অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমত কৰ্কট ৰোগৰ অধিক সুচিকিৎসা ব্যৱস্থাৰ প্ৰয়োজন

অসমত কৰ্কট ৰোগৰ অধিক সুচিকিৎসা ব্যৱস্থাৰ প্ৰয়োজন

 

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ নামৰ সংস্থাটোৱে শেহতীয়াভাৱে প্ৰকাশ কৰা নেচনেল কেন্সাৰ ৰেজিষ্ট্ৰীৰ তথ্য অনুসৰি চলিত কেইবছৰমান অসমত কৰ্কট ৰোগীৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে। এই তথ্য অনুসৰি, অসমত ২০১১ বৰ্ষত ২৪,৮৪৬ গৰাকী, ১০১২ বৰ্ষত ২৫,১১৯ গৰাকী, ২০১৩ বৰ্ষত ৩০,৭৭৫ গৰাকী, ২০১৪ বৰ্ষত ৩১,১২৪ গৰাকী আৰু ২০১৫ বৰ্ষত ৩১,৪৭৪ গৰাকী কৰ্কট ৰোগী থকাৰ বিপৰীতে ২০১১ বৰ্ষত ১০,৯৩২ গৰাকী, ২০১২ বৰ্ষত ১১,ও৫২ গৰাকী, ২০১৩ বৰ্ষত ১৫,৬৭৭ গৰাকী, ২০১৪ বৰ্ষত ১৫,৮৫৩ গৰাকী আৰু ২০১৫ বৰ্ষত ১৬,০২৯ গৰাকী কৰ্কট ৰোগীৰ মৃত্যু হৈছিল। অসমৰ কামৰূপ মহানগৰ জিলাত পুৰুষ কৰ্কট ৰোগীৰ সংখ্যা(২০৬/১০০০০০) দেশৰ ভিতৰতে চতুৰ্থ হোৱাৰ বিপৰীতে মহিলা কৰ্কট ৰোগীৰ সংখ্যাত(১৬৫/১০০০০০) তৃতীয়। এই জিলাখনতে হাইপ’ফেৰিংছ, মুখ আৰু জিভাৰ মহিলা কৰ্কট ৰোগীৰ সংখ্যা দেশৰ ভিতৰত ক্ৰমান্বয়ে প্ৰথম, তৃতীয় আৰু চতুৰ্থ হোৱাৰ বিপৰীতে হাইপ’ফেৰিংছৰ পুৰুষ কৰ্কট ৰোগীৰ সংখ্যাত দ্বিতীয়। অসমত খাদ্যনলীৰ মহিলা কৰ্কট ৰোগীৰ সংখ্যা দেশৰ ভিতৰতে প্ৰথম। তদুপৰি অসমত শিশুসকলৰ মাজত হোৱা কৰ্কট ৰোগীও যথেষ্ট।

ৰাজ্যখনত থকা কৰ্কট ৰোগী অনুপাতে এই ৰোগৰ চিকিৎসাৰ সু-ব্যৱস্থা থকা চৰকাৰী কৰ্কট চিকিৎসালয় অসমত অতি তাকৰ। গুৱাহাটীত অৱস্থিত ডা: বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানখনেই অসমত কৰ্কট ৰোগৰ চিকিৎসাৰ একমাত্ৰ পূৰ্ণ পৰ্যায়ৰ চিকিৎসা প্ৰতিষ্ঠান। তদুপৰি শিশু কৰ্কট ৰোগীৰ বাবে বিশেষ কৰ্কট চিকিৎসালয় অসমত নাই। দূৰণিবটীয়া অঞ্চলত কৰ্কট ৰোগীৰ বাবে Satellite cancer care centre নাই। অৱশ্যে শিলচৰৰ ১০০ বিছনাযুক্ত কাছাৰ কেন্সাৰ হাস্পতাল আৰু ৰিছাৰ্চ চেন্টাৰে বৰাক উপত্যকাৰ বহুতো দুখীয়া কৰ্কট ৰোগীক বিনামূলীয়া আৰু কম খৰচতে চিকিৎসা দি আছে। দুই-এখন ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানে অসমত কৰ্কট ৰোগৰ চিকিৎসা দি থাকিলেও এই চিকিৎসালয়সমূহত সকলো ধৰণৰ অত্যাধুনিক কৰ্কট চিকিৎসাৰ আহিলা আৰু আভ্যন্তৰীণ গাঁথনিৰ অভাৱ। উচ্চ খৰচী বাবে ৰাজ্যৰ দুখীয়া কৰ্কট ৰোগীসকলে এই প্ৰতিষ্ঠানসমূহত চিকিৎসা গ্ৰহণ কৰিব নোৱাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, অসমত ৩.১২ কোটি জনসাধাৰণৰ বিপৰীতে অতি কমেও টেলিথেৰাপী মেচিনৰ প্ৰয়োজন যদিও অসমত বৰ্তমান মাত্ৰ নটা টেলিথেৰাপী মেচিন আছে। অসমত বৰ্তমান মাত্ৰ দুটা LINAC মেচিন, দুটা ক’বাল্টথেৰাপী মেচিন আৰু মাত্ৰ এটা SPECT মেচিন আছে। ফলত ৰাজ্যখনৰ কৰ্কট ৰোগীসকলে ৰেডিঅ’থেৰাপীৰ বাবে কেইবামাহো অপেক্ষা কৰিবলগীয়া হয়। ৰেডিঅ’থেৰাপীৰ অভাৱত অসমত বহুতো কৰ্কট ৰোগীয়ে প্ৰাণ হেৰুৱাবলগীয়া হয়। অৱশ্যে অসম চৰকাৰে অলপতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় প্ৰাংগনত নিৰ্মাণ কৰা ২০০ বিছনাযুক্ত কেন্সাৰ হাস্পতালখনত এটা Cyclotron  আৰু এটা PET-CT মেচিন প্ৰতিষ্ঠা কৰিছে। তদুপৰি অসমত কৰ্কট ৰোগৰ বিশেষজ্ঞ চিকিৎসক আৰু প্ৰশিক্ষণযুক্ত চিকিৎসা কৰ্মীৰো বাৰুকৈয়ে অভাৱ।

অসমৰ কৰ্কট ৰোগীসকলৰ বাবে এইটোৱে সুখবৰ যে অলপতে ডা: বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানখন মুম্বাইৰ টাটা মেম’ৰিয়েল চেন্টাৰ ফৰ কেন্সাৰ প্ৰতিষ্ঠানখনৰ তত্ত্বাৱধানত চলাৰ বাবে চুক্তিবদ্ধ হৈছে। এই চুক্তি অনুসৰি এতিয়াৰেপৰা ডা: বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত টাটা মেম’ৰিয়েল চেন্টাৰ ফৰ কেন্সাৰ প্ৰতিষ্ঠানখনত চলাৰ দৰে কৰ্কট ৰোগৰ চিকিৎসা আৰু শৈক্ষিক ব্যৱস্থা বলৱৎ হ’ব। তদুপৰি নতুন ব্যৱস্থা অনুসৰি ডা: বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানখনে এতিয়াৰেপৰা ভাৰত চৰকাৰৰ অধীনত পাৰমাণৱিক শক্তি বিভাগৰপৰা আৰ্থিক সাহায্য পাব। ফলত ডা: বি বৰুৱা কৰ্কট প্ৰতিষ্ঠাখনত এতিয়াৰেপৰা অসমৰ কৰ্কট ৰোগী সকালৰ সু-চিকিৎসাৰ বাবে অত্যাধুনিক যন্ত্ৰ-পাতিৰ লগতে পৰ্যাপ্ত পৰিমাণে কৰ্কট ৰোগ বিশেষজ্ঞ আৰু প্ৰশিক্ষণযুক্ত চিকিৎসা কৰ্মী থাকিব। আশা কৰিব পাৰি, এতিয়াৰেপৰাই অসমৰ কৰ্কট ৰোগীয়ে সু-চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নগৈ ইয়াত সকলো ধৰণৰ কৰ্কট ৰোগৰ সু-চিকিৎসাৰ ব্যৱস্থা পাব।

তদুপৰি অসমত কৰ্কট চিকিৎসা যথেষ্ট ব্যয়বহুল। প্ৰায়ভাগ নিম্ন আৰু মধ্যবৰ্গীয় কৰ্কট ৰোগীয়ে ব্যয়বহুল কেম’থেৰাপী আৰু ৰেডিঅ’থেৰাপীৰ অভাৱত মৃত্যুমুখত পৰে। দুই-এজনে দুটামান কেম’থেৰাপী লৈ ধনৰ অভাৱত আগলৈ কেম’থেৰাপী বন্ধ কৰি দিয়ে বাবে মৃত্যুমুখত পৰে। তেওঁলোকৰ মৃত্যুৱে গোটেই পৰিয়ালটোতে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰে। অসমত দৰিদ্ৰ সীমাৰেখাৰ তলৰ কৰ্কট ৰোগীসকলে চিকিৎসাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে চলোৱা আঁচনিসমূহৰ পৰা অলপ আৰ্থিক সাহায্য পায় যদিও মধ্যবৰ্গীয় কৰ্কট ৰোগীসকলে একোৱে নাপায়। দৰিদ্ৰ সীমাৰেখাৰ তলৰ কৰ্কট ৰোগীসকলে পোৱা সাহায্যও যথেষ্ট নহয়। অৱশ্যে আজিকালি Amrit ফাৰ্মাচীৰ অধীনত সকলো কৰ্কট ৰোগীয়ে বজাৰ মূল্যতকৈ যথেষ্ট কম মূল্যতে কৰ্কট ৰোগৰ দৰৱ ক্ৰয় কৰিব পাৰে।

অসমৰ ধনী কৰ্কট ৰোগীবোৰে সু-চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যায়। দুখীয়া কৰ্কট ৰোগীসকলে হয় মাটি-সম্পত্তি বিক্ৰী কৰি সু-চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যায় অথবা চিকিৎসাৰ অভাৱত মৃত্যুমুখত পৰে। আমাৰ মতে, ৰাজ্য চৰকাৰে ধনী-দুখীয়া নিৰ্বিশেষে সকলো কৰ্কট ৰোগীৰে বিনামূলীয়া সু-চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। ধনৰ অভাৱত কোনো কৰ্কট ৰোগীয়ে সু-চিকিৎসাৰপৰা বঞ্চিত হৈ মৃত্যুমুখত পৰিব নালাগে। অসমত অধিক কৰ্কট ৰোগৰ চিকিৎসালয় লাগে। ঘোষণা কৰা মতে, অতি শীঘ্ৰে চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়সমূহত কৰ্কট ৰোগীৰ সু-চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে শিশু কৰ্কট ৰোগীৰ বাবে বিশেষ কৰ্কট চিকিৎসালয় বনাব লাগে। অসমৰ দূৰণিবটীয়া অঞ্চলত কৰ্কট ৰোগীৰ বাবে Satellite cancer care centre স্থাপন কৰিব লাগে। অসমৰ কৰ্কট বিশেষজ্ঞসকল গাঁৱলৈ গৈ কৰ্কট ৰোগী চিনাক্ত কৰি প্ৰাৰম্ভিক চিকিৎসাখিনি দিব লাগে। যিসকল কৰ্কট ৰোগীয়ে তেওঁলোকৰ অধীনত চিকিৎসা কৰি আছে তেওঁলোকক ফোনেৰেও যোগাযোগ কৰি উপদেশ দি থাকিব লাগে। অন্তিম পৰ্যায়ৰ কৰ্কট ৰোগীসকলক Home care Service দিয়াৰ উপৰি তেওঁলোকৰ পৰিয়ালৰ লোকসকলক ৰোগীজনৰ পৰিচৰ্যা কৰাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। কৰ্কট ৰোগৰ চিকিৎসালয়সমূহৰ ছুপাৰভাইজাৰসকলে তেওঁলোকৰ চিকিৎসালয়ত পঞ্জীয়নভুক্ত যিসকল কৰ্কট ৰোগীয়ে চিকিৎসাৰ বাবে আহিবলৈ বাদ দিয়ে তেওঁলোকক ফোনেৰে যোগাযোগ কৰি তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালক চিকিৎসা সম্পূৰ্ণ কৰাৰ বাবে উদ্বুদ্ধ কৰিব লাগিব।

লেখক:ডা:ধৰ্মকান্ত কুম্ভকাৰ(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/16/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate