই ৰোগ বেচিকৈ হোৱা দেখা যায়।ইয়াৰ ফলত শিশু শেতাঁ আৰু খঙাল প্ৰকৃতিৰ হয়,পেট ওলায় আৰু দাতঁ গজা,খোজকাঢ়া বা  আদি কাৰ্য্যবোৰত  বহু বিলম্ব হৈ যায়।এনে সন্তানে শ্বাস নলী আৰু পেটৰ অসুখতো ভুগিব পাৰে।কেৱল সেয়ে নহয় কেতিয়াবা হাত ভৰি ঠেৰেঙা লাগি অজ্ঞান পৰ্যন্ত হোৱাৰো অৱকাশ থাকে এক প্ৰকাশ।আনহাতে ভিটামিন ডিৰ অভাৱত হোৱা অষ্টিওমেলেচিয়া আৰু অষ্টিওপৰেচিছ নামৰ দুবিধ হাড়ৰ ৰোগে বয়সস্থ পুৰুষ মহিলাক বাৰুকৈ কষ্ট দিয়ে।ইয়াৰ প্ৰথম বিষৰ বেলিকা ৰোগীয়ে ককাঁল আৰু হাত ভৰিৰ বিষ অনুভৱ কৰে,উঠা বহাত কষ্ট পায়,মাংশপেশী দুৰ্বল হৈ পৰে আৰু কেতিয়াবা স্ংজ্ঞা পৰ্য্যন্ত হেৰুৱাব পাৰে।তেনেকৈ দ্বিতীয়বিধ ৰোগে আকৌ ঘাইকৈ ৪০/৫০ তিৰোতাক আক্ৰান্ত কৰে।ইয়াৰ ফলত শৰীৰত বিভিন্ন ঠাইত হোৱা হাড়ৰ বিষে ৰোগীক অকৰ্মন্য কৰি তুলিব পাৰে।

উল্লেখযোগ্য যে ভিটামিন ডিৰ অভাৱত যে উল্লেখিত ধৰনৰ বেমাৰ আজাৰ হয় সেই কথা যোৱা শতিকাৰ আৰম্ভনিতে জৈৱ ৰসায়নবিধ তথা স্বাস্থ্যবিজ্ঞানী সকলে ঠাৱৰ কৰিবলৈ সমৰ্থ হয়।কিন্ত অতি সম্প্ৰতি তাৰ লগতে অন্য এক নতুন সকলো বিজ্ঞানীসকলে বিচাৰি পাইছে সেইটো হৈছে ভিটামিন ডিৰ পৰিপূৰক দ্ৰব্য বা ঔষধে হৃৎপিণ্ডৰ অসুখ বা তাৰ ফলত হব পৰা মৃত্যুৰ হাৰ বহুখিনি কমাব পাৰে।এনে তথ্য প্ৰকাশ কৰিছে এতিয়া আমেৰিকাৰ কেলিৰ্ফনিয়া বিশ্ববিদ্যালয়ৰ এচাম গৱেষকে।তেওঁলোকে যোৱা এঘাৰ বছৰ জুৰি ৬৫ বা তাতোধিক বয়সৰ হৃদৰোগী মহিলাৰ ক্ষেত্ৰত অধ্যয়ন চলাই দেখা পাইছে যে যিসকল মহিলাৰ ভিটামিন ডিৰ পৰিপূৰক গ্ৰহন কৰিছে তেঁওলোকৰ মৃত্যুৰ সংখ্যা একত্ৰিশ শতাংশলৈ হ্ৰাস পাইছে।লগতে অন্য এক গুৰুত্বপূৰ্ন সংবাদো প্ৰকাশ পাইছে যে এথেৰ স্কেলেৰচিছ নামৰ ধমনীত কলেষ্টৰেল আৰু চৰ্বি জমা হোৱা ক্ৰিয়াৰ ফলত যি কৰনাৰী হাৰ্টডিজিজৰ উদেৰিক ঘটে তাত ভিটামিন ডিৰ প্ৰভাৱ নেতিবাচক।অৰ্থাৎ ভিটামিন ডিয়ে তেনে কাৰ্য্যত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে।মন কৰিবলগিয়া যে ভিটামিন ডিৰ অভাৱত শৰীৰত যথোচিত বিশ্লেষন নোহোৱা কেলচিয়ামে ধমনীৰ বেৰত কলেষ্টৰেলৰ লগত লগ লাগি এথেৰস্কেলেৰেটিক জোটৰ সৃষ্টি কৰি হৃদৰোগ গা কৰাত ইতিবাচক প্ৰভাৱ পেলায়।সেয়েহে দেহত ভিটামিন ডিৰ আৱশ্যকতা প্ৰয়োজনীয় বুলি সমীক্ষাটোত কোৱা হৈছে।

এতিয়া কথা হল উক্ত ভিটামিন বিধৰ উৎস কি আৰু দেহত ইয়াক কি কাৰনত লাগে?ভিটামিন ডিৰ উৎস দুই প্ৰকাৰৰ সূৰ্য্যৰ পোহৰ আৰু খাদ্য।সূৰ্য্যৰ পোহৰ বুলি কওঁতে অৱশ্যে এইটো কোৱা হোৱা নাই যে ইয়াৰ পোহৰত ভিটামিন ডিৰ থাকে যিখিনি দেহে প্ৰত্যক্ষভাৱে গ্ৰহন কৰিব পাৰে।সূৰ্য্যৰ পোহৰৰ পৰা ইয়াক পৰোক্ষভাৱে দেহে পোৱাটো সম্ভৱ।এইক্ষেত্ৰত আমাৰ ছালৰ নিম্নতম অংশত থকা ৭ ডিাইড্ৰ্কলেষ্ট্ৰ ৰেৱ নামৰ ষ্ট্ৰৰল জাতীয় দ্ৰব্যবিধে  সূৰ্য্যৰ পোহৰত থকা অতি বেঙুনীয়া ৰশ্মিৰদ্বাৰা বিয়োজিত হৈ ভিটামিন ডিৰ সৃষ্টি কৰে।গুৰুত্বপূৰ্নযে তেনে ৰশ্মি পুৱাৰ পোহৰত বেচিকৈ পোৱা আৰু সেয়ে তেনে পোহৰ শিশু আৰু আসন্ন প্ৰসৱা মাতৃ সকলৰ বাবে অত্যন্তজৰুৰী।খাদ্যৰ পৰা ইয়াক পাবলৈ হলে তেনে ভিটামিনযুক্ত খাদ্য গ্ৰহন কৰিব লাগে।তেনে ভিটামিন থকা কণী,গাখীৰ,ডালডা,পণীৰ,তেলালমাচ,ছাৰ্কলিভাৰ অয়লে হৈছে প্ৰধান।ইয়াৰ ভিতৰত শেষৰবিধ তেল অৰ্থাৎ হেলিবেট লিভাৰ অইলত  (প্ৰ্তি ১০০ গ্ৰামত ১০,০০০ মাইক্ৰগ্ৰাম পৰ্যন্ত)পৰিমানে ভিটামিন ডি থাকে।গতিকে তেনেধৰনে খাদ্য সমূহৰ দ্বাৰা যে যহক ভিটামিন ডিৰ যোগান ধৰিব পৰা হয় সি সহজেই অনুমেয়।সেয়ে হলেও অৱশ্যে দেহত বেছি পৰিমানে কলেষ্ট্ৰৰল থকা লোকে এনে জাতীয় খাদ্য বেছিকৈ গ্ৰ্হন কৰাত সৰ্তকতা গ্ৰহনৰো প্ৰয়োজন।কিয়নো ভিটামিন ডি যুক্ত খাদ্য সমূহৰ বেছিভাগেই কলেষ্ট্ৰৰলযুক্ত।যিহেতুকে কলেষ্ট্ৰৰলৰ পৰিমান বঢ়া মানে হৃদৰোগৰ সম্ভাৱনীয়তাও উজ্জল হোৱা গতিকে বেছিকৈ তেনে কলেষ্ট্ৰৰলযুক্ত পৰিমান বঢ়োৱাৰ উপায় কৰাহে মনোনিবেশ কৰাৰ প্ৰয়োজন আছে।যি কি নহওক বাৰু এটা কথা ঠিক হাড়ৰ সুষম বিকাশ আৰু মজবুটকৰনৰ বাবে যে ভিটামিন ডি অপৰিহাৰ্য্য সেই কথা অনস্বীকাৰ্য্য।সেয়ে আমি প্ৰকৃতি প্ৰ্দত্ত উপাদান এচেৰেঙা ৰঙা ৰদৰ পুৱাৰ একোভাগ আৰু গাখীৰ কণীৰ দৰে খাদ্য গ্ৰহনত জোৰ দিয়াৰ আৱশ্যকতা আছে।ইয়াৰ বাবে লৰা ছোৱালীক প্ৰ্তি দিনে ১০ মাইক্ৰগ্ৰাম বা ৪০০ আইইউ আৰু তেনেকৈ ২,৫ মাইক্ৰগ্ৰাম ১০০ আইইউ পৰিমাণৰ ভিটামিন ডিৰ প্ৰয়োজন বুলি কোৱা হয়।

উৎস:স্বাস্থ্য আলোচনী

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate