অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসহনশীল খাদ্য :

অসহনশীল খাদ্য :

 

আমি বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰোঁ। এই খাদ্যবোৰৰ বেছিভাগেই আমাৰ শৰীৰৰ বাবে উপকাৰী আৰু ইবিলাকে আমাৰ পৰিপুষ্টিত সহায় কৰে। কিন্তু বিশেষ খাদ্যদ্ৰব্য শৰীৰৰ বাবে অপকাৰীও হ’ব পাৰে। দেখা যায় যে কিছুমান নিৰ্দিষ্ট খাদ্যদ্ৰব্যই এজন মানুহৰ দেহত আন এজন মানুহতকৈ পৃথক ধৰণে ক্ৰিয়া কৰে। একেবিধ খাদ্যদ্ৰব্য আমাৰ শৰীৰে সহ্য কৰিব নোৱাৰে, তেনে খাদ্যক অসহনশীল খাদ্য বুলি ক’ব পাৰি।

বিষয়টোৰ আলোচনালৈ যোৱাৰ আগতে এই সম্বন্ধে অলপ ব্যক্তিগত অভিজ্ঞতাৰ কথা ক’ব খুজিছোঁ। প্ৰায় তিনি বছৰমান আগতে মই সঘনাই পেটৰ অসুখত ভুগিছিলোঁ। প্ৰধানকৈ গেছ, কোষ্ঠকাঠিন্য নাইবা লঘু ডায়েৰীয়া, মাজে-সময়ে পেটটো ফুলি থকা যেন অনুভৱ হৈছিল।

চিকিৎসকৰ পৰামৰ্শতে দৰব খাইছিলো যদিও অসুখ ভাল হোৱা নাছিল। বিভিন্ন পৰীক্ষাৰ লগতে আল্ট্ৰাছাউণ্ড, এণ্ডোস্কপি আদিও কৰা হৈচজিল যদিও একো বিশেষ অস্বাভাৱিকতা ধৰা পৰা নাছিল। অৱশেষত হায়দৰাবাদৰ ‘এছিয়ান ইনষ্টিটিউট অৱ গেষ্ট্ৰোএন্ট্ৰ’লজী’লৈ গৈ দেখুৱালোঁ। তাতো বিভিন্ন পৰীক্ষা কৰা হ’ল। এটা বিশেষ পৰীক্ষাত গম পোৱা গ’ল যে মোৰ অসুখৰ উৎস হ’ল অন্ত্ৰত(Intestine) অতি বেছি বেক্টেৰিয়াৰ সংক্ৰমণ। তেতিয়া তাৰ চিকিৎসকে মোক গাখীৰ বা গাখীৰৰ দ্বাৰা তৈয়াৰী সামগ্ৰী যেনে- মিঠাই, ক্ৰীম, ছিজ আদি খোৱা বন্ধ কৰিবলৈ ক’লে।

ইয়াৰ কাৰণ হ’ল গাখীৰ মোৰ শৰীৰৰ বাবে সহনশীল নহয়। অৱশ্যে চিকিৎসকে মোক দৈ খাবলৈ পৰামৰ্শ দিলে। লগতে মোক দুবিধ দৰবো দিলে। ঘৰলৈ উভতি অহাৰ দুসপ্তাহমানৰ ভিতৰতে মোৰ অসুখ প্ৰায় ভাল হ’ল। আচল কথাটো হ’ল মোৰ অসুখৰ আগৰ সময়ছোৱাত মই প্ৰায়ে গাখীৰৰ দ্বাৰা প্ৰস্তুত কৰা মিঠাই খাইছিলো। গাখীৰত লেক্টোজ(Loctose) নামৰ এবিধ দ্ৰব্য থাকে। ই এবিধ শৰ্কৰা। সাধাৰণতে লেক্টোজৰ পাচনৰ বাবে মানুহৰ শৰীৰত লেক্টোজ নামৰ এবিধ এনজাইম ক্ষৰণ হয়। কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰত পৰ্যাপ্ত পৰিমাণৰ লেক্টেজ ক্ষুদ্ৰান্তত ক্ষৰণ নহয়। ফলত লেক্টেজৰ পাচন অসম্পূৰ্ণ হৈ ৰয়। আৰু তেনে অৱস্থাতে এইবোৰ বৃহদান্তত প্ৰৱেশ কৰে।

বৃহদান্তত থকা বেক্টেৰিয়াই এইবোৰৰ ওপৰত ক্ৰিয়া কৰি এইবোৰ ভক্ষণ কৰে, সিহঁতৰ বংশবৃদ্ধি হয়। ফলত এইবোৰে বিপৰ্যয় সৃষ্টি কৰে। মোৰ ক্ষেত্ৰতো সেইটোৱেই হৈছিল। কিন্তু গাখীৰ খোৱা(লগতে গাখীৰৰ দ্বাৰা তৈয়াৰী সামগ্ৰী) বন্ধ কৰাৰ লগতে ঔষধ সেৱন কৰাৰ ফলত বেক্টেৰীয়াৰ সংক্ৰমণ কমি গ’ল আৰু মোৰ অসুখ ভাল হ’ল। পিছে সকলোৰে দেহত গাখীৰে এনে বিপৰ্যয় নঘটায়। বেছিভাগ মানুহৰ দেহত গাখীৰে কোনো অসুবিধাৰ সৃষ্টি নকৰে। চিকিৎসকে মোক দৈ খাবলৈ কৈছিল। কাৰণ দৈ সহজে হজম হয়। উল্লেখ্য যে বৰ্তমান বজাৰত ‘Lactose free’ গাখীৰ পোৱা যায়।

দেখা গৈছে যে প্ৰধানকৈ শৰ্কৰা জাতীয় কেতবোৰ খাদ্যদ্ৰব্য কিছুমান মানুহৰ বাবে সহনশীল নহয়। লেক্টোজৰ কথা ইতিমধ্যে কোৱা হৈছে। কিছুমান মানুহৰ ক্ষেত্ৰত আতা বা ময়দাৰে তৈয়াৰী খাদ্যসামগ্ৰী(যেনে- ৰুটী, পাউৰুটী, পেষ্টা, কেক আদিয়ে) বিপৰ্যয়ৰ সৃষ্টি কৰে। এই বিপৰ্যয়ৰ কাৰণ হ’ল ঘেঁহু,(আটা, ময়দা আদি) যৱ ধান বা বাৰ্লি আদিত থকা গ্লুটেন নামৰ এবিধ প্ৰ’টিন। এইবিধ দ্ৰব্যই কিছুমান মানুহৰ ক্ষেত্ৰত ক্ষুদ্ৰান্তৰ ক্ষতি কৰে, ফলস্বৰূপে ক্ষুদ্ৰান্তত পুষ্টিদ্ৰব্য শোষণ কৰিব নোৱাৰা অৱস্থা হয়। ইয়াৰ ফলত মানুহজনৰ দেহত খাদ্যৰ পৰিপুষ্টিত বাধাগ্ৰস্ত হয়। ফলস্বৰূপে ব্যক্তিজনে গেছ, ডায়েৰীয়া, কোষ্ঠকাঠিন্য, পেটৰ বিষ, এনিমিয়া, অৱসাদ, ছালৰ সমস্যা, হাড়ৰ জোৰাৰ বিষ আদিত ভোগে। গতিকে লেক্টোজৰ দৰেই কিছুমান মানুহৰ ক্ষেত্ৰত গ্লু’টেন অসহনীয় খাদ্য।

কিছুমান মানুহৰ বাবে আন এক অসহনীয় খাদ্যদ্ৰব্য হ’ল ফ্ৰুক্ট’জ(Fructose)। ফ্ৰুক্ট’জ এবিধ শৰ্কৰা, যিবোৰ কেতবোৰ ফলমূল আৰু শাক-পাচলিত পোৱা যায়। দেখা গৈছে যে কিছুমান মানুহৰ দেহৰ ক্ষুদ্ৰান্তত ফ্ৰুক্ট’জ ভালধৰণে শোষণ নহয়। কিন্তু তেনেকৈয়ে বৃহদান্ত্ৰত প্ৰৱেশ কৰে।

লেক্টোজৰ দৰে বৃহদান্তত এইবোৰৰ ওপৰত বেক্টেৰীয়াই ক্ৰিয়া কৰি বিপৰ্যয়ৰ সৃষ্টি কৰে। ইয়াৰ ফলত পেটৰ বিষ, ডায়েৰীয়া, পেটফুলা, গেছ, বমি আদি হোৱা দেখা যায়। সাধাৰণতে আপেল, লিচু, চেৰী, নাচপতি, তৰমুজ, মৌজোল আদিত ফ্ৰুক্ট’জ বেছিকৈ থাকে। এইবোৰৰ উপৰি আন কেতবোৰ খাদ্যবস্তু যেনে- কফী, ৰহৰ দাইল, মাটি দাইল, উৰহী, কেঁচা পিঁয়াজ, নহৰু কিছুমান মানুহে সহ্য কৰিব নোৱাৰে। এইবোৰে কম-বেছি পৰিমাণে আহুকাল সৃষ্টি কৰে।

ওপৰত উল্লেখিত ধৰণৰ বিপৰ্যয় শৰীৰত দেখা দিলে কেইদিনমান অপেক্ষা কৰি চাব লাগে। যদিহে শৰীৰৰ অৱস্থা একে ধৰণেই থাকে, তেন্তে কোনো খাদ্যদ্ৰব্যৰ প্ৰতি সন্দেহ হ’লে তেনে খাদ্যদ্ৰব্য সাময়িকভাৱে বৰ্জন কৰি চাব পাৰে। অৱশ্যে ভাল নহ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়। উল্লেখ্য যে অসহনশীল খাদ্যই মানুহৰ দেহত বিপৰ্যয়ৰ সৃষ্টি কৰিলেও এইবোৰ মানুহৰ মৃত্যুৰ কাৰণ নহয়। এটা সমীক্ষা অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ২০ শতাংশ লোকৰ বাবে কেতবোৰ খাদ্য অসহনশীল।

লেখক: ড° এ কে জিয়াউদ্দিন আহমেদ(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 10/12/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate