ৰোগাৰোগ্যৰ ক্ষেত্ৰত মিথিৰো এক বিশেষ বৈশিষ্ট্য আছে। আমলখিৰ দৰে মিথি ব্যৱহাৰ কৰিও বহু ৰোগৰ পৰা আৰোগ্য হোৱা যায়। আমি মিথিৰ বিভিন্ন ৰোগত হোৱা ব্যৱহাৰৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিছোঁ। ইয়াত মিথিৰ বিশেষ কেইটিমান কথা উল্লেখ কৰা হ’ল। মিথিৰ উষ্ণ, ৰুক্ষ আৰু শুকাই দিয়াৰ গুণ আছে। গতিকে শৰীৰৰ ৰক্তবাহিকা নাড়ী, শ্বাসনলী আৰু পাচক প্ৰক্ৰিয়াৰ অন্ত্ৰ, পাকস্থলীৰ সুৰুঙাৰ দৰে ঠাইৰ ছালবোৰত লাগি থকা তেলতেলীয়া মিউকাছজাতীয় বস্তু আৰু জমা হ’ব ধৰা বিষাক্ত বস্তুবোৰক নাশ কৰি বাহিৰ কৰি ঠাইবোৰ পৰিষ্কাৰ কৰি ৰাখে। তাত ফুলা, জ্বলা আদি কোনো পীড়া থাকিলে নিবাৰণ হয় আৰু ভিতৰৰ কাৰ্যব্যৱস্থাবোৰ সুচাৰুৰূপে চলাৰ বাবে অংগবোৰক কাৰ্যক্ষম কৰি তোলে। পাচক ক্ৰিয়া ঠিকমতে হ’লে শৰীৰৰ বিভিন্ন ৰস, হৰম’ন আদিৰ উত্পন্ন ঠিকমতে হয়। শৌচ-প্ৰস্ৰাৱ আদি ঠিকমতে হ’লে শৰীৰলৈ উত্সাহ, আনন্দ আহে, দেহ সবল অনুভৱ হয়।
আনহাতে মিথিৰ এই গুণবোৰৰ বাবেই পাচক প্ৰণালীৰ ৰোগ যেনে উদৰ শূল, পেটফুলা, আমাশয়, আলচাৰ, প্লীহা, যকৃতৰ বৃদ্ধি আদি ৰোগ, শ্বাস-প্ৰশ্বাস প্ৰণালীৰ ব্ৰংকাইটিছ, শোথ, হাঁওফাঁওৰ ৰোগ, শ্লেষ্মাযুক্ত কফ হাঁপানি আদিও নহয়। তেনেকৈ উষ্ণ আৰু ৰুক্ষতা গুণৰ বাবেই মিথি খালে শৰীৰৰ শোথ, টনচিল, ছাইন’ছাইটিছ, এপেণ্ডিচাইটিছ আদি ৰোগ নহয়, থাকিলেও দূৰ হয়।
মুখ, কণ্ঠ, জিভাৰ ৰোগ নহয়, থাকিলে আৰোগ্য হয়। মহিলাকলৰ টিউবুলাৰ অংগৰ ঋতু স্ৰাৱৰ বিকাৰ, অনিয়ম দূৰ হয়। লিউকোৰিয়া (বগা স্ৰাৱ) গৰ্ভাশয়ৰ শোথ নিবাৰণ হয়। তেনে অসুস্থতা থাকিলে মিথি খোৱা অতি আৱশ্যক। তাৰোপৰি প্ৰসূতিৰ শৰীৰ ঢিলা হৈ পৰা অৱস্থা দূৰ হয়, স্তনৰ ক্ৰিয়া সুচাৰু হয়, স্তনৰ গাখীৰো নিয়মিত হয়।
মিথিৰ গুটিৰ ৰসৰ কডলিভাৰ অইলৰ সৈতে মিল আছে। মহিলাসকল বা যিকোনো লোক ৰক্তহীনতা ৰোগত ভুগিলে মিথি খালে এই ৰোগে এৰা দিয়ে। ৰক্তহীনতাৰ বাবে হোৱা ৰোগ দুৰ্বলতা, ক্ষীণাই যোৱা, স্নায়ুৰ ৰোগ, আঁঠুৰ বিষ, গাঁঠি বাত, প্ৰস্ৰাৱ ধৰি ৰখা ক্ষমতা কমি যোৱাৰ ফলত ঘনাই প্ৰস্ৰাৱ হৈ থকা (বহুমূত্ৰ) বা মধুমেহ (প্ৰস্ৰাৱত চেনি যোৱা) আদি ৰোগ মিথিয়ে বিনাশ কৰে। মিথি নিয়মিতভাৱে (সদায় কিছুদিন) খালে প্ৰস্ৰাৱ বা তেজত দেখা দিয়া চেনি কমি যায় অৰ্থাত্ ডায়েবেটিছ ৰোগ নিবাৰণ হয়। ৰক্তবাহী নলীত কলেষ্টেৰল (চৰ্বীৰ চামনি) থাকিলে তাকো এৰুৱাই দিয়ে। ফলত উচ্চ ৰক্তচাপ কমি নামি আহে। উচ্চ ৰক্তচাপৰ সমস্যা দূৰ হয়। হৃত্পিণ্ডৰ অসুখৰ ভয় কমি যায়।
মিথি পুষ্টিকাৰক দ্ৰব্যও। ই শক্তিবৰ্ধক টনিক হিচাপেও কাম কৰে।
কফ আৰু বাতৰ ৰোগত মিথি আশীৰ্বাদ স্বৰূপ। এই ৰোগত আশাতীত ফল লাভ হয়।
বয়সিয়াল লোকৰ বৃদ্ধাৱস্থাত যিবোৰ হয় যেনে আঁঠুৰ বিষ, হাত-ভৰি অৱশ হোৱা, ভোক নলগা, মাংসপেশীত ভাঁজ পৰা, বাৰম্বাৰ প্ৰস্ৰাৱ কৰা লগা, মূৰ ঘূৰোৱা, ছায়েটিক নাৰ্ভৰ বিষ, মিথি নিয়মিতভাৱে খাই থাকিলে এইবোৰ ৰোগ নহয়। অথবা তেনে ৰোগ থাকিলে মিথি নিয়ম মতে খালে আৰোগ্য হয়।
মিথি নানাভাৱে খাব পাৰি। মিথি ভিজোৱা পানী খোৱা, ভিজোৱা মিথি খুন্দি পানীত ঘুটি পানীখিনি ছেকি লৈ খোৱা বা মিথিৰ ৰস উলিয়াই খোৱা, সিজাই আৰক উলিয়াই খোৱা, তৰকাৰীত দি খোৱা, খিচিৰি আদি বনালে তাত দি খোৱা, ৰাতিপুৱা মিথিগুটি এনেয়ে চোবাই খোৱা, ৰাতি পানীত পেলাই এনেয়ে গিলি খোৱা, মিথিৰ লাৰু বনাই খোৱা অথবা গুড়ি কৰি পানীৰ লগত খোৱা আদি বিভিন্ন প্ৰকাৰে খোৱা যায়। তথাপি চিকিৎসাৰ দিশৰ পৰা তলত উল্লেখ কৰা ধৰণে খাবলৈ পৰামৰ্শ দিয়া হয়।
৫ গ্ৰাম মিথি গুটি অলপ খুন্দি ২০০ মিলিলিটাৰ পানীত সিজাওক। ১০ মিনিটমান উতলাৰ পাছত একাপতকৈ অলপ কম থকা যেন হ’লে জুইৰ পৰা নমাই থওক আৰু খাব পৰা হ’লে ছেকি লৈ খাওক। অলপ তিতা, কেহা লাগিব পাৰে। যদি খাবলৈ বেয়া পায় অলপ গাখীৰ বা গুৰ বা মিছিৰি লৈ খাব পাৰে। বুকুৰ অসুখ, কাহ, বুকুৰ বিষ আদিৰ বাবে খালে মৌৰ লগত খাব। এই ধৰণে আৰক উলিয়াই খালে মিথিৰ ঔষধি শক্তি সম্পূৰ্ণকৈ ওলাই আহে। ৰাতিপুৱা পানী খোৱাৰ আধা ঘণ্টা আগত আৰু ৰাতি শোৱাৰ আগত দিনে দুবাৰকৈ খাব লাগে। মিথি খালে শাঁও পৰা অসুখ থাকিলে বন্ধ হৈ যাব।
মিথি ভিজাই থৈ গজালি মেলিলে ভিটামিন বি-১৭ উত্পন্ন হয় যাৰ কেনচাৰৰ দৰে ভয়ংকৰ ৰোগ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা থাকে। এই গজালি মেলা মিথি খালে পাকস্থলীৰ ঘা, অন্ত্ৰৰ শোথ (ফুলা) বা কলাইটিছ ৰোগ নিবাৰণ হয়। ৫ গ্ৰাম মিথি ভিজাব লাগে।
(১) যাৰ ৰক্ত পিত্ত, ৰক্ত প্ৰদৰ, ৰক্ত অৰ্শ, নাকৰ অসুখ, প্ৰস্ৰাৱত তেজ যোৱা বা শৰীৰৰ যিকোনো ঠাইৰ পৰা তেজ ওলোৱাৰ ৰোগ থাকিলে মিথি খোৱা নিষেধ। অত্যন্ত গৰমৰ দিনতো মিথি নাখাব।
(২) যাৰ শৰীৰ বৰ গৰম, জুইৰ ভাপৰ দৰে জ্বালা অনুভৱ হয় তেওঁলোকে মিথি নাখাব।
(৩) খুব দুৰ্বল ৰোগী, ক্ষীণ শৰীৰ, মাজে মাজে মূৰ ঘূৰায় অথবা ধাতু ক্ষয় হৈ, শুকাই হাড়-ছাল মাত্ৰ আছেগৈ তেওঁলোকে মিথি খোৱা নিষেধ।
তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 3/23/2020
কল (শক্তিবৰ্ধক)
অৰ্জুনৰ ছাল (শক্তিবৰ্ধক)
গাজৰ (শক্তিবৰ্ধক)
আপেল (শক্তিবৰ্ধক)