অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা

অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা

  • কল খাই অজীৰ্ণ হ’লে সৈন্ধৱ লৱণ খালে উপকাৰ হয়।
  • কঁঠাল খাই অজীৰ্ণ হ’লে কল খালে বা কঁঠালৰ গুটি এটা কেঁচাই চোবাই খালে ভাল হয়।
  • বগৰী খাই অজীৰ্ণ হ’লে গৰম পানী খালে আৰাম পাব।
  • বেছি জলা খাই অজীৰ্ণ হ’লে সৰিয়হৰ তেল(মিঠাতেল)খাই দিব উপকাৰ পাব।
  • তেল বেছিকৈ খাই অজীৰ্ণ হ’লে ছাঁছিপাণ খাব।
  • নাৰিকল খাই অজীৰ্ণ হ’লে চাউল কেইটামান চোবাই খাই দিব।
  • মাছ খাই অজীৰ্ণ হ’লে জনি(আজোৱাইন)খালে উপকাৰ হয়।
  • মাংস আৰু তেল-চৰ্বি থকা বস্তু খাই অজীৰ্ণ হ’লে কাজিনেমুৰ ৰস(এটাৰ সম্পূৰ্ণ ৰস)খাব।
  • মিঠাই খাই অজীৰ্ণ হ’লে কেইটামান লং চোবাই খাই পানী খাই দিব।
  • পিঠা আৰু ঘিউত বনোৱা বস্তু খাই অজীৰ্ণ হ’লে গৰমপানীত নেমুৰ ৰস মিহলাই খাব।
  • গাখীৰ খাই অজীৰ্ণ হ’লে কেঁচা নহৰু চোবাই খাব।
  • কমলা টেঙা খাই অজীৰ্ণ হ’লে গুড় খাওক।
  • খিচিৰি খাই অজীৰ্ণ হ’লে সৈন্ধৱ লৱণ খাব লাগে।
  • যিকোনো শাক খাই অজীৰ্ণ হ’লে সৰিয়হৰ গুড়ি খোৱা ভাল।
  • যিকোনো কাৰণতে অজীৰ্ণ হৈ পেটৰ অসুখ হ’লে বজাৰৰ ঔষধ নাখাই সৰু চামুচৰ(চাহ চামুচ)১ চামুচ জনি শুকানে কেৰাহীত প্ৰায় ক’লা বৰণ ধৰাকৈ ভাজি লওক। তাৰ পিছত ১ গিলাচমান পানী লৈ ভজা জনিখিনি এটা পাত্ৰত উতলিবলৈ দিয়ক। উতলিপানীখিনিত ৰং ধৰিলে নমাই চেকি ঠাণ্ডা কৰি কুহুমীয়া হৈ থাকোতে খাই দিব। তৎক্ষণাৎ আৰাম পাব।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 6/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate