আমলখি, শিলিখা আৰু ভঁইৰা এই তিনিওবিধ ফল একেলগে ত্ৰিফলা বুলি বিশেষভাৱে পৰিচিত। এই তিনিওবিধ লগ লাগিলে এক উত্কৃষ্ট যৌগ উত্পন্ন হয় আৰু নিৰ্দিষ্ট নিয়মমতে খালে মানুহ অমৰতুল্য হয়। অৰ্থাত্ মানুহ দীৰ্ঘায়ু হয়। আচলতে এই পৃথিৱীত একোৱে অমৰ নহয়। জন্ম আৰু মৃত্যু এক অৱশ্যম্ভাৱী ঘটনা। হিন্দুশাস্ত্ৰত আছে দেৱতাসকল অমৰ আছিল। মানৱ, দানৱ, ৰাক্ষস এইবোৰ মৰণশীল। যদি দেৱতাসকল অমৰ ক’ত আছে তেওঁলোক ? যদি নাই তেওঁলোক বিলোপ হ’ল মানে মৰিল। দেৱতাসকলে অমৃত পান কৰি অমৰ হৈ আছিল। অমৃত মানে বহু গুণসম্পন্ন আৰু উপাদেয় বস্তু যিবোৰ খাই দেৱতাসকলে বহুদিন জীয়াই আছিল। এজন দেৱতাৰ জীৱন কালত নৰ বা দানৱৰ কে’বাপুৰুষো পাৰ হৈ গৈছিল। আৰু এই অমৃতে দেৱতাসকলক দীৰ্ঘজীৱন দান কৰিছিল।
আজিৰ মানুহৰ বাবেও ত্ৰিফলা অমৃততুল্য বুলি কোৱা হৈছে। ত্ৰিফলা নিয়মমতে ব্যৱহাৰ কৰিলে মানুহৰ আয়ুস দীঘলীয়া হয়। আয়ুৰ্বেদ শাস্ত্ৰমতে বায়ু, পিত্ত আৰু কফ- এই তিনিটাই মানুহৰ ৰোগৰ মূল কাৰক। ত্ৰিফলাই বায়ু, পিত্ত, কফ নাশ কৰে, গতিকে মানুহ নিৰোগী হৈ থাকিব পাৰে।
আমলখি, শিলিখা আৰু ভঁইৰা পৰিষ্কাৰ কৰি লৈ তিনিওটাকে বেলেগে বেলেগে খুন্দি ছেকি চূৰ্ণ কৰি ল’ব লাগে আৰু শিলিখা ১০ গ্ৰাম হ’লে ভঁইৰা ২০ গ্ৰাম আৰু আমলখি ৪০ গ্ৰাম অনুপাতত মিহলাই বটলত ভালকৈ থৈ দিব লাগে আৰু তলত দিয়া নিয়মমতে খাব লাগে। এবাৰ বনালে তিনি মাহ মানলৈ খাব পাৰি। তাৰ পাছত নতুনকৈ বনাই ল’ব লাগিব। বজাৰতো কিনিবলৈ পোৱা যায়। নিজে বনালে ভেজাল নাথাকে।
আয়ুৰ্বেদ চিকিৎসা বিধিমতে মানুহৰ আয়ুস বঢ়াবলৈ ত্ৰিফলা খোৱাৰ নিয়ম বান্ধি দিছে। ১২ বছৰ নিয়মিতভাৱে ত্ৰিফলা খালে মানুহৰ অদ্ভুত শক্তি লাভ হয়। দিনতে তৰা দেখা পোৱা হয়। যি কয় সেয়ে ফলে বা বাক সিদ্ধ হয়। দৈৱিক গুণ লাভ হয়।
ৰাতিপুৱা মুখ হাত ধুই উঠি খালী পেটত ত্ৰিফলা চূৰ্ণ মুখত লৈ পানী খাব লাগে। প্ৰতিদিনে একমাত্ৰা খাব লাগে। কিন্তু একেৰাহে অবিচ্ছেদ্যভাৱে খাব লাগিব। খোৱাৰ মাত্ৰা হৈছে মানুহৰ বয়স অনুসৰি যিমান বয়স হৈছে সিমান ৰতি বা সিমান ২ গ্ৰেনকৈ খাব লাগে। উদাহৰণ স্বৰূপে ১০ বছৰীয়া ল’ৰা বা ছোৱালীয়ে ১০ ৰতি বা ২০ গ্ৰেন খাব লাগিব। ২০ বছৰীয়া লোক এজনে ৪০ গ্ৰেন আৰু ৪০ বছৰীয়া লোক এজনে ৮০ গ্ৰেন বা ৫ গ্ৰাম ত্ৰিফলা চূৰ্ণ এবাৰত খাব লাগিব। আকৌ ঋতু ভেদে অনুপান বেলেগ বেলেগ হ’ব। পুৰণি ৰতি গ্ৰেন জোখৰ পৰা গ্ৰামলৈ অনাৰ বাবে তলত পুৰণি নতুন জোখ-মাপৰ এখন তালিকা দিয়া হ’ল।
ঋতু |
মাহ/ইংৰাজী সময় |
অনুপান |
ত্ৰিফলাৰ অনুপাতে পৰিমাণ |
গ্ৰীষ্মকাল |
বহাগ-জেঠ/ ১৪ এপ্ৰিলৰ পৰা ১৩ জুন |
গুৰ |
চাৰিভাগৰ এভাগ |
বৰ্ষাকাল |
আহাৰ-শাওন ১৪ জুন-১৩ আগষ্ট |
সৈন্ধৱ লোণ |
আঠভাগৰ এভাগ |
শৰতকাল |
ভাদ-আহিন/ ১৪ আগষ্ট-১৩ অক্টোবৰ |
মিছিৰি |
ছয়ভাগৰ এভাগ |
হেমন্তকাল |
কাতি-আঘোন/ ১৪ অক্টোবৰ-১৩ ডিচেম্বৰ |
শুঁঠ চূৰ্ণ |
আঠভাগৰ এভাগ |
শীতকাল |
পুহ-মাঘ/ ১৪ ডিচেম্বৰ-১৩ ফেব্ৰুৱাৰী |
পিপলি চূৰ্ণ |
আঠভাগৰ এভাগ |
বসন্তকাল |
ফাগুন-চ’ত/ ১৪ ফেব্ৰুৱাৰী-১৩ এপ্ৰিল |
মৌ |
যিমানখিনিৰে খাব ভাল লগা হয়। |
১ গ্ৰেন = ১ টা গমধানৰ সমান = ৬০ মিলিগ্ৰাম = ১ টোপ = ১ মিনিম।
১ ৰতি = ২ গ্ৰেন বা ১২০ মিলিগ্ৰাম (৬ টা চাউলৰ সমান)।
১ মাছা = ৪ ৰতি = ১৫ গ্ৰেন = ১ গ্ৰাম।
১ আউণ্স = ৩০ গ্ৰাম বা ৩০ মিলিলিটাৰ = ৪ ড্ৰাম = আধা ছটাক।
১ সেৰ = ১৬ ছটাক = ৩২ আউণ্স = ৯৬০ গ্ৰাম।
১ টেবুল চামুচ = ৩ চাহ চামুচ।
১ কাপ = ১৬ টেবুল চামুচ = ২০০ মিলিলিটাৰ।
১ চাহ চামুচ = ৫ মিলিলিটাৰ বা ৫ গ্ৰাম।
১ গ্ৰাম = ১৫ গ্ৰেন বা ১৫ টোপ = ১ মিলিলিটাৰ।
১ গ্ৰাম = ১০০০ মিলিগ্ৰাম = ১৫ টোপ = ১৫ গ্ৰেন।
১ কিলোগ্ৰাম = ১০০০ গ্ৰাম = ২.২ পাউণ্ড = ১ সেৰ ১ ছটাক।
১ তোলা = ১২ গ্ৰাম = ১২ মাছা।
ত্ৰিফলা খোৱাৰ ফল
১ বছৰ সদায় নিয়মিতভাৱে খালে ...... অৱসন্নতা দূৰ।
২ ,, ,, ,, ,, ........ সৰ্বৰোগ বিনাশ।
৩ ,, ,, ,, ,, ....... চকুৰ জেউতি বৃদ্ধি।
৪ ,, ,, ,, ,, ........ শৰীৰৰ উজ্জ্বলতা, দীপ্তি বৃদ্ধি।
৫ ,, ,, ,, ,, ........ বুদ্ধিৰ বিকাশ লাভ।
৬ ,, ,, ,, ,, ........ অসীম বলবৃদ্ধি।
৭ ,, ,, ,, ,, ....... বগা চুলি ক’লা হয়।
৮ ,, ,, ,, ,, ....... বৃদ্ধ লোকৰো যৌৱন লাভ।
৯ ,, ,, ,, ,, ...... দিনতে আকাশৰ তৰা দেখা পোৱা ক্ষমতা লাভ।
১০ ,, ,, ,, ,, ....... কণ্ঠত সৰস্বতীৰ বাস।
১১ ,, ,, ,, ,, ........ বাকসিদ্ধি।
১২ ,, ,, ,, ,, ........ বাকসিদ্ধি (যি কয় সেয়ে হয়)।
অমৃত ভক্ষণৰ দৰে ক্ষমতা লাভ।
ত্ৰিফলাত ব্যৱহাৰ হোৱাৰ উপৰিও আমলখি অন্যান্য বিভিন্ন ৰোগতো ব্যৱহাৰ হয়। আমি অলপতে আলোচনা কৰি আহিছোঁ। কিন্তু কায়কল্প বা দীৰ্ঘায়ু লাভৰ কথাত আমলখিৰ সুকীয়া বৈশিষ্ট্য আছে। আমলখিৰ সকলো ৰোগৰ বিৰুদ্ধে সুৰক্ষা দিয়াৰ ক্ষমতা আছে। এটা আমলখিত ২০ টা কমলা টেঙাৰ সমান ভিটামিন ‘চি’ থাকে। আমি জানোঁ যে ভিটামিন চি-য়ে মানুহৰ ৰোগ প্ৰতিৰোধৰ কাম কৰে। গতিকে যিমান দিন কেঁচা আমলখি থাকে সিমান দিনে কেঁচা আমলখি এটাকৈ হ’লেও খাই থাকিব লাগে। বিভিন্ন ৰোগৰ আক্ৰমণক বাধা দি থাকিব। ভেষজ (ঔষধি) বিজ্ঞানৰ প্ৰাণপুৰুষ মহৰ্ষি চৰকে কৈছে যে জগতত যিমান ধৰণৰ ভেষজ বা ৰষায়ন ঔষধ আছে তাৰ ভিতৰত আমলখি সৰ্বোত্তম। কাৰণ ইয়াত সকলো ৰোগৰ আৰোগ্যকাৰী গুণ আছে যিটো অন্য কোনো ভেষজ দ্ৰব্যত নাই।
কেঁচা আমলখিৰ ৰস মৌৰ লগত গ্ৰীষ্মকালৰ সেই দুমাহ ৩ চামুচকৈ দিনে খালে প্ৰভূত উপকাৰ হয়। তাৰোপৰি কেঁচা আমলখিৰ ৰস খালে-
(১) বীৰ্যৰ তাৰল্যাদি বিকাৰ নিৰাময় হয়। প্ৰস্ৰাৱত ধাতু যোৱা বন্ধ হয়। বীৰ্যৰ পুষ্টি সাধনৰ বাবে ইয়াতকৈ আৰু ভাল ঔষধ নাই।
(২) প্ৰমেহ আদি মূত্ৰ সম্পৰ্কীয় ৰোগ নিবাৰণ হয়।
(৩) সোম ৰোগ অৰ্থাত্ মহিলাৰ প্ৰস্ৰাৱ ধৰি ৰখা ক্ষমতা মূত্ৰাশয়ত নোহোৱা হোৱাৰ ফলত শৰীৰ নিস্তেজ হৈ যায় আৰু অধিক পৰিমাণে (ঘনে ঘনে) প্ৰস্ৰাৱ কৰা লাগে। ইয়াকে সোম ৰোগ বোলে। আমলখিৰ ৰস খোৱাৰ ফলত প্ৰভূত উপকাৰ হয়, সোম ৰোগ দূৰ হয়।
(৪) শৰীৰৰ পৰিপাক যন্ত্ৰবোৰ সবল হয়, হজম শক্তি বাঢ়ে।
(৫) মাহেকীয়াৰ ৯০% ৰোগ ভাল হয়। ঋতু স্ৰাৱ ধীৰে ধীৰে স্বাভাৱিক হয়।
(৬) মূৰৰ বিষ, চকুৰ অসুখ ভাল হয়, আনকি ৮০-৯০ বছৰলৈও চকুৰ দৃষ্টি স্বাভাৱিক হৈ থাকে।
(৭) মৌৰ লগত চোবাই খালে কোষ্ঠকাঠিন্য দূৰ হয়।
(৮) হৃত্পিণ্ডৰ দুৰ্বলতা নাশ হয়।
(৯) মস্তিষ্কৰ দুৰ্বলতা আঁতৰে।
সেইবাবেই আমলখিক সৰ্বৰোগ নিৰোধক বুলি কোৱা হৈছে।
তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 3/10/2020
অন্য এক চিকিৎসা প্ৰণালী এৰ’মাথেৰাপী
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা
‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োক...
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা