প্ৰায়বিলাক সমাজতে মদ্য বা এলকহল এবিধ সঘনাই ব্যবহৃত এক প্ৰকাৰৰ মগজু অবসাদক আৰু লেখত লব লগাকৈ ৰোগ আৰু মৃত্যুৰ কাৰণ।আজিকালি যিকোনো উৎসৱ, পাৰ্টি আদিত আনন্দ কৰিবৰ বাবে বহুতে মদৰ গিলাচ হাতত তুলি লোৱা দেখা যায়, কিন্তু অলপ পৰিমাণে ৰে আৰম্ভনি কৰা এই মদ্যপানে পিছলৈ আসক্তি ত পৰিণত হয় আৰু মদ্যপান কৰা ব্যক্তিৰ জীৱন আৰু সংসাৰলৈ অন্ধকাৰ নামি আহে।
কোনো এজন লোকে যেতিয়া প্ৰথমবাৰৰ বাবে মদ্যপান কৰে তেতিয়া তেজত এলকহলৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে মানুহ জনৰ কথাকোৱা প্ৰবণতা বৃদ্ধি পোৱাৰ লগতে মন ভাল লাগিব ধৰে । পিছত যেতিয়া তেজৰ এলকহলৰ পৰিমাণ ক্ৰমান্বয়ে কমি যায় তেতিয়া পুনৰ আগতকৈ বেছি বিষাদতাত ভোগে আৰু চিন্তা শক্তি ত আওল লাগে। ফলত পিছত সামান্য বিশাদতাতে বা মন ভাল লাগিবৰ বাবে পুনৰ মদ্যপান কৰে। আৰু এনেকৈ আৰম্ভ কৰা মদ্যপানে এটা সময়ত আসক্তি ত পৰিণত হয় আৰু মাদক দ্ৰব্য নিৰ্ভৰশীলতা গড়ি উঠে।
কোনো এজন ব্যক্তিয়ে মদ্যপান কৰাৰ লগে লগে মদ অবস্থা প্ৰাপ্ত হয়। সাধাৰণ ভাষাত কবলৈ গলে নিচা লগা বুলি কব পাৰি । গম্ভীৰতাৰ ওপৰত নিৰ্ভৰ কৰি এই মদ অৱস্থাক চাৰি ভাগত ভগোৱা হৈছে :-
1) প্ৰথম মদ (Stage of stimulation ) : এই অবস্থাত মদপিৰ বাবে বুদ্ধি স্মৃতি প্ৰিতিকাৰক হয়, সুখকৰ, অন্নপান আৰু নিদ্ৰা বৃদ্ধি কৰে।
2) দ্বিতীয় মদ ( Stage of excitement ) : এই অবস্থাত মদপিয়ে উত্তেজনা অনুভৱ কৰে ।
3) তৃতীয় মদ ( Stage of delirium ) : এই অবস্থাত মদপিয়ে প্ৰলাপ বকিব ধৰে গুৰু গোসাঁই নমনা হয় ।
4) চতুৰ্থ মদ (Stage of stupor, coma ) : এই অবস্থাত মদপিয়ে কাঠৰ টুকুৰা দৰে নিথৰ হৈ যতে ততে পৰি থাকে আৰু মৃত্যু পৰ্যন্ত হব পাৰে।
মদ্যপান জন্য ৰোগ সমূহ মূলতঃ দুই ভাগত ভগোৱা হয় :- ( ১) Substance use disorder যেন - (i) Substance dependence অৰ্থাৎ মাদক দ্ৰব্য নিৰ্ভৰশীলতা আৰু (ii) Substance abuse অৰ্থাৎ অতিমাত্ৰা প্ৰয়োগ ।
(২) Substance induced disorder যেন- (i) Alcohol withdrawal syndrome
(ii) Alcohol intoxication
(iii) Alcohol induced sexual dysfunction
(iv) Alcohol induced psychotic disorder
(v) Alcohol induced mood disorder
(vi) Alcohol induced sleep disorder
ইত্যাদি ।
যিহেতু মদ্যপান বা মাদক দ্ৰব্য নিবাৰণৰ ক্ষেত্ৰত Alcohol dependence আৰু Alcohol withdrawal syndrome য়ে বিশেষ গুৰুত্ব আৰোপ কৰে সেয়ে এই লিখনিত এই দুটা বিষয়ৰ ওপৰত বিশদ ভাবে তলত আলোচনা কৰা হল ।
Alcohol dependence যেতিয়া গঢ় লৈ উঠে তেতিয়া ব্যক্তি জনে - কম পৰিমাণে মদ্যপান কৰিম বুলি ভাবিলেও নিজকে ৰখাব নোৱাৰি বেছি পৰিমাণে বা দেৰিলৈকে খায়, নিজে মদ্যপান এৰিবলৈ বহুত চেষ্টা কৰে যদিও এৰিব নোৱাৰে, যিবোৰ কামত বা পৰিবেশ ত থাকিলে মদ্যপান কৰিব পাৰে তেনে কামত বা পৰিবেশ ত থাকিবলৈ ভাল পায় , প্ৰয়োজন সাপেক্ষে ঘৰৰ পৰিয়াল বৰ্গৰ পৰা দূৰত থাকি হলেও মদ্যপান কৰিব বিচাৰে, মদ্যৰ প্ৰতি আসক্তি গড় লৈ ওঠে অৰ্থাৎ মদ্যপান কৰিবলৈ তিব্ৰ ইচ্ছা জাগে, শৰীৰৰ বাবে হানি কাৰক বা পৰিয়ালৰ বাবে দুখদায়ক বুলি জানিও মদ্যপান কৰে, আৰু tolerance গঢ় লৈ উঠে অৰ্থাৎ মদ্যপানৰ যি প্ৰভাৱ উক্ত প্ৰভাৱ অনুভৱ কৰিবৰ বাবে ক্ৰমান্বয়ে বেছি পৰিমাণে মদ্যপান কৰিব লগা হয়।
Alcohol withdrawal syndrome হল কোনো এজন ব্যক্তি যেতিয়া এলকহল নিৰ্ভৰ শীল হয় ( Alcohol dependence ) তেতিয়া তেওঁ মদ্যপান কৰিব এৰি দিলে তেজত যেতিয়া এলকহলৰ পৰিমান কমি যায় তেতিয়া ব্যক্তি জনৰ শৰীৰত বিভিন্ন ধৰণৰ অপ্ৰিতিকৰ লক্ষণে দেখা দিয়ে যেনে - হাত কপিব ধৰে, ঘামিব ধৰে, নাড়ী গতি দ্ৰুত হয়, টোপনি কম হয়, বমি ভাব বা বমি হয়, ভ্ৰম হব পাৰে অৰ্থাৎ নথকা বস্তু এটাকে দেখা বা ভূলকৈ শুনা, ব্যক্তি জন খঙাল হয়, মানসিক ভাৱে অস্থিৰ হৈ পাৰে, মৃগি ৰোগীৰ দৰে হব পাৰে।
বহু সময়ত দেখা যায় যে মদাহী ব্যক্তি জনে মদ্যপান এৰিবলৈ চেষ্টা কৰে যদিও মদ এৰি দিয়া বাবে যি অপ্ৰিতিকৰ লক্ষণ উৎপন্ন হয় তাৰ পৰা পৰিত্ৰাণ পাবলৈয়ে পুনৰ মদ্যপান কৰা আৰম্ভ কৰে।আৰু তেতিয়া মদাহী ব্যক্তিজনে আগতকৈ বেছি পৰিমাণে মদ্যপান কৰা দেখা যায়। আৰু তেতিয়াই ধ্বংসক আৰু বিক্ষয় নামৰ ৰোগে দেখা দিয়ে।
বহু সময়ত ৰোগীৰ আত্মীয়ই দুখ প্ৰকাশ কৰে যে ইমান কৈ বুজোৱা স্বত্বেও মানুহ জনে বা লৰাটোৱে মদ খোৱা এৰিব পৰা নাই, কেইদিনমান নোখোৱাকৈ থাকি পুনৰ মদ খাবলৈ ধৰে । আচলতে তেনে ৰোগী সকলে মদৰ প্ৰতি থকা আসক্তি দমন কৰিলেও মদ এৰি দিয়া বাবে উৎপন্ন হোৱা withdrawal syndrome ৰ পৰা পৰিত্ৰাণ পাবলৈকে পুণৰ মদ্যপান আৰম্ভ কৰে।
মদ্যপান কৰাৰ ঠিক পিছতে 15-20 গ্ৰাম ঘিউ আৰু অলপ চেনী মিহলি কৰি খুৱালে মদ্যৰ প্ৰভাৱ কমি যায়।
যিসকল ব্যক্তিয়ে মদৰ প্ৰতি থকা আসক্তি বা মদ্যপান ৰ যি প্ৰবল ইচ্ছা প্ৰতিহত কৰিব পাৰে কিন্তু মদ্যপান এৰি দিয়া বাবে উৎপন্ন হোৱা অপ্ৰিতিকৰ লক্ষণসমূহ পৰা পৰিত্ৰাণ পাবলৈ মদ্যপান কৰিব লগাত পৰে তেনে ৰোগী সকলক উক্ত লক্ষণ সমূহৰ প্ৰশমণৰ বাবে চিকিৎসা দিয়াৰ লগতে আশ্বাস দিলে তেনে ৰোগী সকলে মদ্যপান ৰ বদ অভ্যাস ৰ পৰা মুক্ত হব পাৰে।
যিসকল ৰোগীয়ে চেষ্টা কৰিও আসক্তি এৰিব নোৱাৰে তেনেবোৰ ৰোগীক ক্ৰমান্বয়ে মদ্যৰ পৰিমাণ কমাই অনাৰ লগতে উচিত মেধ্য আৰু উদ্দেগহৰ ঔষধ ব্যৱহাৰ কৰিলে ভাল সুফল পোৱা যায়।
লেখক: ডাঃ ব্ৰিঞ্চি বৰুৱা
বি এ এম এছ , এম ডি ( আয়ুৰ্বেদিক)
ফোন নং- 8011676392
উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
শেহতীয়া উন্নীতকৰণ: : 3/18/2020