অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অমেগা-৩ ফেটি এচিড কি ক'ত কিয় বিখ্যাত জানোঁ আহক

অমেগা-৩ ফেটি এচিড কি ক'ত কিয় বিখ্যাত জানোঁ আহক

মানুহে খাদ্যৰ যোগেদি দুবিধ লাগতিয়াল ফেটি এচিড আহৰণ কৰে৷ সেয়া হ'ল অমেগা-৩ ফেটি এচিড আৰু অমেগা-৬ ফেটি এচিড৷ এইবিলাক হ'ল পলিআনচেচুৰেটেড ফেটি এচিড৷ অমেগা-৩ ফেটি এচিড ঘাইকৈ ৩প্ৰকাৰৰ৷ বনস্পতিৰ পৰা আহে alpha-linolenic acid (ALA),  সাগৰীয় মাছ জাতীয় উৎসৰ পৰা আহে docosahexaenoic acid(DHA) আৰু eicosapentaenoic acid (EPA)৷ মানুহৰ শৰীৰৰ ক্ৰিয়া-প্ৰক্ৰিয়া যাক মেটাবলিজম বোলে - সুচাৰুৰূপে চলিবলৈ অমেগা-৩ ফেটি এচিডৰ প্ৰয়োজন৷ ই মানৱ শৰীৰৰ ভিতৰত নিৰ্মাণ নহয় আৰু ইয়াক সদায় বাহিৰৰ খাদ্যৰ যোগেদি আহৰণ কৰিব লাগে৷ এজন সুস্থ মানুহক দৈনিক ৫০০মিলিগ্ৰামৰ পৰা ১গ্ৰাম অমেগা-৩ ফেটি এচিডৰ প্ৰয়োজন হয়৷ অমেগা-৬ ফেটি এচিড  পোৱা যায় পাম তেল, ৰেপচিড তেল, চয়াবীন তেল আৰু সূৰ্যমুখী তেলত৷ জন্তুৰ চৰ্বিত থকা অমেগা-৯ ফেটি এচিড মানৱদেহৰ বাবে লাগতিয়াল নহয়৷মানুহৰ দেহৰ ভিতৰত ALA কোনো কোনো সময়ত DHA আৰু  EPA ফেটি এচিডলৈ সলনি হয়৷

১৯৩০চনত পোন প্ৰথমবাৰৰ বাবে মানুহে অমেগা-৩ ফেটি এচিডৰ উপকাৰিতাৰ বিষয়ে জানিব পাৰে আৰু ১৯৮০চনৰ পৰা ইয়াৰ বিষয়ে বহুল প্ৰচাৰ চলিব ধৰে৷সেইবুলি অমেগা ৩ যধে মধে ব্যৱহাৰ কৰাও ঠিক নহয়৷ অতিমাত্ৰা প্ৰয়োগৰ ফলত হব পৰা পাৰ্শ্বক্ৰিয়া সমূহ হ'ল - বদহজমি, পেটৰ গেছ, মূখেদি মাছৰ গোন্ধ ওলোৱা, ৰক্তক্ষৰণ আদি৷

বিভিন্ন চিকিৎসা বিজ্ঞানীয়ে সময়ে সময়ে  জনোৱা অমেগা-৩ ফেটি এচিডৰ উপকাৰিতা বিষয়ে চমুকৈ তলত উল্লেখ কৰিলোঁ:

বিভিন্ন হৃদৰোগ- উচ্চ ৰক্তচাপ, এৰিথমিয়া, কৰোনেৰি বাইপাচৰ পিছৰ এট্ৰিয়েল ফিব্ৰিলেচন ৰোধ কৰা, ডিচলিপিডেমিয়া, চাডেন কাৰ্ডিয়াক ডেথ,কৰোনেৰি আৰ্টেৰি ডিজিজ আদিত উপকাৰী৷ ঘাইকৈ ট্ৰাইগ্লিচেৰাইড নামৰ অপকাৰী চৰ্বি কমোৱাত আজিকালি ইয়াৰ বহুল প্ৰয়োগ হয়৷

  • বাইপোলাৰ ডিচঅৰ্ডাৰ (manic-depressive illness), চিজোফ্ৰেনিয়া, ডিপ্ৰেচন,অ'টিজম, ডিমেনচিয়া, এলহিমাৰচ্ ডিজিজ, আন যি কোনো গুৰুতৰ মানসিক  ৰোগত উপকাৰী৷ শিশু আৰু কিশোৰৰ মানসিক বিকাশ আৰু মনোযোগ বৃদ্ধিত সহায়ক৷
  • ডায়েবেটিজ ৰোগৰ জটিলতা বৃদ্ধি ৰোধ কৰাত সহায়ক৷ইনচুলিনৰ সক্ৰিয়তা বৃদ্ধি কৰে৷
  • পেৰিফেৰিয়েল ভেচকুলাৰ ডিজিজ ৰোধ কৰাত সহায়ক৷
  • এন্টিইনফ্লেমেটৰি গুণৰ বাবে বিভিন্ন বাত ৰোগত উপকাৰী৷
  • হাঁপানি আৰু নিউমোনিয়া ৰোগ গুৰুতৰ হবলৈ নিদিয়াকৈ ৰাখে৷
  • বিভিন্ন কেঞ্চাৰ যেনে বক্ষ,ক'লোন আৰু প্ৰষ্টেটৰ কেঞ্চাৰ প্ৰতিৰোধত সহায়ক৷
  • হাঁড়ৰ অষ্টিঅ'প'ৰোচিচ প্ৰতিৰোধ কৰে৷
  • চকুৰ মেকুলাৰ ডিজেনেৰেচন আৰু গ্লুকোমা প্ৰতিৰোধ কৰে৷
  • শৰীৰৰ ইমিউনিটি বঢ়োৱাৰ ফলত এলাৰ্জিক ৰাইনাইটিচ, চিষ্টেমিক লুপাচ আদিত উপকাৰী৷
  • ডিচমেনৰিয়া,পষ্ট-পাৰ্টাম-ডিপ্ৰেচনত উপযোগী৷
  • আলচাৰেটিভ কলাইটিচ, ক্ৰচ ডিজিজ আৰু ইৰিটেবল বাৱেল চিনড্ৰমত উপকাৰী৷
  • অৰ্গেন ট্ৰান্সপ্লান্ট কৰা ৰোগীক অমেগা-৩ সেৱন কৰিব দিলে চাইক্লস্পৰিন বা আন ইমিউনো-চাপ্ৰেচেন্ট দৰবৰ পাৰ্শ্বক্ৰিয়া কমকৈ হোৱা পৰিলক্ষিত হয়৷

কেইবিধমান অতি লাগতিয়াল খাদ্যৰ সৈতে পৰিচিত হওক: -

প্ৰথম চিত্ৰত দেখুৱা হৈছে - আভাকাডো, ৰঙালাউৰ গুটি, সূৰ্যমুখীৰ গুটি, কলা আৰু বগা তিল, আখৰোট, এলমণ্ড,  কাজু, পালেং, ব্ৰুকলি, নানা জাতিৰ বীন আৰু অলিভ অইল৷

দ্বিতীয় চিত্ৰত দেখুৱা হৈছে - সাগৰীয় চালমন, টুনা আৰু চাৰডিন মাছ,কণী (দৈনিক এটা কণীয়েই স্বাস্থ্যৰক্ষাৰ বাবে যথেষ্ট) আৰু ফ্লেক্সচিড (যাক হিন্দীত অলসী বোলে৷ ব'টানিকেল নাম হ'ল - (Linum Usitatissimum)

ডা০ ভূপেন শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate