অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যৱধান (শক্তিবৰ্ধক)

যৱধান (শক্তিবৰ্ধক)

মানুহৰ শৰীৰৰ বাবে এবিধ বহু উপকাৰী শস্য। মানুহৰ দেহ গঠনত এক বিশেষ ভূমিকা প্ৰদৰ্শন কৰে। বাকলি পেলোৱা যৱ বা ইয়াৰ গুড়ি বাৰ্লিয়ে দুৰ্বল ৰোগী লোককো এক সুস্বাস্থ্যৰ অধিকাৰী কৰিব পাৰে।

যৱধান পানীত ভিজাই থৈ তাৰ বাকলিবোৰ অলপ ভাঙি লৈ গুচাই ল’ব লাগে। এই যৱ ৬০ গ্ৰাম আৰু গাখীৰ ৫০ মিলিলিটাৰ দি পায়স বনাব লাগে। এই পায়স দুই মাহ ৰাতিপুৱা পানী খোৱাৰ সময়ত খালে শৰীৰৰ মাংস বৃদ্ধি হয়। সদায় খাবলৈ ভাল নাপালে সপ্তাহত ২-৩ দিন খালেই এই সুফল লাভ কৰিব।

যৱ বা বাৰ্লিৰ পানীয়

পানীত যৱ বা বাৰ্লি উতলাই, সিজাই পানী খোৱাদি খালেও ৰক্ত বৃদ্ধি হয়। এই পানী গৰম দিনত খোৱা বেছি ভাল।

যৱধানৰ বাকলিবোৰ এৰুৱাই ৪-৫ চামুচমান লৈ খুন্দি অলপ ভাঙি লৈ ১০০ মিলিলিটাৰমান পানীত ভালকৈ উতলাই সিজাব লাগে। ৩-৪ বাৰ উতলি উঠাৰ পাছত জুইৰ পৰা নমাই থৈ গোট মাৰিবলৈ দিয়ক। খাব পৰা গৰম থাকোঁতে এই বাৰ্লি পানীত মিছিৰি অলপ দি একাপ বাৰ্লি পানী খাওক। কেঁচুৱাক যেতিয়া গৰুৰ গাখীৰ বা ম’হৰ গাখীৰ দিবলৈ আৰম্ভ কৰা হয় সেই সময়ত এই বাৰ্লি পানী মিহলাই দিলে, গাখীৰ পাতল হ’ব আৰু সহজে হজম হ’ব আৰু কেঁচুৱাৰ দেহ বাঢ়ি অহাত বিশেষ সহায়ক হ’ব।

তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate