অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

‘ছিটা সলনি কৰি পলিও নিৰ্মূল কৰিব পৰা হব’- বিজ্ঞানী

‘ছিটা সলনি কৰি পলিও নিৰ্মূল কৰিব পৰা হব’- বিজ্ঞানী

অলপতে অসমৰ কৰিমগঞ্জ জিলাত এটি শিশুৰ পলিও ৰোগ হোৱা বুলি নিশ্চিত হোৱাৰ পিছত, পলিও নিৰ্মূল অভিযানত জড়িত বিভিন্ন সংস্থা, চৰকাৰ তথা স্বাস্থ্য বিভাগ বাৰুকৈয়ে বিপাঙত পৰিছে। অসমত শিশু পলিও ৰোগত আক্ৰান্ত হোৱা এইটো দ্বিতীয় ঘটনা। ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশ, বিহাৰ আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত ভালে সংখ্যক শিশু পলিও ৰোগত আক্ৰান্ত হোৱাৰ ঘটনা প্ৰতি বছৰে ঘটি আহিছে। কেন্দ্ৰীয় চৰকাৰে পলিও নিৰ্মূল কৰণ আঁচনি খন ইমান ব্যাপক ভাৱে কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব দি সঘনাই পলিও ছিটা খুওৱাৰ দিহা কৰি আহিছে আৰু এই আঁচনিৰ অধীনলৈ নহাকৈ দেশৰ কোনো এটি শিশুও যাতে সাৰি নেযায়- তাৰ প্ৰতি বিশেষ দৃষ্টিও দি আহিছে। তথাপি প্ৰতি বছৰে দেশ খনৰ বিভিন্ন প্ৰান্তত ভালে সংখ্যক শিশু বনৰীয়া পলিও ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ঘটনা ঘটিয়েই আছে আৰু এয়া বিশ্ব স্বাস্থ্য সংস্থা তথা চৰকাৰৰ বাবে যথেষ্ট উদ্বেগৰ বিষয় হৈ পৰিছে। এনে ধৰণৰ সঘন পলিও ছিটা প্ৰদানৰ কাৰ্যসূচী চলাই থকা সত্বেও প্ৰতি বছৰে ইমান সংখ্যক শিশু এই ৰোগত আক্ৰান্ত হোৱাৰ ৰহস্য বিজ্ঞানী সকলেও উদ্ভাৱন কৰিব পৰা নাছিল।

অৱশেষত ভাৰতত পলিও ৰোগ হঠাৎ এনেদৰে বিয়পি পৰাৰ ৰহস্যটো উদ্‌ঘাটন কৰিবলৈ বিজ্ঞানী সকল সক্ষম হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ পলিও বিশেষজ্ঞ তথা লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ বিশেষজ্ঞৰে গঠিত বিজ্ঞানীৰ এটা দলে ভাৰতত ১৯৯৭ চনৰ পৰা ২০০৫ চনলৈ বিকলাংগ হোৱা বা পক্ষাঘাতত আক্ৰান্ত হোৱা মুঠ ৯৬,৪২১ টি শিশুৰ বিকলাংগতাৰ কাৰণ সমূহ বিস্তৃত ভাৱে অধ্যয়ন কৰে। তেওঁলোকে এই অধ্যয়নত লাভ কৰা ফলাফলৰ পৰা জানিব পাৰিলে যে- ভাৰতত পলিও ছিটা পি- ১, পি- ২ আৰু পি- ৩ নামৰ তিনি বিধ পলিও ভাইৰাচ প্ৰতিৰোধৰ বাবে দিয়া হয় যদিও এই ছিটাবোৰ ৰোধ প্ৰতিৰোধ কৰাত বিফল হয়। বিশেষকৈ উত্তৰ প্ৰদেশ আৰু বিহাৰত এবাৰত দিয়া এই ছিটাৰ সফলতাৰ হাৰ মাত্ৰ ৯ শতাংশহে। সেয়েহে এই দুখন ৰাজ্যত এই বছৰত সৰ্বাধিক শিশু পলিও ৰোগত আক্ৰান্ত হ’ল।

ইয়াৰ তুলনাত এইবিধ ছিটা অন্য ৰাজ্যত ২১ শতাংশ সফল হৈছে। বিজ্ঞানী সকলৰ মতে অধিক ঘন জনবসতি আৰু নিম্নমানৰ পৰিচ্ছন্নতাৰ কাৰণেই বিহাৰ আৰু উত্তৰ প্ৰদেশত এই ৰোগৰ হঠাৎ প্ৰাদুৰ্ভাৱ ঘটিল। যোৱা নৱেম্বৰ মাহ লৈকে এই বছৰটোত ভাৰতবৰ্ষত মুঠ ৫২২ টি শিশু পলিও ৰোগত আক্ৰান্ত হোৱাটো নিশ্চিত হ’ল। ইয়াৰে ৪৩৮ টি শিশু উত্তৰ প্ৰদেশত আৰু ৪০ টি শিশু বিহাৰৰ। ইয়াৰ তুলনাত যোৱা ২০০৫ চনত এই সংখ্যা আছিল বহুগুণে কম, মাত্ৰ ৬৬ টা।

ভাৰতবৰ্ষৰ পৰা পলিও নিৰ্মূল কৰাত ব্যৰ্থ হোৱাৰ বাবে এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰচেষ্টা ইয়াত কেন্দ্ৰীভূত কৰা হৈছে। সমগ্ৰ বিশ্বৰ পৰা এই ৰোগটো নিৰ্মূল কৰাৰ বাবে বিভিন্ন সংস্থা, সংগঠন বা চৰকাৰে আন্তৰিক প্ৰচেষ্টা অব্যাহত ৰাখিছে। আজি বিশ্বৰ ভিতৰত ভাৰতবৰ্ষৰ পিছত পলিও সংক্ৰমণ অব্যাহত থকা ৰাষ্ট্ৰ কেই খন হ’ল- নাইজেৰিয়া, পাকিস্তান আৰু আফগানিস্তান।

বিজ্ঞানী সকলৰ মতে এতিয়া সেৱন কৰোৱাই থকা ট্ৰিভেলেণ্ট পলিও ভেকচিনৰ (টি, পি, ভি) সলনি কেৱল পি-১ ভাইৰাচৰ প্ৰতিৰোধী ছিটা ‘ম’ন’ভেলেণ্ট অৰেল পলিও ভেকচিন, (MPV) বেছি মাত্ৰাত প্ৰয়োগ কৰাটোৱেই হব এই ৰোগ নিৰ্মূল কৰাৰ একমাত্ৰ উপায়।

ভাৰতত ছিটা প্ৰদানৰ ব্যাপক আৰু নিশ্চিদ্ৰ ব্যৱস্থা গ্ৰহণ কৰা সত্বেও এই ৰোগৰ ভাইৰাচ আজিও কিয় সক্ৰিয় হৈ আছে- এই বিষয়ে বিজ্ঞানী সকলে কিছু ব্যাখ্যা আগবঢ়াইছে। পি- ১, পি- ২ আৰু পি- ৩ নামৰ পলিওৰ  তিনি বিধ ভাইৰাচ প্ৰতিৰোধৰ বাবে ট্ৰিভেলেণ্ট ছেটা (টি, পি, ভি) ভাৰতৰ শিশু সকলক দিয়া হৈছে। ১৯৯৯ চনত পি- ২ শ্ৰেণীৰ ভাইৰাচ বিধ সম্পূৰ্ণ ৰুপে নিৰ্মূল হৈছে। পি- ৩ শ্ৰেণীৰ ভাইৰাচ বিধ আজিও সক্ৰিয় হৈ আছে উত্তৰ প্ৰদেশৰ মোৰাদাবাদ, ৰামপুৰ আৰু বদায়ুন জিলাত। এই বছৰ পি- ৩ ভাইৰাচত আক্ৰান্ত হৈছে মাত্ৰ তিনিটি শিশু। গতিকে এতিয়া প্ৰধান সমস্যা হৈছে পি-১ শ্ৰেণীৰ ভাইৰাচ বিধ। এইবিধ ভাইৰাচৰ দ্বাৰাই আক্ৰান্ত হৈছে এই বছৰত আক্ৰান্ত হোৱা মুঠ শিশুৰ ৯০ শতাংশ। সেয়ে নিজ্ঞানী সকলৰ মতে কেৱল পি- ১ ৰ বিৰুদ্ধে ম’ন’ভেলেণ্ট ছিটাহে (এম পি ভি) সবাতোকৈ বেছি ফলপ্ৰসূ হ’ব। এই মন্তব্য কৰিছে ভাৰতৰ ৰাষ্ট্ৰীয় পলিও চাৰ্ভিলেন্স প্ৰজেক্টৰ (National Polio Surveillance Project) সঞ্চালক জন ৱেংগাৰৰ মতে টি পি ভিয়ে ৬৭ শতাংশ পি-৩ ভাইৰাচ প্ৰতিৰোধ কৰিব পাৰে আৰু ৬৪ শতাংশ প্ৰতিৰোধ কৰিব পাৰে পি-১ শ্ৰেণীৰ ভাইৰাচ। আনহাতে কেৱল এম পি ভিয়ে অকলেই ৮০ শতাংশ পি-১ শ্ৰেণীৰ ভাইৰাচ প্ৰতিৰোধ কৰে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এজন বিষয়াই প্ৰকাশ কৰিছে যে- উত্তৰ প্ৰদেশ আৰু বিহাৰত যোৱা ২০০৫ চনৰ এপ্ৰিল মাহৰ পৰাই পি-১ ভাইৰাচ প্ৰতিৰোধৰ বাবে এম পি ভি ছিটা প্ৰয়োগ কৰা হৈ আহিছে। ২০০৫ চনত মুঠ ৪ বাৰ ৰাষ্ট্ৰীয় ছিটা প্ৰদান কাৰ্যসূচী এম পি ভি ছিটাৰে ৰুপায়ন কৰা হয়। ২০০৬ চনত যোৱা নমৱেম্বৰ মাহ লৈকে (পি- ১ ভাইৰাচৰ বিৰুদ্ধে) এই কাৰ্যসূচী মুঠ ৮ বাৰ কাৰ্শকৰী কৰা হৈছে।

পিছৰ পৰ্যায়ৰ ‘ৰাষ্ট্ৰীয় ছিটাকৰণ কাৰ্যসূচী’ আৰম্ভ কৰা হব অহা জানুৱাৰী মাহৰ ৭ তাৰিখৰ পৰা। ১৭০ নিযুতৰো অধিক সংকগ্যক শিশুক এই ছিটা খুওৱা হব। অধিকাংশ ৰাজ্যতে ট্ৰিভেলেণ্ট (টি পি ভি) ছিটা দিয়া হব যদিও উত্তৰ প্ৰদেশ আৰু বিহাৰএ দিয়া হব পি-১ ভাইৰাচৰ বিৰুদ্ধে এম পি ভি শ্ৰেণীৰ ছেটা।

ভাৰতত এই ছিটা বিলাকে কিয় আশানুৰুপ ভাৱে কাম কৰা নাই বা কিয় ৰোগ প্ৰতিৰোধত ব্যৰ্থ হৈছে- এই বিষয়ে সঠিক ভাৱে জানিবলৈ, লণ্ডনৰ ইম্পিৰিয়েল কলেজৰ, সংক্ৰামক ৰোগ বিস্তাৰ বিষয়ৰ বিশেষজ্ঞ নিকোলাছ গ্ৰাছনিৰ নেতৃত্বত অহা বিজ্ঞানী দলটোৱে বিষয়টো বিস্তৃত ভাৱে অধ্যয়ন কৰিছে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate